From the discussion
made so far, it is clear that
everything in the creation is the manifestation of the Akhanda Sat and nothing exists
outside the Akhanda Sat . This means that the Akhanda Sat is always present in
everything and at everywhere. If a pot is kept immersed in a pond, then water will be there in both inside and outside
of it. Like that Akhanda sat is there within and outside of us. In spite of that we are
not able to see him, hear him, touch him, smell him or taste him. We can not
perceive him and realize his presence in us with our sense organs, mind and
intelligence. This is one side of the matter. On the other side, it is said
that we can not become free from the bondage of the worldly life without knowing
him and without realization of him. Under such situation what we should do? How
can we know and realize him? All these questions arise in our mind. We already
told that Guru Harideva made research oriented and devotional study of the
Bhagavata for five years at Jagannath Temple of Puri. He found the solution of
the above mentioned problems in the Bhagavata. Bhagavata tells that people need not be worried about the problems
as above. We ourselves are the creator of the problems and so the solution is
also with us only. Akhanda Sat or God
Almighty is kind to all, he is friendly to all and he reveals himself to all. Our
only duty is to make ourselves prepared to accept that revelation of the
Akhanda Sat or God Almighty. People bestowed with higher capacity of
understanding, acquire knowledge from the Vedas and Upanishadas for this
preparation. Another class of people performs
sacrifice, charity and austerity etc for this purpose. But the common mass who forms the major part of the
human society , do not possess sufficient capacity of mind and intelligence to
understand the Vedas and Upanishadas. They are not able to perform sacrifice,
charity and austerity as advised in the Vedic scriptures. Bhagavata suggests that these people should take refuge in God Almighty and surrender to him. They
should sincerely pray to the God Almighty for his revelation in their minds. The
Bhagavata assures that if this is done with
full faith and devotion, then God Almighty reveals himself to all such persons
and this is the easiest way of realization of the Akhanda Sat . Guru Harideva
accepted this path for educating common people through his Satra Institution.
(to be continued)
