Birth and death are common phenomenons known to all of us. Scriptures tell that under general condition , each father directly witnesses the birth of his son. Again each son directly witnesses the death of his father.So, all human beings get direct experience of birth and death. Bhagavata tells that all living beings take birth in this world with a body suitable for enjoyment the outcomes of their past deeds. That is ,when the reactions generated from certain parts of the activities we performed in the past lives are connected with a body, then it is called birth.When the said particular reactions ceases to act, then that particular body becomes function-less and we call it death. But this type of death is not the end of enjoyment of all the Karmas or the outcomes of deeds we performed in the past since the time unknown. We are bound to move in repeated cycles of birth and death with different types of bodies and in different parts of the creation for enjoyment of the fruits of different works performed by us in different cycles of birth and death. If we see the things from this angle, then there is no end to this problem. Now, the Vedas, upanishadas, puranas, epics and all other Vedic scriptures tell that the human beings can come out from those cycles of sufferings with their own efforts. Bhagavata tells that the human body is endowed with mind, that is, inner senses or antahakara. This antahkarana or inner senses include mind which is essential for making ideas about the situation we are in and the way to come out of those. The intelligence is the another constituent part of mind which can analyze the ideas presented by the mind and take some wise decision about those . The senses attached with the mind are essential to bring the information about things for analysis and decision by the mind and intelligence. In addition the human body has Prana or vital force. We know that electrical equipment becomes active if electric current is passed through it. Likewise all parts of human body includuing sense, mind and intelligence become active by the flow of Prana or Vital force through them. In the preceding post we told that study of the nature and functions of mind is essential to have control over it and Bhagavata teaches us all these things with very simple explanations. Through Satra Institution Guru Harideva utilized these simple lessons of Bhagavata for the benefit of the common people. (to be continued)
জন্ম আৰু মৃত্যু অতি সাধাৰণ ঘটনা আৰু এই সম্পৰ্কে আমাৰ সকলোৰে প্ৰত্যক্ষ অভিজ্ঞতা আছে । ভাগৱতত কোৱা হৈছে যে সাধাৰণ অৱস্থাত প্ৰত্যেকজন পিতৃয়ে নিজৰ পুত্ৰৰ জন্ম হোৱা দেখে । একেদৰে প্ৰত্যেক জন পুত্ৰই পিতৃৰ মৃত্যু প্ৰত্যক্ষ কৰে । এনেদৰে সংসাৰৰ প্ৰত্যেক ব্যক্তিয়ে জন্ম আৰু মৃত্যু কি তাক ভালদৰে বুজি পায় । ভাগৱতত কোৱা হৈছে যে অতীতত কৰি অহা কামৰ ফল ভোগ কৰাৰ বাবে উপযোগী শৰীৰ লৈ প্ৰত্যেক মানুহে সংসাৰত জন্ম গ্ৰহণ কৰে । ইয়াৰ অৰ্থ হৈছে অতীতত কৰা কিছুমান কৰ্মৰ ফলত উৎপাদন হোৱা সম্ভাৱনা শক্তি যেতিয়া কোনো এটা শৰীৰৰ সৈতে সংযুক্ত হৈ সেই শৰীৰ কৰ্মক্ষম কৰি তোলে তাকে জন্ম বুলি কোৱা হয়। আকৌ সেই বিশেষ শক্তিৰ কৰ্ম ক্ষমতা শেষ হোৱাৰ পিছত যেতিয়া এটা শৰীৰ অসাৰ হৈ পৰে তাকে মৃত্যু বুলি কোৱা হয়্।কিন্তু আমি অতীতৰ জন্ম-জন্মান্তৰ ধৰি অৰ্জন কৰি অহা সমস্ত কৰ্মৰ ফলভোগ এই ধৰণৰ মৃত্যুৰ লগে লগে শেষ হৈ নাযায়্। বিভিন্ন জন্মত আমি যি কৰ্ম কৰো সেই সকলোখিনিৰে ফল ভোগ কৰাৰ বাবে আমি বিভীন্ন শৰীৰ গ্ৰহণ কৰি সৃষ্টিৰ বিভিন্ন স্থানত ভ্ৰমি ফুৰিবলৈ বাধ্য আৰু সাধাৰণ দৃষ্টিত এই প্ৰক্ৰিয়াৰ কোনো অন্ত নাই ।এতিয়া বেদ ,উপনিষদ,পুৰাণ ,মহাকাব্য আৰু অন্যান্য সকলো বৈদিক শাস্ত্ৰতে কোৱা হৈছে যে চেষ্টা কৰিলে মানুহে জন্ম মৃত্যুৰ চক্ৰত ভ্ৰমণ কৰি পোৱা সংসাৰ যন্ত্ৰণাৰ পৰা মুক্ত হ’ব পাৰে ।ইয়াৰ বাবে ভগৱানে মানুহৰ শৰীৰত মন অৰ্থাৎ অন্তৰিন্দ্ৰিয় বা অন্তঃকৰণ সংযোগ কৰি দিছে ।এই অন্তঃকৰণৰে এটা অংশ হৈছে মন আৰু এই মনৰ সহায়ত আমি নিজে কি পৰিবেশ , পৰিস্থিতিৰ মাজত আছো আৰু ইয়াৰ পৰা মুক্তিৰ উপায় কি ইত্যাদি বিষয়ে ধাৰণা কৰিব পাৰো । অন্তঃকৰণৰ আন এটা অংশ হৈছে বুদ্ধি আৰু বুদ্ধিৰ দ্বাৰা আমি মনে ধাৰণা কৰা বস্তুৰ বিষয়ে বিশ্লেষণ কৰি সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰো । মনৰ সৈতে সংযোজিত ইন্দ্ৰিয় সমুহে মনৰ ধাৰণা আৰু বুদ্ধিৰ বিশ্লেষণৰ বাবে প্ৰয়োজনীয় তথ্যৰ যোগান ধৰে। ইয়াৰোপৰি শৰীৰৰ প্ৰাণ শক্তি আছে। বিদ্যুত পৰিবাহিত হ’লে যিদৰে বিদ্যুত চালিত যন্ত্ৰ কাৰ্যক্ষম হয় সেইদৰে শৰীৰৰ প্ৰাণ শক্তিৰ প্ৰবাহৰ দ্বাৰা মন্,বুদ্ধি, ইন্দ্ৰিয় আদিকে ধৰি সমস্ত যন্ত্ৰ কাৰ্যক্ষম হয় ।কিবা এটা বস্তু নিয়ন্ত্ৰণ কৰিবলৈ হ’লে সেই বস্তুৰ গঠন , কাৰ্যপ্ৰণালী ইত্যাদি বিষয়ে জনা দৰ্কাৰ । একেদৰে মনক নিয়ন্ত্ৰণ কৰাৰ বাবে মনৰ বিষয়েও অধ্যয়ন কৰা প্ৰয়োজন বুলি ইয়াৰ আগৰ লিখনিটোত কোৱা হৈছে আৰু ভাগৱতত এই বিলাক কথা অতি সহজ সৰল ভাৱে আলোচনা কৰি বুজাই দিয়া হৈছে ।হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰত দিয়া জ্ঞানৰ আধাৰত জনসাধাৰণক এই বিলাক শিক্ষা প্ৰদান কৰাৰ বাবে সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment