Saturday 12 October 2019

Understanding the Nature of Bondage -3 (সংসাৰ বন্ধনৰ স্বৰূপ -৩)


Mahapurush Sri Sri Harideva told that the existence of bondage is similar to the existence of a shadow . There is another way to understand this nature of bondage in this worldly life. In this world there are so many animals like cows, buffalos etc. with horns. On the other hand , animals like rabbit are not having horn. Now both of the horn and rabbit are having existence in this world. But if we make a combination of horn and rabbit and utter like ‘horn of a rabbit’,  then such thing will be a false imagination only. This is because horn cannot be related to a rabbit. Here in this world , we want to establish relationships with other people in a similar way. We consider other people in terms of relations like father, mother, son, daughter, friend, enemy, servant, owner, partner, competitor etc. etc . This type of thought creates bondage. If we can raise our thought level beyond body-mind complex by going through the life and teaching of Guru Harideva, we will realize that this type of relations established by us with other people of this world is like relating the horn with a rabbit.     

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই “ সংসাৰ বন্ধন মায়া , যেহেন চক্ষুৰ ছাঁয়া” – বুলি কৈ আমাৰ সংসাৰ বন্ধনৰ অভিজ্ঞতাক অসত্য বস্তুক সত্য বুলি হোৱা এক মিথ্যা অনুভৱ বুলি কৈছে শাস্ত্ৰত অন্য প্ৰকাৰৰ উপমাৰ সহায়তো এই বন্ধনৰ প্ৰকৃত স্বৰূপ ব্যাখ্যা কৰাৰ চেষ্টা কৰা হৈছে জগতত গৰু,হ ইত্যাদি অনেক শ্ৰেণীৰ শিং থকা জন্তু আছে আনহাতে শহাপহুৰ দৰে শিং নথকা জন্তুৰ সংখ্যাও কম নহয় অৰ্থাৎ জগতত শহাপহু আৰু শিং উভয়ৰে অস্তিত্ব আছে কিন্তু আমি যদি শহাৰ সৈতে শিঙৰ সম্বন্ধ স্থাপন কৰি শহাৰ শিং বুলি কওঁ,  তেন্তে সি এক অস্তিত্বহীন অলীক কল্পনাত বাদে আন একো নহয় ইয়াৰ কাৰণ শহাৰ সৈতে শিঙৰ বাস্তৱিক সম্পৰ্ক স্থাপন কৰা সম্ভৱ নহয় কিন্তু  এইখন জগতত আমি অন্য লোকৰ সৈতে এই একে ধৰণৰ সম্পৰ্ক স্থাপন কৰো জগতৰ অন্য লোকক আমি সদায় পিতা , মাতা , ভাই , ভনী , পুত্ৰ ,কন্যা  বন্ধু ,শত্ৰু , মালিক , চাকৰ , সহযোগী, প্ৰতিযোগী ইত্যাদি হিচাপেহে গণ্য কৰো এনে ভাৱনাই সংসাৰ বন্ধনৰ সৃষ্টি কৰে হৰিদেৱ গুৰুজনাৰ জীৱন প্ৰণালী আৰু তেওঁ দি যোৱা শিক্ষাৰ সহায়ত  আমাৰ ভাৱনাক যদি শৰীৰ আৰু মনৰ গণ্ডীৰ উৰ্দ্ধৰ স্তৰলৈ নিব পাৰো, তেন্তে আমি বুজিব পাৰিম যে সংসাৰত ওপৰোক্ত ভাৱনাৰে স্থাপন কৰা সম্বন্ধসমুহ প্ৰকৃততে শহাৰ সৈতে শিঙৰ সম্বন্ধ স্থাপন কৰাৰ দৰে অস্তিত্বহীন কাল্পনিক আৰু মিছা সম্বন্ধ

No comments:

Post a Comment