Monday 30 March 2020

Understanding Guru Harideva’s Approach Towards Unity-60 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬০)


We mentioned in our post of 28.3.20  that,  a Guru or teacher with self realization is the greatest teacher of mankind . Self realization is the highest achievement in human life. We may think that if we approach a self realized Guru , he can teach us the process of self realization immediately . The things are not like that. We should prepare ourselves first for it. It is like preparing ourselves for higher education . A child  first learn to read and write  in a primary school . Then he  gradually reaches higher classes one by one and finally becomes a scholar in the subject of his choice. Here, preparation for becoming a scholar starts from the very childhood. Like wise, preparation is needed for attainment of self realization from the time of birth itself. Bhagavata tells that if someone is not able to prepare his dependents to come out from birth and death cycles through self realization, he can not be considered as qualified father, mother, relative, teacher, well wisher and so on. Guru Harideva told that from birth to death we come into contact with so many people. Our father ,mother , other family members, relatives , family priest and other elderly people provide us food ,shelters ,different types of educations.They perform different types reformatory religious rites for our benefit.They guided us with their experiences to make our life easy. Their experience and capacity may differ. But all of them work with same intention and same seriousness for our benefit.We can cite an example here .A teacher of  University stage is of far higher qualification than a teacher of primary school. But both of them teach the students with same intention and same seriousness. Guru Harideva told that all those persons work for our welfare. They are our will wishers .They deserve high respect from us. But due to lack of self realization, they are not able to save us from repeated births and deaths. We may think that self realization is needed only for  people interested in spiritual life .Bhagavata tells that it is not correct. Self realization is essential for all. (to be continued)

আমাৰ ২৮.৩.২০ তাৰিখৰ লিখনিত কৈ অহা হৈছে যে আত্মজ্ঞানী পুৰুষ মানৱ সমাজৰ শ্ৰেষ্ঠতম শিক্ষক আত্মজ্ঞান মানৱ জীৱনত পাব পৰা শ্ৰেষ্ঠতম সম্পদ আমি ভাৱি লব পাৰো যে কোনো এজন আত্মজ্ঞানী গুৰুৰ ওচৰলৈ গলে তেওঁ অলপ সময়ৰ ভিতৰতে আত্মজ্ঞান লাভ কৰাৰ নিয়ম প্ৰণালী শিকাই দিব পাৰে কিন্তু আচলতে তেনেকুৱা নহয় আমি ইয়াৰ বাবে প্ৰথমতে নিজক প্ৰস্তুত কৰাৰ প্ৰয়োজন হয় উচ্চ শিক্ষা লাভ কৰাৰ বাবে আমি যিদৰে ঢাপে ঢাপে আগবাঢ়ি যাওঁ এই প্ৰস্তুতিও তেনেকুৱা এটা শিশুক প্ৰথমে প্ৰাথমিক বিদ্যালয়ত আখৰ চিনোৱা হয় তাৰ পিছত সি ঢাপে ঢাপে আগবাঢ়ি গৈ নিজে ভাল পোৱা কোনো এটা বিষয়ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ পণ্ডিত ব্যক্তিত পৰিণত হয় অৰ্থাৎ পণ্ডিত হোৱাৰ প্ৰস্তুতি শিশু কালৰ পৰাই আৰম্ভ হয় একেদৰে জন্মৰ পিছৰ পৰাই আত্মজ্ঞান লাভ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হোৱা প্ৰয়োজন ভাগৱতে কৈছে যে যি ব্যক্তিয়ে নিজৰ আশ্ৰয়ত থকা লোকক আত্মজ্ঞানৰ মাধ্যমৰে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱাৰ শিক্ষা দিব নোৱাৰে তেওঁক উপযুক্ত পিতা , মাতা ,আত্মীয় , গুৰু , শুভচিন্তক আদি বুলি ধৰা নহয় হৰিদেৱ গুৰুজনাই কৈছে যে জন্মৰ পৰা মৃত্যু পৰ্যন্ত অনেক ব্যক্তি আমাৰ সংস্পৰ্শলৈ আহে আমাৰ পিতা, মাতা, পৰিয়ালৰ অন্য লোক, কূলগুৰু ,কূলপুৰোহিত আৰু অন্যান্য বয়স্ক ব্যক্তিসকলে আমাৰ খুৱায় ,আশ্ৰয় দিয়ে , নানা বিষয়ৰ শিক্ষা প্ৰদান কৰে আমাৰ মঙ্গলৰ অৰ্থে নানা প্ৰকাৰৰ সংস্কাৰ মূলক ধৰ্মীয় কাৰ্যৰ অনুষ্ঠান কৰেতেওঁলোকৰ অভিজ্ঞতাৰ পৰা নানা প্ৰকাৰে উপদেশ দি আমাৰ জীৱন যাত্ৰা সহজ কৰি তোলে সেইসকল লোকৰ অভিজ্ঞতা বা ক্ষমতা পৃথক পৃথক হব পাৰে কিন্তু সকলোৱে একে সমান সততা আৰু আগ্ৰহ লৈ আমাৰ মঙ্গলৰ হকে কাম কৰে কথাখিনি স্পষ্ট কৰাৰ বাবে এটা উদাহৰণ লব পাৰি বিশ্ববিদ্যালয় পৰ্যায়ৰ এজন শিক্ষকৰ শিক্ষাগত অৰ্হতা এজন প্ৰাথমিক শিক্ষকতকৈ বহু বেছি কিন্তু উভয়ে একে সমান সততা আৰু আগ্ৰহ সহকাৰে শিক্ষা দান কৰে হৰিদেৱ গুৰুজনাই কৈছে যে এই সকলোখিনি লোকেই আমাৰ মঙ্গলৰ হকে কাম কৰে তেওঁলোকৰ প্ৰত্যেকে আমাৰ অতিকৈ সন্মানৰ পাত্ৰ কিন্তু আমাৰ শুভ চিন্তক হোৱা সত্বেও আত্মজ্ঞানৰ অভাৱ থকা কাৰণে তেওঁলোকে আমাক জন্ম মৃত্যুৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে আমি ভাবি থাকিব পাৰো যে যি সকল লোক পৰমাৰ্থিক জীৱনৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবেহে আত্মজ্ঞানৰ প্ৰয়োজন থাকে ভাগৱতে কৈছে যে এনে ধাৰণা সত্য নহয় আত্মজ্ঞান সকলোৰে বাবে প্ৰয়োজনীয় (আগলৈ )

