In Bhagavata it
is told that fire remains inherent in the fire wood or fuel; Ghee remains
inherent in the cow; food grain, water and valuable minerals etc remain
inherent in the earth. Similarly livelihood and prosperity remain inherent in
the initiatives of people in trade, commerce, industrial and
allied entrepreneurial works . That is, everything we need in this world is made
available to us by the God Almighty, but nothing comes to our hand in the usable form if
we do not do anything in this regard. We may elaborate these things as follows.
To get the desired benefits from fire, we are to take initiative to keep the
fire burning. For that collection of firewood
from forest and adding those in the fire from
time time is essential. To get Ghee from cow, we are to maintain and feed the cows,
milk them and then the milk is to be processed in a proper way. To get food
grains inherent in the earth we are to plough the earth, sow seeds, maintain
the seedlings for proper growth till the grains become matured. After that also,
the grains are to be collected from the field and processed further in several
steps to get our food items. For collection of water from earth, it is
essential to dig wells and make proper arrangement for lifting of the water to our
reach. Similarly for getting the valuable minerals inside the earth, we are to
make proper arrangement for mining and like that. Thus for livelihood and prosperity of the mankind it is essential for each and
every person to take proper
initiative and work hard to control the procurement and distribution systems of
the things already made available to us by the God Almighty. It is told earlier that
Guru Harideva established his Satra Institutions to educate common people by imparting
the knowledge and teachings contained in Bhagavata. The teachings of Bhagavata
described as above were practically applied in the Satras of Guru Harideva . Guru Harideva
never encouraged any person to sit idle and become financially dependent on
others taking the plea of spiritual practice. The unwanted situation he faced
at Narayapura at his young age was described in some of our earlier posts. From
that incident he realized that an institution financially dependent on others
can never have independent control over its own affairs. Similar is the case with the personal life of every
person financially dependent upon others . So Guru Haideva never encouraged his
Satras to be dependent upon financial
support of any king, zaminders or other
rich people . On the basis of the valuable teachings contained in Bhagavata as told above Guru Harideva made some special arrangements to make the Satras and the people connected
with it economically self supporting. We will discuss these things in the
coming posts.(to be continued)
ভাগৱতত কোৱা হৈছে যে অগ্নি কাঠ অৰ্থাৎ ইন্ধনত অন্তৰ্নিহিত হৈ থাকে;
ঘিঁ গাই গৰুত নিহিত হৈ থাকে;
খাদ্য,পানী আৰু মূল্যৱান ধাতু সমুহ পৃথিৱীত নিহিত হৈ থাকে।
