The life stories of the great
personalities in the spiritual field came into written form centuries after the
death of those Mahapurushas. There was genuine cause behind it. This may not be
clear for general people of the younger generation of this time . People of the present generations are accustomed to easier life style and
are enjoying all modern facilities availabe as on today .Hence for
understanding those difficulties, people of younger generation should go to the
past and think about the situation prevailing at that time. That is ,we are to
go back to the prevailing situation of five to six hundred years from now. At
that time most of the people were illiterate .So ,things in written form was of
no use for them. Facility of education was very limited and hence there were very
small number of people with ability to write . Now a days , if somebody wants to write
something , he can get the paper , pen . ink etc readily available in market .
But at that time things were not that easy . The means for writing , that is - paper , ink , pen etc. were
not readily available in the market as on today. Everything was required to be
prepared . Writing sheet was required to be prepared by peeling bark from
selected varieties of trees. Long and tedious processing involving
hard labor was necessary
for making these sheets suitable for
writing . Ink was to be prepared by processing barks ,seeds and fruits of verities
of trees and creepers etc. facing too
much difficulties . Pen was to be made from feather of birds etc
. General people were
not able to afford the time ,man power and money needed for these woks .
Hence for writing a book for bringing one’s
thought into written form , patronage from the King or other powerful man,
having sufficient money and manpower was essential at that time. (to be continued)
মহাপুৰুষসকলৰ জীৱন বৃত্তান্ত তেওঁলোকৰ মহাপ্ৰয়াণৰ
অনেক শতিকা পিচতহে লিখিত আকাৰলৈ আহিছে । ইয়াৰ বহুত যুক্তিসঙ্গত কাৰণো আছে । বৰ্ত্তমানৰ
আধুনিক কালত উপলব্ধ হোৱা বিভিন্ন প্ৰকাৰৰ সা-সুবুধাৰ মাজত জীৱন নিৰ্বাহ কৰি থকা নতুন
প্ৰজন্মৰ সাধাৰণ লোকৰ বাবে কথাখিনি স্পষ্ট নহ’ব পাৰে । কাৰণসমুহ বুজি পাবৰ বাবে আমি আজিৰ পৰা পাঁচ –ছয়্শ
বছৰ আগৰ পৰিবেশ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব লাগিব । সেই সময়ৰ বেছিভাগ মানুহে লিখা পঢ়া কৰিব
নাজানিছিল । গতিকে লিখিত আকাৰত প্ৰকাশিত হোৱা কথা
তেওঁলোকৰ একো কামত অহাৰ প্ৰশ্ন নাথাকে । শিক্ষা ব্যৱস্থা অতি সীমিত আছিল কাৰণে
মুষ্টিমেয় কেইজনমান মানুহৰহে লিখিব পৰাৰ ক্ষমতা আছিল । কোনোবাই
লিখিব খুজিলেও লিখাটো আজিৰ দৰে সহজ কথা নাছিল । কাগজ,
চিয়াঁহী , কলম আদি
লিখন সামগ্ৰী এতিয়াৰ দৰে বজাৰত সহজতে কিনি ল’ব পৰা বস্তু নাছিল । নিৰ্বাচিত কিছুমান গছৰ বাকলিৰ পৰা লিখনৰ
উপযোগী পাত প্ৰস্তুত কৰিব লাগিছিল । গছৰ ছালৰ পৰা লিখাৰ উপযোগী পাত প্ৰস্তুত কৰাটো
এক দীঘলীয়া আৰু কষ্টকৰ শ্ৰমসাধ্য কাম আছিল । অনেক কষ্ট আৰু অসুবিধাৰ মাজেৰে বিভিন্ন প্ৰকাৰৰ গছৰ ছাল , লতা
, ফুল , ফল আদি সংগ্ৰহ কৰি নিৰ্দিষ্ট পদ্ধতিৰে চিয়াঁহী প্ৰস্তুত কৰিব লাগিছিল
। লিখাৰ বাবে চৰাইৰ পাখি আদিৰে কলম তৈয়াৰ কৰা হৈছিল । সাধাৰণ শ্ৰেণীৰ মানুহে ইয়াৰ কাৰণে প্ৰয়োজন
হোৱা ধনবল আৰু জনবল সংগ্ৰহ কৰি তেনে কামত হাত দিয়া সম্ভৱ নাছিল । সেই কাৰণে কোনোবাই
নিজৰ মনৰ ভাৱনাক পুথিৰ আকাৰত লিখিত ৰূপত প্ৰকাশ কৰিব খুজিলে ৰজা বা প্ৰচুৰ ধনবল
আৰু জনবল সম্পন্ন কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় লোৱাত বাদ আন একো উপায় নাছিল (আগলৈ
)
No comments:
Post a Comment