Saturday 28 March 2020

Understanding Guru Harideva’s Approach Towards Unity-59 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৯)


Guru Harideva suggested that, a Guru or great teacher of mankind should be totally free from any kind of desire. Desires make a person incomplete. Such persons always have some tendency to make them complete through fulfillment of their desires.They work hard to achieve this and become successful in their efforts. Common people appreciate those successful persons and use to follow their path.Like that,  a man not having self realization but successful in fulfillment of  desire,  may become a teacher of common people. Now ,if a person with desire in his mind works as a teacher, he will teach his followers the way of fulfillment of desires only .Desires of people have no end. If one desire is fulfilled another desire comes. Thus necessity arises again to get fresh knowledge to work for fulfillment of that new desire. So this process of acquiring knowledge for fulfillment of desires can never come to an end . On the other hand, a self realized person is totally desire-free and complete personality .So, he  teaches people how to become desire-less and complete. Once desires gone, self realization comes and the process of learning ends there. Now, a question may arise .  That is, if a person is free from desire, why he will work? Will he sit idle?  The scriptures answer this question like this . Our body has got respiratory system , blood circulation system , digestive system. immune system etc etc. Those systems work day and night for protection of our body. Do we think for a moment to find out the motivation behind it? Without the charities of the sun , moon , water , fire , air etc we can not live in this world . Can we find any motivation behind these? Trees are giving fruits and maintain the climatic condition suitable for our living. A person engaged in cutting the tree is also not deprived of its shadow and fruit. During cutting of the tree also, he can enjoy the taste of fruits and relax under the shadow of the same tree. Can we find any motivation behind it? Scriptures tell us that self realized persons are very active and they do their works like this. So, Guru Harideva suggested that for the welfare of mankind, there is no greater teacher than a self realized person.(to be continued)

