Tuesday, 15 December 2020

The “Satra” Institution of Guru Harideva-24 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-২৪)

To help people realize the presence of Akhanda Sat or Ultimate Truth behind everything in the creation, Guru Harideva Established Satra institution. But the general people can not feel anything which can not be seen, heared, smelt, touched,  tasted or cognized by the mind and Akhanda Sat is beyond the reach of all these sensational knowledge. Common people naturally find it very difficult to deal with such thing which is beyond the limit of their own sensational world and prefer to keep themselves away from that. Keeping these things in mind Guru Harideva planned to lead people from their mundane life of sensational world towards the ultimate goal of realization of the Akhanada Sat or God realization or self realization step by step. For this purpose he established the deity of Lord Vasudeva in his Satra. Then the scripture Bhagavata was also established there as another deity of worship. The idea behind this was to bring an intelligible picture of the Akhanda Sat or God Almighty to the eyes of common people which can be physically seen. Again, we may see the bodily appearance of a person through our eyes. But with that we can not understand anything internal about that person .To know him properly, it is necessary to hear or study about his possessions,personality, character , activities , qualification, relationships with others an so many other things. Moreover if such a person possesses noble qualities which we should follow as ideals in our own life, then we should learn what he suggests for our welfare. Here through the deity of lord Vasudeva established in the satra, it was intended to make people feel the physical presence of the God Almighty in front of them. Then people were given scope to know everything about the God Almighty by listening or studying whatever is written in the second deity, that is, the Bhagavata. Then people were guided to follow the  advises given by the God Almighty through the Bhagavata for their own welfare.(to be continued)

মানুহক সৃষ্টিৰ সমস্ত বস্তুৰ অন্তৰালত থকা একমাত্ৰ পৰম সত্য বা অখণ্ড সদ্বস্তুক উপলব্ধি কৰাত সহায় কৰাৰ বাবে হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰিছিল্।কিন্তু যি বস্তু চকুৰে নেদেখি, কাণেৰে নুশুনি, চুই চাব নোৱাৰি, যাৰ গোন্ধ লব নোৱাৰি , যাৰ সোৱাদ লব নোৱাৰি বা যাৰ বিষয়ে মনেৰে অনুমান বা ধাৰণা কৰিব নোৱাৰি তেনে বস্তু আমি অনুভৱ কৰিব নোৱাৰো আৰু অখণ্ড সদ্বস্তুক এনে কোনো ইন্দ্ৰিয় অনুভূতিয়ে ঢুকি নাপায় ইন্দ্ৰিয় অনুভূতিয়ে ঢুকি নোপোৱা বস্তুৰ বিষয়ে স্বাভাৱিকতে সাধাৰণ মানুহৰ কোনো আগ্ৰহ নাথাকে আৰু তেওঁলোকে সদায় নিজৰ ইন্দ্ৰিয়গ্ৰাহ্য  জগতখনৰ চাৰিসীমাৰ ভিতৰত আৱদ্ধ হৈ থাকিবলৈ ভাল পায়ই সকলো কথা চালি জাৰি চাই হৰিদেৱ গুৰুজনাই মানুহক ইন্দ্ৰিয়গ্ৰাহ্য ব্যৱহাৰিক জগতৰ পৰা পৰ্যায়ক্ৰমে মূল লক্ষ্য অৰ্থাৎ অখণ্ড সদ্বস্তুৰ উপলব্ধি বা ঈশ্বৰ উপলব্ধি বা আত্মোপলব্ধিৰ পিনে আগ বঢ়াই নিয়াৰ পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা অনুসৰি তেওঁ সত্ৰত ভগৱান বাসুদেৱৰ উপাস্য বিগ্ৰহ স্থাপন কৰিছিল ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল জনসাধাৰণে যাতে নিজৰ সন্মুখত অখণ্ড সদ্বস্তু বা পৰমেশ্বৰৰ এক প্ৰতিমূৰ্ত্তি নিজৰ চকুৰে চাই থাকিব পাৰে আকৌ কোনো এজন ব্যক্তিৰ শাৰীৰিক উপস্থিতি আমাৰ চকুৰে দেখি থাকিলেও তাৰ পৰা মানুহজনৰ বিষয়ে ভিতৰুৱা একো কথা জানিব নোৱাৰি মানুহজনৰ বিষয়ে ভালদৰে জানিবৰ বাবে আমি তেওঁৰ কি আছে, তেওঁৰ স্বভাৱ,  চৰিত্ৰ , ব্যক্তিত্ব , কৰ্মৰাজি , অন্যৰ সৈতে সম্পৰ্ক ইত্যাদি অনেক বিষয়ে জনাৰ প্ৰয়োজন হয় তদুপৰি যদি সেই ব্যক্তিজন আমাৰ জীৱনৰ আদৰ্শ পুৰুষ হব পৰা গুণ-মাহাত্ম্যৰ অধিকাৰী হয় তেন্তে তেওঁ আমাৰ মঙ্গলৰ অৰ্থে প্ৰদান কৰা উপদেশ সমুহো জনাৰ প্ৰয়োজন থাকে এনে প্ৰকাৰৰ সহজ যুক্তি বুদ্ধিৰ আধাৰত হৰিদেৱ গুৰুজনাৰ সত্ৰত বাসুদেৱ বিগ্ৰহৰ মাধ্যমত মানুহে যাতে নিজৰ সন্মুখত পৰমেশ্বৰৰ উপস্থিতি অনুভৱ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল সত্ৰত প্ৰতিষ্ঠিত দ্বিতীয় বিগ্ৰহ অৰ্থাৎ ভাগৱত শাস্ত্ৰত লিখা কথা শ্ৰৱণ বা অধ্যয়নৰ মাধ্যমত পৰমেশ্বৰৰ লীলা , গুণ-মাহত্ম্য ,কাৰ্যাৱলী ইত্যাদিৰ বিষয়ে বিতংভাৱে জনাৰ ব্যৱস্থা কৰা হৈছিল লগতে ভাগৱতে দিয়া উপদেশৰ যথাযথ পালনৰ জৰিয়তে  জনসাধাৰণে যাতে নিজৰ মঙ্গল নিজে সাধন কৰিব পাৰে তাৰ বাবে উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।(আগলৈ) 

No comments:

Post a Comment