After
death of great personalities in the spiritual field, the common people used to describe
life stories of those people as per their own
understanding and hence the stories differ from man to man . Now , such a common
man may be a devotee or follower of one of the great personalities
of spiritual field . If such a devotee is asked to describe about his Guru , he will describe as per his own
understanding and emotion . If
we love somebody from the core of our heart, all our emotions will flow towards
him. We will not see anything bad in him and also make addition to his better
qualities in whatever way possible . On the other hand , if we like somebody in
general , we speak in a general way about his better side with a mention about
his negative side also . Hence
description obtained from general people may not always bring a clear picture
of actual things. As per understanding of the people of different times ,
localities , nature of living and field of interest etc., the life and
teachings of those great personalities
may be colored to any extent . But this is the only way of expression
in the past. Only on the basis of
verbal descriptions with additions and alterations for generation after generation ,the life stories of those
great people go on spreading for centuries together after their death till it comes into a written form . (to be continued)
মহাপুৰুষসকলৰ
মহাপ্ৰয়াণৰ পিচত সাধাৰণ মানুহে তেওঁলোকৰ জীৱন বৃত্তান্ত নিজে যিদৰে বুজি পায়
সেইদৰে বৰ্ণনা কৰে আৰু সেই কাৰণে এজনৰ বৰ্ণনাৰ সৈতে আনজনৰ বৰ্ণনা পৃথক হয় । এজন
সাধাৰণ লোক কোনো এজন মহাপুৰুষৰ অনুগামী ভক্ত হ’ব পাৰে । তেনে এজন ভক্তক যদি তেওঁৰ গুৰুৰ বিষয়ে
বৰ্ণনা কৰিবলৈ কোৱা হয় তেন্তে সেই বৰ্ণনা তেওঁৰ বুজাৰ শক্তি আৰু গুৰুৰ প্ৰতি থকা
অন্তৰৰ আবেগ অনুভূতি অনুসৰিহে হ’ব । উদাহৰণ
স্বৰূপে আমি যদি অন্তৰৰ অবেগ অনুভূতি উজাৰ কৰি কোনো মানুহক ভাল পাওঁ ,তেন্তে তেওঁৰ ভিতৰত আমি একো বেয়া গুণ বিচাৰি নাপাওঁ আৰু
তেওঁৰ ভালখিনিকো বঢ়াই কওঁ ।আনহাতে সাধাৰণভাৱে ভাল লগা এজন ব্যক্তিৰ বিষয়ে ক’লে তেওঁৰ ভালখিনি সাধাৰণ ভাৱে বৰ্ণনা কৰাৰ
লগতে বেয়াখিনিৰ কথাও উল্লেখ কৰো । সেই কাৰণে সাধাৰণ লোকে দিয়া বৰ্ণনাত মহাপুৰুষ
সকলৰ জীৱন আৰু আদৰ্শৰ প্ৰকৃত ছবি স্পষ্ট ৰূপত প্ৰকাশ হয় বুলি ক’ব নোৱাৰি । বিভিন্ন কালৰ ,
বিভিন্ন স্থানৰ , বিভিন্ন পৰিবেশৰ ,
বিভিন্ন ৰুচিৰ লোকৰ পৃথক পৃথক বোধ শক্তি অনুসৰি ইয়াত বিভিন্ন প্ৰকাৰৰ ৰহন লাগে । কিন্তু অতীত
কালত মহাপুৰুষ সকলৰ জীৱন বৃত্তান্ত এনেদৰে প্ৰকাশিত হোৱাত বাদে অন্য একো উপায় নাছিল
। লিখিত
ৰূপ পোৱাৰ আগলৈকে এনেদৰেই শতাব্দীৰ পিচত শতাব্দী ধৰি বিভিন্ন জনৰ মোখিক বৰ্ণনাৰ দ্বাৰা মহাপুৰুষ সকলৰ
জীৱন আৰু কৰ্মৰাজিৰ বৃত্তান্ত জনসমাজত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ আহিছে । (আগলৈ )
No comments:
Post a Comment