একেদৰে জীৱিকাৰ উপায় আৰু সমৃদ্ধি কৃষি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আৰু ইয়াৰ সৈতে সংশ্লিষ্ট অন্যান্য কৰ্মত মানুহে প্ৰয়োগ কৰা উদ্যম বা প্ৰচেষ্টাত অন্তৰ্নিহিত হৈ থাকে।
ইয়াৰ অৰ্থ হৈছে ইহজগতত জীৱন ধাৰণ কৰাৰ বাবে আমাৰ যি প্ৰয়োজন সেই সকলোখিনি ভগৱানে আমাক দি থৈছে,
কিন্তু
নিজে একো নকৰাকৈ বহি থাকিলে জগতৰ একো বস্তু ব্যৱহাৰযোগ্য
ৰূপত আমাৰ হাতলৈ নাহে ।
কথাখিনি
আমি তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰো। অগ্নিৰ
পৰা উপকাৰ পাবৰ বাবে আমি অগ্নিক প্ৰজ্বলিত কৰি ৰাখিব লাগে ।ইয়াৰ বাবে আমি হাবিৰ পৰা খৰি সংগ্ৰহ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে সেই খৰি জুইত জাপি থাকিব লাগে।
গাই গৰুৰ পৰা ঘিঁ পাবৰ কাৰণে আমি গৰুৰ যতন ল’ব লাগে , গৰুক খুৱাব লাগে , গাখীৰ খিৰাব লাগে ।
তাৰ পিছৰ পৰ্যায়তো কেইবাটাও পদ্ধতি প্ৰয়োগ কৰি সেই গাখীৰৰ পৰা ঘিঁ উলিয়াব লাগে।মাটিত নিহিত হৈ থকা খাদ্য শস্য পাবৰ কাৰণে মাটি চহাব লাগে , শস্যৰ বীজ সিচিব লাগে, বীজ গজালি মেলাৰ পৰা শস্য পুৰঠ নোহোৱা পৰ্যন্ত উপযুক্ত আপডাল কৰিব লাগে ।আকৌ পুৰঠ হোৱাৰ পিছত শস্য চপাই ঘৰলৈ আনি বিভিন্ন উপায় প্ৰয়োগ কৰি অনেক কাম কৰাৰ পিছতহে সেই শস্য আমাৰ খাদ্যত পৰিণত হয় ।পৃথিৱীৰ পৰা পানী পাবৰ কাৰণে প্ৰথমে কুৱাঁ খান্দিব লাগে আৰু তাৰ পিছত সেই পানী আমি ঢুকি পোৱা দূৰত্বলৈ উঠাই অনাৰ ব্যৱস্থা কৰিব লাগে।একেদৰে মাটিৰ তলত থকা মূল্যৱান সম্পদ সমুহ পাবৰ বাবে উপযুক্ত নিষ্কাষণ আৰু পৰিশোধন ব্যৱস্থা কৰাৰ প্ৰয়োজন হয়।
অৰ্থাৎ প্ৰত্যেক ব্যক্তিয়ে জীৱিকা অৰ্জন আৰু সমৃদ্ধি বাবে উদোগী হৈ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতহে ঈশ্বৰে মানৱ সমাজৰ মঙ্গলৰ বাবে দিয়া বস্তুসমুহৰ আহৰণ আৰু বিতৰণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ মানুহৰ নিজৰ হাতলৈ আহে।
আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰই দিয়া শিক্ষাক মূল ভিত্তি হিচাপে লৈছিল আৰু সেই শিক্ষাৰ আদৰ্শত জনসাধাৰণৰ জীৱন পৰিচালনা কৰাৰ উদ্দেশ্যে সত্ৰ স্থাপন কৰিছিল ।ভাগৱতে দিয়া ওপৰোক্ত প্ৰকাৰৰ জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ সত্ৰত কৰা হৈছিল।ধৰ্মীয় সাধনাৰ দোহাই দি কোনো লোক নিষ্কৰ্মা হৈ বহি থকা আৰু অৰ্থনৈতিক ভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা ইত্যাদি প্ৰকাৰৰ মনোভাৱক হৰিদেৱ গুৰুজনাই কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল ।নাৰায়ণপুৰত থকা কালত হৰিদেৱ গুৰুজনাই যি দুঃখজনক পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছিল তাক আগৰ লিখনিত কৈ অহা হৈছে।সেই ঘটনাৰ অভিজ্ঞতাৰ পৰা গুৰুজনাই বুজি উঠিছিল যে অৰ্থনৈতিক ভাৱে অন্যৰ ওপৰত নিৰ্ভৰশীল কোনো অনুষ্ঠানেই সম্পূৰ্ণ স্বাধীন ভাৱে নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহয় । অৰ্থনৈতিক ভাৱে আনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ ক্ষেত্ৰতো এই কথা সত্য।এই সকলো কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰসমুহ কোনো ৰজা,জমিদাৰ বা ধনৱান লোকৰ পৰা আৰ্থিক অনুদান গ্ৰহণ নকৰাকৈ চলাই নিয়াৰ উপায় উদ্ভাৱন কৰিছিল।
ভাগৱতত বৰ্ণনা কৰা ওপৰোক্ত ধৰণৰ জ্ঞানপূৰ্ণ শিক্ষাৰ আধাৰত তেওঁ সত্ৰসমুহৰ সৈতে জড়িত সাধাৰণ লোক আৰু সত্ৰানুষ্ঠান সমুহক অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল কৰাৰ বাব বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।
এই বিষয়ে পিছৰ লিখনিত কোৱা হ’ব ।
(আগলৈ)
No comments:
Post a Comment