Saturday 29 February 2020

Understanding Guru Harideva’s Approach Towards Unity-45 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪৫)


In Bhagavata it is told that, only human being have the intelligence required for understanding spiritual knowledge .A tiger can never think about spirituality and try to come out of the worldly bondage . The ways to come out of it is described in the scriptures.  Birth in a human body is essential to understand the worldly bondage and also the ways to come out of it, through teachings of scriptures like Bhagavata. Guru Harideva brought those scriptural knowledge to the level of understanding of common people like us. Bhagavata tells that, before taking  birth as a human being ,we are to pass through  innumerable birth and death cycles in different types of bodies  . Through the story of Bharata, we learn that  fall down  from human body  to other lower bodies of animal or other species is also possible. Another lesson we get is that ,we are bound to enjoy the outcome of each and everything  of  whatever we do. In physical world, action visible by people outside,  is counted as work performed . But in spiritual world, something desired mentally is also counted as things done practically. People outside can not  know whatever we think in our mind .But we are bound to enjoy the outcome of mental  thoughts also . For  good thoughts happiness will come. We will suffer for evil thoughts in our mind .   Bharata desired to take care of one baby deer with motherly affection in mind . To enjoy the outcome of that mental thought, he had to take rebirth as a deer . It is told in Bhagavata that, taking birth as a human being and to continue in that status is not as easy as we may think, So , as a human being it is our foremost duty to purify our body mind complex to avoid fall down from our present  position . Unless we purify our body mind complex it is not possible to perform this duty . Again without practice under able guidance of a teacher, purification of body mind complex is not possible. Guru Harideva practically trained up common people like us in this direction through  his Satras. (to be continued )

ভাগৱতত কোৱা হৈছে যে শাস্ত্ৰ সমুহে বৰ্ণনা কৰা পাৰমাৰ্থিক জ্ঞানৰ কথা সমুহ বুজি পাবৰ বাবে যি বিবেক বুদ্ধিৰ প্ৰয়োজন সি কেৱল মানুহৰহে আছে এটা বাঘে  পাৰমাৰ্থিক জ্ঞান লাভ কৰি জাগতিক বন্ধনৰ পৰা মুক্ত হোৱা বিষয়ত চিন্তা চৰ্চা কৰিব নোৱাৰে ই জ্ঞান শাস্ত্ৰ সমুহত আছে হৰিদেৱ গুৰুজনাই শাস্ত্ৰত থকা এই জ্ঞান আমাৰ দৰে সাধাৰণ মানুহে বুজিব পৰা ধৰণে ব্যাখ্যা কৰি গৈছে ভাগৱত শাস্ত্ৰই দিয়া জ্ঞানৰ সহায়ত জাগতিক বন্ধন কি আৰু এই বন্ধনৰ পৰা মুক্ত হোৱাৰ উপায় কি তাক বুজিব পাৰি কিন্তু ইয়াক বুজিবৰ বাবে মানুহ হিচাপে জন্ম গ্ৰহণ কৰা প্ৰয়োজন ভাগৱতে কৈছে যে মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ পূৰ্বে  বিভিন্ন প্ৰকাৰৰ শৰীৰৰ মাধ্যমত আমাৰ অসংখ্যবাৰ জন্ম আৰু মৃত্যু হয় ভৰতৰ কাহিনীৰ সহায়ত আমি বুজিব পাৰো যে মানুহ হিচাপে জন্মাৰ পিছতো আমাৰ পতন হব পাৰে আমি জন্তু বা তাতোকৈ নিম্ন স্তৰৰ শৰীৰ গ্ৰহণ কৰি পুনৰ জন্ম লাভ কৰিব পাৰো আকৌ এই কাহিনীৰ পৰা অন্য এটা শিক্ষা পোৱা যায় যে আমি যি কৰো তাৰ ফল ভোগ কৰাৰ পৰা কোনোপধ্যে সাৰি যোৱা সম্ভৱ নহয়আমি নিতৌ দেখি থকা জগতখনত অন্যই বুজি পোৱা ধৰণে কিবা এটা কৰিলেহে তাক কাম বুলি ধৰা হয় কিন্তু পাৰমাৰ্থিক জগতত নিজৰ মনতে কৰা চিন্তাকো কৰি পেলোৱা কাম বুলি ধৰা হয় আমি মনে মনে কি ভাৱো তাক অন্যই জনা সম্ভৱ নহয় কিন্তু সেই ভাৱনাৰ ফল ভোগ কৰিবলৈ আমি বাধ্য মনেৰে ভাল কথা ভাৱিলে শুভ কৰ্মৰ ফল পোৱা যায় আৰু বেয়া কথা ভাৱিলে অশুভ কৰ্মৰ ফল পোৱা যায় ভৰতে মৃত্যুৰ সময়ত এটা হৰিণ পোৱালীক মাতৃসুলভ আবেগেৰে লালন পালন কৰাৰ কথা মনে মনে চিন্তা কৰিছিল তাৰ ফলত তেওঁ হৰিণ হিচাপে জন্ম গ্ৰহণ কৰিছিল ভাগৱতে কৈছে যে মানুহ হিচাপে জন্ম গ্ৰহণ কৰা আৰু মানুহ হিচাপে বৰ্ত্তি থকা আমি যিমান সহজ বুলি ভৱো সিমান সহজ নহয় গতিকে আমাৰ চিন্তা আৰু কৰ্মৰ ফলত যাতে বৰ্ত্তমানৰ অৱস্থাৰ পৰা পতন নহয় তাৰ বাবে সতৰ্ক থকাটো মানুহ হিচাপে আমাৰ সবাতোকৈ প্ৰয়োজনীয় কৰ্ত্তব্য  শৰীৰ আৰু মন বিশুদ্ধ নহলে এই কৰ্ত্তব্য পালন কৰিব নোৱাৰি আকৌ উপযুক্ত শিক্ষকৰ তত্বাবধানত অভ্যাস নকৰিলে মন আৰু শৰীৰ বিশুদ্ধ ৰাখিব নোৱাৰি হৰিদেৱ গুৰুজনাই সত্ৰানুস্থান স্থাপন কৰি জনসাধাৰণক এই বিষয়ৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল ।(আগলৈ )

Thursday 27 February 2020

Understanding Guru Harideva’s Approach Towards Unity-44 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪৪)


