Friday 29 November 2019

Understanding Guru Harideva’s approach towards Unity-4 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪ )


The  nature of relationship we maintain in our family was discussed in our previous  post of 27.11.19 . In Bhagavata , the main text book for the teachings of Guru Haideva , this is explained in an interesting way . To understand this analogy , we should keep in mind that during the time of writing  of the Bhagavata  , there was no road communication as we have now a days . People used to go from one place to another by walk , horse ride , bullock carts etc . The roads were   passing  through  jungles and areas without any habitants . There were wild animals ,snakes etc in most  of such places . For long distance travel , safe night halt arrangement was necessary at regular intervals . Now a days we are booking hotel rooms for such night  halts . During  that time hotel service like modern days was not there. The Kings of the country and other affluent people used to provide food and night halt facilities  to these travelers . They used to construct guest houses at suitable places to provide these services . Some people used to provide free  service as a religious duty for spiritual gains . Travelers coming from different places on their way to different destinations ,used to stay in those guest houses . All of them used to take food together in the dining hall there , talked to each other , make joy and celebrate together like members of one family  . As soon as their stay period was over , all of them  was separated from each other and moved towards their own destinations . The matter ended there . As there was no mobile phone or internet etc  like now a days , there was very rare chance of their communications and meeting again . Bhagavata told that in our family , the cordial relationship among the members is like that only . In our journey  from birth to death , we take shelter in  a family  as a member of that family. When the purpose of our stay will be over, we will move towards our own destination leaving everything here ,like a traveler leaving the rest house. The matter ends there and we may or may not meet again .(to be continued)
ইয়াৰ আগৰ ২৭.১১.১৯ তাৰিখৰ লিখনীত আমাৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্বন্ধ প্ৰকৃততে কেনে ধৰণৰ তাক আলোচনা কৰা হৈছে হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় শিক্ষাৰ মূল পাঠ্যপুথি হিচাপে ব্যৱহৃত ভাগৱত শাস্ত্ৰত এটা অতি সুন্দৰ উপমাৰ দ্বাৰা এই কথাখিনি স্পষ্টভাৱে বুজাই দিয়া হৈছে উপমাটো ভালকৈ বুজাৰ বাবে আমি মন কৰা উচিত যে ভাগৱতৰ ৰচনা কালত আজিকালিৰ দৰে পথ যোগাযোগৰ উন্নত পথ আৰু যান বাহন নাছিল মানুহে খোজ কাঢ়ি বা ঘোঁৰা , গৰুগাড়ী আদিত উঠি  এঠাইৰ পৰা আন ঠাইলৈ গৈছিল পথসমুহ হাবি অথবা জনশূন্য ঠাইৰ মাজেদি আছিল সেইসমুহ স্থান বনৰীয়া হিংস্ৰ্ৰ জন্তু , বিষাক্ত সাঁপ আদিৰ বিচৰণ স্থলী আছিল দূৰ দূৰণিলৈ যাব লগা হলে ৰাতিৰ আশ্ৰয়ৰ বাবে নিৰাপদ স্থানৰ প্ৰয়োজন হৈছিল আজিকাল এনে কাৰণত আমি হোটেলৰ কোঠা লওঁ সেই সময়ত এনে সুবিধা নাছিল ৰজা বা কোনো ধনী ব্যক্তিয়ে এইসকল পথচাৰীৰ বাবে  থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিছিল তেওঁলোকে সুবিধাজনক নিৰাপদ স্থানত অতিথিশালা নিৰ্মাণ কৰি এনে সুবিধা আগ বঢ়াইছিল কিছুমান লোকে পূণ্য অৰ্জনৰ  উদ্দেশ্যতো এনে সেৱা বিনমূলীয়াকৈ আগ বঢ়াইছিল বিভিন্ন স্থানৰ পৰা নানা ঠাইলৈ আহযাহ কৰা লোকে একেটা পৰিয়লৰ দৰে অতিথিশালাত একেলগে আশ্ৰয় লৈছিল , একেটা ভোজন গৃহত একেলগে বহি খোৱা লোৱা কৰিছিল , সুখদুখৰ কথা পাতিছিল  আৰু অনুষ্ঠান আদি উপভোগ কৰিছিল কিন্তু জিৰণীৰ সময় শেষ হোৱাৰ লগে লগে প্ৰত্যেকে ইজনে সিজনক এৰি নিজৰ নিজৰ গন্তব্য স্থানলৈ ৰওনা হৈছিল তেওঁলোকৰ সেই মিলন তাতে সমাপ্ত হৈছিল এতিয়াৰ দৰে মোবাইল ফোন বা ইন্টাৰনেট  সুবিধা নথকা হেতুকে এৰাএৰি হোৱাৰ পিচত তেওঁলোকৰ মাজত যোগাযোগ বা লগালগি হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য আছিল বুলি কব পাৰি।ভাগৱতে কৈছে যে এটা পৰিয়ালৰ সদস্য সকলৰ মাজত যি এৰাব নোৱাৰা সম্পৰ্ক থকা বুলি ভাৱো সিও প্ৰকৃতাৰ্থত এনেকুৱাহে জন্মৰ পৰা মৃত্যু পৰ্যন্ত কৰা যাত্ৰাত আমি কোনো এটা পৰিয়ালত এজন সদস্য হিচাপে আশ্ৰয় লাভ কৰো   থকাৰ উদ্দেশ্য সমাপ্ত  হোৱাৰ লগে লগে আমি অতিথি শালাৰ লোকৰ দৰে সকলোকে এৰি নিজৰ গন্তব্য পথেৰে ৰাওনা হওঁ ঘটনাৰ ইমানতে সমাপ্তি ঘটে আৰু ভৱিষ্যতে পুনৰ লগালগি হোৱাৰ কোনো নিশ্চয়্তা নাথাকে (আগলৈ)

