We
already discussed the necessity of obtaining patronage from the king or
other powerful person to bring the thought of a man into written form in the shape
of a hand written book, in the past . But the things were not that easy in
actual practice. The
kings or the powerful men used to extend
patronage for writing the life history of the Mahapushas or on any other
subject of their own choice only . The life and teaching of a great personality
in spiritual world may be of great value for others . But it must be equally important for the concerned patron also . Otherwise , it
was not possible to bring his stories in writing for want of patronage . At the
same time , the writer also was to be a
man of choice of the patron . That is to
say , the coming up of the life stories of a Mahapurusha in handwritten form of a book
was dependent on so many conditions . That
is , the patron was considering the writer , the subject of writing , the
Mahapurusha about whom the writing was proposed , the length of the story etc. etc. . Everything was dependent on the choice of the patron and
the choice of the patron was dependent upon his understanding capacity of the subject.
Moreover , sometimes the writer was also forced to make additions ,deletions and alterations in the subject matter to suit the interest
of the patron . There were also examples of introduction of things , unnecessarily emphasizing the greatness of
the kings or powerful men , through these writings, in return of their
patronage . In some cases , the writer was bound to fulfill all those demands
from the patrons to avoid stoppage of patronage. Thus after overcoming so many hurdles , finally one handwritten master copy of the book was
produced. So , while telling
something about the great personalities
in spiritual field of the past ,those possibilities of additions , deletions and
alterations , in the actual life stories
should be kept in mind (to be continued )
আগৰ কালত লিখিত ৰূপত মনৰ ভাৱ প্ৰকাশ কৰি
গ্ৰন্থ প্ৰস্তুত কৰাৰ বাবে ৰজা-মহাৰজা বা অন্য প্ৰতিপত্তিশালী লোকৰ পৃষ্ঠপোষকতা আদায়
কৰাটো অনিবাৰ্য আছিল বুলি আগত কৈ
অহা হৈছে । কিন্তু পৃষ্ঠপোষকতা আদায় কৰা কামটো বৰ
সহজ নাছিল । ৰজা বা অন্য প্ৰতিপত্তিশালী ব্যক্তিয়ে নিজৰ নিজৰ পচণ্ডৰ মহাপুৰুষৰ জীৱন
বৃত্তান্ত অথবা অন্য কোনো বিষয়ৰ লিখনী প্ৰস্তুত কৰিবৰ বাবেহে পৃষ্ঠপোষকতা আগ
বঢ়াইছিল । এজন মহাপুৰুষৰ জীৱন আৰু আদৰ্শ জনসাধাৰণ বা লিখকৰ মনত অতি আদৰৰ আৰু শ্ৰদ্ধাৰ বিষয় হ’ব পাৰে । কিন্তু সেইজনা মহাপুৰুষ পৃষ্ঠপোষক জনৰো
আদৰ আৰু শ্ৰদ্ধাৰ পাত্ৰ হ’লেহে কাম সমাধা হোৱা সম্ভৱ আছিল । পৃষ্ঠপোষকৰ বুদ্ধিবৃত্তি যদি মহাপুৰুষজনাৰ
মহত্ব বুজাত সক্ষম নহয় , তেওঁ যদি
সেই বিষয়ত সন্তুষ্ট নহয় অথবা বিষয়টোৰ গুৰুত্ব বুজি নাপায় , তেন্তে লিখনী পুথিৰ আকাৰত লিখি উলিওৱাত সহায়
পোৱা সম্ভৱ নাছিল । আনহাতে লিখকজন পৃষ্ঠপোষকৰ প্ৰিয়্পাত্ৰ হোৱাটোও এক
অতি প্ৰয়োজনীয় চৰ্ত্ত আছিল্। গতিকে লিখক, লিখনিৰ বিষয় , পৃষ্ঠপোষকৰ বিষয়বস্তু বুজাৰ ক্ষমতা , যিজন মহাপুৰুষৰ বিষয়ে লিখিব খোজা হৈছে তেওঁৰ
সম্পৰ্কে পৃষ্ঠপোষকৰ মনোভাৱ, লিখনীৰ দৈৰ্ঘ ইত্যাদি অনেক চৰ্ত সঠিকভাৱে পূৰণ হ’লেহে পৃষ্ঠপোষকতা পোৱা হৈছিল আৰু লিখি
উলিওৱা সম্ভৱ হৈছিল । বহু সময়ত আকৌ পৃষ্ঠপোষক ৰজা মহাৰজা বা
প্ৰভাৱশালী লোকৰ দাবী মানি লিখকে লিখনীৰ মূল কথাখিনিতো সংযোগ, বিয়োগ বা পৰিবৰ্ত্তন কৰিবলৈ বাধ্য হ’ব লগীয়া হৈছিল । আনকি তেনে লিখনীৰ আশ্ৰয় লৈ পৃষ্ঠপোষক ৰজা
বা ক্ষমতাশালী লোকে নিজৰ প্ৰশংসামূলক কথা হকে বিহকে সংযোগ কৰি নিজ মহিমা প্ৰচাৰ কৰাৰ উদাহৰণো অনেক আছে । অনেক সময়ত পৃষ্ঠপোষকতা যাতে বন্ধ নহয় তাৰ
প্ৰতি লক্ষ ৰাখি লিখকে পৃষ্ঠপোষকৰ অন্যায় দাবী অনিচ্ছা সত্বেও পূৰণ কৰিবলৈ বাধ্য
হৈছিল । এনেদৰে এশ এটা সমস্যা সমাধান কৰি সকলো চৰ্ত্ত পূৰণ
হোৱাৰ পিচতহে লিখকৰ মনৰ কথা লিখিত ৰূপত প্ৰকাশ কৰাৰ সম্ভাৱনা সৃষ্টি হৈছিল আৰু এটা
সময়ত লিখকৰ পচণ্ডৰ মহাপুৰুষজনৰ জীৱন বৃত্তান্তৰ এটা মাত্ৰ হাতেলিখা মূল পাণ্ডুলিপি
প্ৰস্তুত হৈছিল । লিখিত ৰূপলৈ অহাৰ আগতে আমি ওপৰত কৈ অহা ধৰণে মহাপুৰুষসকলৰ প্ৰকৃত জীৱন
বৃত্তান্তত সংযোগ , বিয়োগ আৰু পৰিবৰ্ত্তন হোৱাৰ সম্ভাৱনা
সৃষ্টি হ’ব পৰা পৰিবেশ আছিল । সেই কাৰণে
মহাপুৰুষসকলৰ বিষয়ে কিবা কোৱাৰ সময়ত আমি এনে ধৰণৰ যোগ ,বিয়োগ
, পৰিবৰ্ত্তন আদিৰ সম্ভাৱনাসমুহৰ কথা মনত ৰখা উচিত।( আগলৈ )
No comments:
Post a Comment