We discussed about different types problems faced
in bringing the life stories of the
great personalities of the past in the form of a handwritten master copy . Sometimes
,more than one people of the same or different period of times and localities
brought stories of the same Mahapurusha into written form
with different types of description and opinions . Again from one of such handwritten copy
available with someone , people used to make more handwritten copies at
different times and locations as and when necessary . Patronage from king or
other powerful person was necessary to get the writing materials required for
preparation of such duplicate copies also . So the scope of addition, deletion and alteration cannot be denied in the process of making those duplicate copies .
Sometimes , to suit the changed interest of the patrons and the other people in
the society of different times and
localities, those type of actions became necessary also . The choice, interest and requirements
of the people of different ages and localities are different . Language of
expression also differ with change of time and place . So , while making duplicate copies , all such things were to be taken care
of ,at least to some extent ,to make things acceptable to the people of the
particular time and location. Moreover the shapes and volumes of those books
written on sheets made from barks of trees etc. were not like a printed book of
today . So ,problem of preservation was to be faced . Of course , there were some old methods for preservation
of those books in the past . But one of the best suitable method of
preservation of the contents was to make fresh copy ,when a particular book was
on the verge destruction . Then the conventional type of writing paper was made
available for use of general public , more than one century ago. After that , people started making copies of those
old types of books preserved at their home
by their forefathers , on those paper. That was done to save the contents of the
old books from destruction . Of course ,
there were so many other political and other mundane reasons also behind the destruction
of those old types of books . But those stories are beyond the scope of our
discussion . Our point is to understand
the way through which the life stories of the Mahapurushas reached us centuries
after their death. We are also examining the different possibilities of
addition , deletion and alterations that may enter into the life stories of those Mahaurushas . We should