Wednesday 27 November 2019

Understanding Guru Harideva’s approach towards Unity-3 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩ )


In continuation of our discussion of 25.11.19  on the above topic , we can take the example of our family also . We have father , mother  , brother , sister, wife , children etc in a family . We always have an idea that these relationships among our family members are very  solid thing . But scripture like Bhagavata tells that the relationships we maintain in the family are not as solid as we think . These relationships are also mental and the cordiality we maintain within our family members is some kind of  mental adjustment only . To understand this point , we can take the example of one lady member of our family . The same lady is a mother of somebody , daughter or daughter in law of somebody  ,  sister or sister in law of somebody , wife of somebody, grandmother of somebody  and so on . One single lady is maintaining all these relationships  by changing her mental setup as per demand of the situation .  The same is true with other relationships in the family  .  My father ,with his great personality , may be sitting in my front  . I may feel that he is a very solid existence .  But if we think over it , we will find that the person  whom I identify as my father is also identified by my son as his grandfather. My mother identifies  the same person as her husband and so on . Moreover  these relationships  are dependent on each other . If there is no son or daughter  , a man can not be called a father . Also  If father is not there ,  the relationship  like son and daughter can not exist . If wife is not there no husband will be there . Likewise if husband is not there wife can not be there  . This is true for all other relationships in  the human society in general . In Bhagavata this is explained in a very interesting way which we will try to discuss in the coming  post .(to be continued )

