Wednesday, 9 October 2019

Finding oneself beyond body-mind complex (শৰীৰ আৰু মনৰ উৰ্দ্ধত নিজৰ অনুসন্ধান)


Guru Harideva told that we are not body-mind complex though it is always felt so. Hence it is necessary to find ourselves  beyond our body mind complex to discover our true nature of existence . The scriptures like Bhagavata has given us clue to that end . When we are awake , we consider the body as “I” . When we are in dreaming state, we are not conscious about the existence of our body and also the world outside . Our body lies on bed . It is told in the scripture that in dreaming state our mind creates a dream  world and with a dream body created by the same mind we enjoy it .  So without our physical body also, we can enjoy the happiness and sorrow  pertaining to this world .In deep sleep we are in a totally unconscious state . In that state, not only the body but also our mind is  not working . But after awakening from deep sleep we can remember the experience of great peace enjoyed  in that state  . Bhagavata   cited these examples as proof of our existence beyond body-mind complex .



মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে আমি সদায় নিজকে এই শৰীৰ আৰু মনৰ এক সংযোগ হিচাপে অনুভৱ কৰি থাকো যদিও ই আমাৰ প্ৰকৃত স্বৰূপ নহয় । শৰীৰ আৰু মনৰ উৰ্দ্ধত নিজক বিচাৰি পালেহে আমি আমাৰ প্ৰকৃত স্বৰূপ বুজিব পাৰো । ভাগৱতৰ দৰে শাস্ত্ৰত এনেদৰে নিজক বিচাৰি চোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা হৈছে । আমি যেতিয়া জাগ্ৰত অৱস্থাত থাকো তেতিয়া নিজৰ শৰীৰটোকে “মই” বুলি জানো । কিন্তু যেতিয়া আমি সপোন দেখো তেতিয়া আমাৰ এই শৰীৰ আৰু বাহিৰৰ জগতখনৰ জ্ঞান নাথাকে । আমাৰ শৰীৰ বিচনাত পৰি থাকে । শাস্ত্ৰত কোৱা হৈছে যে সপোন দেখি থকা অৱস্থাত আমাৰ মনে এখন স্বপ্ন জগতৰ সৃষ্টি কৰে আৰু সেই একেটা মনে সৃষ্টি কৰা এটা স্বপ্ন শৰীৰৰ দ্বাৰা আমি সপোনৰ জগতখন উপভোগ কৰো । গতিকে এই স্থূল শৰীৰ অবিহনেও আমি এইখন জগতৰ সৈতে সম্পৰ্কিত সুখ দুঃখ ভোগ কৰিব পাৰো । আনহাতে গভীৰ টোপনিৰ সময়ত আমি সম্পূৰ্ণ অজ্ঞান অৱস্থাত থাকো । সেই অৱস্থাত কেৱল শৰীৰেই নহয় মনেও একো কাম নকৰে । কিন্তু গভীৰ নিদ্ৰাৰ পৰা সাৰ পোৱাৰ পিচত আমি নিদ্ৰাৱস্থাত উপভোগ কৰা পৰম প্ৰশান্তিৰ কথা স্মৰণ কৰিব পাৰো । ভাগৱত শাস্ত্ৰত এই উপমাক শৰীৰ আৰু মনৰ উৰ্দ্ধত আমাৰ অস্তিত্বৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে ।

No comments:

Post a Comment