Through the story of Bharata ,Bhagavata teaches us that, only one ultimate truth is there as the driving force behind all bodies .  Bharata was an emperor in one life .Then he was born as an animal and after that the same Bharata took rebirth as a human being in a Brahmin family . Bodily there were changes. But the ultimate truth inside all those bodies was the same. This single driving force or consciousness made all different types of bodies active in different ways and at different times. The bodies of emperor Bharata , animal Bharata and Brahmin Bharat were different . Those different  bodies appeared at different times and remained active for  different time periods . But one consciousness  made all the bodies active at all times . The  religious teachings of Guru Harideva is aimed to  make us understand this unity in diversities in the creation . This is the ultimate truth beyond limit of time and space .Our body has got limitations. Body has to remain confined in one place .Bodily we can not be present in two places at a time . This is the limitation of space imposed on our body. Our body can remain alive for a particular time period . Not a single body can remain alive forever . Bodies of sun , moon , stars and even the body of universe are destroyed with passage of time. This is the limitation imposed by time on our body. But the driving force or consciousness in all bodies of all places , all times and all nature and shape in the creation is one . Guru Harideva tried to educate people through theses kinds of spiritual education based on his profound knowledge contained in Bhagavata. (to be continued )

ভাগৱতত বৰ্ণনা কৰা ভৰতৰ কাহিনীৰ জৰিয়তে আমাক শিকোৱা হৈছে যে সকলোৰে ভিতৰত এক একক পৰম সত্য মূল চালিকা শক্তি হিচাপে আছে ভৰত পৃথিৱীৰ একছত্ৰী সম্ৰাট আছিল তেৱেঁ পিছত এটা পশু হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সেই একেজন ভৰতে মানুহ হিচাপে এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল এই শৰীৰ সমুহৰ আকৃতি আৰু প্ৰকৃতি বেলেগ বেলেগ আছিল কিন্তু প্ৰত্যেক শৰীৰতে এক পৰম সত্য মূল চালিকা শক্তি বা চেতনা ৰূপে অৱস্থান কৰি  শৰীৰ সমুহক বেলেগ বেলেগ ধৰণে  কাৰ্যক্ষম কৰিছিল পৃথিৱীৰ অধিপতি সম্ৰাট ভৰত , জন্তু ভৰত আৰু ব্ৰাহ্মণ ভৰতৰ শৰীৰ পৃথক পৃথকই শৰীৰসমুহ বেলেগ বেলেগ সময়ত আবিৰ্ভুত হৈছিল আৰু বেলেগ বেলেগ কাল জুৰি কাৰ্যক্ষম হৈ আছিল কিন্তু এই শৰীৰ সমুহ কাৰ্যক্ষম কৰি ৰখা চেতনা সকলো শৰীৰ আৰু সকলো সময়তে এক সৃষ্টিৰ বিবিধতাৰ অন্তৰালত থকা এই একতাৰ জ্ঞান জনসাধাৰণক বুজাই দিয়াটো হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মীয় শিক্ষাৰ মূল লক্ষ এই  চেতনাই হৈছে দেশ কালৰ উৰ্দ্ধত থকা একমাত্ৰ পৰম সত্য আমাৰ শৰীৰৰ সীমাবদ্ধতা আছেশৰীৰ এক নিৰ্দিষ্ট স্থানৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগে এটা শৰীৰ একে সময়ত দুটা স্থানত উপস্থিত থাকিব নোৱাৰে ই শৰীৰ ওপৰত থকা দেশৰ সীমাৱদ্ধতা নিৰ্দিষ্ট আয়ুস কালৰ বাবে এটা শৰীৰ চলি থাকে কোনো শৰীৰ অনন্ত কাল ধৰি জীয়াই থাকিব নোৱাৰে চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ আৰু আনকি বিশ্ব ব্ৰহ্মাণ্ডৰ শৰীৰো কালৰ গতিত অন্ত হয় আমাৰ শৰীৰৰ ওপৰত থকা কালৰ সীমাবদ্ধতা কিন্তু সকলো স্থানৰ, সকলো সময়ৰ , সকলো আকৃতি প্ৰকৃতিৰ শৰীৰৰে মূল চালিকা শক্তি বা চৈতন্য একহৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰ জ্ঞানৰ আধাৰত জনসাধাৰণক এই ধৰণৰ পাৰমাৰ্থিক জ্ঞান প্ৰদান কৰিছিল (আগলৈ)

Tuesday 25 February 2020

Understanding Guru Harideva’s Approach Towards Unity-43 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪৩)


Guru Harideva, tried to make us interested to proceed in the path of self realization through his teachings based on Bhagavata. Because,  once we start our journey in this path with true eagerness, all kinds of help automatically come to us under all circumstances. In case of Bharata also, such help came. So, after taking birth as an animal also, he was able to remember the mistake committed in his past life. He was repentant on his past mistake. He understood  that keeping company of a deer with attachment was the main cause of his downfall. So ,he carefully avoided any further mistake in that life. Time passed away and the animal body of Bharata ended .Next  time,  he was born in a brahmin family with memories of the past two lives. While dealing with outside world as a human being , speech and application of mind with intelligence is essential. If one can not speak and intelligence is not applied in dealing with others , then he is considered as mentally abnormal .Less number of people become interested to establish emotional relation with such people. In this birth, Bharat was a normal human being . But he used to behave like a dumb and deaf  mentally abnormal person to avoid emotional contact with outside world. Thus, he remained free from any kind of attachment. He was tortured by the human society in all possible extent. But Bharat did not show any reaction to anything that happened to him. Once some robbers apprehended him for sacrificing before the statue of Goddess they used to worship . Bharata did not object. Then he was prepared for the sacrifice by bath etc. Bharata did not show any reaction. Then he was asked to go to the place of sacrifice. Bharata obeyed their order without any reaction. Finally the head of the robber gang lifted his weapon to cut his neck. At that moment , the protective force came immediately in the form of the Goddess herself . The Goddess killed the robbers and saved his life. Thus, Bharata got all  helps  to complete his journey in the path of self realization. The details of the story is described in Bhagavata . (to be continued )             