হৰিদেৱ গুৰুজনাই কৈছে যে মানৱ সমাজৰ গুৰু বা মহান শিক্ষক সকল কামনা বাসনাৰ পৰা সম্পূৰ্ণ মুক্ত হব লাগে আশা আকাংক্ষা থকা লোক পূৰ্ণতা প্ৰাপ্ত নহয়  তেওঁলোকে কামনা বাসনাসমুহ পূৰণ হোৱৰ পিছ্ত পূৰ্ণতা লাভ কৰিব পাৰে বুলি ভ্ৰান্ত বিশ্বাস পোষণ কৰে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে বাসনা পূৰণৰ প্ৰচেষ্টাত সফলো হয় সাধাৰণ মানুহে তেওঁলোকৰ এই সফলতাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ পথ অনুসৰণ কৰাৰ চেষ্টা কৰে এনেদৰে বৈষয়িক দিশত সফল আত্মজ্ঞানহীন ব্যক্তিও সাধাৰণ মানুহৰ বাবে গুৰুৰ আসনত প্ৰতিষ্ঠিত হয় এনে প্ৰকাৰৰ গুৰু বা শিক্ষকে কেৱল কিদৰে কামনা বাসনাসমুহ পূৰণ কৰিব পাৰি তাৰে শিক্ষা দিব পাৰে কিন্তু মানুহৰ আশা আকাঙ্ক্ষাৰ কোনো শেষ নাই এটা আশা পূৰণ হোৱাৰ লগে লগে অন্য এটা আহি পৰে এই নতুন আশা পূৰণৰ অৰ্থে কৰাৰ বাবে অন্য এজন শিক্ষকৰ পৰা নতুন জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন হয় এনেদৰে দেখা যায় যে কামনা বাসনা পূৰণৰ বাবে কৰা জ্ঞান আহৰণৰ প্ৰচেষ্টা আৰু কাম কেতিয়াও শেষ নহয় আনহাতে আত্মজ্ঞানী লোক কামনা বাসনাৰ পৰা মুক্ত পূৰ্ণব্যক্তিত্ব সম্পন্ন পুৰুষ কামনা বাসনাৰ পৰা মুক্ত হৈ কিদৰে পূৰ্ণ মানৱ হব পাৰি তাৰ শিক্ষা দিয়াটো তেওঁলোকৰ জীৱনৰ ব্ৰত আশা আকাঙ্ক্ষাৰ অন্ত হোৱা মানেই আত্মজ্ঞান লাভ কৰা তাৰ লগে লগে শিক্ষা গ্ৰহণো সমাপ্ত হয় ইয়াতে প্ৰশ্ন হব পাৰে যে আশা আকাংক্ষা নাথাকিলে মানুহে কি উদ্দেশ্য লৈ কাম কৰিব ?তেওঁ নিষ্কৰ্মা হৈ বহি থাকিব নেকি ? শাস্ত্ৰত ইয়াৰ উত্তৰ এনেদৰে দিয়া হৈছে আমাৰ শৰীৰত উশাহ নিশাহ, তেজ চলাচল ,খাদ্য পৰিপাক, ৰোগ প্ৰতিৰোধ ইত্যাদিৰ বাবে অনেক কাৰ্যপ্ৰণালী আছে এইসমুহে অহৰহ কাম কৰি আমাৰ শৰীৰটো ৰক্ষা কৰি আছে  এই সমুহ কামৰ অন্তৰালত কাৰ কি  উদ্দেশ্য থাকিব পাৰে আমি কেতিয়াবা ভাৱি চাওনে ?চন্দ্ৰ ,সূৰ্য , বতাহ , পানী ,জুই ইত্যাদিৰ অবদান অবিহনে আমি জীয়াই থাকিব নোৱাৰো ই বিলাক মহান কামৰ অন্তৰালত কাৰ কি উদ্দেশ্য থাকিব পাৰে? গছে আমাক ফল মূল দিয়ে, পৰিবেশ জীৱন ধাৰণৰ উপযোগী কৰি ৰাখে এজোপা গছ কাটি থকা ব্যক্তিজনো সেই গছ্জোপাই কৰা উপকাৰৰ পৰা বঞ্চিত নহয় সেই গছজোপাৰ ফলৰ সোৱাদ লৈ থকাৰ লগতে তাৰ  ছাঁতে জিৰাই গছ্জোপা কটি থাকিব পাৰে ইয়াত গছজোপাৰ কি নিজা উদ্দেশ্য থাকিব পাৰে ? শাস্ত্ৰই কৈছে যে আত্মজ্ঞানী পুৰুষ অত্যন্ত কৰ্মশীল ব্যক্তি আৰু তেওঁলোকে নিজৰ কৰ্মসমুহ এনেদৰে কৰে সেই কাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে মানৱ সমাজৰ মঙ্গলৰ বাবে আত্মজ্ঞানী পুৰুষতকৈ শ্ৰেষ্ঠতৰ শিক্ষক আন কোনো হব নোৱাৰে (আগলৈ)

Thursday 26 March 2020

Understanding Guru Harideva’s Approach Towards Unity-58 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৮)


We mentioned  in our earlier posts that,life styles of all self realized  persons are not similar.  This is because of differences in outcomes of their past deeds. We also mentioned the life styles of Vyasadeva, Sukadeva , Bharata, Janaka etc as examples. All of them were self realized personalities with different types of life styles. But we can notice one thing common in all of them. That is, they can tolerate every kind of torture and injustice related to their own life only.They  can not tolerate the sufferings of other people. They know that the reason of sufferings of  common people is  lack of spiritual  knowledge and its  practical application. So, all self realized persons are interested in serving the human society as great teachers to teach those things. Common people are always selfish by nature. They always try to safeguard their own interests . Even they do not hesitate to fulfill their small personal desires at the cost of huge loss to other persons , the nation or even the whole mankind. Scriptures and  human history contain ample examples of such selfish persons. People without self realization are not able to understand the logic  behind  doing works  for the benefit of others at the cost of their won interest . They can not understand that the whole universe is a single body. All other things including our own body and mind are parts of that universal body . Our body has got different organs like hands, feet, mouth, belly etc, All organs work harmoniously  for the benefit of one single body . For example, our hand  pickup  foods and put into our mouth . The food may be very tasty. But the hand is not at all concerned with it . The tongue got the taste of food and the digestive system made the food suitable for nourishing each and every organ of our body. Finally the blood stream supplies this processed food to all organs without any discrimination.  This is a nice analogy for explanation of the meaning of self less service. Selfish people with personal desires are not able to understand this type of logic behind selfless service. So as per scriptural norms, they have got no requisite qualification to become  great teachers of mankind . (to be continued )

