Thursday 30 July 2020

Understanding Guru Harideva’s Approach Towards Unity-121 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২১)

We have mentioned the attributes of a Mahapurusha or spiritual superhuman being as described in Bhagavata in the preceding post.  By rigorous spiritual practice or sadhana for ten years, Guru Harideva attained the state of a  Mhapurusha endowed with all attributes mentioned in Bhagavata . The memory of the incident that took place at Narayanpur was the driving force behind his sadhana and it was always in his mind. So, immediately after completion of the Sadhana he came back to Assam at his age of 27 years. He restarted his mission of enabling common people to develop their spirituality in a gradual way. For this he taught them how to perform their worldly duties as a householder for the well-being of economy, reputations, sons and daughters, material pleasure etc. keeping in mind the aim of attainment of eternal life at the final stage. But this time he did those works in the capacity of a super human being or Mahapurusha. The style of working of a Mahapurusha differs from that of an ordinary human being. The ignorant people are like innocent  children in the mind of a Mahapurusha. Children do not know any rules and regulations, religious and social culture, behavior, relationship, etc. They do whatever comes to their mind and enjoy it. Adult person may not find any meaning in their activities. But in spite of that, an adult father plays with his small child with the   kick or even  spit upon his  father out of anger. But the father knows that the child do these things not because of real affection or envy. These are playful activities common to a child. The father enjoys that childish behavior and always tries to raise his child with utmost care and affection. The father knows that those childish behaviors will come to an end gradually with the increase in  knowledge. In the same way a super human being of spiritual field or Mahapurusha considers the respect or disrespect shown by an ignorant person as a childish act of him and never pays any attention to those things. He goes on trying to do his best for the welfare of ignorant people like an affectionate father under all situations.  Guru Harideva also made this type of approach in his missionary activities which we will notice in our coming posts. (to be continued)

 মহাপুৰুষৰ বৈশিষ্ট্যসমুহ ভাগৱতত বৰ্ণনা কৰা আছে আৰু সেইসমুহ ইয়াৰ আগৰ লিখনিটোত  উল্লেখ কৰা হৈছে দহ বছৰৰ কঠোৰ সাধনাৰ অন্তত হৰিদেৱ গুৰুজনাই সেই সমস্ত গুণ বৈশিষ্ট সম্পন্ন  মহাপুৰুষত পৰিণত হৈছিল নাৰায়ণপুৰত ঘটি যোৱা ঘটনাৰ পৰাই তেওঁ কঠোৰ সাধনাৰ দ্বাৰা শক্তি আহৰণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সেই ঘটনাৰ স্মৃতি তেওঁৰ মনত সদায় আছিল সেয়েহে সাতাইশ বছৰ বয়সত সাধনা সমাপ্ত হোৱাৰ লগে লগে তেওঁ অসমলৈ ঘুৰি আহি পুনৰ সাধাৰণ জনতাক যথাযথভাৱে পাৰমাৰ্থিক পথত আগুৱাই নিয়াৰ কাৰ্য্সূচী আৰম্ভ কৰিছিল গৃহস্থ ব্যক্তিয়ে নিজৰ তথা পৰিয়ালৰ আৰ্থিক প্ৰগতি,সামাজিক স্থিতি  আদি বিষয়ক কৰ্ত্তব্য কৰাৰ সমান্তৰালভাৱে কিদৰে পাৰমাৰ্থিক প্ৰগতিৰ অৰ্থে সাধনা কৰিব পাৰে  তাৰ শিক্ষা  দিয়া আৰম্ভ কৰিছিল কিন্তু এইবাৰ তেওঁ যি কৰিছিল সেয়া আছিল এজন মহাপুৰুষৰ দৃষ্টিভঙ্গীৰে কৰা কৰ্ম সাধাৰণ মানুহৰ দৃষ্টিভঙ্গীৰ লগত মহাপুৰুষৰ দৃষ্টিভঙ্গীৰ অনেক পাৰ্থক্য থাকে এজন মহাপুৰুষৰ মনত অজ্ঞানী জনসাধাৰণ অবোধ শিশুৰ নিচিনা শিশুৱে সামাজিক নীতি নিয়ম,আচাৰ ব্যৱহাৰ,সা-সম্বন্ধ আদি একো বুজি নাপায় তেওঁলোকে নিজৰ মনলৈ যি আহে তাকে কৰি আনন্দ উপভোগ কৰে শিশুৰ কথা কাণ্ডৰ কোনো অৰ্থ ডাঙৰে বুজি নাপায়  তথপিও প্ৰাপ্তবয়স্ক আৰু জ্ঞানসম্পন্ন পিতৃয়ে  স্নেহবশতঃ শিশু সন্তানৰ প্ৰবৃত্তি অনুসাৰে চলাৰ অভিনয় কৰে শিশুৰ নিচিনা কথা কয়, নাচে, গান গায় আৰু অন্যান্য শিশুসুলভ ৰং-ধেমালি আৰু আচাৰ-আচৰণ কৰে নিজৰ শিশু সন্তানে কেতিয়াবা পিতৃক মৰমতে চুমা খায়,সাবাটি ধৰে কেতিয়াবা আকৌ খং কৰি মাৰধৰ কৰে,লঠিয়ায়,গালৈ থুৱাই দিয়ে পিতৃয়ে জানে যে শিশু সন্তানে আচলতে মৰম বা খঙৰ বশবৰ্ত্তী হৈ এইবিলাক নকৰে এই বিলাক শিশুৰ খেল ধেমালিৰ অংশ আৰু জ্ঞান বৃদ্ধিৰ লগে লগে এইবিলাকৰ অন্ত হয় সেই কাৰণে অবোধ শিশুৱে তিৰস্কাৰ বা মাৰধৰ কৰিলেও পিতৃয়ে বেয়া নাপায় বা খঙ-ৰাগ নকৰে বৰঞ্চ তেনে দুৰ্ব্যৱহাৰ কৰাৰ পিচতো সেই শিশুক সস্নেহে লালন-পালন কৰে একেদৰে অজ্ঞ ব্যক্তিৰ পৰা নিন্দা বা স্তুতি-প্ৰশংসা যিয়ে নাপাওক কিয় মহাপুৰুষে তাক শিশুসুলভ কাৰ্য হিচাপে গণ্য কৰে আৰু সিবিলাকৰ প্ৰতি একো গুৰুত্ব নিদিয়ে কেৱল সকলো পৰিস্থিতিতে এজন স্নেহপৰায়ণ পিতৃৰ নিচিনা যি কৰিলে সেই সকল লোকৰ উপকাৰ হয়,জ্ঞান বুদ্ধিৰ বিকাশ হয় সেই অনুসাৰে কাম কৰে হৰিদেৱ গুৰুজনাইও এনে দৃষ্টিভঙ্গীৰে নিজৰ কাম কৰিছিল আগন্তুক লিখনিসমুহত এইবিলাক কথা স্পষ্ট কৰাৰ প্ৰয়াস কৰা (আগলৈ)