ভাগৱত শাস্ত্ৰৰ আধাৰত প্ৰদান কৰা শিক্ষাৰ দ্বাৰা হৰিদেৱ গুৰুজনাই আমাক আত্মজ্ঞান লাভ কৰাৰ বাবে আগ্ৰহী কৰাৰ চেষ্টা কৰিছিল কাৰণ এবাৰ একান্ত আগ্ৰহ সহকাৰে এই পথত আগবাঢ়িলে পিছৰ পৰ্যায়ৰ যিকোনো পৰিস্থিতিতে সকলো প্ৰকাৰৰ সহায় নিজে নিজে আহে   ভৰতৰ বেলিকাও এনে সহায় আহিছিল সেই কাৰণে জন্তুৰ শৰীৰত জন্ম গ্ৰহণ কৰাৰ পিছতো পূৰ্ব জন্মত কৰা ভুলৰ কথা তেওঁৰ মনত আছিলতেওঁ সেই ভুলৰ বাবে অনুতাপ কৰিছিল তেওঁ বুজিব পাৰিছিল যে এটা হৰিণৰ সৈতে আসক্তিমূলক সম্পৰ্কই তেওঁৰ পতনৰ মূল কাৰণ্এই জন্মত যাতে নতুন একো ভুল নহয় তাৰ বাবে তেওঁ সদা সতৰ্ক আছিল এনেকৈয়ে সময় পাৰ হৈছিল আৰু এটা সময়ত ভৰতৰ হৰিণ শৰীৰ সমাপ্ত হৈছিল ইয়াৰ পিছত এটি  ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল এইবাৰো আগৰ দুটা জন্মৰ সকলো কথা তেওঁৰ মনত আছিল মানুহ হিচাপে বাহিৰৰ জগতৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত বাক্য, মন আৰু বুদ্ধিক যথাযথভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন হয়।যদি কোনো এজন মানুহে কথা নাপাতে আৰু অন্যান্য বিষয়ত কৰা আচাৰ আচৰণত মন আৰু বুদ্ধিৰ সঠিক প্ৰয়োগ নকৰে,তেন্তে তেওঁক মানসিক ভাৰসাম্যহীন বুলি গণ্য কৰা হয় এনে ব্যক্তিৰ সৈতে অতি কম সংখ্যক মানুহে আবেগিক সম্পৰ্ক স্থাপন কৰে এই জন্মত ভৰত মানসিক ভাৱে স্বাভাৱিক আছিল কিন্তু তেওঁ কলা বোবা আৰু মানসিক ভাৰসাম্যহীন মানুহৰ দৰে আচৰণ কৰিছিল কাৰো সৈতে কোনো প্ৰকাৰৰ আসক্তিমূলক সম্পৰ্ক যাতে স্থাপন নহয় তাৰ বাবে তেওঁ এনে আচৰণ কৰিছিল সেই কাৰণে তেওঁ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে কৰা বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছিল কিন্তু এইবিলাকৰ পৰা ভৰতৰ মনত কোনো প্ৰকাৰৰ প্ৰতিক্ৰিয়া উৎপন্ন হোৱা নাছিল এবাৰ এটা ডকাইতৰ দলে তেওঁলোকৰ উপাস্য দেৱীৰ সন্মুখত বলি দিয়াৰ বাবে ভৰতক ধৰি লৈ গৈছিলভৰতে বাধা দিয়া নাছিল তেওঁক গা পা ধুৱাই বলি দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল ভৰতে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল তাৰ পিছত তেওঁক বলিশাললৈ যাব দিয়া হৈছিল ভৰতে নিৰ্বিবাদে সেই আদেশ পালন কৰিছিল তাৰ পিছত ডকাইতৰ চৰ্দাৰে তেওঁৰ ডিঙি কাটিবৰ বাবে অস্ত্ৰ ডাঙিছিল সেই মুহুৰ্ত্ততে, সেই বিশেষ দেৱীৰ ৰূপত তেওঁৰ ৰক্ষাকাৰী শক্তিৰ আবিৰ্ভাৱ হৈছিল দেৱীয়ে ডকাইত বিলাকক বধ কৰি তেওঁৰ জীৱন ৰক্ষা কৰিছিল এনেদৰে  আত্মজ্ঞানৰ সাধনা সম্পূৰ্ণ কৰাৰ বাবে ভৰতে সকলো প্ৰকাৰৰ সহায় পাইছিল ভাগৱতত এই সকলো কথা বিতংভাৱে বৰ্ণনা কৰা হৈছে (আগলৈ)

Sunday 23 February 2020

Understanding Guru Harideva’s Approach Towards Unity-42 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪২


Sometimes, we are to move a distance of five-six kilometers in dark night. Then we take a torchlight in hand and start moving. The torch can not light the whole distance of five kms from our starting point . But with our advancement with the torch in hand,  the path goes on lightening. In this way the torch is able to light the whole distance of five kms. Again the whole distance of the road may not be equally smooth. Somewhere there may be water logging, mud, thorn , uneven surface and so many other resistances in the path. But everything is lighted by the torch in our hand. Thus we can safely pass through the whole distance of five kms with a torch in our hand which can light only a portion of two to three meters of the path. Our eagerness for attainment of self realization is like a torchlight in our hand. Through the story of Bharata, in Bhagavata, we learn that achievement in this direction, however small it may be, is permanently deposited into our credit. Our destination may be far away. But one step towards right direction is also counted as an advancement only. Once we start proceeding in the path of self realization with true eagerness, all types of help start coming. If we die before attainment, this eagerness will show the scope to start again in the next birth. If we commit mistake in between and take rebirth even as an animal like Bharata, then also this eagerness will guide us to come out of that problem and start our incomplete journey again. Even this eagerness may invite some form of protective force to save our life, if necessity arise  while travelling in the path of self realization. This point we will discuss in the coming posts. Guru Hardeva told that attainment of self realization should be the goal of human life. Once we start moving in this path our real eagerness itself will show the path like a torch light in our hand . (to be continued )

