Every person with a body and mind is
subjected to three kinds of sufferings in this world due his bondages and there
is no way out of it . But the impact of sufferings can be reduced to any
extent. Guru Harideva suggested three ways of approach towards this end. The
ways suggested by him are based on his profound knowledge of scriptures like
Vedas , Upanishads , Gita and Bhagavata . From the very childhood ,Guru
Harideva obtained his basic lessons of various scriptures .He also acquire sufficient knowledge
of scriptural grammars required for understanding the higher knowledge of Vedas
and Upanishads . He got these lessons in the educational institution conducted
by his father Ajanabha, who was a great scholar of
his time . After that he went to Kashi , the famous educational center of India
at that time. There he successfully completed
higher studies of Vedas and Darshanas under proper guidance of great and
competent scholars . Then he continuously studied Bhagavata for five years with
great devotion at the temple of Lord Janannath in puri . Thereafter he came to Assam ( Kamarupa)to share his
knowledge with us . So his suggestions may be considered as gist of his profound knowledge , expressed
in languages sufficiently intelligible for people like us, with poor capacity
of understanding. The suggestions are being discussed in the next posts .
শৰীৰ আৰু মনৰ অধিকাৰী কোনো লোকেই সংসাৰৰ বন্ধন
আৰু সেই বন্ধনৰ পৰা উৎপন্ন যন্ত্ৰণাৰ পৰা মুক্ত থাকিব নোৱাৰে । ইয়াৰ পৰা বাছি থকাৰ কোনো উপায় নাই যদিও আমাৰ
ওপৰত পৰা এইসমুহৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি। ইয়াৰ বাবে হৰিদেৱ গুৰুজনাই তিনি প্ৰকাৰৰ দৃষ্টিভঙ্গী লৈ
সংসাৰ বন্ধনৰ মুখামুখী হ’বলৈ আমাক উপদেশ দি গৈছে ।
গুৰুজনাই এই বিষয়ত আমাক দিয়া উপদেশসমুহ বেদ , উপনিষদ,
গীতা , ভাগৱত আদি শাস্ত্ৰজ্ঞানৰ ওপৰত থকা তেওঁৰ অগাধ পাণ্ডিত্যৰ ভিত্তিত প্ৰতিষ্ঠিত ।
গুৰুজনাই সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ নিয়ম অনুসৰি নিজৰ পিতৃ তথা বিশিষ্ট পণ্ডিত
অজনাভৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত অন্যান্য বিষয়ৰ লগতে বৈদিক শাস্ত্ৰ সমুহৰ প্ৰাথমিক
শিক্ষা লাভ কৰিছিল । তাতেই তেওঁ বেদ , উপনিষদ আদি উচ্চ খাপৰ
শাস্ত্ৰৰ জ্ঞান আহৰণ কৰাৰ বাবে উপযোগী বৈদিক ব্যাকৰণ শাস্ত্ৰৰো বিশেষ শিক্ষা লাভ
কৰিছিল । তাৰ পিচত তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে সেই
কালৰ উচ্চ শিক্ষাৰ বাবে বিখ্যাত অনুষ্ঠান থকা কাশী নগৰলৈ গৈ বিশিষ্ট পণ্ডিতৰ
তত্বাৱধানত বেদ আৰু দৰ্শন শাস্ত্ৰৰ শিক্ষা সুখ্যাতিৰে সমাপ্ত কৰিছিল।
উভতি অহাৰ পথত পুৰীৰ জগন্নাথ মন্দিৰত তেওঁ একেৰাহে পাঁচ বছৰ কাল অত্যন্ত শ্ৰদ্ধাভক্তি সহকাৰে ভাগৱত শাস্ত্ৰৰ গভীৰ
অধ্যয়ন কৰিছিল । এনেদৰে সমস্ত শাস্ত্ৰৰ গভীৰ জ্ঞান লাভ কৰাৰ
অন্তত নিজৰ সেই অগাধ জ্ঞানভাণ্ডাৰ জনসাধাৰণৰ ওচৰত বিলাই দিয়াৰ অৰ্থে গুৰুজনা
(কামৰূপলৈ) অসমলৈ ঘুৰি আহিছিল । গতিকে বেদ-উপনিষদ-গীতা-ভাগৱত
শাস্ত্ৰৰ তত্বজ্ঞ পণ্ডিত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ উপদেশ আমাৰ দৰে
অল্পজ্ঞানী ব্যক্তিৰ উপকাৰৰ অৰ্থে , আমি বুজিব পৰা ভাষাত দিয়া সমস্ত
শাস্ত্ৰৰ সাৰ অংশ হিচাপে গণ্য কৰা উচিত। গুৰুজনাই দিয়া উপদেশখিনি পৰবৰ্ত্তী খণ্ডত
আলোচনা কৰাৰ আশা ৰখা হৈছে ।
No comments:
Post a Comment