Sunday, 27 December 2020

The “Satra” Institution of Guru Harideva-30 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৩০)

 

Guru Harideva stayed in his first Satra at Bahari for three years from 1453 CE to 1456 CE. During that period he established this Satra as a model Satra. When everything was arranged as per his plan at Bahari, Guru Harideva decided to leave this Satra and monitor it from outside. He imparted proper training to a group of common people to run all affairs of the Satra. He distributed the duties of the Satra as per rank and capacity of people and handed over the management of this Satra to that group jointly . Then he shifted himself from here to Maneri, a place 6-7 Kms away from Bahari. This place was very near to the meeting point of river Brahmaputra and its tributary Kaladi. From the point of view of communication this place was more convenient than Bahari for people from outside Assam and as well as for the local people . This place was away from public residences but not out of reach of common public. People from Bahari and neighboring places were able to visit the place as and when necessary but it was free from the unwanted disturbances commonly created in  the residential areas of general house holders. Within a short time, Guru Harideva made Manri a superior model of Satra institution with better infrastructure than that of his first Satra at Bahari. The details of the infrastructure he prepared at Maneri were already discussed in some of our earlier posts. He stayed at that place for more than hundred years, that is, till his last breath. In the preceding posts whatever we discussed about Satra  Institution of Guru Harideva are the details of these two model Satras established at Bahari and Maneri by him.When Maneri was well established as a superior model of Satra institution , Guru Harideva appointed four Acharyas for the purpose of expansion of his activities . All those Acharyas were great scholars of the Vedas, Vedangas, Bhagavadgita, Bhagavata and all other Vedic scriptures.In spite of that, Guru Harideva  trained them up keeping them with him at Maneri for one year to make them well conversant with the principle, philosophy and management of the Satra institution.Then he sent them to various places for establishment of new Satras in the same model as that of the first and second Satra established by him at Bahari and Maneri . Those Acharyas established several numbers of Satras at different places of Assam and Bengal during the life time of Guru Harideva. Later on their representatives also established Satras of the same model and there are around one hundred such Satras still available in Assam and West Bengal. (to be continued)

আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই নিজে স্থাপন কৰা প্ৰথম সত্ৰ বহৰিত ১৪৫৩ খৃঃৰ পৰা ১৪৫৬ খৃঃলৈ তিনি বছৰ কাল আছিল সময় ভিতৰতে তেওঁ বহৰি সত্ৰখন এখন আদৰ্শ সত্ৰ হিচাপে গঢ়ি তুলিছিল সত্ৰখনৰ সকলো কাম নিজৰ পৰিকল্পনামতে সম্পূৰ্ণ হৈ উঠাৰ পিছত গুৰুজনাই এই সত্ৰখনৰ পৰা বাহিৰত থাকি ইয়াৰ তদাৰক কৰাৰ সিদ্ধান্ত লৈছিল সে সিদ্ধান্ত অনুসৰি তেওঁ এদল যোগ্য ব্যক্তিক সত্ৰ পৰিচালনাৰ বিভিন্ন দিশৰ প্ৰশিক্ষণ দিছিল সত্ৰ্ৰৰ কাম সমুহ যোগ্যতা আৰু পদবী অনুসৰি বিভিন্ন লোকৰ মাজত ভগাই দিছিল আৰু সত্ৰৰ সমস্ত দায়িত্ব তেওঁলোকৰ ওপৰত যুটীয়াভাৱে ন্যস্ত কৰিছিল তাৰ পিছত তেওঁ বহৰিৰ পৰা ৬-৭ কিঃমিঃ দূৰত অৱস্থিত মানেৰীলৈ গুছি গৈছিল এই ঠাইখন ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সূঁতি কালাদিৰ সঙ্গম স্থলৰ একেবাৰে ওচৰত অৱস্থিত আছিল যোগাযোগৰ ব্যৱস্থাৰ ফালৰ পৰা বহৰিৰ তুলনাত এই ঠাইখন অসমৰ বাহিৰৰ পৰা অহা লোক আৰু স্থানীয় বাসিন্দা উভয়ৰে বাবে  বহু বেছি সুচল আছিল ঠাইখন জনবসতিৰ পৰা দূৰত আছিল যদিও এই দূৰত্ব জনসাধাৰণে সহজে ঢুকি পোৱা আছিল বহৰি আৰু ওচৰ পাঁজৰৰ জনসাধাৰণে সঘনে ইয়ালৈ অহা যোৱা কৰিছিল যদিও ঠাইখন গৃহস্থ লোকৰ বসতি স্থানত স্বাভাৱিকতে আৰু সঘনে হৈ থকা কোলাহলৰ পৰা মুক্ত আছিল অতি কম সময়ৰ ভিতৰতে গুৰুজনাই মানেৰীক বহৰিতকৈও উন্নততৰ সা-সুবিধা থকা আদৰ্শ সত্ৰানুষ্ঠান হিচাপে গঢ়ি তুলিছিল মানেৰীত অৱস্থিত সত্ৰানুষ্ঠাখনৰ আধাৰভুত সা-সুবিধা সমুহৰ বিষয়ে আগতে কৈ অহা হৈছে মানেৰীত হৰিদেৱ গুৰুজনাই  এশ বছৰতকৈও অধিক কাল আছিল আৰু ইয়াতে শেষ নিশ্বাস ত্যাগ কৰিছিলইয়াৰ আগৰ লিখনি সমুহত হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ বিষয়ে যিবিলাক কথা কৈ অহা হৈছে সি হৈছে গুৰুজনাই নিজে প্ৰতিষ্ঠা কৰা বহৰি আৰু মানেৰী সত্ৰৰ ব্যৱস্থাপনা সম্পৰ্কীয় বিৱৰণ মানেৰী সত্ৰখন ভালদৰে প্ৰতিষ্ঠিত হোৱাৰ পিছত হৰিদেৱ গুৰুজনাই  আদৰ্শ সত্ৰ বহৰি আৰু মানেৰীৰ আৰ্হিত নিজৰ মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে চাৰিজন প্ৰধান ধৰ্মাচাৰ্য নিযুক্ত কৰিছিল আচাৰ্য সকলৰ আটাইকেইজনেই বেদ, বেদান্ত , বেদাঙ্গ, ভগৱ্দ্গীতা, ভাগৱত আৰু অন্যান্য সকলো বৈদিক শাস্ত্ৰত পাৰদৰ্শী উচ্চ শিক্ষিত পণ্ডিত ব্যক্তি আছিল তাৰ পিচতো হৰিদেৱ গুৰুনজনাই প্ৰত্যেককে এবছৰ কাল মানেৰীত নিজৰ লগত ৰাখি তেওঁৰ সত্ৰৰ মতাদৰ্শ আৰু পৰিচালনা ব্যৱস্থা সম্পৰ্কে শিক্ষাদান কৰিছিল আৰু তাৰ পিছত বিভিন্ন স্থানত বহৰি আৰু মানেৰীৰ আৰ্হিত সত্ৰ স্থাপন কৰাৰ বাবে পঠিয়াই দিছিল হৰিদেৱ গুৰুজনাৰ জীৱিত কালতে এইসকল আচাৰ্যই অসম আৰু বঙ্গদেশৰ বিভিন্ন স্থানত একে আৰ্হিৰ বহুকেইখন সত্ৰ স্থাপন কৰিছিল পিছলৈ তেওঁলোকৰ প্ৰতিনিধি সকলেও বিভিন্ন স্থানত হৰিদেৱ গুৰুজনাৰ মতাদৰ্শৰ আধাৰত বহুকেইখন সত্ৰ স্থাপন কৰিছিল আৰু ইয়াৰে প্ৰায় এশখন সত্ৰ অসম আৰু পশ্চিম বঙ্গত বৰ্ত্তমানো চলি আছে (আগলৈ)

No comments:

Post a Comment