আগৰ লিখনিত কৈ অহা হৈছে যে সকলো আত্মজ্ঞানী পুৰুষৰ জীৱন যাপনৰ নিয়ম একে নহয় পূৰ্বৰ জন্মৰ কৰ্ম আৰু তাৰ পৰা উপন্ন ফল একে নোহোৱাৰ বাবে এনে পাৰ্থক্য থাকে ইয়াৰ প্ৰমাণ হিচাপে ব্যাসদেৱ , শুকদেৱ , ভৰত জনক আদিৰ জীৱন বৃত্তান্তৰ কথাও উল্লেখ কৰি অহা হৈছে এই সকলো কেইজন আত্মজ্ঞানী পুৰুষ আছিল যদিও সকলোৰে জীৱন যাত্ৰাৰ প্ৰণালী একে নাছিল কিন্তু লক্ষ্য কৰিলে দেখা যায় যে এটা বিষয়ত সকলোৰে মনোভাৱ একে আছিল তেওঁলোক সকলোৱে নিজৰ ওপৰত আনে কৰা অন্যায় অত্যাচাৰ সহ্য কৰিব পাৰিছিল কিন্তু অন্য লোকে দুখ কষ্টৰ মাজত থকাটো সহ্য কৰিব পৰা নাছিল তেওঁলোকে বুজিব পাৰিছিল যে পাৰমাৰ্থিক জ্ঞানৰ অভাৱ বা সেই জ্ঞানৰ প্ৰয়োগ কৰিব নজনাৰ বাবে সাধাৰণ লোকে দুখ কষ্ট ভোগ কৰে সেই কাৰণে জনসাধাৰণক এই সমুহৰ শিক্ষা দিয়াৰ বাবে আত্মজ্ঞানী পুৰুষ সকল আগ্ৰহী হয় তেওঁলোকে মানৱ সমাজৰ মহান শিক্ষক হিচাপে দায়িত্ব পালন কৰে সাধাৰণ মানুহ স্বাভাৱিকতে স্বাৰ্থান্বেষী হয় তেওঁলোকে সদায় নিজৰ স্বাৰ্থৰ সুৰক্ষাৰ হকে কাম কৰে আনকি নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে অন্য মানুহ , দেশ বা সমগ্ৰ মানৱ জাতিৰ স্বাৰ্থ বিঘ্নিত কৰাৰ বাবেও কুন্ঠাবোধ নকৰে শাস্ত্ৰ আৰু মানৱ ইতিহাসত এনে ব্যক্তিৰ অনেক উদাহৰণ আছে নিজৰ স্বাৰ্থ বিসৰ্জন দি অন্যৰ স্বাৰ্থ ৰক্ষাৰ হকে কামৰ কৰাৰ আঁৰত কি যুক্তি থাকে তাক আত্মজ্ঞানহীন মানুহে বুজি নাপায় তেওঁলোকে বুজি নাপায় যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড একেটা মাত্ৰ শৰীৰ্।আমাৰ সকলোৰে নিজৰ নিজৰ শৰীৰ মনকে ধৰি বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে সেই সকলো এই শৰীৰৰ অংশআমাৰ নিজৰ শৰীৰতো হাত ,ভৰি,  নাক ,মুখ পেট আদি অনেক অঙ্গ প্ৰত্যঙ্গ আছে ই সকলো অঙ্গ প্ৰত্যঙ্গই সমন্বিতভাৱে একেটা শৰীৰৰ মঙ্গলৰ অৰ্থে কাম কৰে উদাহৰণ স্বৰূপে হাতে খাদ্য তুলি মুখত ভৰাই দিয়ে খাদ্য বস্তু অতিশয় সোৱাদ যুক্ত হব পাৰে কিন্তু সোৱাদৰ লগত হাতৰ কোনো সম্পৰ্ক নাইজিভাই সোৱাদ লয়পৰিপাক প্ৰণালীয়ে খাদ্যক শৰীৰৰ সকলো অঙ্গ প্ৰত্যঙ্গৰ পুষ্টি সাধন কৰিব পৰা ধৰণে উপযোগী কৰি তোলে তেজৰ প্ৰবাহে সকলো অঙ্গকে প্ৰয়োজন অনুসৰি সমভাৱে এই খাদ্যৰ যোগান ধৰে নিস্বাৰ্থ আৰু পৰোপকাৰমূলক কৰ্মৰ অৰ্থ কি তাক বুজাৰ বাবে ই এক উৎকৃষ্ট উপমা ব্যক্তিগত আশা অকাংক্ষাৰে পৰিপূৰ্ণ স্বাৰ্থপৰ ব্যক্তিয়ে নিস্বাৰ্থ অৰু পাৰোপকাৰ মূলক কৰ্মৰ যুক্তিযুক্ততা বুজি নাপায়গতিকে মানৱ সমাজৰ উপযুক্ত শিক্ষক হোৱাৰ যোগ্যতা তেওঁলোকৰ নাই বুলি শাস্ত্ৰই কব খোজে (আগলৈ)

