Thursday, 10 October 2019

Understanding the Nature of Bondage (সংসাৰ বন্ধনৰ স্বৰূপ )


We, the people of this world always feel that there are so many limitations which prevent us in every step of life . These are called bondage of worldly life . We can overcome these limitations only after realization of our true nature . Guru Harideva told that these limitations are illusions projected before us when we consider ourselves as body-mind complex only . The body-mind complex itself is limited and so everything appears to be limited from this point of view . Guru Harideva compared these limitations or bondages with shadow . Shadow has no independent existence . Its existence depends on light . When there is light there is shadow and when no light is there shadow cannot be there . Likewise when there is body-mind complex there is bondage and when you can raise your thought level beyond that, there cannot be any bondage . 

এই জগতত  সদায় অনুভৱ কৰা হয় যে এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত আমি আৱদ্ধ হৈ আছো । সেই সীমা অতিক্ৰম কৰিব খুজিলে প্ৰ্তি পদে পদে বাধা আহি পৰে যাক অতিক্ৰম কৰা সম্ভৱ নহয় । ইয়াকে সংসাৰৰ বন্ধন বুলি কোৱা হয় । আমাৰ প্ৰকৃত স্বৰূপ অৰ্থাৎ আমি প্ৰকৃততে কি তাক বুজি তাত প্ৰতিষ্ঠা লাভ কৰিলেহে   সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি । হৰিদেৱ গুৰুজনাই কৈছে – “সংসাৰ বন্ধন মায়া , যেহেন চক্ষুৰ ছাঁয়া” – অৰ্থাৎ সংসাৰৰ বন্ধন প্ৰকৃততে মায়াহে - যাদুকৰে যাদুৰ দ্বাৰা সৃষ্টি কৰা মিছা বস্তুৰ দৰে । যেতিয়া আমি নিজকে শৰীৰ আৰু মনৰ সংযোগ মাত্ৰ বুলি ভাৱো তেতিয়াহে এই যাদুশক্তিয়ে আমাক বশ কৰিব পাৰে ।শৰীৰ-মনৰ সীমাৱদ্ধতাৰ মাজত থাকি বিচাৰ কৰিলে নিজকে সংসাৰ বন্ধনত আৱদ্ধ হৈ থকা যেন লাগে । গুৰুজনাই সংসাৰ বন্ধনক ছাঁয়াৰ লগত তুলনা কৰিছে । ছাঁয়াৰ নিজস্ব অস্তিত্ব নাই । পোহৰৰ ওপৰত ইয়াৰ অস্তিত্ব নিৰ্ভৰ কৰে । যেতিয়া পোহৰ থাকে তেতিয়াহে ছাঁয়া থাকে , পোহৰ নাথাকিলে ছাঁয়া নাই । একেদৰে নিজকে শৰীৰ আৰু মনৰ সংযোগমাত্ৰ বুলি ভাৱিলে সংসাৰৰ বন্ধনত আৱদ্ধ থাকিব লাগে আৰু নিজৰ ভাৱনাক ইয়াৰ উৰ্দ্ধৰ স্তৰলৈ নিব পাৰিলে সংসাৰ বন্ধন থাকিব নোৱাৰে।

No comments:

Post a Comment