কেতিয়াবা আন্ধাৰ ৰাতি পাঁচ-ছয় কিলোমিটাৰ দূৰলৈ খোজ কাঢ়ি যোৱাৰ প্ৰয়োজন হয় তেতিয়া হাতত টৰ্চ এটা লৈ আমি যাত্ৰা আৰম্ভ কৰো যাত্ৰাৰ আৰম্ভণীৰ পৰা শেষ পযন্ত সম্পূৰ্ণ পাঁচ কিঃ মিঃ পথ টৰ্চটোৱে পোহৰ কৰিব নোৱাৰে কিন্তু টৰ্চটো হাতত লৈ আগ বাঢ়ি থাকিলে পথটোও পোহৰ হৈ গৈ থাকে এই নিয়মেৰে টৰ্চটোৱে গোটেই পাঁচ কিঃমিঃ পথ পোহৰ কৰিব পাৰে আনহাতে যাত্ৰা কৰা পথছোৱা সমানে মসৃণ নাথাকে পথত খলা বমা , পানীৰ ডোঙা , বোকা , কাইট ইত্যাদি বহুতো বাধা বিঘিনি থাকে হাতত থকা টৰ্চৰ পোহৰত এই সকলোকে আমি দেখা পাওঁএনেদৰে মাত্ৰ দুই মিটাৰ পথ পোহৰ কৰিব পৰা এটা টৰ্চৰ পোহৰত আমি পাঁচ কিলোমিটাৰ পথ  সুকলমে পাৰ হৈ যাব পাৰো আত্মজ্ঞানৰ পথত মনৰ একান্ত আগ্ৰহ আমাৰ হাতত থকা এই টৰ্চ লাইটৰ দৰে ভাগৱতত বৰ্ণনা কৰা ভৰতৰ কাহিনীৰ পৰা আমি জানিব পাৰো যে আত্মজ্ঞানৰ পথত লাভ কৰা সামান্য পৰিমাণৰ অগ্ৰগতিও আমাৰ বাবে এক স্থায়ী সম্পদ হিচাপে সঞ্চিত হৈ থাকে আমাৰ লক্ষস্থান বহু দূৰ হব পাৰে কিন্তু সেই লক্ষৰ দিশত পেলোৱা এটা খোজকো অগ্ৰগতি বুলিয়ে ধৰা হয় একান্ত আগ্ৰহ সহকাৰে আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হোৱাৰ লগে লগে সকলো দিশৰ পৰা সহায় আহে আত্মজ্ঞান লাভ কৰাৰ আগতে শৰীৰ সমাপ্ত হলে পিছৰ জন্মত আগতে এৰা ঠাইৰ পৰা আৰম্ভ কৰাৰ পথ এই আগ্ৰহৰ ফলতে আমি দেখ পাওঁ মাজতে কৰা কোনো ভুলৰ বাবে পতনৰ সন্মুখীন হৈ ভৰতৰ দৰে জন্তুৰ শৰীৰত জন্ম লব লগা হলেও এই একান্ত আগ্ৰহৰ বলতে তেনে বিপদৰ পৰা মুক্ত হৈ পুনৰ আত্মজ্ঞানৰ পথত যাত্ৰা আৰম্ভ হ আনকি এই আগ্ৰহৰ ফলতে সাধনাৰ অগ্ৰগতি অব্যাহত ৰখাত সহায় কৰিবৰ বাবে মৃত্যুকো প্ৰতিৰোধ কৰিব পৰা শক্তিৰ আবিৰ্ভাৱ ঘটে এই বিষয়ে আমি পৰবৰ্ত্তী লিখনিত আলোচনা কৰিম হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ মনুষ্য জীৱনৰ মূল লক্ষ হোৱা উচিত আৰু এই বিষয়ত আগ্ৰহান্বিত হোৱাটো আমাৰ ফালৰ পৰা কৰিব লগা প্ৰাথমিক কৰ্ত্তব্য লক্ষৰ দিশত সঁচা আগ্ৰহেৰে আগবাঢ়িব খুজিলে সেই আগ্ৰহেই হাতত থকা টৰ্চ লাইটটোৰ দৰে পৰ্যায়ক্ৰমে পথ দেখুৱাই আমাক নিৰাপদে আগ বঢ়াই লৈ যায় (আগলৈ)

Friday 21 February 2020

Understanding Guru Harideva’s Approach Towards Unity-41 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪১)


Guru Harideva told us that unless we know ourselves, we can not know the ultimate truth. Our identity is not separate from the ultimate truth and realization of this fact is the meaning of self realization. We elaborated this in our post of 8.10.19 . Guru Harideva attained self realization through devotional study of Bhagavata and practical application of the knowledge contained there . He suggested the same way of approach for us also. Attainment of self realization is the ultimate goal  of the religious practice suggested by Guru Harideva. But, as a Guru, he was aware of the fact that common people like us, can not reach this goal in one lifetime. Bhagavata, cited examples of people  who attained self realization through rigorous practice of several life spans .Now ,if we sow seeds of paddy in the field , we see the seedlings within three four days . Then the seedlings grow day by day and we can harvest the paddy after three four months.  Here our works and the subsequent results are physically visible. But when we work for attainment of self realization, we are not able to see the results like that. Therefore, doubts arise in our mind regarding progress and achievements of our efforts. Question arises as, what will happen if we die after making some progress, but before attainment of self realization? Bhagavata tells that we need not worry about it. We will get scope to start in the next birth, from the point where we leave in this birth. Then further question arises as, what will happen  if we do something wrong in the middle of those two stages ? Bhagavata again comes to clear our doubt and assure us that after making sufficient progress if we face downfall due to some mistake, then also we need not worry. We will get all supports for correction of such mistakes and start our journey again from the earlier position. In Bhagavata these things are bought to our knowledge in an interesting way through the story of Bharata. Guru Harideva tod that common people like us also have right to attain self realization and suggested us to go through these examples cited in Bhagavata for our encouragement.(to be continued)

হৰিদেৱ গুৰুজনাই   কৈছে যে পৰম সত্য কি তাক জানিবৰ বাবে প্ৰথমে আত্মজ্ঞান লাভ কৰা প্ৰয়োজন আমাৰ প্ৰকৃত পৰিচয় পৰম সত্যৰ পৰা পৃথক নহয় আৰু এই জ্ঞানৰ উপলব্ধিয়ে আত্মজ্ঞান বা আত্মোপলব্ধি কথাখিনি আমাৰ ৮.১০.১৯ তাৰিখৰ লিখনিত বহলাই কোৱা হৈছে ভাগৱত শাস্ত্ৰৰ ভক্তিপূৰ্ণ গভীৰ অধ্যয়ন আৰু তাৰ পৰা উপলব্ধ জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা গুৰুজনাই আত্মজ্ঞান লাভ কৰিছিল সেই একে পথ তেওঁ আমাৰ বাবেও নিৰ্দেশ কৰি গৈছে আত্মজ্ঞান লাভ কৰাটো হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ মূল লক্ষ কিন্তু গুৰু হিচপে তেওঁ এই কথা বুজি পাইছিল যে এটা জন্মৰ সাধনা কালত এই লক্ষত উপনীত হোৱা আমাৰ দৰে সাধাৰণ লোকৰ বাবে সম্ভৱ নহয় ভাগৱতত এনে বহু ব্যক্তিৰ উদাহৰণ দিয়া হৈছে যিসকলে কেইবাটাও জন্মৰ কঠোৰ সাধনাৰ অন্তত আত্মজ্ঞান লাভ কৰিছিল এতিয়া কথা হৈছে আমি যদি পথাৰত ধানৰ সঁচ সিচি দিওঁ তেন্তে তিনি চাৰিদিন পিছত গজালি ওলায় গজালিবোৰ লাহে লাহে বাঢ়ি থাকে আৰু তিনি চাৰিমাহৰ ভিতৰ ধান চপাই ভৰাঁলত থব পাৰো এই ক্ষেত্ৰত কৰা কাম আৰু তাৰ পৰা উৎপন্ন ফল আমি নিজ চকুৰে দেখি থাকো কিন্তু আত্মজ্ঞান লাভ কৰাৰ বাবে কৰা কৰ্মৰ ফল তেনেদৰে প্ৰ্ত্যক্ষ কৰিব নোৱাৰি সেই কাৰণে এই ক্ষেত্ৰত কৰা কামৰ প্ৰগতি আৰু ফলাফল সম্পৰ্কত আমাৰ মনত সংশয় উৎপন্ন হয় প্ৰশ্ন উঠে যে সাধনাত কিছু অগ্ৰগতি লাভ কৰাৰ পিছত, কিন্তু আত্মজ্ঞান লাভ কৰাৰ পূৰ্বতে যদি আমাৰ মৃত্যু হয় , তেন্তে কি হ? ভাগৱতে কৈছে তেনে চিন্তাৰ প্ৰয়োজন নাই , এই জন্মত যিমানখিনি আগ বঢ়া হৈছিল পৰৱৰ্ত্তী জন্মত তাৰ পৰাই পুনৰ উন্নতি কৰাৰ সুবিধা দিয়া হ আকৌ প্ৰশ্ন উঠে যে এই দুই অৱস্থাৰ মাজত যদি নতুনকৈ কিবা ভুল কৰা হয় তেন্তে কি হ? ভাগৱতে পুনৰ আমাৰ সন্দেহ দূৰ কৰি কৈছে যে এবাৰ আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হোৱাৰ পিছত কিবা ভুল কাম কৰাৰ বাবে আগৰ অৱস্থাৰ পৰা যদি  পতন হয়,  তেতিয়াও চিন্তা নাই কাৰণ তেনে ব্যক্তিক ভুল সংশোধন কৰি আগৰ স্থানৰ পৰা পুনৰ প্ৰগতি কৰাৰ বাবে সকলো প্ৰকাৰে সহায় কৰা হয় ভৰতৰ কাহিনীৰ মাধ্যমেদি ভাগৱতে সৰস ভাৱে এই জ্ঞান আমাক দিছে হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ দৰে সাধাৰণ লোকৰো আত্মজ্ঞান লাভ কৰাৰ অধিকাৰ আছে আৰু ভাগৱতৰ এই কাহিনীসমুহৰ জৰিয়তে দাঙি ধৰা উদাহৰণ সমুহ অধ্যয়্ন কৰি আমি নিজৰ মনোবল বৃদ্ধি কৰা উচিত(আগলৈ)

