Sunday, 13 December 2020

The “Satra” Institution of Guru Harideva-23 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-২৩)

 

Bhagavata was established as one of the deities of worship in the Satra Institution established by Guru Harideva. Guru Harideva was aware of the fact that unless one’s mundane life is brought under control and discipline by purification of mind, intelligence, inner senses, pranas or vital energy contained in human body, the spiritual education and practice are meaningless for him. The Bhagavata contains valuable instructions for both. Here, knowledge pertaining to both spiritual life and mundane life are imparted for step by step overall development of common people. It is already told that from the 7th century CE up to the end of the first quarter of 15th century CE, generation after generation, the forefathers of Guru Harideva served the people of Assam in the capacity of teachers. But they were teachers of formal schools established under the patronage of local Kings or general public according to  academic rules and regulations of that time. Male students of selected class, cast and age group only were admitted in those schools.Guru Harideva was born and brought up in a residence attached with one such school run under the administrative control of his father Dwija Ajanabha.He himself was also a student of that school . So from his childhood days he was well aware about the limitations of the education system prevailed at that time. From that time itself he felt that people should know their problems first. Then they should know the remedies of those problems and finally people should know the practical application of those remedial measures.He was sure that unless education is imparted to common downtrodden people of all classes and all age groups including women, the human society as a whole can not progress. Guru Harideva was very serious about it and made his first experiment in this line when he was a young boy of only 16 years. At that time his attempt failed as because the common people did not have any idea about the necessity of education for themselves. Also the ruling class of people and people in socially higher position of that time was not in favor of imparting education to common downtrodden people.To sabotage the program this class of people made conspiracy against Guru Harideva and he had to run away from his place of birth to save his life. These things we already discussed in some of our earlier posts. Now after a gap of ten years from his first attempt Guru Harideva started the same work by establishment of his first educational institution called Satra without obtaining any patronaization from ruling class or people in socially higher status and started imparting education on the basis of Bhagavata as noted above. He kept this special type of educational institution open for all.(to be continued)

হৰিদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰত বিষ্ণু বিগ্ৰহৰ উপৰি ভাগৱত শাস্ত্ৰকো উপাস্য বিগ্ৰহ ৰূপে প্ৰতিষ্ঠা কৰা হৈছিল গুৰুজনাই ভালদৰে উপলব্ধি কৰিছিল যে  যেতিয়ালৈকে মানুহৰ সাংসাৰিক জীৱন নিয়মিত আৰু সুশৃংখল নহয় তেতিয়ালৈকে তেওঁৰ ওচৰত পাৰমাৰ্থিক শিক্ষা আৰু অভ্যাসৰ কোনো মূল্য নাথাকে মন ,বুদ্ধি , ইন্দ্ৰিয় আদিৰ শুদ্ধিকৰণ, প্ৰাণ শক্তিৰ প্ৰবাহ নিয়ন্ত্ৰণ আদিৰ শিক্ষা আৰু অভ্যাসৰ দ্বাৰা বৈষয়িক সাংসাৰিক জীৱন নিয়ন্ত্ৰণ কৰি পাৰমাৰ্থিক শিক্ষাৰ জগতত প্ৰৱেশ কৰিব পাৰি ভাগৱতত সাধাৰণ বুদ্ধি বৃত্তিৰ লোকৰ সৰ্বাঙ্গীণ ক্ৰমবিকাশৰ বাবে এই উভয় বিষয়ৰে অতি মূল্যৱান জ্ঞান আৰু লগতে এই বিষয়ত আমি কি কৰা উচিত সেই  সম্পৰ্কে সকলোৱে বুজিব পৰাকৈ  সহজ সৰল নিৰ্দেশ প্ৰদান কৰা হৈছে আগৰ লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলে খৃষ্টিয় সপ্তম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ প্ৰথম ভাগলৈকে কেইবা শতিকা জুৰি পুৰুষানুক্ৰমে অসমৰ লোকক শিক্ষাদান কৰা কাৰ্যত ব্ৰতী আছিল কিন্তু তেওঁলোকে স্থানীয় ৰজা বা ৰাইজৰ দ্বাৰা সেই কালৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ নিয়মৰ অধীনত প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানৰ শিক্ষক আছিল নিৰ্বাচিত কিছুমান জাতি বা বংশৰ নিৰ্দিষ্ট বয়সৰ পুৰুষ শিক্ষাৰ্থীৰ বাবেহে এইসমুহ বিদ্যালয়ৰ দুৱাৰ খোলা আছিল হৰিদেৱ গুৰুজনা নিজে তেওঁৰ  পিতৃ দ্বিজ অজনাভৰ অধীনত পৰিচালিত তেনে এখন বিদ্যালয়ৰ সৈতে সংলগ্ন বাসগৃহতে জন্ম গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছিল তেওঁ নিজেও সেইখন বিদ্যালয়তে শিক্ষা গ্ৰহণো কৰিছিল তেওঁ উপলব্ধি কৰিছিল যে সমাজৰ প্ৰত্যেক ব্যক্তিয়ে  নিজৰ সমস্যা কি তাক প্ৰথমে জনা দৰ্কাৰ, তাৰ পিছত সেই সমস্যাৰ সমাধানৰ উপায় আৰু সেই উপায়ৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে অভিজ্ঞতা অৰ্জন কৰাৰ প্ৰয়োজন্। এনেদৰে কথাবিলাক চিন্তা  কৰি কম বয়সতে সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ সংকীৰ্ণতা তেওঁ অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুবিধা পাইছিল তেওঁ ভালদৰে বুজি পাইছিল যে যেতিয়ালৈকে সমাজৰ সকলো জাতিৰ, সকলো বয়সৰ পুৰুষ মহিলাৰ বাবে শিক্ষাৰ সুবিধা সম্প্ৰসাৰিত কৰা নহয় তেতিয়ালৈকে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বাঙ্গীণ উন্নয়ন সম্ভৱ নহয় এই সামাজিক সমস্যা সম্পৰ্কত হৰিদেৱ গুৰুজনা অতিশয় উদ্বিগ্ন আছিল আৰু ষোল্ল বছৰ বয়সতে স্থানীয় জাতি উপজাতিৰ সকলো বয়সৰ পুৰুষ মহিলা একত্ৰিত কৰি সামাজিক শিক্ষা প্ৰদান কৰাৰ উদ্যোগ লৈছিল কিন্তু তেওঁৰ এই উদ্যোগ সফল হোৱা নাছিল ইয়াৰ কাৰণ হৈছে শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সাধাৰণ লোক একেবাৰে অজ্ঞ আছিল তদুপৰি শাসক শ্ৰেণীৰ লোক আৰু সমাজৰ উচ্চ স্তৰৰ ব্যক্তি সকলে জনসাধাৰণে শিক্ষাৰ পোহৰ পোৱাটো বিচৰা নাছিল অবশেষত তেওঁলোকে ৰচনা কৰাৰ ষড়যন্ত্ৰৰ পৰা  জীৱন বছাবলৈ হৰিদেৱ গুৰুজনাই নিজৰ জন্ম স্থানৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল এই বিলাক কথা আগতে কৈ অহা হৈছে প্ৰথম প্ৰচেষ্টাৰ দহ বছৰ পিছত হৰিদেৱ গুৰুজনাই নিজৰ উদ্যোগত সত্ৰ নামকৰণ কৰি  বিষেশ ধৰণৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু সমাজৰ সকলো জাতি উপজাতিৰ ডেকা-বুঢ়া , ধনী-দুখীয়া , পুৰুষ-মহিলা সকলোৰে বাবে এই অনুষ্ঠানৰ দুৱাৰ খোলা ৰাখিছিল আৰু সত্ৰত উপাস্য বিগ্ৰহ হিচাপে প্ৰতিষ্ঠিত ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু নিৰ্দেশৰ আধাৰত সকলোকে সাংসাৰিক আৰু পাৰমাৰ্থিক উভয় দিশতে আগবঢ়াই নিয়াৰ ব্ৰত গ্ৰহণ কৰিছিল (আগলৈ)

No comments:

Post a Comment