Wednesday 16 October 2019

The Second Way of Approach Towards Bondage-1 ( সংসাৰ বন্ধন সম্পৰ্কে দ্বিতীয় প্ৰকাৰৰ দৃষ্টিভঙ্গী - ১)


Guru Harideva suggested that  , as a second  step of approach to deal with the limitations that  we feel in our worldly life , we should look above to the sky and think of the Sun - the devotion , the way of working of the sun . We should also notice the great services rendered by the Sun to each and every conscious or unconscious things in the world . The great sun , with unimaginable energy ,  is situated crores of miles away from us in the sky . But we can use it here for a very small purpose like drying our wet cloth . We should follow such example of the sun  in our day to day life also . Our position and power may be very high in the society , but we should think of the smallest problems faced by our fellow people , the most neglected people of lower classes in the society  and also the world as a whole. We should try to solve them according to our capacity with utmost care .The rays of the Sun comes into contact with the dirtiest things in the world . Inspite of that , it never acquires the dirt accumulated there . It only purifies them. Likewise we should come into contact with all people in the society , whether good or bad . But our purpose should be of purifying them by bringing the higher side of life to their knowledge and not to acquire the bad habits from them. (to be continued in the next post )

মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই সংসাৰ বন্ধন সম্পৰ্কত আমাৰ দৃষ্টিভঙ্গী সলনি  কৰাৰ দ্বিতীয় পদক্ষেপ হিচাপে আকাশত বিৰাজমান সূৰ্যৰ কথা ভাবি চোৱাৰ উপদেশ দিছে সূৰ্যই আকাশত থাকি কিদৰে কাম কৰি আছে সেই বিষয়ে চিন্তা কৰাৰ উপদেশ দিছে লগতে সূৰ্যৰ পৰা জীৱ আৰু জড়জগতৰ প্ৰত্যেকে লাভ কৰা মহ আৰু নিস্বাৰ্থ সেৱাসমুহৰ প্ৰতিও লক্ষ কৰিবলৈ কৈছে মহা শক্তিধৰ সূৰ্য আমাৰ পৰা কৌটি কৌটি মাইল আঁতৰত অৱস্থান কৰি আছে কিন্তু আমি ভিজা তিয়নিখন শুকোৱাৰ দৰে অতি সাধাৰণ কামতো সূৰ্যক ব্যৱহাৰ কৰিব পাৰো একেদৰে সমাজত অতি উচ্চ পদ বা উচ্চ ক্ষমতাৰ অধিকাৰী হৈ থাকিলেও আমি সূৰ্যৰ এই উদাহৰণ অনুসৰণ কৰা উচিত  অতি সাধাৰণ মানুহ , সমাজৰ নিম্ন স্তৰৰ বঞ্চিত অৱহেলিত মানুহে সন্মুখীন হৈ থকা অতি সাধাৰণ সমস্যা সমুহৰ ওপৰতো আমাৰ দৃষ্টি থকা উচিত লগতে সমস্ত জগতৰ সমস্ত প্ৰাণীয়ে ভোগ কৰি থকা অতি সাধাৰণ সমস্যা সমুহৰ প্ৰতিও আমি সংবেদনশীল হোৱা উচিত সেই সমস্যা সমুহ আমাৰ নিজৰ শৰীৰ , মন আৰু বাক্যৰ সাধ্য অনুসৰি সমাধান কৰাৰ চেষ্টা কৰা উচিত সূৰ্যৰ ৰশ্মি পৃথিৱীৰ অত্যন্ত দুৰ্গন্ধময় লেতেৰা স্থান বা বস্তুৰ সংস্পৰ্শলৈও আহে কিন্তু সেইবোৰৰ পৰা সূৰ্যই কেতিয়াও ময়লা আহৰণ নকৰে বৰঞ্চ সেইবোৰত থকা মলসমুহ শুদ্ধহে কৰে সেইদৰে আমি সংসাৰত সকলোতকৈ পাপী আৰু দূৰাচাৰী হিচাপে পৰিগণিত ব্যক্তিকো ঘৃণা নকৰি তেওঁলোকৰ ওচৰ চপা উচিত তেওঁলোকৰ লগত সংযোগ ৰখা উচিত কিন্তু এই ক্ষেত্ৰত আমাৰ উদ্দেশ্য হব লাগে উচ্চতৰ জীৱনযাত্ৰা সম্পৰ্কে জ্ঞান প্ৰদান কৰি ,তথা উদাহৰণ সৃষ্টি কৰি,  তেওঁলোকক অসৎ পথৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰা গুৰুজনাই সূৰ্যৰ উপমা ডাঙি ধৰি আমাক বুজাই দিছে যে সমাজৰ দুষ্ট লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁলোকক সৎ পথলৈ অনাৰ বাবে চেষ্টা কৰা আমাৰ কৰ্ত্তব্য কিন্তু লগতে তেওঁ ইয়াকো বুজাই দিছে যে তেনে অসৎ লোকৰ গাত থকা বদ অভ্যাসসমুহ যাতে এনে সংস্পৰ্শৰ জৰিয়তে আমাৰ গালৈ নাহে তাৰ বাবেও সাবধান থকা উচিত । (আগলৈ )

No comments:

Post a Comment