With the passage
of time, the Satra Institutions established by Guru Harideva and his disciples at
different places of Kamrupa,that is, Assam and some parts of Bengal, became
sources of great help for the common people in each and every steps of their
day to day life. The Satradhikars or religious heads of all Satras and their
family members were very learned, ideal and reformed persons.
In addition to the performance of their normal religious duties related to the
Satras, they served as friend , philosopher and guide for every common man connected with or residing in the nearby ares
of the Satras. Most of the Satradhikars and their family members were experts in
various professions like Ayuvedic and Natural treatment, Astrology, Arts and Crafts
and so on. They also had experience of visiting various parts of the country
for the purpose of higher education, pilgrimage and other occasions. So,
naturally those persons were well conversant with history, geography etc of
many places and also possessed visual knowledge and experience of
the activities in the
field of agriculture, horticulture, dairy farming
and other allied professions in practice at different parts of the country. With
those experiences, the Satradhikars and their family members used to guide
common people to improve their personal and social hygiene, health care, food
habits , social behaviors , performances in their field of works and so on. Those initiatives
helped the common people to improve their economic growth and smooth running of the other affairs of their day to day lives. In addition, the common people also
used to get useful guidance in various field of activities from the visitors who
used to stay in the Satras from time to time as discussed in the preceding
post. The Satra Institutions also used to encourage people of various professions like weavers, potters, blacksmiths,
goldsmiths, carpenters, tailors, barbers etc to settle near the Satras. Thus
all facilities of day to day needs of
the common people came to their easy reach in a single place under the
patronization of the Satras of Guru Harideva. People residing near the Satras also got employment
in the establishments of those professionals. They also got the scope of learning various industrial
and commercial professions in those establishments practically for establishment of their own business . In this way the
Satra Institutions of Guru Harideva initiated a new movement in the spiritual , educational , social , cultural
and economical fields for all round development of the common people of
Assam. (to be continued)
দিন যোৱাৰ লগে লগে হৰিদেৱ গুৰুজনা আৰু তেওঁৰ শিষ্যসকলে কামৰূপ অৰ্থাৎ অসম আৰু বঙ্গদেশৰ কিছু অংশত স্থাপন কৰা সত্ৰসমুহ সাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ সকলো দিশতে পৰম সহায়ক হোৱাকৈ গঢ় লৈ উঠিছিল । এই সত্ৰবিলাকৰ ধৰ্মীয় মূৰব্বী বা সত্ৰাধিকাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল উচ্চশিক্ষিত, আদৰ্শবান আৰু বিশুদ্ধ সংস্কাৰ সম্পন্ন ব্যক্তি আছিল ।সত্ৰৰ ধৰ্মীয় কৰ্ত্তব্যসমুহ নিয়াৰিকৈ পালন কৰাৰ উপৰিও তেওঁলোক প্ৰত্যেকে সত্ৰৰ সৈতে সংযুক্ত তথা সত্ৰৰ ওচৰে পাজৰে বসবাস কৰা সমাজৰ সকলো স্তৰৰ প্ৰত্যেক ব্যক্তিৰ পৰম হিতৈষী বন্ধু , প্ৰত্যেক বিষয়ৰ শিক্ষক আৰু প্ৰত্যেকৰে পথ প্ৰদৰ্শক আছিল।সত্ৰাধিকাৰ আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় সকলো লোক আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা, জ্যোতিষ বিদ্যা ইত্যাদিৰ লগতে অন্য বহুতো কলা ,শিল্প আদি বিদ্যাতো পাৰ্গত আছিল। উচ্চ শিক্ষা , তীৰ্থ দৰ্শন আৰু অন্যান্য অনেক উদ্দেশ্যত দেশৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ অভিজ্ঞতাও তেওঁলোকৰ আছিল । সেই কাৰণে স্বাভৱিক ভাৱেই তেওঁলোকে দেশৰ বিভিন্ন ঠাইৰ ভুগোল ,ইতিহাস ইত্যাদি জনাৰ লগতে বিভিন্ন ঠাইৰ কৃষি পদ্ধতি , পশুপালন পদ্ধতি , ফল-মূল উৎপাদনৰ কৌশল ইত্যাদি অনেক বিষয়ৰ ব্যৱহাৰিক প্ৰয়োগ নিজ চকুৰে চাই জ্ঞান লাভ কৰিছিল ।সেইবিলাক জ্ঞান আৰু অভিজ্ঞতাৰ দ্বাৰা তেওঁলোকে সাধাৰণ মানুহক ব্যক্তিগত স্বচ্ছতা , সামাজিক স্বচ্ছতা , স্বাস্থ্যৰ যতন , খাদ্যাখাদ্যৰ বিচাৰ , আচাৰ-আচৰণৰ শুদ্ধতা, নিজৰ নিজৰ কৰ্মক্ষেত্ৰৰ কৰ্ম পদ্ধতি সংশোধনৰ জৰিয়তে আৰ্থিক অৱস্থাৰ উন্নতি সাধন ইত্যাদি দৈনন্দিন জীৱনৰ সকলো বিষয়তে উৎকৰ্ষ সাধন কৰাৰ ব্যৱহাৰিক পথ দেখুৱাইছিল । তদুপৰি সাধাৰণ লোকে বাহিৰৰ পৰা আহি সত্ৰত সাময়িকভাৱে থাকি যোৱা লোকসকলৰ পৰাও নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰাৰ বাবে অনেক দিহা পৰামৰ্শ পাইছিল বুলি আমাৰ আগৰ লিখনিত কৈ অহা হৈছে ।সত্ৰ অনুষ্ঠান সমুহে বিভিন্ন স্থানত সিচৰতি হৈ থকা তাঁতী , কুমাৰ , কমাৰ , সোণাৰী, নাপিত , দৰ্জী , মিস্ত্ৰী ইত্যাদি বিভিন্ন বৃত্তিৰ লোকক সত্ৰৰ ওচৰে পাজৰে বসতি স্থাপন কৰাৰ বাবে উৎসাহিত কৰিছিল । এনেদৰে সত্ৰৰ পৃষ্ঠপোষতাৰ জৰিয়তে সাধাৰণ জনতাৰ নিত্য প্ৰয়োজনীয় সেৱা সমুহ একেথুপে তেওঁলোকৰ ওচৰ চাপি আহিছিল ।সত্ৰৰ ওচৰ পাঁজৰৰ লোকসকলে এই বিলাক প্ৰতিষ্ঠানত কাম কৰি জীৱিকা অৰ্জনৰ সুবিধা পোৱাৰ উপৰিও তাত বিভিন্ন বৃত্তিমূলক কাম শিকি পিছলৈ নিজাকৈ উদ্যোগ স্থাপন কৰাৰো সুবিধা পাইছিল। এনেদৰে হৰিদেৱ গুৰুজনাই সত্ৰসমুহৰ জৰিয়তে পাৰমাৰ্থিক , শৈক্ষিক ,সামাজিক , সাংস্কৃতিক,অৰ্থনৈতিক আদি সকলো দিশতে অসমৰ সমাজ জীৱনত এক নৱ জাগৰণৰ সৃষ্টি কৰিছিল। (আগলৈ)
No comments:
Post a Comment