Tuesday 24 March 2020

Understanding Guru Harideva’s Approach Towards Unity-57 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৭)


Understanding Guru Harideva’s Approach Towards Unity-57 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-)

In our post of 22.3.20, we told that, people who can peacefully tolerate injustice and torture imposed upon them by others are stronger than people opposing it . This may not be acceptable to people of now a days . If we propagate this type of thought, people may not like to accept this idea. So some clarification is necessary.Common people take for granted  that if there is injustice, if somebody tries to torture us we should fight against it . This is because  the common people  like us are doing our works like a slave . We are slave of name ,fame , material comforts etc etc. Even we want some gratifications for the social services we render in the name of charity.By nature , if somebody does something against our own interests we feel  disturbed. Then we start fighting against the person  or do something to counteract.But the self realized persons are free from any desire for anything in this world. Even they are not interested to protect their own body . We can know it through the example of Bharata discussed earlier . Since self realized persons are not interested in anything in this world, nothing can be done by others to disturb their peace of mind .So question of resisting anything from their side can not arise. Moreover they know that common people not having any knowledge of self is like a child. A loving father  never  expect that his small child will treat him as father with due respect. A child may do anything as he likes . He may beat, throw a stone or mud on his father. While playing, the child may put his legs on the head of his father .Even a child may urinate or spit upon his father and so on . For those things a father never feel bad and treat his child as enemy . Everything that is done by the child are considered as parts of  play.These are tolerated and happily enjoyed by the father. A father first brought up his child with proper care and training.  After that only he expect  due respect from his child. We should try to understand all self realized personalities like Guru Harideva from those angles.(to be continued)

আমাৰ ২২.৩.২০ তাৰিখৰ লিখনিত কৈ অহা হৈছে যে নিজৰ ওপৰত আনে কৰা অন্যায় অত্যাচাৰ শান্ত মনে সহ্য কৰিব পৰা ব্যক্তি ইয়াক বাধা দিবলৈ চেষ্টা কৰা ব্যক্তিতকৈ অধিক শক্তিশালী সাধাৰণ লোকৰ বাবে এই কথাখিনি গ্ৰহণযোগ্য নহব পাৰে অনেকে এই কথা ভুল বুলি ভাৱিব পাৰেসেয়েহে কথাখিনি অলপ বহলাই কোৱা প্ৰয়োজন বুলি ভৱা হৈছে আত্মজ্ঞানহীন সাধাৰণ ব্যক্তিয়ে ভাৱে যে কোনোবাই যদি আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰে তেন্তে তাৰ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰাটোৱে নিয়ম ইয়াৰ কাৰণ হৈছে আমাৰ দৰে সাধাৰণ মানুহে ক্ৰীতদাসৰ দৰে মনোভাৱ লৈ কাম কৰে আমি নাম, যশ , বৈষয়িক সুখ আদিৰ দাস আনকি আমি জনসেৱা , দান, দাক্ষিণা আদি নাম দি যিবিলাক পূণ্য কৰ্ম কৰা বুলি ভাৱো তাৰ বাবেও আনৰ পৰা প্ৰশংসা,পুৰষ্কাৰ ইত্যাদি পোৱাৰ আকংক্ষা কৰো আমাৰ স্বাৰ্থৰ ক্ষতি হোৱাকৈ কোনোবাই কিবা কৰিলে আমি মনত অশান্তি অনুভৱ কৰো ইয়াৰ পিছতে সেই অন্যায়্কাৰী ব্যক্তিৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হওঁ তেওঁ কৰা কামৰ বিপৰীতে অন্য কাম কৰি অন্যায়ক বাধা দিবলৈ চেষ্টা কৰো কিন্তু আত্মজ্ঞানী ব্যক্তিৰ এইবিলাক একোৰে প্ৰতি কোনো প্ৰকাৰৰ আশা আকাংক্ষা নাথাকে আনকি তেওঁলোকে নিজৰ শৰীৰটো ৰক্ষা কৰাৰ বাবেও আগ্ৰহ নকৰে।  ভৰতৰ জীৱন বৃত্তান্তৰ পৰা আমি এই কথা জানিব পাৰো যিহেতু জগতৰ একোৰে প্ৰতি আত্মজ্ঞানী পুৰুষৰ কোনো আসক্তি নাই সেয়েহে তেওঁলোকৰ মনত অশান্তি সৃষ্টি কৰিব পৰাকৈ কোনেও একো কাম কৰা সম্ভৱ নহয়গতিকে তেওঁলোকৰ ফালৰ পৰা একোকে বাধা দিয়াৰো প্ৰশ্ন নুঠে তদুপৰি তেওঁলোকে জানে যে আত্মজ্ঞানহীন সাধাৰণ ব্যক্তি অবোধ শিশুৰ দৰে কোনো স্নেহশীল পিতৃয়ে তেওঁৰ শিশু সন্তানৰ পৰা পিতাক হিচাপে পাব লগা সন্মান পাব বুলি নাভাৱে শিশুৱে নিজৰ যি ইচ্ছা তাকে কৰে পিতৃৰ গালৈ শিলৰ টুকুৰা , বোকা , মাটি আদি দলিয়ায়খেলি থকা অৱস্থাত পিতাকৰ মূৰত ভৰি তুলি দিয়ে পিতাকৰ কোলাতে শৌচ,পেচাপ কৰি দিয়ে,গালৈ থুৱাই দিয়ে ইত্যাদি এইবিলাকৰ বাবে পিতাকে শিশুক বেয়াও নাপায় বা শত্ৰু বুলিও নাভাৱে বৰঞ্চ এইসমুহ কাৰ্য শিশুসুলভ খেল ধেমালি বুলি ভাৱি আনন্দ মনে উপভোগ কৰে পিতৃয়ে আগতে শিশুক আদৰ যত্ন দি ডাঙৰ দীঘল কৰে . শিক্ষা দীক্ষা দি উপযুক্ত কৰে আৰু তাৰ পিছতহে সেই সন্তানৰ পৰা পিতৃ হিচাপে প্ৰাপ্য মৰ্যাদা পাবলৈ আশা কৰে এনেবোৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰি হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষক বুজাৰ চেষ্টা কৰা উচিত (আগলৈ)