ওপৰোক্ত প্ৰসঙ্গত ইয়াৰ আগৰ ২৫.১১.১৯ তাৰিখৰ আলোচনাৰ আঁত ধৰি আমি আমাৰ পৰিয়ালৰ সদস্য সকলৰ পৰস্পৰৰ মাজৰ সম্পৰ্কৰ বিষয়েও চিন্তা কৰি চাব পাৰো আমাৰ পৰিয়ালত পিতা , মাতা , ভাই , ভনী , পৰিবাৰ , সতি সন্ততি আদি থাকে আমি সদায় মনতে ভাৱি থাকো যে আমাৰ পৰিয়ালৰ ভিতৰৰ এনে প্ৰকাৰৰ সম্বন্ধবোৰ বাস্তৱিক সত্য কিন্তু ভাগৱতৰ দৰে শাস্ত্ৰত কোৱা হৈছে যে এই সম্পৰ্কবিলাকো বাস্তৱিক নহয় , অৰ্থাৎ আমি এইবোৰ সম্বন্ধ যিমান সঁচা আৰু দৃঢ় বুলি ভাৱো প্ৰকৃতাৰ্থত তেনে নহয় এই সম্পৰ্কসমুহ আমাৰ মনৰ ভাৱনাৰ একো একোটা পৃথক পৃথক ৰূপ মাত্ৰ পৰিয়ালৰ সদস্যসকলৰ মাজত থকা সম্পৰ্কৰ মধুৰতা , অত্মীয়তা  ইত্যাদি ভাৱ হৈছে মনৰ সমন্বয় ভাৱৰ প্ৰকাশ মাত্ৰ কথাখিনি বুজাৰ বাবে আমি আমাৰ পৰিয়ালৰ এজনী মহিলা সদস্যৰ উদাহৰণ লব পাৰো একেজনী মহিলা পৰিয়ালৰ কোনোজনৰ মা , কোনোজনৰ  জিয়ৰী বা বোৱাৰী , কোনোজনৰ ভনী বা ভাইবোৱাৰী , কোনোজনৰ পত্নী বা কোনোজনৰ আইতা ইত্যাদি অনেক প্ৰকাৰে পৰিচিত হব পাৰে একেজনী মহিলাই  বিভিন্ন প্ৰকাৰে নিজৰ মনৰ সমন্বয় সাধন কৰে আৰু পৰিস্থিতি অনুসৰি বিভিন্ন লোকৰ লগত বিভিন্ন প্ৰকাৰৰ সম্বন্ধ ৰক্ষা কৰে পৰিয়ালৰ আন সদস্য সকলৰ সম্পৰ্কৰ ক্ষেত্ৰতো সেই একে কথা মোৰ পিতৃ গহীন গম্ভীৰ ব্যক্তিত্বৰ সৈতে মোৰ সন্মুখত বহি থাকিব পাৰে মই অনুভৱ কৰিব পাৰো যে ই অতি বাস্তৱ ঘটনা কিন্তু অলপ চিন্তা কৰি চালে বুজিব পাৰি যে যাক মই মোৰ পিতৃ বুলি ভাৱি আছো  মোৰ সন্তানে তেওঁক ককাদেউতা হিচাপে চিনাক্ত কৰে আকৌ মোৰ মাতৃয়ে সেই একেজন ব্যক্তিক নিজৰ পতি হিচাপেহে চিনাক্ত কৰে তদুপৰি এই সম্বন্ধসমুহৰ অস্তিত্ব এটা আন এটাৰ ওপৰত নিভৰশীল পুত্ৰ বা কন্যা নাথাকিলে এজন ব্যক্তি পিতৃ হিচাপে পৰিচিত হব নোৱাৰে বা পিতৃ নাথাকিলে পুত্ৰ কন্যাও থাকিব নোৱাৰে একেদৰে পত্নী থকিলেহে পতি আৰু পতি থাকিলেহে পত্নী থাকিব পাৰে পৰিয়ালত বাদেও জগতৰ সকলো সম্বন্ধৰ বেলিকাই ই সত্য ভাগৱতত সুন্দৰ উপমা দি এই কথা কোৱা হৈছে পৰৱৰ্ত্তী লিখনীত আলোচনা কৰাৰ ইচ্ছা থাকিল (আগলৈ )

Monday 25 November 2019

Understanding Guru Harideva’s approach towards Unity-2 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২ )


In my previous post of 23.11.19 it was discussed that we should see, feel and know everything in this world and also keep ourselves free from mental reactions. We should try to understand what Guru Haideva meant by this . Actualy , Guru Harideva advises us to make habit of accepting  the things as it is ,i.e as per rule of creations. This habit can  reduce our mental reactions over the things outside .If we think in this line ,we can see that actual things outside are  not responsible for generating mental reactions . The messages that we read in the things are responsible for it .For  example, one of our near relatives may be at a distant place . He may die long back and we may not receive the news. In that case we ,will not feel sorrow for his death ,in spite of his actual death . But if we get a false message of his death , in spite of his being alive there ,we will cry over his death .   Moreover one and the same thing  may generate different reactions in the minds of different people . We can take the example of a piece of gold .  As a part of the creation it is not different from a piece of stone or wood or anything else . But human mind consider it as a thing of more value than others . Because of this imposed value , people want to possess it . Now the people who want to possess it  and get it he will be happy . The people who want to possess but could not get it will feel unhappy  . There may be some people who do not think of anything about it . This class of people will feel nothing . These happiness , unhappiness or indifference are not inherent  in the piece of gold . In spite of this, it can generate different types of reaction in human mind depending upon the constitution of mind . This is one type of simple analysis of our mind functions which may be helpful for understanding of the teachings of Guru Harideva .(to be continued)

