Guru
harideva suggested us to notice the examples shown by the sun in the sky , for
the purpose of broadening our thought level to raise it beyond body mind complex . This is essential for understanding
the actual nature of bondage that we always feel in our worldly life . A thing
unknown is very difficult to deal with . So once we understand the actual
nature of the bondage , we will be able to find a way out of it .The thought of
the sun can lead us in this direction . The presence of the sun is always felt
in the sky . At night , though we are not seeing the sun in the sky, we feel
the absence of it . The feeling of absence may be a negative feeling, but still
it is the feeling of the sun only . For example, when I am outside home , my
family members feel my absence at home ,
but still then , that is a feeling about me only . The sun is not directly
involved with our day to day activities in any way . It is not encouraging or
resisting us in any of our work . Still then ,all the activities of human being
, plants , animal and the whole nature on earth are influenced by the presence
of the sun . It is to be specially noticed here that ,for all such activities,
only the presence of the sun is essential , nothing else is required to be done
by the sun . Guru Harideva told that if
we go on thinking in this line , our thought level will gradually rise to a higher
stage . (to be continued )
হৰিদেৱ
গুৰুজনাই আমাৰ চিন্তাৰ স্তৰ উন্নত আৰু পৰিধি বহল কৰি ইয়াক শৰীৰ আৰু মনৰ গণ্ডীৰ
উৰ্দ্ধলৈ নিয়াৰ কাৰণে আকাশত বিদ্যমান সূৰ্যই দেখুৱাই থকা উদাহৰণৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে।
জাগতিক জীৱনত আমি সদায় অনুভৱ কৰি থকা বন্ধনৰ অনুভৱৰ পৰা মুক্ত হোৱাৰ বাবে বন্ধনৰ
প্ৰকৃত স্বৰূপ কি তাক ভালদৰে জনা প্ৰয়োজন । গাঁত এটাৰ ভিতৰত সাপো থাকিব পাৰে নাইবা কোনো
মূল্যৱান ধন-ৰত্নও থাকিব পাৰে । কি আছে নজনাকৈ
হাতখন গাঁতত ভৰাই দিবলৈ ভয় লাগে । একেদৰে নজনা বস্তুৰ
লগত মুখামুখী হ’বলৈও ভয় লাগে । আমাৰ বন্ধন প্ৰকৃততে
কি বস্তু তাক ভালকৈ বুজি পালে আমি তাৰ পৰা বাহিৰলৈ অহাৰ পথ বিচৰাটো সহজ হয় । আমাৰ অনুভৱৰ স্তৰ
সেই পৰ্যায়লৈ নিয়াৰ বাবে সূৰ্য এক অতি উৎকৃষ্ট অৱলম্বন ।
আকাশত সূৰ্যৰ স্থিতি আমি সদায় অনুভৱ কৰো । কোনোবাই ভাবিব পাৰে
যে ৰাতিৰ আকাশত সূৰ্য নাথাকে । কিন্তু চিন্তা কৰি চালে
আমি বুজিব পাৰো যে ৰাতিৰ আকাশত সূৰ্যৰ অনুপস্থিতিৰ অনুভৱ হয় ।
কোনো বস্তু নাই বুলি হোৱা অনুভৱো সেই বস্তুৰে অনুভৱ ।
মই যেতিয়া ঘৰৰ পৰা বাহিৰত অন্য ক’ৰবাত থাকো , তেতিয়া পৰিয়ালৰ
মানুহে ঘৰত মোৰ অনুপস্থিতি অনুভৱ কৰে ।
এই অনুপস্থিতিৰ অনুভৱো মোৰ বিষয়ে কৰা অনুভৱ মাত্ৰ।
আমি দৈনন্দিন জীৱনত যিসমুহ কৰ্ম কৰি থাকো তাত সূৰ্যৰ কোনো প্ৰত্যক্ষ হস্তক্ষেপ নাই
।
আমাৰ কৰ্মক সূৰ্যই প্ৰত্যক্ষভাৱে উৎসাহিত নকৰে আৰু তাত বাধাও সৃষ্টি নকৰে ।
তথাপি মনুষ্য সমাজ , উদ্ভিদ , জীৱ-জন্তুকে ধৰি
প্ৰকৃতি জগতৰ অন্তৰ্গত সকলোৰে দ্বাৰা অনুষ্ঠিত হোৱা সমস্ত কৰ্মৰ কাৰ্যক্ৰম সূৰ্যৰ
উপস্থিতিয়ে নিয়ন্ত্ৰণ কৰে । ইয়াত আমি বিশেষ ভাৱে
লক্ষ কৰা উচিত যে সমস্তকে নিয়ন্ত্ৰণত
ৰাখিবৰ বাবে সূৰ্যৰ উপস্থিতিয়ে যথেষ্ট , তাৰ বাহিৰে সূৰ্যই অন্য একো কৰাৰ
প্ৰয়োজন নহয় ।হৰিদেৱ
গুৰুজনাই কৈছে যে সূৰ্যক অবলম্বন কৰি আমাৰ
চিন্তাধাৰাক এইদৰে আগুৱাই নিলে ভাৱনাৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি হয় ।(আগলৈ)
No comments:
Post a Comment