Sunday 22 March 2020

Understanding Guru Harideva’s Approach Towards Unity-56 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৬)


In our post of 20.3.20 we discussed the position of common people without self realization. We always witness this in our day to day life. Now,  we can compare their conditions with those of self realized persons .For this, we can take example of Bharata again. We discussed his life story in some of the earlier posts.  After self realization Bharat had to live in human society of common people. He used to live the rest of his life period there. The nature of the people of that society was the same as described in our post of 20.3.20. There, Bharata was forced to do all odd works by his own brothers and sister in laws. Sometimes his neighbors also forced him to do hard works. He used to obey their order without any objection. After forcing him to do very hard works, his own family members and neighbors used to offer Bharata  whatever was left over in their plates and kitchen for fooding. He used to eat those rotten and worst quality food without any objection. Once he was captured by a gang of robbers and made all arrangement to sacrifice him in front of their Goddess. Bharata never objected and obeyed their orders peacefully . These things we  already discussed in our post of 25.2.20. From this example we can see that Bharata was determined to accept whatever came to him as outcomes of his past deeds . This was because of  self realization he attained. Bhagavata also advises them to  spend the rest of their life after self realization with this type of determination . General people are habitually accustomed to protect their own interest. They use to put resistance when injustice and torture affects their own personal interests. If we keep ourselves cool and  think for sometimes, we can just imagine that much more strength is necessary to remain indifferent under adverse situations affecting our own interests than doing something in resistance. Tremendous strength and power is required to sit peacefully and inactively under adverse situation. Even king of the kings in material world can not have such tremendous strength.  But after self realization general people also can have such tremendous strength . Intention of  Guru Harideva was to strengthen common people with this type of strength through self realization. (to be continued)