আমাৰ ২৩.১১.১৯ তাৰিখৰ লিখনীত উল্লেখ কৰা হৈছে যে  জগতৰ সকলো বস্তুকে দেখিব লাগে , অনুভৱ কৰিব লাগে আৰু সমস্তৰে জ্ঞান লাভ কৰাৰ চেষ্টা কৰিব লাগে লগতে এই সমুহে উৎপন্ন কৰা মানসিক প্ৰতিক্ৰিয়াৰ পৰাও মুক্ত থাকিব লাগে হৰিদেৱ গুৰুজনাই ইয়াৰ দ্বাৰা কি কব খুজিছে তাক বুজাৰ প্ৰয়োজন ইয়াৰ দ্বাৰা গুৰুজনাই জগতৰ বস্তুসমুহ সৃষ্টিৰ নিয়মমতে যেনেদৰে সৃষ্টি হৈছে ,  ঠিক তেনেদৰে গ্ৰহণ কৰিবলৈ শিকাৰ পৰামৰ্শ দিছে এনে অভ্যাসে জগতৰ বস্তু বা ঘটনা  সম্পৰ্কত মানৱ মনে কৰা প্ৰতিক্ৰিয়াৰ মাত্ৰা হ্ৰাস কৰে প্ৰকৃততে জগতৰ কোনো বস্তুৱে মানুহৰ মনত প্ৰতিক্ৰিয়া উৎপন্ন নকৰে বস্তু সম্পৰ্কত আমাৰ মনত যি ধাৰণা সৃষ্টি হয় সেয়াহে প্ৰতিক্ৰিয়াৰ প্ৰকৃত জনক উদাহৰণ স্বৰূপে আমাৰ কোনো অতি নিকটাত্মীয় লোক দূৰ দেশত থাকিব পাৰে বহুদিন আগতে হয়তো তেওঁৰ মৃত্যু হৈছে কিন্তু সেই বাতৰি আমি পোৱা নাই তেনে ক্ষেত্ৰত মনুহজনৰ সচাকৈ মৃত্যু হোৱাৰ পিচতো আমি শোক নকৰো আনহাতে মানুহজন সুস্থ শৰীৰে জীয়াই থকা সত্বেও মৃত্যু হোৱা বুলি ভুল খবৰ আহিলে আমি শোকসন্তপ্ত হওঁ আকৌ জগতৰ একেটা বস্তুৱে বিভিন্ন লোকৰ মনত বিভিন্ন প্ৰকাৰৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আমি এটুকুৰা সোণৰ উদাহৰণ লব পাৰো সৃষ্টিৰ এটা অংশ বুলি ভাৱি ললে এটুকুৰা শিল বা কাঠৰ সৈতে ইয়াৰ কোনো প্ৰভেদ নাই কিন্তু মানুহৰ মনে ইয়াক অন্য বস্তুতকৈ বেছি মূল্য দিয়ে এই আৰোপিত মূল্যৰ কাৰণে মানুহে ইয়াক নিজৰ কৰি লব বিচাৰে নিজৰ কৰি লোৱাৰ চেষ্টা কৰি যিয়ে পায় তেওঁ আনন্দ কৰে , যিয়ে নাপায় তেওঁ দুখ কৰে যিসকলে সোণৰ বিষয়ে একো নাভাৱে তেওঁলোক উদাসীন থাকে সোণে বিভিন্ন জনৰ মনত উৎপন্ন কৰা এই আনন্দ ,বিষাদ আৰু উদাসীনতা সোণৰ ভিতৰত নাই কিন্তু তথাপি মানুহৰ মনৰ গঠন অনুসৰি সোণে বিভিন্ন জনৰ মনত বিভিন্ন প্ৰতিক্ৰিয়া উৎপন্ন কৰিব পাৰে এনে প্ৰকাৰে মনৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যপ্ৰণালী বিশ্লেষণ কৰাৰ অভ্যাস কৰিলে হৰিদেৱ গুৰুজনাৰ উপদেশ বুজি পোৱা সহজ হব পাৰে (আগলৈ )