Tuesday 28 July 2020

Understanding Guru Harideva’s Approach Towards Unity-120 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২০)


In the preceding post we described the situation under which Guru Harideva had to run away from Narayanpur. This incident taught him the most important lesson of life. Practically this was the turning point of his life. From this point, his journey of transformation from a human to a superhuman or from a common Purusha to a Mahapurusha started. At that time, Guru Harideva was of tender age and he failed in his mission of educating common people due to lack of experience. But his interactions with the general public on that occasion and the subsequent developments brought to is mind a clear picture about his future course of action.  This experience made him determined to gain sufficient strength for overcoming all difficulties and do something for those suffering human beings. Keeping this in mind, he traveled all over North India and studied in details all the factors related to education of common people and the procedure followed by different spiritual teachers or Gurus of different places in this regard. He attained formal education in the Vedas and Vedic Philosophy from competent teachers of Kashi to make himself conversant with the original source of the scriptural knowledge. He studied the original version of Bhagavata for  five years at Jagannath Temple of Puri for attainment of profound knowledge of Bhagavata. He experimented with the methods of practical application of the knowledge contained in Bhagavata for the benefit of common people. He practiced Yoga and did so many other things and became competent in all respect to be a spiritual teacher or Guru of all people. Bhagavta and Bhagavdgita tell that when all the worldly distinctions vanish from the eyes of a human being , he is transformed to  a super human being. Such a person is non envious even of his enemies. He does not desire ill fortune for anyone. He does not expect honor from anybody. Such a person can do whatever he wills.  Nobody can envy, do harm or resist the will power of such super human being in any way. In Bhagavata or other scriptures we get descriptions of this type Sages and Spiritual practitioners. Guru Harideva performed rigorous spiritual practice or sadhana for ten years as described above. As, a result of that he earned all those qualities of a Mahapurusha or a superhuman being. Then he decided to come back to Assam and restart his mission. (to be continued)