 আমাৰ ২০.৩.২০ তাৰিখৰ লিখনিত আত্মজ্ঞানহীন সাধাৰণ লোকৰ অৱস্থাৰ কথা বৰ্ণনা কৰা হৈছে দৈনন্দিন জীৱনত আমি সদায় এইবিলাক দেখি থাকো এতিয়া আমি তেওঁলোকৰ অৱস্থা আত্মজ্ঞানী লোকৰ অৱস্থাৰ সৈতে তুলনা কৰি চাব পাৰো তাৰ বাবে আমি পুনৰ ভৰতৰ উদাহৰণ লব পাৰো আগৰ কেইটামান লিখনিত ভৰতৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰি অহা হৈছে আত্মজ্ঞান লাভ কৰাৰ পিছৰ বাকী জীৱনছোৱা ভৰতে সাধাৰণ সংসাৰী মানুহৰ সমাজত থাকিব লগীয়া হৈছিল সেই মানুহবোৰৰ মনোবৃত্তি আমি ২০.৩.২০ তাৰিখৰ লিখনিত উল্লেখ কৰা ধৰণৰ আছিল নিজৰ ককায়েক নবৌৱেকহতে তেওঁক অতি কষ্টকৰ কাম কৰিবলৈ বাধ্য কৰিছিল ওচৰ চুবুৰীয়া লোকেও শাৰিৰীক কষ্টকৰ কামত তেওঁ খটুৱাইছিল ভৰতে কোনো আপত্তি নকৰাকৈ সেইবোৰ কৰি গৈছিল জোৰপূৰ্বক ভাৱে কঠোৰ পৰিশ্ৰমৰ কাম কৰাই লোৱাৰ অন্তত পৰিয়ালৰ লোক আৰু চুবুৰীয়াই পাতত থাকি যোৱা আৰু পাকঘৰত অৱশিষ্ট থকা খাদ্য তেওঁক খাবলৈ দিছিল ভৰতে কোনো আপত্তি নকৰাকৈ সেই উচ্ছিষ্ট , বাহী আৰু দুৰ্গন্ধ যুক্ত খাদ্য খাইছিল এসময়ত কেইজনমান ডকাইতে তেওঁক ধৰি বান্ধি নি নিজৰ উপাস্য দেৱীৰ সন্মুখত বলি দিয়াৰ যো যা কৰিছিল এনে পৰিস্থিতিতো ভৰতে কোনো বাধা নিদিয়াকৈ তেওঁলোকে যি কৰে তাকে কৰিবলৈ এৰি দিছিল আমাৰ ২৫.২.২০ তৰিখৰ লিখনিত এই কথা কৈ অহা হৈছেএনে উদাহৰণৰ পৰা স্পষ্টভাৱে বুজিব পাৰি যে ভৰতে পূৰ্ব জন্মৰ কৰ্মৰ ফল স্বৰূপে যি আহে তাকে গ্ৰহণ কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আছিল ভাগৱতেও আত্মজ্ঞানী পুৰুষক জীৱনৰ বাকী কালছোৱা এই ধৰণৰ দৃঢ়তা সহকাৰে কটোৱাৰ উপদেশ দিছে ভৰতৰ এই দৃঢ়তা আত্মজ্ঞান লাভৰ ফল সাধাৰণ মানুহে স্বভাৱিকতে নিজৰ স্বাৰ্থ ৰক্ষা কৰাৰ চেষ্টা কৰে কোনোবাই অন্যায় অত্যাচাৰ কৰি স্বাৰ্থ বিঘ্নিত কৰিলে স্বাভাৱিকভাৱে বাধা দিয়ে আমি যদি শান্ত মনে বহি কিছু সময় চিন্তা কৰি চাওঁ তেতিয়া বুজিব পাৰিম যে আমাৰ স্বাৰ্থ হানি হোৱা কামত বাধা দিয়াৰ বাবে যিমান শক্তিৰ প্ৰয়োজন হয়, সেই একে পৰিস্থিতিত উদাসীন হৈ থাকিবৰ বাবে তাতকৈ অনেক বেছি শক্তিৰ প্ৰয়োজন হয় অতিশয় বিপৰীত পৰিস্থিতিৰ মাজত একো প্ৰতিকাৰ নকৰাকৈ শান্তভাৱে বহি থাকিবৰ বাবে প্ৰচণ্ড শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন হয় বৈষয়িক জগতত যিসকল ৰজাৰো ৰজা তেওঁলোকৰো এনে শক্তি সামৰ্থ্য নাথাকে কিন্তু আত্মজ্ঞান লাভ কৰাৰ পিছত সাধাৰণ মানুহো এনে অমোঘ শক্তিৰ অধিকাৰী হ'ব পাৰে। হৰিদেৱ গুৰুজনাই আত্মজ্ঞানৰ মাধ্যমেৰে সাধাৰণ মানুহকো এনে অমোঘ শক্তিৰে শক্তিমন্ত কৰি তোলাৰ প্ৰয়াস কৰিছিল (আগলৈ)

Friday 20 March 2020

Understanding Guru Harideva’s Approach Towards Unity-55 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৫৫)


As an effort to have some correct idea about Guru Harideva, we discussed practical life style, behavior, relationship with society etc, of some of the self realized personalities in the preceding posts. Bhagavata tells that, self realized persons are not subjected to rebirth. But till their present body exists, they are bound to enjoy the happiness and sorrow of  worldly life as results of their past deeds. So, it is clear that, both common people anদ self realized persons are to enjoy results of past deeds in the present life. But there is a difference in their mentality in acceptance of these things. Persons without self realization become happy when pleasure comes to them as a result of their own past deeds. They express their happiness through celebration of parties with other people. They become proud of themselves for such happiness. They think that their own intelligent activities are the causes behind the arrival of happiness in their life. They use to undermine people who are unable to attain happiness alike. They remains afraid of losing this state of happiness. So, they always keep themselves busy in protecting the sources of happiness and also increasing these sources further. On the other hand when they are to face misery as outcome of their own past deeds, they blame other people, society and prevailing situations for that. They become jealous of other people happier and richer than themselves. To come out from  miserable situations they start doing lawful or unlawful activities and so on. They are also bound to enjoy the outcomes of those new deeds performed while enjoying  the outcomes of their past deeds. In this way their bondage goes on increasing. Rebirth becomes necessary after completion of present life to enjoy outcomes of those new deeds. Like this, their life and death cycle continue till attainment of self realization. So , self realization should be the main aim of religious practice according to Guru Harideva . Guru Harideva dedicated his whole life for educating common people in this line.(to be continued )