Saturday 23 November 2019

Understanding Guru Harideva’s approach towards Unity-1 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১ )


As the reaction generated in human minds by things outside is the cause of  diversities  ,  control of  mind  is suggested in all  scriptures to prevent mental reactions  . Based on the different ways suggested for control of mind by different scriptures , the spiritual gurus of different times and places are educating people in spiritual field . A thing totally unknown to us can not generate any reaction in our mind .  For example there  are thousands of crores of people in the world . Out of this total population ,hardly some thousands of people may have some connection with us ,in one way or other . Rest are totally unknown  . There may be some Ram , Sam ,Jadu  at some unknown place . They may be doing something we do not  know .Those unknown people and their actions cannot  generate any reaction in our mind .   But people known to us and actions  performed within the reach of our knowledge ,  generate reactions in our mind . This is true  in case everything in this world . Based on such observation, some of the scriptures and Gurus are of the opinion that, if we can somehow stop our mind  from coming  into contact with anything,  then nothing  will be able to generate  reaction in our mind .  They educate people to control mind in that way to be free from  diversities  . Discarding this idea , Guru harideva suggested  that , we can not ignore anything outside . He told that , in spite everything being available outside ,duing darkness of night we are not seeing anything . A blind man also cannot see anything outside . Likewise a person not having sense of knowledge , is not able to see anything outside . So the thought of not seeing anything outside can never be a positive spiritual development . According  to Guru Harideva we should  see everything outside . We should have feeling for everything  outside . We should have knowledge of everything outside us . At the same time , we also should be free from  the reactions generated by these  things  in our mind. This is the aim of the religious teachings of Guru Harideva . (to be continued )

বাহিৰৰ বস্তুসমুহে মানুহৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ ফলত বিবিধতাৰ সৃষ্টি হয় সেই কাৰণে সকলো ধৰ্মৰ সকলো শাস্ত্ৰতে মনক নিয়ন্ত্ৰণ কৰাৰ উপদেশ দিয়া হৈছে বিভিন্ন শাস্ত্ৰত দিয়া বিভিন্ন প্ৰকাৰৰ উপদেশ সমুহৰ আধাৰত সকলো দেশৰ সকলো সময়ৰ ধৰ্মগুৰুসকলে মানুহক এই বিষয়ৰ শিক্ষা দি আহিছে যি বস্তুৰ বিষয়ে আমি একো নাজানো তেনে বস্তুৱে আমাৰ মনত কোনো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে উদাহৰণ স্বৰূপে জগতত হাজাৰ হাজাৰ কৌটি মানুহ আছে তাৰ ভিতৰত খুব বেছি কেইহাজাৰমান মানুহৰ লগতহে আমাৰ কিবা নহয় কিবা সম্পৰ্ক থাকিব  পাৰে বাকীখিনি মানুহৰ বিষয়ে আমি একো নাজানো আমি নাম নুশুনা কোনো ঠাইত ৰাম , চাম , যদু নামৰ কোনো অচিনাকী ব্যক্তি থাকিব পাৰে এইসকল অজ্ঞাত স্থানৰ অজ্ঞাত ব্যক্তিৰ কোনো কাৰ্যই আমাৰ মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে কেৱল কিবা প্ৰকাৰৰ সম্পৰ্ক থকা ব্যক্তি আৰু জনাশুনাকৈ কৰা কাৰ্যইহে আমাৰ মনত প্ৰতিক্ৰিয়া কৰে এই কথা জগতৰ অন্য বস্তু বা ঘটনাৰ ক্ষেত্ৰতো সত্য এনে প্ৰকাৰৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি কিছুমান শাস্ত্ৰ তথা ধৰ্মগুৰুৱে মত প্ৰকাশ কৰে যে যদি কিবা প্ৰকাৰে মনক জগতৰ বস্তুৰ  সংস্পৰ্শলৈ অহাত বাধাৰ সৃষ্টি কৰা হয় তেন্তে মনক প্ৰতিক্ৰিয়া সৃষ্টিৰ পৰা বিৰত ৰাখিব পাৰি তেওঁলোকে মনক সেই প্ৰকাৰে নিয়ন্ত্ৰণ কৰাৰ শিক্ষাও প্ৰদান কৰে হৰিদেৱ গুৰুজনা এনে ধৰণৰ শিক্ষাৰ একেবাৰে বিৰোধী গুৰুজনাই কৈছে বাহিৰত সকলো বস্তু থকা সত্বেও ৰাতিৰ আন্ধাৰত একো দেখা নাযায় অন্ধ ব্যক্তিয়ে বাহিৰৰ একো বস্তু নেদেখে একেদৰে অনুভূতিহীন ব্যক্তিয়েহে নিজৰ বাহিৰত একো নেদেখাকৈ থকা সম্ভৱ আমাৰ বাহিৰত যি আছে তাক কেতিয়াও নাই বুলি কব নোৱাৰি গতিকে নিজৰ বাহিৰত একো  নেদেখাৰ ভাৱটো কোনো উচ্চ স্তৰৰ ধৰ্মীয় চিন্তা হব নোৱাৰে গুৰুজনাৰ মতে আমি জগতৰ সকলো বস্তু দেখিব লাগে জগতৰ সকলো বস্তুৰ প্ৰতি অনুভূতিশীল হব লাগে আৰু সকলো বস্তুকে জানিব লাগে ইয়াৰ লগতে বাহিৰৰ বস্তু আৰু ঘটনাই সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পৰা মনক মুক্তও ৰাখিব লাগে হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় শিক্ষাৰ এয়ে উদ্দেশ্য (আগলৈ )

