Guru Harideva told that the feeling of
bondage in our worldly life may appear to be true, but actually it is not so. Similarly
the bondage may appear to be very rigid, but actually it is not so. We are
binding our tamed cow with one end of a long or short rope of sufficient
strength and the other end of the rope is tied to a pole of suitable size and
length. The pole is fixed to the ground firmly. The cow is not able to go
outside the range of the rope. But within the circular area covered according
to the length of the rope , it is free to move around and eat the grass
available within that circle .Now if the rope is long the cow will get larger
area for grazing and if the rope is short a shorter grazing area is available
for the cow . Likewise we are bounded to the affairs of this world with long or
short span of limitations. If the span of limitation is wide, we are getting
more area of operation and otherwise, it will be less. This type of analysis
may help us in understanding the nature of our bondage to some extent.
হৰিদেৱ গুৰুজনাই কৈছে যে আমি সংসাৰৰ বন্ধনত
আৱদ্ধ হৈ থকা বুলি অনুভৱ হয় যদিও ই সত্যৰ অনুভৱ
নহয় । একেদৰে সংসাৰৰ বন্ধন যিমান দৃঢ় বুলি অনুভৱ
হয় সিও ইমান দৃঢ় নহয় ।
আমি আমাৰ পোহনীয়া গাইজনী
এৰাল দি থওঁ । এৰাল দিয়া জৰীডালৰ এটা মূৰত গৰু বন্ধা থকা
আৰু আনটো মূৰ এটা মজবুত খুঁটিত বান্ধি খুঁটিটো মাটিত ভালদৰে পুতি দিয়া হয় । এৰাল দিয়া জৰী দীঘলো হ’ব পাৰে বা ছুটীও হ’ব পাৰে ।
গৰুজনী এৰাল চিঙি বা
খুঁটি উভালি নিজৰ ইচ্ছামতে দূৰলৈ গুছি যাব নোৱাৰে । কিন্তু খুঁটিক কেন্দ্ৰ কৰি এৰাল দিয়া জৰীৰ দৈৰ্ঘ
অনুযায়ী এক বৃত্তাকাৰ ক্ষেত্ৰৰ সীমাৱদ্ধতাৰ মাজত ই ঘুৰাফিৰা কাৰিব পাৰে আৰু ঘাঁহো খাব
পাৰে। এৰাল দিয়া জৰী যিমান দীঘল হয় , চলাফিৰা কৰাৰ স্বাধীনতা সিমান
বাঢ়ে , ঘাঁহ খোৱাৰ ক্ষেত্ৰ বাঢ়ে আৰু জৰী যিমান ছুটী হয় , সা-সুবিধা সিমানে কমে । একেদৰে আমাৰ সংসাৰ বন্ধনৰো
তাৰতম্য থাকে । সংসাৰ বন্ধন সকলোৰে বাবে সমান দৃঢ় নহয় আৰু
বন্ধনৰ ভিতৰতে তাৰ পৰা মুক্ত হোৱাৰ পথৰ সন্ধানো আছে । এনে প্ৰকাৰৰ বিচাৰ বিবেচনাৰ দ্বাৰা আমাৰ বন্ধনৰ প্ৰকৃত
স্বৰূপ কিছু পৰিমাণে হ’লেও বুজিব
পাৰি ।
No comments:
Post a Comment