We, the people of this world always feel
that there are so many limitations which prevent us in every step of life .
These are called bondage of worldly life . We can overcome these limitations only
after realization of our true nature . Guru Harideva told that these
limitations are illusions projected before us when we consider ourselves as
body-mind complex only . The body-mind complex itself is limited and so
everything appears to be limited from this point of view . Guru Harideva
compared these limitations or bondages with shadow . Shadow has no independent
existence . Its existence depends on light . When there is light there is
shadow and when no light is there shadow cannot be there . Likewise when there
is body-mind complex there is bondage and when you can raise your thought level
beyond that, there cannot be any bondage .
এই জগতত
সদায় অনুভৱ কৰা হয় যে এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত আমি আৱদ্ধ হৈ আছো । সেই সীমা অতিক্ৰম কৰিব খুজিলে প্ৰ্তি পদে
পদে বাধা আহি পৰে যাক অতিক্ৰম কৰা সম্ভৱ নহয় । ইয়াকে সংসাৰৰ বন্ধন বুলি কোৱা হয় । আমাৰ প্ৰকৃত স্বৰূপ অৰ্থাৎ আমি প্ৰকৃততে
কি তাক বুজি তাত প্ৰতিষ্ঠা লাভ কৰিলেহে সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি । হৰিদেৱ গুৰুজনাই কৈছে – “সংসাৰ বন্ধন
মায়া ,
যেহেন চক্ষুৰ ছাঁয়া” – অৰ্থাৎ সংসাৰৰ বন্ধন প্ৰকৃততে মায়াহে - যাদুকৰে যাদুৰ
দ্বাৰা সৃষ্টি কৰা মিছা বস্তুৰ দৰে । যেতিয়া আমি নিজকে শৰীৰ আৰু মনৰ সংযোগ মাত্ৰ বুলি ভাৱো তেতিয়াহে এই
যাদুশক্তিয়ে আমাক বশ কৰিব পাৰে ।শৰীৰ-মনৰ সীমাৱদ্ধতাৰ মাজত থাকি বিচাৰ কৰিলে নিজকে সংসাৰ বন্ধনত আৱদ্ধ
হৈ থকা যেন লাগে । গুৰুজনাই সংসাৰ
বন্ধনক ছাঁয়াৰ লগত তুলনা কৰিছে । ছাঁয়াৰ নিজস্ব অস্তিত্ব নাই । পোহৰৰ ওপৰত ইয়াৰ অস্তিত্ব নিৰ্ভৰ কৰে । যেতিয়া পোহৰ থাকে তেতিয়াহে ছাঁয়া থাকে , পোহৰ নাথাকিলে ছাঁয়া নাই । একেদৰে নিজকে শৰীৰ আৰু মনৰ সংযোগমাত্ৰ
বুলি ভাৱিলে সংসাৰৰ বন্ধনত আৱদ্ধ থাকিব লাগে আৰু নিজৰ ভাৱনাক ইয়াৰ উৰ্দ্ধৰ স্তৰলৈ
নিব পাৰিলে সংসাৰ বন্ধন থাকিব নোৱাৰে।
No comments:
Post a Comment