Thursday 21 November 2019

Discovering the Unity in Diversity-10(বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-১০)


From our discussions made so far on the above topic ,  we see that there are two types of diversities . One type of diversity means the flow of the stream of creations which we discussed in details in our post dated 3.11.19 .  If the flow of a river is stopped, then the river does not exist. Likewise, end of this type of diversity means the end of the creation itself. That is, till the universe is there ,this type of diversity will exist and we have nothing to do about it . The second type of diversities are created by human mind by way of its reactions over the first type of diversities . If our mind can accept the first type of diversities as it is and as per rule of creation , then there is no problem. But things are not like that . The things in the creation generate some reactions in human minds. These reactions of mind are expressed in the form of likes and dislikes or love and hatred etc towards anything in this creation . Because of these reactions, we always passing  comments , opinions and judgments on other people and things outside us  .  If we sit alone and think for a while  , we will realize  that , most of the times of  day and night , we keep ourselves busy with  passing comments and opinions on people and things outside us. This again increases the diversities .We never think  of looking   towards our own behavior and find out  what actually we are internally . But this is the only way towards the end of diversities created by human minds . If we go through the teachings of Mahapurush  Sri Sri Harideva , we will be able to find a way out .

ওপৰোক্ত শিৰোনামত আমি এতিয়ালৈ যিখিনি আলোচনা কৰি আহিছো তাৰ পৰা বুজিব পাৰি যে বিবিধতা দুই প্ৰকাৰৰ এক প্ৰকাৰৰ বিবিধতাৰ অৰ্থ হৈছে জগত সৃষ্টিৰ নিয়ম মতে হৈ থকা নিত্য পৰিবৰ্ত্তনৰ প্ৰবাহ ইয়াৰ বিষয়ে আমাৰ ৩.১১.১৯ তাৰিখৰ লিখনীত বহলভাৱে কোৱা হৈছে এখন নৈৰ প্ৰবাহ বন্ধ হলে নৈখন মৰে একেদৰে সৃষ্টিৰ প্ৰবাহ বন্ধ হলে সৃষ্টিৰ অন্ত হয় গতিকে যেতিয়ালৈকে সৃষ্টি থাকিব তেতিয়ালৈকে এইবিধৰ বিবিধতা থাকিব ইয়াত আমাৰ কৰিব পৰা একো নাই  মানুহৰ মনত প্ৰথম প্ৰকাৰৰ বিবিধতাই কৰা উৎপন্ন কৰা প্ৰতিক্ৰিয়াৰ ফলত দ্বিতীয় প্ৰকাৰৰ বিবিধতাসমুহ সৃষ্টি হয় প্ৰথম প্ৰকাৰৰ বিবিধতাসমুহ যেনেদৰে সৃষ্টি হৈছে , আমাৰ মনে যদি তাক ঠিক তেনেদৰে গ্ৰহণ কৰিব পাৰিলেহেতেন তেন্তে দ্বিতীয় প্ৰকাৰৰ বিবিধতাসমুহ সৃষ্টি নহলহেতেন কিন্তু দৰাচলতে তেনে নহয় প্ৰথম প্ৰকাৰৰ বিবিধতা , অৰ্থাত জগতত সৃষ্টি হোৱা বস্তু আৰু ঘটনাসমুহে মানুহৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে এই প্ৰতিক্ৰিয়াসমুহ জগতৰ যিকোনো বস্তু বা ঘটনাৰ প্ৰতি ভাল–বেয়া, প্ৰিয়-অপ্ৰিয় , আদৰণীয়-ঘৃণনীয় ইত্যাদি