Monday 7 October 2019

Preparing oneself to understand (বুজিবৰ কাৰণে প্ৰস্তুতিৰ প্ৰয়োজন)


A farmer prepare his field before sowing seeds . Without that, the seeds cannot germinate and grow properly. Likewise, our body mind complex is also should be prepared in a proper way to understand knowledge of higher life style  and thought propagated by Godly personalities like Mahapurush Sri Sri Harideva, the great Vaishnava Guru of 15th century, Assam. People of present modern life , specially the younger generation may think   it to be a very  difficult  and useless practice . But actually  it  is not so . A few minutes of  daily  practice to know about  ourselves through teachings of Guru Harideva may prepare our body-mind complex to understand his life and teachings .


এজন খেতিয়কে গুটি সিঁচাৰ আগতে মাটি চহাই , বন-জাবৰ গুছাই মাটিদৰা প্ৰস্তুত কৰি লয় অন্যথা বীজ ভালদৰে গজালি মেলি উপযুক্ত আকৃতিৰ গছলৈ ৰূপান্তৰিত হব নোৱাৰে একেদৰে আমাৰ শৰীৰ আৰু মনক যদি ভালদৰে প্ৰস্তুত কৰা নহয় তেন্তে খৃষ্টীয় পোন্ধৰ শতিকাত অসমত আবিৰ্ভাৱ হোৱা মহান বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ দৰে ঐশ্বৰিক পুৰুষৰ উচ্চ স্তৰৰ জীৱনধাৰা আৰু ধৰ্ম-দৰ্শনৰ জ্ঞান আয়ত্ব কৰা সম্ভৱ নহয় বৰ্ত্তমানৰ আধুনিক জীৱনযাত্ৰাত অভ্যস্ত মানুহে আৰু বিশেষকৈ নৱপ্ৰজন্মৰ কম বয়সৰ লোকসকলে ইয়াক এক কষ্টকৰ আৰু অপ্ৰয়োজনীয় প্ৰচেষ্টা বুলি ভাবিব পাৰে কিন্তু প্ৰকৃতাৰ্থত ই তেনে একো নহয় হৰিদেৱ গুৰুজনাই দেখুৱাই যোৱা পথেৰে দিনটোৰ মাত্ৰ কেইটামান মুহুৰ্ত্ত আমি নিজে কি তাক জানিবৰ বাবে  অভ্যাস কৰিলে আমাৰ শৰীৰ আৰু মন গুৰুজনাৰ জীৱন আৰু শিক্ষা কি তাক বুজি পোৱাৰ বাবে উপযুক্ত হৈ উঠিব পাৰে

No comments:

Post a Comment