Wednesday 19 February 2020

Understanding Guru Harideva’s Approach Towards Unity-40 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪০)


In Bhagavata it is told that, for enjoyment of pleasure through natural instincts,human body is not essential. Attraction for Food, sleep, protection of self interests and procreation are expressions of natural instincts. We need not learn anything to become interested to fulfill the demands of these natural instincts. Our nature itself is always pulling us automatically towards that direction.In fact, animal body is more suitable than human body for enjoyment of gratifications through natural instincts. We can notice this practically. A dog eats the rejected part of our food with more satisfaction than us. We are not able to get that much satisfaction even with the best part of the same food we eat. For enjoyment of deep sleep we need provision of good bed . good cloths , AC ,fan and so many other items .Even after getting those provisions also, we can not be sure about our sound sleep . On the other hand, an animal can enjoy sound sleep lying anywhere and without any provision. For enjoyment of sensual pleasure through contact with opposite gender, animals do not face as many restriction as a human being.Moreover,  animal can openly express its inherent selfishness and do anything they need to protect their own interest. Human being can not do like that. So , Bhagavata tell us that, human body is not meant for enjoyment of pleasure through fulfillment of desires generated by natural instincts. If we leave ourselves free in the hand of those instincts and go on fulfilling the desires generated by those instincts,there will be no difference between human beings and animals. The scriptural advises are meant for human being and for restrictive control of those natural instincts. Bhagvata states that Bharata was able keep himself away from the influences of those natural instincts even after taking birth in the body of a deer. This was because of   retention of memories of the scriptural knowledge, he attained in the past lives.(to be continued )

ভাগৱতত কোৱা হৈছে স্বাভাৱিক প্ৰবৃত্তি পূৰণৰ দ্বাৰা আনন্দ উপভোগ কৰাৰ বাবে মানৱ দেহৰ প্ৰয়োজন নাই আহাৰ , নিদ্ৰা , নিজৰ স্বাৰ্থ ৰক্ষা আৰু বংশবৃদ্ধিৰ  দ্বাৰা আনন্দ লাভৰ হাবিয়াস হৈছে স্বাভাৱিক প্ৰবৃত্তিৰ প্ৰকাশ ই বিলাকৰ প্ৰতি আকৰ্ষিত হবৰ বাবে কোনো ধৰণৰ শিক্ষা লাভ কৰাৰ প্ৰয়োজন নহয় আমাৰ অন্তৰ্নিহিত স্বভাৱে এইবিলাকৰ প্ৰতি আমাক অহৰহ আকৰ্ষণ কৰি থাকে প্ৰকৃতাৰ্থত  স্বাভাৱিক প্ৰবৃত্তি পূৰণৰ মাধ্যমত আনন্দ লাভ কৰাৰ বাবে মানৱ শৰীৰতকৈ জন্তুৰ শৰীৰ অধিক উপযোগী দৈনন্দিন জীৱনত আমি এই কথাৰ সত্যতা প্ৰত্যক্ষ কৰিব পাৰো আমি খাদ্যৰ যি অংশ খোৱাৰ উপযুক্ত নহয় বুলি পাতত এৰি থৈ আহোঁ , কুকুৰ এটাই সেই উচ্ছিষ্ট পৰম তৃপ্তিৰে খায় আমি বেয়া বুলি ভাৱি পাতত এৰি অহা খাদ্য খাই কুকুৰ এটাই যিমান তৃপ্তি লাভ কৰে সেই একে খাদ্যৰে নিৰ্বাচিত ভাল অংশ খাইও আমি সিমানখিনি তৃপ্তি নাপাওঁ টোপনি মাৰিবৰ বাবে আমাক ভাল পৰিবেশ , ভাল বিছনা , কাপোৰ-কানি , ফেন , এ.চি আদিৰ প্ৰয়োজন হয় এই সুবিধাসমুহ পোৱাৰ পিছতো ভালদৰে টোপনি আহিব নে নাই তাক আমি কব নোৱাৰো কিন্তু জন্তু এটাই যতে ততে বাগৰি নিদ্ৰাসুখ উপভোগ কৰে বিপৰীত লিঙ্গৰ সংঙ্গসুখ লাভ কৰাৰ ক্ষেত্ৰত মানুহৰ বাবে বহুতো বাধানিষেধ থাকে কিন্তু জন্তুৰ ক্ষেত্ৰত নাথাকে তদুপৰি জন্তুৱে খোলাখুলি ভাৱে নিজৰ স্বাৰ্থ প্ৰকাশ কৰি তাক পূৰণ কৰাৰ বাবে যি ইচ্ছা তাকে কৰিব পাৰে মানুহৰ বেলিকা তেনে আচৰণ কৰা সম্ভৱ নহয় সেই কাৰণে ভাগৱতত কোৱা হৈছে যে স্বাভাৱিক প্ৰবৃত্তি পূৰণ কৰাৰ বাবে ইচ্ছা নিজে নিজে জাগ্ৰত হয় আৰু সেই ইচ্ছা পূৰণ হলে সুখ অনুভৱ হয় কিন্তু মানৱ শৰীৰ তেনে প্ৰকাৰৰ সুখ ভোগ কৰাৰ বাবে সৃষ্টি হোৱা নাই মানুহে যদি এইবিলাক স্বাভাৱিক প্ৰবৃত্তিৰ কৱলত নিজকে সমৰ্পণ কৰে আৰু প্ৰবৃত্তিয়ে যি ধৰণে বিচাৰে সেই ধৰণে ইচ্ছা পূৰণ কৰি থাকে, তেন্তে মানুহ আৰু জন্তুৰ মাজত একো প্ৰভেদ নাথাকে।সেই কাৰণে শাস্ত্ৰৰ উপদেশ বিলাক কেৱল মানুহৰ বাবে উপযোগী আৰু সকলো শাস্ত্ৰতে মানুহক এই স্বাভাৱিক প্ৰবৃত্তি সমুহ নিয়ন্ত্ৰণ কৰাৰ বাবে উপদেশ আৰু উপায় দিয়া হৈছে ভাগৱতত কোৱা হৈছে যে জন্তুৰ শৰীৰ লৈ জন্ম গ্ৰহণ কৰাৰ পিছতো ভৰতে এই স্বভাৱিক প্ৰবৃত্তি সমুহৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিব পাৰিছিল জন্তু শৰীৰৰ মাধ্যমতো পূৰ্বজন্মত লাভ কৰা শাস্ত্ৰ জ্ঞানৰ স্মৃতি  ধৰি ৰাখিব পৰাৰ কাৰণে এই কাম সম্ভৱ হৈছিল (আগলৈ)