আগতে কৰি অহা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে সৃষ্টিত যি আছে সেই সকলোখিনি অখণ্ড সদ্বস্তুৰ বিভিন্ন নাম আৰু ৰূপ। সৃষ্টিৰ একো বস্তু অখণ্ড সদ্বস্তুৰ বাহিৰত নাই ।ইয়াৰ অৰ্থ হৈছে অখণ্ড সদ্বস্তু জগতৰ সকলো বস্তু আৰু সকলো স্থানতে সকলো সময়তে থাকে । কলহ এটা পানীত ডুবাই ৰাখিলে কলহৰ ভিতৰতো পানী থাকে আৰু বাহিৰখনো পানীয়ে আৱৰি থাকে । একেদৰে অখণ্ড সদ্বস্তু বা ভগৱান আমাৰ ভিতৰ বাহিৰ সকলোতে আছে। তথাপিও আমি তেওঁক দেখা নাপাওঁ , চুই চাব নোৱাৰো , তেওঁক স্পৰ্শ কৰিব নোৱাৰো , তেওঁৰ গোন্ধ বা সোৱাদো ল’ব নোৱাৰো। অৰ্থাৎ আমাৰ বাহিৰে
ভিতৰে সদা সৰ্বদা থকা সত্বেও আমি আমাৰ ইন্দ্ৰিয় , মন আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি অখণ্ড সদ্বস্তুৰ জ্ঞান লাভ কৰিব নোৱাৰো আৰু তেওঁ আমাৰ লগতে আছে বুলি নিজা অভিজ্ঞতাৰ পৰা অনুভৱ কৰিব নোৱাৰো। ই ঘটনাৰ এটা দিশ । আনহাতে শাস্ত্ৰত কোৱা হৈছে যে যেতিয়ালৈকে অখণ্ড সদ্বস্তুৰ জ্ঞান লাভ কৰা নহয় বা তেওঁৰ সাক্ষাত দৰ্শন বা উপলব্ধি নহয় তেতিয়ালকে সংসাৰ বন্ধনৰ
পৰা উৎপন্ন হোৱা দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয় ।এনে পৰিস্থিতিত আমি কি কৰা উচিত?কিদৰে আমি তেওঁক জানিব পাৰো বা উপলব্ধি কৰিব পাৰো ? এনে ধৰণৰ প্ৰশ্নসমুহ মনত উদয় হোৱাটো স্বাভাৱিক কথা।আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই পুৰীৰ জগন্নাথ মন্দিৰত পাঁচ বছৰ কাল থাকি ভাগৱত শাস্ত্ৰৰ ভক্তিপূৰ্ণ আৰু গৱেষণামূলক অধ্যয়ন কৰিছিল । ভাগৱতত তেওঁ ওপৰোক্ত সমস্যাৰ সমাধান বিচাৰি পাইছিল । ভাগৱতে কৈছে যে ওপৰোক্ত সমস্যাক লৈ ভয় খাব নালাগে । এই সমস্যা আমাৰ নিজৰে সৃষ্টি আৰু ইয়াৰ সমাধানৰ উপায়ো আমাৰ হাততে আছে । অখণ্ড সদ্বস্তু বা ভগৱান সকলোৰে প্ৰতি দয়ালু , তেওঁ সকলোৰে সুহৃদ , তেওঁ সকলোৰে হৃদয়ত আত্মপ্ৰকাশ কৰে অৰ্থাৎ নিজে নিজৰ ৰূপ, গুণ ,মহিমা ইত্যাদি সকলোৱে বুজিব বা উপলব্ধি কৰিব পৰা ধৰণে প্ৰকাশ কৰে। আমাৰ একমাত্ৰ কৰ্ত্তব্য হৈছে নিজৰ হৃদয়ত ভগৱানৰ আত্মপ্ৰকাশ উপলব্ধি কৰাৰ বাবে নিজকে প্ৰস্তুত কৰা । যিসকলৰ উচ্চতৰ স্তৰৰ জ্ঞান বুদ্ধি আছে তেওঁলোকে বেদ উপনিষদ আদি শাস্ত্ৰৰ পৰা জ্ঞান আহৰণ কৰি নিজকে সেই ধৰণে প্ৰস্তুত কৰে । অন্য এক শ্ৰেণীৰ লোকে এই উদ্দেশ্যে শাস্ত্ৰৰ নিৰ্দেশ মতে যজ্ঞ , দান আৰু তপস্যা আদি কৰ্মৰ অনুষ্ঠান কৰে । কিন্তু মানৱ
সমাজৰ বৃহত্তম অংশক সামৰা সাধাৰণ শ্ৰেণীৰ লোক সকলে বেদ উপনিষদৰ কথা বুজি নাপায় ।শাস্ত্ৰৰ নিৰ্দেশ অনুসৰি যজ্ঞ , দান, তপস্যা কৰাৰ সামৰ্থ্য তেওঁলোকৰ নাই ।ভাগৱতে উপদেশ দি কৈছে যে এই সকল লোকে পৰমেশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগে আৰু আত্ম সমৰ্পণ কৰি ভগৱানক নিজৰ হৃদয়ত আত্মপ্ৰকাশ কৰাৰ বাবে প্ৰাৰ্থনা জনাব লাগে।ভাগৱতে নিশ্চয়তা দি কৈছে যে গভীৰ বিশ্বাস আৰু ভক্তি সহকাৰে এই অভ্যাস কৰিলে ভগৱানে যি কোনো ব্যক্তিৰ হৃদয়তে আত্মপ্ৰকাশ কৰে।হৰিদেৱ গুৰুজনাই ভাগৱতৰ এই নিৰ্দেশ সত্য বুলি
বিশ্বাস কৰিছিল আৰু তেওঁৰ সত্ৰৰ জৰিয়তে জনসাধাৰণক এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল ।(আগলৈ)
No comments:
Post a Comment