মনৰ ভাৱনাৰ ৰূপত প্ৰকাশিত হয় এই প্ৰতিক্ৰিয়াৰ ফলতে আমি আমাৰ বাহিৰৰ মানুহ , বস্তু আৰু ঘটনাৰাজিৰ বিষয়ত  মতামত আৰু ৰায় দি থাকো এখন্তেক সময় অকলে বহি চিন্তা কৰি চালে  নিজে বুজিব পাৰি যে দিন-ৰাতিৰ অধিকাংশ সময় আমি অন্য মানুহ , বস্তু আৰু ঘটনা সম্পৰ্কে নিজৰ মন্তব্য আৰু ৰায় দিয়াত ব্যস্ত থাকো ইয়াৰ ফলত বিবিধতাসমুহ বাঢ়ি যায় নিজৰ আচৰণ তথা নিজে প্ৰকৃততে কি , তেনে ধৰণৰ আভ্যন্তৰীণ বিষয়ৰ ভাৱনাৰ প্ৰয়োজন আমি অনুভৱ নকৰো কিন্তু মনে সৃষ্টি কৰা বিবিধতাসমুহৰ প্ৰভাৱৰ পৰা বাছি থকাৰ ইয়ে একমাত্ৰ উপায় মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই দি যোৱা শিক্ষাৰ অনুসৰণ কৰি আমি এই সমস্যাৰ পৰা মুক্ত থকাৰ পথ পাব পাৰো

Tuesday 19 November 2019

Discovering the Unity in Diversity-9 (বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-৯)


While discussing the teachings of Mahapurush Sri Sri Harideva, we mentioned in the earlier posts that only human minds can be trained to reach higher goals though spiritual practices .Here a question may arise as what happens to minds in other bodies below human level ? We may think that a tiger will remain as tiger forever, a tree will remain as tree forever and like that . The scriptures told that the things are not like that . It is told that  species below human level are undergoing gradual evolution to higher state of being . This evolution will continue until they reach the state of human body mind complex . That is evolution up to the state of human being is automatic by the law of nature framed by the almighty controller of the universe . If such law is not there , then an entity in a body in lower state can not come to a human body with its own effort . Bhagavata told that after passing through millions of bodies in lower states like rocks, plants ,insects ,animals etc , the human body-mind complex can be achieved . In a human body, the mind function is fully developed and hence a human mind can further improve his body status to higher states. A human mind is capable of gradually improving the human body to be a good man , a sage ,a Mahapurusha , a Guru etc ,by its action. It can earn the qualification for choosing a body in heaven or further higher abode for itself. It can also chose for itself a body status lower  than human body like animals ,plants rocks etc by its action . The scriptures like Bhagavata contain guidance for actions leading towards improvements . Scriptures also contain the details of actions that lead the human beings in the reverse direction. Guru Harideva told that in spite of having all these advantages , if we don’t try to achieve higher goals ,it will be suicidal for us .(to be continued )


মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ উপদেশ সম্পৰ্কে কৰা আলোচনা প্ৰসঙ্গত আমাৰ আগৰ লিখনীত কৈ অহা হৈছে যে কেৱল মানুহৰ মনকহে পাৰমাৰ্থিক শিক্ষাৰ দ্বাৰা উচ্চতৰ ভাৱনাৰ স্তৰলৈ লৈ যাব পাৰি ইয়াতে প্ৰশ্ন হব পাৰে যে তেনে ক্ষেত্ৰত  মনুষ্য শৰীৰতকৈ নিম্নতৰ স্তৰৰ অন্য স্থাৱৰ জঙ্গম শৰীৰৰ বেলিকা কি হ? আমি ভাবিৱ পাৰো যে এটা বাঘ চিৰকাল বাঘ হৈয়ে থাকিব , এজোপা গছ চিৰকাল গছ হৈয়ে থাকিব ইত্যাদি শাস্ত্ৰই কৈছে যে কথাবোৰ তেনে নহয় ইয়াত কোৱা হৈছে যে মানৱ শৰীৰতকৈ নিম্নতৰ স্তৰত থকা শৰীৰ সমুহ নিজে নিজে ক্ৰমোন্নতিৰ ফালে আগ বাঢ়ে কিন্তু এই ক্ৰমোন্নতি মানৱ শৰীৰ আৰু মনৰ সংযোগ অৱস্থা লাভ পৰ্যন্তহে হয় সৰ্বশক্তিমান জগত সৃষ্টিকৰ্ত্তাৰ সৃষ্টিৰ নিয়মমতে নিম্নতৰ শৰীৰৰ পৰা মনুষ্যশৰীৰ পৰ্যন্ত ক্ৰমোন্নতি নিজে নিজে সংঘটিত হয় এনে স্বাভাৱিক নিয়ম নাথাকিলে মনুষ্য শৰীৰতকৈ নিম্নতৰ শৰীৰ পৰা মনুহৰ শৰীৰলৈ অহাটো কোনো শৰীৰধাৰীৰ বাবে সম্ভৱ নহয় ভাগৱতত কোৱা হৈছে যে শিল পাথৰ , উদ্ভিদ , পশুপক্ষী , ইত্যাদি অনেক লাখ লাখ শৰীৰ ভোগ কৰাৰ পিচতহে মানৱ শৰীৰ-মনৰ সংযোগ  হয় মানৱ শৰীৰত মনৰ পূৰ্ণবিকাশ হয় সেই কাৰণে মানুহৰ মনে নিজৰ বাবে মানৱ শৰীৰতকৈও উন্নততৰ শৰীৰ নিৰ্বাচন কৰিব পাৰে মানৱ মনে কৰ্মৰ দ্বাৰা নিজৰ শৰীৰক মানুহৰ পৰা ক্ৰমান্বয়ে ভাল মানুহ,ঋষিমুনি,মহাপুৰুষ , গুৰু আদি উন্নততৰ স্তৰলৈ লৈ যাব পাৰে নিজৰ বাবে দেৱলোক বা তাতোকৈ উন্নততৰ লোকত থকাৰ বাবে উপযোগী সুক্ষ্মতৰ শৰীৰ নিৰ্বাচনৰ যোগ্যতা অৰ্জন কৰিব পাৰে আনহাতে মানৱ মনে নিজ কৰ্মৰ দ্বাৰা নিজৰ বাবে মানৱ শৰীৰতকৈ নিম্নতৰ শিল পাথৰ, জীৱজন্তু , গছ গছনিৰ শৰীৰো অৰ্জন কৰি লব পাৰে ভাগৱতৰ দৰে শাস্ত্ৰত উন্নতিৰ বাবে কি কৰিব  লাগে তাক কোৱা হৈছে কি কাম কৰিলে নিম্নততৰ স্তৰলৈ যাব লগা হয় তাকো ইয়াত কোৱা হৈছে হৰিদেৱ গুৰুজনাই কৈছে যে এনে সুন্দৰ সুযোগ লাভ কৰাৰ পিচতো পাৰমাৰ্থিক উন্নতিৰ বাবে চেষ্টা নকৰাটো আত্মহত্যা কৰাৰ দৰে   (আগলৈ )