Wednesday 9 October 2019

Finding oneself beyond body-mind complex (শৰীৰ আৰু মনৰ উৰ্দ্ধত নিজৰ অনুসন্ধান)


Guru Harideva told that we are not body-mind complex though it is always felt so. Hence it is necessary to find ourselves  beyond our body mind complex to discover our true nature of existence . The scriptures like Bhagavata has given us clue to that end . When we are awake , we consider the body as “I” . When we are in dreaming state, we are not conscious about the existence of our body and also the world outside . Our body lies on bed . It is told in the scripture that in dreaming state our mind creates a dream  world and with a dream body created by the same mind we enjoy it .  So without our physical body also, we can enjoy the happiness and sorrow  pertaining to this world .In deep sleep we are in a totally unconscious state . In that state, not only the body but also our mind is  not working . But after awakening from deep sleep we can remember the experience of great peace enjoyed  in that state  . Bhagavata   cited these examples as proof of our existence beyond body-mind complex .



মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে আমি সদায় নিজকে এই শৰীৰ আৰু মনৰ এক সংযোগ হিচাপে অনুভৱ কৰি থাকো যদিও ই আমাৰ প্ৰকৃত স্বৰূপ নহয় শৰীৰ আৰু মনৰ উৰ্দ্ধত নিজক বিচাৰি পালেহে আমি আমাৰ প্ৰকৃত স্বৰূপ বুজিব পাৰো ভাগৱতৰ দৰে শাস্ত্ৰত এনেদৰে নিজক বিচাৰি চোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা হৈছে আমি যেতিয়া জাগ্ৰত অৱস্থাত থাকো তেতিয়া নিজৰ শৰীৰটোকে “মই” বুলি জানো কিন্তু যেতিয়া আমি সপোন দেখো তেতিয়া আমাৰ এই শৰীৰ আৰু বাহিৰৰ জগতখনৰ জ্ঞান নাথাকে আমাৰ শৰীৰ বিচনাত পৰি থাকে শাস্ত্ৰত কোৱা হৈছে যে সপোন দেখি থকা অৱস্থাত আমাৰ মনে এখন স্বপ্ন জগতৰ সৃষ্টি কৰে আৰু সেই একেটা মনে সৃষ্টি কৰা এটা স্বপ্ন শৰীৰৰ দ্বাৰা আমি সপোনৰ জগতখন উপভোগ কৰো গতিকে এই স্থূল শৰীৰ অবিহনেও আমি এইখন জগতৰ সৈতে সম্পৰ্কিত সুখ দুঃখ ভোগ কৰিব পাৰো আনহাতে গভীৰ টোপনিৰ সময়ত আমি সম্পূৰ্ণ অজ্ঞান অৱস্থাত থাকো সেই অৱস্থাত কেৱল শৰীৰেই নহয় মনেও একো কাম নকৰে কিন্তু গভীৰ নিদ্ৰাৰ পৰা সাৰ পোৱাৰ পিচত আমি নিদ্ৰাৱস্থাত উপভোগ কৰা পৰম প্ৰশান্তিৰ কথা স্মৰণ কৰিব পাৰো ভাগৱত শাস্ত্ৰত এই উপমাক শৰীৰ আৰু মনৰ উৰ্দ্ধত আমাৰ অস্তিত্বৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে

No comments:

Post a Comment