কেনেকুৱা পৰিস্থিতিত পৰি হৰিদেৱ গুৰুজনাই নাৰয়ণপুৰৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল তাক ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে এই ঘটনাৰ মাধ্যমত হৰিদেৱ গুৰুজনাই জীৱনৰ সবাতোকৈ মূল্যৱান পাঠ শিকিছিল প্ৰকৃতাৰ্থত এই ঘটনাই গুৰুজনাৰ জীৱনৰ দিশ নিৰ্ণয় কৰিছিল ইখিনিৰ পৰাই হৰিদেৱ গুৰুজনাই সাধাৰণ মানুহৰ পৰা মহাপুৰুষৰ পৰ্যায়লৈ উত্তৰণৰ যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ত বয়স আৰু অভিজ্ঞতা কম থকা কাৰণে জনসাধাৰণক পাৰমাৰ্থিক শিক্ষা দিয়াত গুৰুজনা ব্যৰ্থ হৈছিল কিন্তু নিজৰ সেই চেষ্টাৰ ফলত তেওঁ জন সাধাৰণৰ জীৱনৰ দুখ কষ্টৰ কথা অনুভৱ কৰিছিল সেই অনুভূতি আৰু তাৰ পৰবৰ্ত্তী পৰ্যায়ত ঘটা ঘটনা সমুহৰ অভিজ্ঞতাৰ পৰাই তেওঁ নিজে ভৱিষ্যৎ জীৱনত কি কৰা উচিত তাক নিৰ্ধাৰণ কৰি লৈছিল দুখজনক অভিজ্ঞতাই যথোপযুক্ত শক্তি আহৰণ কৰিবৰ বাবে তেওঁক দৃঢ়প্ৰতিজ্ঞ কৰি তুলিছিল নতুন শক্তিৰে সকলো বাধা বিপত্তি নেওচি জনসাধাৰণক সেৱা কৰাৰ বাবে তেওঁক সকিয়াই দিছিল এই অভিজ্ঞতাৰ কথা মনত ৰাখিয়ে তেওঁ সমগ্ৰ উত্তৰ ভাৰতৰ সকলো তীৰ্থ স্থান ভ্ৰমণ কৰি বিভিন্ন স্থানৰ বিভিন্ন ধৰ্মগুৰু সকলে সাধাৰণ জনতাক কিদৰে আদৰ্শ সাংসাৰিক জীৱন যাপনৰ শিক্ষা দিয়াৰ লগতে পাৰমাৰ্থিক জ্ঞান দান কৰে তাক লক্ষ্য কৰিছিল শাস্ত্ৰসমুহৰ মূল উৎপত্তিৰ বিষয়ে জানি শাস্ত্ৰীয় জ্ঞানৰ গভীৰতালৈ যাবৰ বাবে কাশীত উপযুক্ত গুৰুৰ অধীনত বেদ আৰু বৈদিক দৰ্শনৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল সুদীৰ্ঘ পাঁচ বছৰ কাল পুৰীৰ জগন্নাথ মন্দিৰত মূল ভাগৱত অধ্যয়্ন কৰি ভগৱতৰ গভীৰ জ্ঞান আহৰণ কৰিছিল এই জ্ঞান কিদৰে জনসাধাৰণৰ উপকাৰত আহিব পাৰে তাৰ ব্যৱহাৰিক পৰীক্ষা নিৰীক্ষা কৰিছিল যোগ সাধনাকে ধৰি সাধাৰণ জনতাৰ পাৰমাৰ্থিক শিক্ষক বা গুৰু হোৱাৰ বাবে উপযোগী সকলো বিদ্যা, গুণ আৰু শক্তি আহৰণ কৰাৰ অভ্যাস কৰিছিল ভাগৱতে কৈছে যে পুৰুষে যেতিয়া সকলো প্ৰাণীৰ প্ৰতি অমঙ্গল ভাৱ অৰ্থাৎ ৰাগদ্বেষ আদি বৈষম্য ভাৱ পৰিত্যাগ কৰি সকলোৰে প্ৰতি সমদৃষ্টি সম্পন্ন হয় তেতিয়া তেওঁ মহাপুৰুষত পৰিণত হয় তেনে ব্যক্তিয়ে কাৰো, আনকি নিজৰ ঘোৰ শত্ৰুৰো কোনো প্ৰকাৰৰ অমঙ্গল চিন্তা নকৰে তেওঁ কাৰো পৰা কোনো সন্মানো আশা নকৰে তেনে পুৰুষ সকলোৰে প্ৰিয় হয়, কোনেও তেনে ব্যক্তিৰ ইচ্ছা শক্তিক বাধা দি ৰাখিব নোৱাৰে আৰু  কোনেও তেওঁৰ সৈতে শত্ৰুতা আচৰণ কৰা সম্ভৱ নহয় ভাগৱত আৰু অন্যান্য শাস্ত্ৰত এনেকুৱা উচ্চ পৰ্যায়ৰ অনেক সাধক তথা ঋষি মুনিৰ বিৱৰণ আছে সুদীৰ্ঘ দহ বছৰ কাল  কঠোৰ সাধনা কৰাৰ অন্তত হৰিদেৱ গুৰুজনাই এনে প্ৰকাৰৰ পাৰমৰ্থিক অতিমানবীয় শক্তি বা মহাপুৰুষ সুলভ শক্তি আৰু গুণ গৰিমাৰ অধিকাৰী হৈছিল তাৰ পিছত  তেওঁ পুনৰ সাধাৰণ জনতাৰ সেৱাত নিজকে উছৰ্গা কৰাৰ অৰ্থে অসমলৈ ঘুৰি অহাৰ  সিদ্ধান্ত লৈছিল (আগলৈ)