Monday 17 February 2020

Understanding Guru Harideva’s Approach Towards Unity-39 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৯)


We told in the preceding post that Bharat had to take rebirth in the body of a deer because of only one unfulfilled desire. In spite of that, he was able to retain memory of his past birth. We tried to understand this point with the help of scriptures in the previous post. We can also try to understand it with an analogy of modern time.In one office there are thousands of pending files to be disposed by one head of the office. Thousands of pending files contain thousands of problems to be settled. The chief of office use to come in time.Then files are brought to his table according to the priority fixed as per rule. In a single day, he may be able to settle problems contained in maximum five to six files. But again on the same day itself,numbers of new files with new problems are opened and accumulated with the earlier pending files. In this manner, the head of the office goes on working there for a long time. But then also, he is not  in a position to know the actual number of files pending with him, the subject matter of each and every pending file,the priority of each and every file etc . So his job is an unending process. Like wise, we desired so many things in the past life. For each desire, one file was opened. Thousands of such files remained pending since long due to non fulfillment of the concerned desires . Now, in this current life, we will dispose a small number of such pending files. But at the same time, we will go on desiring new things in this life also. So, another large number of new files will again be added with the earlier pending files . The priorities of the files will be decided by the nature and strength of our desires. Accordingly, files will be brought to us for disposal of the concerned desire through enjoyment of happiness and sorrow. We can not know how many files of desires are pending , what are their subject matter and priority etc. This is the condition with us and there is no end to this process. But in an office with only one pending file, the situation is not like that . There everything is clear in the mind of head of the office and so, the matter can be settled in a comfortable manner.The case of Bharata was like this . He was having only one pending file of desire and so he was able to remember everything about it and tried his best to dispose it. (to be continued )   
  
ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে ভৰতে পূৰ্বজন্মৰ এটা মাত্ৰ অপূৰ্ণ বাসনাৰ ফল ভোগ কৰাৰ বাবে হৰিণৰ শৰীৰ গ্ৰহণ কৰি পুনৰ্জন্ম লাভ কৰিছিল তেনে অৱস্থাতো পূৰ্বজন্মৰ কথা তেওঁৰ মনত আছিল আগৰ লিখনিত শাস্ত্ৰৰ বক্তব্য অনুসৰি বিষয়টো বুজাৰ চেষ্টা কৰা হৈছে বৰ্ত্তমান কালৰ ব্যৱহাৰিক উপমাৰ দ্বাৰাও কথাখিনি চিন্তা কৰি চাব পাৰি এটা অফিচত হাজাৰ হাজাৰ ফাইল নিষ্পত্তি নোহৱাকৈ পৰি থাকে এই সমস্ত ফাইল নিষ্পত্তি কৰাৰ দায়িত্ব অফিচৰ বৰমূৰীয়া বিষয়াজনৰ ওপৰত ন্যস্ত থাকে হাজাৰ হাজাৰ ফাইলৰ মাধ্যমত হাজাৰ হাজাৰ সমস্যাৰ নিষ্পত্তি কৰা হয়মূল বিষয়াজন নিৰ্দিষ্ট সময়ত অফিচলৈ আহে তাৰ পিছত পূৰ্বনিৰ্দিষ্ট নিয়মমতে আৰোপ কৰা গুৰুত্বৰ ক্ৰম অনুসৰি ফাইল সমুহ তেওঁৰ সন্মুখলৈ অনা হয় এদিনত বিষয়াজনে বৰ বেছি পাঁচ ছটা ফাইলৰ সমস্যাৰ নিষ্পত্তি কৰে আনহাতে সেই একেটা দিনতে নতুন নতুন সমস্যাৰ কথা লিপিবদ্ধ কৰি পুনৰ কেইটামান নতুন ফাইল খোলা হয় এইসমুহ পূৰ্বৰ নিষ্পত্তি নোহোৱা ফাইলৰ লগত জমা হয় এই নিয়মেৰে মূল বিষয়াজনে বহুদিন ধৰি একেটা অফিচতে কাম কৰি থাকে কিন্তু তাৰ পিছতো তেওঁৰ অফিচত কিমান ফাইল নিষ্পত্তি নোহোৱাকৈ পৰি আছে , প্ৰত্যেক ফাইলৰ বিষয় বস্তু কি , কোন ফাইলে কিমান অগ্ৰাধিকাৰ পোৱা উচিত ইত্যাদি কথা তেওঁ নাজানে এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে তেওঁৰ কামটো এটা অন্তহীন প্ৰক্ৰিয়া মাথো একেদৰে পূৰ্বৰ জন্মসমুহত আমাৰ বহুতো আশা আকাংক্ষা আছিল প্ৰত্যেক বাসনাৰ বিপৰীতে একো একোটা ফাইল খোলা হৈছিল আগৰ জন্মত পূৰ্ণ নোহোৱা হেতুকে অসংখ্য অপূৰ্ণ বাসনাৰ ফাইল বহু যুগৰ পৰা অফিচৰ নিষ্পত্তি নোহোৱা ফাইলৰ দৰে জমা হৈ আছে এই জন্মত আমি তাৰে কেইটামান ফাইলৰ নিষ্পত্তি কৰিম কিন্তু তাৰ লগতে এই জন্মতো আমাৰ বহুতো নতুন আশা আকাংক্ষা থাকিব তাৰ ফলত আগৰ নিষ্পত্তি নোহোৱা ফাইলৰ সৈতে আৰু নতুন ফাইল যোগ হ আমাৰ বাসনাৰ প্ৰকাৰ আৰু তীব্ৰতা অনুসৰি ফাইল সমুহৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা হ সেই অনুসৰি ফাইল আমাৰ ওচৰলৈ আহিব আৰু বাসনা অনুযায়ী সুখ বা দুখ ভোগ কৰি আমি সেই ফাইলৰ নিষ্পত্তি কৰিব লাগিব অপূৰ্ণ বাসনাৰ কিমান সংখ্যক ফাইল নিষ্পত্তি হবলৈ বাকী আছে, প্ৰত্যেক ফাইলৰ  বিষয় বস্তু কি , কি অগ্ৰাধিকাৰৰ ভিত্তিত ফাইল আমাৰ ওচৰলৈ আহিব ইত্যাদি কথা আমি নাজানো এয়ে আমাৰ দৰে সাধাৰণ লোকৰ অৱস্থা আৰু এই অৱস্থাৰ কোনো অন্ত নাই কিন্তু যি অফিচত এটা মাত্ৰ ফাইল নিষ্পত্তি নোহোৱাকৈ থাকে তাৰ কথা সুকীয়া তাৰ সকলো কথা অফিচৰ বৰমূৰীয়াজনৰ মনত স্পষ্টভাৱে থাকে আৰু অতি সোনকালে তাৰ ওপৰত ব্যৱস্থা লব পাৰে ভৰতৰ কথাও এনে ধৰণৰ তেওঁৰ বেলিকা এটা মাত্ৰ অপূৰ্ণ বাসনাৰ ফাইল নিষ্পত্তি হবলৈ বাকী আছিল আৰু  সেয়েহে ইয়াৰ বিষয়ে সকলোখিনি কথা তেওঁৰ মনত আছিল আৰু ইয়াৰ সমাধানৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰাত সুবিধা হৈছিল (আগলৈ)

Saturday 15 February 2020

Understanding Guru Harideva’s Approach Towards Unity-38 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৮)


We mentioned in our preceding post that, Bharata was on the verge of self realization through rigorous and devout penance. At that stage he had to face downfall and was subjected to rebirth as a deer. Bhagavata tells us that though he was bound to accept an animal body because of only one unfulfilled desire, he was able to remember everything that happened in his previous life. We are not able to remember everything that happened to us even yesterday. With this idea in mind, it may be difficult to understand such thing by common people like us. Now, scriptures assure us that once we gain something positive in the direction of attainment of self realization, that is never destroyed with destruction of the body. In the subsequent births we will get scope to start our journey from the point where our journey towads self realization stopped in the previous birth. This is true for common people like us also.  But in our case, such journey in the spiritual path starts in connection with some sudden development in our life. We can never imagine those developments beforehand .We are not able to understand the root cause behind these types of sudden developments as because we can not remember anything that happened in our earlier life. But the case of Bharata was not like that. He was already on the verge of realization of the self. There was only one small mistake on his part and that was creating resistance in his path. Except that, he was totally free from desire and his mind was completely purified. So, he was able to retain the memory of his past birth. Bhagavata tells us that because of his past good deeds and rigorous penance, he was granted this favor as per rules of spiritual field. It was a special facility to make him able to analysis his past mistakes and thus to remain free from any further mistake before realization of the self.(to be continued )

ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যে ভৰতে শুভ কৰ্মৰ যথাযথ সম্পাদন আৰু কঠোৰ তপস্যাৰ বলত আত্মজ্ঞান লাভ কৰাৰ ঠিক আগৰ পৰ্যায়ত উপনীত হৈছিল সেইখিনিতে পথভ্ৰষ্ট হোৱাৰ কাৰণে হৰিণৰ গৰ্ভত জন্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ভাগৱতে কৈছে যে  এটা জন্তুৰ শৰীৰ গ্ৰহণ কৰাৰ পিছতো পূৰ্ব জন্মৰ সকলো কথা তেওঁৰ মনত আছিল কালিৰ দিনটোত কি কি ঘটিছিল তাকো সম্পূৰ্ণভাৱে মনত ৰখা আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বাবে সম্ভৱ নহয় সেই কাৰণে জন্তুৰ শৰীৰ ধাৰণ কৰাৰ পিছতো পূৰ্বজন্মৰ কথা মনত আছিল বুলি কলে আমাৰ বুজাত কিছু অসুবিধা হোৱাটো স্বাভাৱিক এই সম্পৰ্কে শাস্ত্ৰৰ যুক্তি কি তাক চোৱা প্ৰয়োজন শাস্ত্ৰত কোৱা হৈছে যে পাৰমাৰ্থিক উন্নতিৰ পথত কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত অনেকৰে মৃত্যু হব পাৰে কিন্তু মৃত্যুৰ কাৰণে বৰ্ত্তমান শৰীৰ নষ্ট হোৱাৰ ফলত সাধনাৰ যতি পৰিলেও এই দিশত আগতে কৰা প্ৰগতিখিনি নষ্ট হৈ নাযায় আগৰ জন্মত যত সমাপ্ত হৈছিল পিচৰ জন্মত ঠিক তাৰ পৰাই পুনৰ উন্নতি আৰম্ভ  হয় শাস্ত্ৰৰ এই আশ্বাস আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হয় কিন্তু সাধাৰণ মানুহৰ বেলিকা পাৰমাৰ্থিক পথৰ যাত্ৰা নিজৰ অজ্ঞাতে আৰম্ভ হয় একো আগতীয়া উমান নিদিয়াকৈ হঠাতে উদ্ভৱ হোৱা কোনো পৰিস্থিতিৰ ফলতহে  আমাৰ পাৰমাৰ্থিক পথৰ যাত্ৰা আৰম্ভ হয় যিহেতু আগৰ জন্মৰ কোনো কথা আমাৰ মনত নাথাকে সেয়েহে হঠাতে উদ্ভৱ হোৱা এনে ধৰণৰ পৰিস্থিতিৰ মূল কাৰণ কি তাক আমি বুজিব নোৱাৰো কিন্তু ভৰতৰ ক্ষেত্ৰত কথা তেনেকুৱা নহয় আগৰ জন্মত সাধনা প্ৰায় সমাপ্ত হোৱাৰ ফলত তেওঁ আত্মজ্ঞান লাভ কৰাৰ উপযুক্ত পৰ্যায়ত উপনীত হৈছিল কিন্তু আত্মজ্ঞান লাভ কৰাৰ আগ মুহুৰ্ত্তত কৰা এটা সাধাৰণ ভুলৰ বাবেহে তেওঁৰ এই প্ৰাপ্তি বাধাগ্ৰস্ত হৈছিল ইয়াত বাদে তেওঁৰ মন সম্পূৰ্ণ বাসনামুক্ত আৰু নিৰ্মল আছিল সেই কাৰণে তেওঁৰ মনে পূৰ্ব জন্মৰ স্মৃতি ধৰি ৰাখিব পাৰিছিল ভাগৱতে কৈছে যে পূৰ্ব জন্মৰ শুভ কৰ্ম আৰু কঠোৰ তপস্যাৰ ফল স্বৰূপে পাৰমাৰ্থিক জগতৰ নিয়ম অনুসৰি তেওঁক এই সুবিধা দিয়া হৈছিল এই সুযোগ লাভ কৰাৰ বাবে পূৰ্বজন্মৰ ভুলৰ স্মৃতি ৰোমন্থন কৰি পুনৰ কোনো ভুলৰ দ্বাৰা বিপথে পৰিচালিত নোহোৱাকৈ আত্মজ্ঞান লাভ কৰাটো তেওঁৰ বাবে সহজ হৈ পৰিছিল (আগলৈ)

