Tuesday, 22 October 2019

Introduction to life of Mahapurush Sri Sri Harideva-1 ( মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ পৰিচয় -১)


Now before going to the third way of approach towards bondage, as suggested by Guru Haridva , it is considered  to be relevant to say something about Mahapurush Sri Sri Harideva in a simple and non technical way as far as practicable . There are so many difficulties  to be faced while describing the century old way of life and teachings of the great personalities of spiritual field like Mahapurush Sri Sri Harideva. Generally there are huge number of devotees and followers of Mahapurushas or great personalities in the field of spiritual world . It is because of their  personality which can attract people of different interests during their life time . After their passing away also ,people get attracted by their idealism and life style . During that time the devotees and followers of those great personalities ,while describing about these great people , added so many things of their own choice to make the story more attractive . Moreover , the insight of those Mahapurushas was far  wider than the common people of all time .So , their life style also differ from common men . Because of the lack of understanding , the normal behavior of a great personality as per his level of understanding may appear to be abnormal in the eyes of a common people  . For example , a  scientist may sit in his laboratory for research work . He may  be working very hard day and night to find out something very important. He may be sitting there  for days together without coming into contact with any people outside. A common man , not having any knowledge of scientific research ,may think him to be a man of abnormal behavior . The common people cannot understand people of these types properly and so they draw their own conclusion . Likewise the behavior natural  to a great personality in the spiritual field  may appear to be uncommon and  mystic  for a general people  . ( to be continued)

সংসাৰ বন্ধন সম্পৰ্কে তৃতীয় প্ৰকাৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে হৰিদেৱ গুৰুজনাৰ উপদেশ আলোচনা কৰাৰ পূৰ্বে , মহপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ পৰিচয় ডাঙি ধৰা অপ্ৰাসঙ্গিক নহব বুলি আমি অনুভৱ কৰিছো কেইবা শতিকা পূৰ্বে , সেই সময়ৰ পৰিবেশ পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰি নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰি যোৱা মহাপুৰুষ সকলৰ জীৱন বৃত্তান্ত আৰু কমৰাজি বৰ্ণনা কৰাৰ বেলিকা অনেক প্ৰকাৰৰ সমস্যা আহে মহাপুৰুষ সকলৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় হোৱা হেতুকে তেওঁলোকৰ জীৱন কালত সমাজৰ বিভিন্ন স্তৰৰ বৃহ সংখ্যক ব্যক্তি তেওঁলোকৰ অনুগামী আৰু ভক্ত হয়   মহাপ্ৰয়াণৰ পিচতো তেওঁলোকৰ জীৱন আৰু আদৰ্শৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকে কিন্তু মৃত্যুৰ পিচত মহাপুৰুষ সকলৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰাৰ বেলিকা ভক্তসকলে নিজৰ নিজৰ বিচাৰ বুদ্ধিমতে নানা প্ৰকাৰৰ অলৌকিক আৰু অবিশ্বাস্য কথাকাণ্ড সংযোগ কৰি তাক অধিক আকৰ্ষণীয় কৰাৰ চেষ্টা কৰে আনহাতে মহাপুৰুষ সকলৰ দৃষ্টিভঙ্গী অনেক উদাৰ আৰু সুকীয়া হোৱা হেতুকে তেওঁলোকৰ আচাৰ আচৰণ আমাৰ দৰে সাধাৰণ মানুহৰ বোধগম্য নহয় সেই কাৰণে মহাপুৰুষসকলে নিজৰ দৃষ্টিভঙ্গী অনুসৰি কৰা সহজ আৰু স্বাভাৱিক আচৰণকো সাধাৰণ লোকে অস্বাভাৱিক আৰু অলৌকিক বুলি ভাৱে আৰু নিজে যি ধৰণে বুজি পায় তেনেকৈয়ে বৰ্ণনা কৰে উদাহৰণ স্বৰূপে এজন বৈজ্ঞানিকে  বৈজ্ঞানিক অনুসন্ধানৰ কাৰণে তেওঁৰ পৰীক্ষাগাৰত বহি থাকে তাত তেওঁ দিন ৰাতিৰ ছেদ ভেদ নোহ্ৱাকৈ কঠোৰ পৰিশ্ৰম কৰি কিবা নতুন আৱিষ্কাৰ কৰাৰ চেষ্টা কৰিব পাৰে গৱেষণাৰ সুবিধাৰ কাৰণে তেওঁ অনেক দিন ধৰি বাহিৰৰ কাৰো সৈতে যোগাযোগ নৰখাকৈ ভিতৰতে সোমাই থাকিব পাৰে এতিয়া এই আচৰণ এজন বৈজ্ঞানিকৰ বাবে স্বাভাৱিক আচৰণ যদিও বৈজ্ঞানিক গৱেষণা সম্পৰ্কে জ্ঞান নথকা এজন ব্যক্তিৰ মনত এই আচৰণ একেবাৰে অস্বাভাৱিক যেন লাগিব একেদৰে পাৰমাৰ্থিক জগতত বিচৰণ কৰি উচ্চ চিন্তাত মগ্ন থকা এজন মহাপুৰুষৰ বাবে যি জীৱন প্ৰণালী আৰু আচাৰ আচৰণ স্বাভাৱিক,  সেয়ে এজন সাধাৰণ ব্যক্তিৰ মনত অস্বাভাৱিক আৰু অলৌকিক যেন লাগিব পাৰে ( আগলৈ )

No comments:

Post a Comment