keep in mind that the stories that reached us in the present form ,after long time period
of actual living of the Mahapurushas , may differ from their actual life and
teachings to any extent . (to be continued )
আগৰ কালত মহাপুৰুষ সকলৰ জীৱন বৃত্তান্তৰ এটা হাতে লিখা মূল পাণ্ডুলিপি
প্ৰস্তুত কৰাটো কিমান সমস্যাৰ কথা আছিল তাক আগত কৈ অহা হৈছে । কেতিয়াবা আকৌ একেজন মহাপুৰুষৰ জীৱন বৃত্তান্ত দুজন বা ততোধিক ব্যক্তিয়ে লিখি উলিয়াইছিল । এই লিখক সকল পৃথক পৃথক স্থানৰ আৰু পৃথক পৃথক কালৰ হ’ব পাৰে বা একে ঠাইৰ আৰু
একে সময়ৰো হ’ব পাৰে । বহু ক্ষেত্ৰতে এজনৰ বৰ্ণনাৰ সৈতে আনজনৰ বৰ্ণনাৰ
মিল নাছিল । নিজৰ হাতত পৰা এনে এটা লিখনীকে মূল বুলি ধৰি লৈ
প্ৰয়োজন অনুসৰি তাৰ নকল প্ৰস্তুত কৰি লোৱা হৈছিল । এই নকল সমুহো বিভিন্ন স্থানত আৰু কালৰ ব্যৱধানত প্ৰস্তুত কৰা হৈছিল । নকল প্ৰস্তুত কৰাৰ সামগ্ৰী যোগান ধৰাৰ বাবেও পৃষ্ঠপোষকৰ প্ৰয়োজন
হৈছিল । মূল লিখনীৰ বহুকাল পিচত লিখা নকল সমুহত সেই সময়ৰ
পৃষ্ঠপোষক তথা সাধাৰণ লোকৰ গ্ৰ্হণযোগ্য হোৱা ধৰণে সংযোগ ,বিয়োগ তথা পৰিবৰ্ত্তন
হোৱাৰ সম্ভাৱনা আছিল । বহু ক্ষেত্ৰত তেনে কৰাৰ প্ৰয়োজনো অনিবাৰ্য আছিল
বুলি ভাবিব পাৰি ।স্থান কালৰ ব্যৱধান অনুসৰি মানুহৰ ৰুচিৰ পৰিবৰ্ত্তন হয় । এশ বছৰ আগৰ কালৰ মানুহৰ বাবে যি প্ৰিয় আছিল , সি এশ বছৰ পিছৰ
কালৰ মানুহৰ বাবে অপ্ৰিয় হ’ব পাৰে । এখন ঠাইৰ মানুহে যি ভাল পায় অন্য এখন ঠাইৰ মানুহে তাক বেয়া পাব পাৰে । গতিকে জনসাধাৰণৰ গহণযোগ্য কৰি তোলাৰ
কাৰণে স্থান আৰু কালৰ প্ৰয়োজন অনুসৰি পৰবৰ্ত্তী কালত কৰা
নকলসমুহত সংযোগ , বিয়োগ তথা পৰিবৰ্ত্তন হোৱাৰ সম্ভাৱনা আছিল। তদুপৰি গছৰ বাকলিৰ পৰা প্ৰ্স্তুত কৰা পাতত লিখা
কিতাপৰ আকাৰ আৰু আয়তন আজিৰ কালৰ কিতাপৰ দৰে নাছিল । এই পুথিসমুহ দীৰ্ঘকাল ধৰি সংৰক্ষণ কৰি ৰখাৰ সমস্যা আছিল
। অৱশ্যে পুৰণি কালতো
এইসমুহ সংৰক্ষণ কৰাৰ বাবে বহু উপায় অৱলম্বন কৰা হৈছিল । কিন্তু কোনো এখন পুথি নষ্ট হ’বলৈ উপক্ৰম কৰাৰ লগে লগে
তাৰ নকল প্ৰস্তুত কৰটো সংৰক্ষণৰ এক অন্যতম উপায় আছিল । এতিয়াৰ পৰা এক শতাব্দীতকৈ কিছু অধিক কাল পূৰ্বে
লিখাৰ কাগজ জনসাধাৰণৰ বাবে উপলব্ধ হৈছিল । সেই সুবিধাজনক কাগজ উপলব্ধ হোৱাৰ পিচত মানুহে নিজৰ ঘৰত পূৰ্বপুৰুষে
সংৰক্ষণ কৰি ৰখা পুৰণি পুথিসমুহত লিখা কথাসমুহ সংৰক্ষণ কৰি ৰখাৰ কাৰণে কাগজত নকল
কৰা আৰম্ভ কৰিছিল । অৱশ্যে পুৰণি পদ্ধতিৰে লিখা পুথিসমুহ নষ্ট হোৱাৰ আঁৰত
আন বহুতো ৰাজনৈতিক তথা অন্য জাগতিক কাৰণো নথকা নহয় । কিন্তু সেই সমুহ আমাৰ আলোচনাৰ বিচাৰ্য বিষয় নহয় । আমি মাত্ৰ চাব খুজিছো মহাপুৰুষ সকলৰ মৃত্যুৰ অনেক শতাব্দী পিচত কিদৰে
তেওঁলোকৰ জীৱন বৃত্তান্ত আমাৰ হাতলৈ আহিছে । আমি চাব
খুজিছো এই কাহিনীসমুহত সংযোগ ,বিয়োগ বা পৰিবৰ্ত্তন হোৱাৰ কিমান প্ৰকাৰৰ সম্ভাৱনা থাকিব পাৰে ।আমি
মনত ৰখাৰ উচিত যে মহাপুৰুষ সকলৰ মৃত্যুৰ অনেক কালৰ অন্তত আমাৰ হাতত পৰা বৰ্ণনা
সমুহ তেওঁলোকৰ প্ৰকৃত জীৱন প্ৰণালী আৰু শিক্ষাৰ পৰা বহু পৰিমাণে পৃথক হ’বও
পাৰে । (আগলৈ )
No comments:
Post a Comment