Thursday 13 February 2020

Understanding Guru Harideva’s Approach Towards Unity-37 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৭)


We told in the earlier posts that Guru Harideva was self realized personality.We should go through the life stories of the self realized personalities described in Bhagavata to know him properly . Emperor Bharata was also a self realized person and his stories contain very important information on our subject matter. Bharata attained self realization through practice of rigorous and devout penance for three consecutive births. Detailed description of all those we can have in Bhagavata. Here, we already brought some hints , about his first stage of practice in the preceding post .Regarding the rest also, we may bring some short references to make our subject of discussion clear . After going to deep forest and practicing rigorous penance for self realization, as we told earlier ,Bharata was able to make sufficient progress in this line. But just before his death, he felt some attachment towards a motherless baby deer. Subsequently, a desire for maintenance and protection of the baby came to his mind. With this unfulfilled desire in mind he expired.Now as a human being, it is our natural duty to feel piety and look into the welfare of everybody, including animals in distress. Bhagavata tells us that there is nothing wrong in it and this should be done with utmost care. But in doing so, we should be free from of any kind of attachment. In this case, Bharata felt motherly attachment towards the baby deer.He wanted to take care of one single particular baby deer.The mother of a baby deer is concerned about its own baby only. The desire of Bharata was also of such selfish nature like a mother deer. Fulfillment of this desire is not possible with a human body. For taking care of a baby deer as desired by Bharata, body of a mother deer is most suitable. We already told that, even the minutest desire in our mind is to be fulfilled before attainment of self realization. So, for enjoyment of the outcome of this desire, Bharata had to take his next birth as a deer.(to be continued)

আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনা আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষ আছিল আৰু তেওঁৰ বিষয়ে ভালদৰে জানিবৰ বাবে আমি ভাগৱত শাস্ত্ৰত থকা আত্মজ্ঞানী পুৰুষ সকলৰ জীৱন বৃত্তান্ত অধ্যায়ন কৰা প্ৰয়োজন সম্ৰাট ভৰতৰ কাহিনীও এক আত্মজ্ঞানী পুৰুষৰ কাহিনী এই কাহিনীত আমি আগতে আলোচনা কৰি অহা বহু বিষয়ৰ স্পষ্ট তথ্য প্ৰমাণ আছে ভৰতে একেৰাহে তিনিটা জন্মৰ কঠোৰ সাধনাৰ অন্তত আত্মজ্ঞান লাভ কৰিছিল ই সমুহৰ বিস্তৃত বৰ্ণনা ভাগৱতত পোৱা যায় ইয়াৰ আগৰ লিখনিটোত তেওঁৰ প্ৰথম জন্মৰ সাধনাৰ বিষয়ে কিছু আভাস দিয়া হৈছে লিখনিৰ বিষয় বস্তু স্পষ্ট কৰাৰ বাবে পিছৰ জন্মৰ সাধনাৰ বিষয়েও চমু আভাস দিয়া প্ৰয়োজন  আমি আগৰ লিখনিটোত কোৱাৰ দৰে সম্ৰাট ভৰতে গভীৰ অৰণ্যবাসী হৈ আত্মজ্ঞান লাভৰ উদ্দেশ্যে কঠোৰ সাধনা আৰম্ভ কৰাৰ পিছত এই দিশত বহু আগবাঢ়ি গৈছিল কিন্তু জীৱনৰ অন্তিম অৱস্থাত তেওঁ এটি মাতৃহীন হৰিণ শিশুৰ প্ৰতি আসক্তি অনুভৱ কৰিছিলইয়াৰ ফলত সেই অসহায় হৰিণ শিশুটিক আদৰ যত্ন সহকাৰে লালন পালন কৰাৰ বাসনা তেওঁৰ মনত উদয় হৈছিল এই অপূৰ্ণ বাসনা মনত লৈয়ে তেওঁ দেহত্যাগ কৰিছিলমানুহ হিচাপে জীৱ জন্তুকে ধৰি জগতৰ সমস্ত আৰ্ত্ত আৰু দুৰ্দশাগ্ৰস্ত প্ৰাণীৰ প্ৰতি আমাৰ মনত দয়াভাৱ থাকিব লাগে ভাগৱতে কৈছে ইয়াত একো ভুল নাই ,বৰঞ্চ অত্যন্ত যত্ন আৰু আগ্ৰহ সহকাৰে এই সকলৰ সেৱা কৰা উচিত কেৱল তাকে কৰোতে যিকোনো প্ৰকাৰৰ আসক্তিৰ পৰা মুক্ত হৈ থাকিব লাগে ইয়াৰ বিপৰীতে  ভাৰতে কিন্তু মাতৃসুলভ আসক্তিৰ বশবৰ্ত্তী হৈ এটা মাত্ৰ বিশেষ হৰিণ পোৱালীক লালন পালন কৰাৰ বাসনা কৰিছিল হৰিণ মাতৃয়ে নিজৰ পোৱালীৰ সমানে অন্য হৰিণৰ পোৱালীক স্নেহ নকৰে গতিকে ভৰতৰ বাসনা আছিল জন্তুসুলভ স্বাৰ্থপৰ বাসনা মানুহৰ শৰীৰত থাকি এই বাসনা পূৰণ কৰা সম্ভৱ নহয় হৰিণ শিশুক ভৰতে ইচ্ছা কৰাৰ দৰে লালন পালন কৰাৰ বাবে হৰিণ শৰীৰধাৰী মাতৃ সবাতোকৈ উপযুক্ত আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পূৰ্বতে মনত বাঁহ লৈ থকা অতি সাধাৰণ বাসনাও পূৰ্ণ হোৱাটো বাধ্যতামূলক সেয়েহে মৃত্যুৰ সময়ত ভৰতৰ মনত ৰৈ যোৱা এই অপূৰ্ণ বাসনাৰ ফলত এটা হৰিণৰ শৰীৰ লৈ পুনৰ্জন্ম লাভ কৰিবলৈ তেওঁ বাধ্য হৈছিল (আগলৈ)