হৰিদেৱ গুৰুজনা সম্পৰ্কে সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যে ইয়াৰ আগৰ লিখনি কেইটামানত আত্মজ্ঞানী পুৰুষৰ কাৰ্য কলাপ , আচাৰ আচৰণ , চাল চলন আদি যথা সাধ্যে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে ভাগৱতে কৈছে যে আত্মজ্ঞানী পুৰুষৰ পুনৰ্জন্ম নহয় কিন্তু বৰ্ত্তমানৰ শৰীৰ জীৱিত থকালৈকে তেওঁলোকে ইহ স্ংসাৰত  থাকি  পূৰ্বজন্মৰ কৰ্মৰ ফলত ৎপন্ন সুখ দুখ ইত্যাদি ভোগ কৰিব লাগে অৰ্থাৎ ভগৱতত স্পষ্ট ভাৱে কোৱা হৈছে যে আত্মজ্ঞানহীন ব্যক্তি আৰু আত্মজ্ঞানী পুৰুষ উভয়ে ইহ সংসাৰত পূৰ্বজন্মৰ কৰ্ম অনুসৰি সুখ বা দুখ ভোগ কৰিব লাগে কিন্তু এই সুখ দুখ ভোগ কৰাৰ বেলিকা আত্মজ্ঞানী আৰু আত্মজ্ঞানহীন সাধাৰণ ব্যক্তিৰ মানসিক প্ৰতিক্ৰিয়া একে নহয় আত্মজ্ঞানহীন ব্যক্তিয়ে পূৰ্বজন্মৰ কৰ্মৰ ফলত সুখ ভোগ কৰিলে মনত আনন্দ অনুভৱ কৰে আনন্দ প্ৰকাশ কৰি লোকক দেখুৱাবৰ বাবে নানা ধৰণৰ উৎসৱ আদিৰ আয়োজন কৰে সেই সুখ সমৃদ্ধি নিজৰ শক্তি সামৰ্থ্যৰ ফল বুলি অহংকাৰ কৰে একে ধৰণৰ সুখ সমৃদ্ধিৰ অধিকাৰী নোৱাৰা জনক নিজতকৈ নিম্ন স্তৰৰ ব্যক্তি বুলি ভাবি তুচ্চ-তাচ্চিল্য কৰে  সুখ সমৃদ্ধিৰ হানি বুলি তেওঁলোকে ভয় কৰি থাকে সুখ সমৃদ্ধিৰ উৎস সমুহ ৰক্ষা কৰা কামত তেওঁলোক সদায় ব্যস্ত হৈ থকাৰ লগতে  সেই উৎসবিলাক বৃদ্ধি কৰাৰ উপায় চিন্তা কৰি থাকে আনহাতে  পূৰ্বজন্মৰ কৰ্মৰ ফল অনুসৰি যেতিয়া দুখ ভোগ কৰিব লগীয়া হয় , তেতিয়া তাৰ কাৰণে অন্য ব্যক্তি , সমাজ বা সেই সময়ৰ পৰিবেশ পৰিস্থিতিক দোষাৰোপ কৰে নিজতকৈ অধিক সুখী আৰু সমৃদ্ধিশালী ব্যক্তিক  ঈৰ্ষা কৰে দুখৰ প্ৰতিকাৰৰ অৰ্থে ন্যায়সঙ্গত বা অন্যায়্মূলক ভাৱে বিভিন্ন প্ৰকাৰৰ কাৰ্য কলাপত লিপ্ত হয় ইত্যাদি এনেদৰে আত্মজ্ঞানহীন ব্যক্তিয়ে পূৰ্বকৰ্মৰ ফলত উৎপন্ন সুখ দুখ ভোগ কৰাৰ সময়ত আকৌ নতুন নতুন অসংখ্য কৰ্মৰ সৃষ্টি কৰে এই নতুন কৰ্মৰ ফল ভোগ কৰাৰ বাবেও তেওঁলোক বাধ্য হয় ইহ জন্মত কৰা নতুন কৰ্মৰ ফল ভোগ কৰাৰ বাবে মৃত্যুৰ পিছত পুনৰ্জন্ম লোৱাৰ আৱশ্যকতা আহি পৰে গতিকে আত্মজ্ঞান লাভ নকৰা পৰ্যন্ত তেওঁলোকৰ জন্ম মৃত্যুৰ পৰ্যায় আৰু সুখ দুখৰ ভোগ চলি থাকে সেই কাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ কৰাটো ধৰ্ম সাধনাৰ মূল লক্ষ হোৱা উচিত সাধাৰণ মানুহেও যাতে এই লক্ষৰ পিনে আগ বাঢ়ি যাব পাৰে তাৰ বাবে হৰিদেৱ গুৰুজনাই সমগ্ৰ জীৱন কাল অহোপুৰুষাৰ্থ কৰি গৈছে ।(আগলৈ )