Guru Harideva
placed the scripture Bhagavata in the most respectable position of a deity of
worship in his Satra Institution and the main aim of this institution is the
realization of the Akhanda Sat or the Indivisible Ultimate Truth. Common people
can not realize the Akhanda Sat or God Almighty directly without going through
some intermediate steps. Bhagavata is the right scripture for leading common
people from mundane life to the highest achievement of spirituality, that is,
realization of the Akhanda Sat or God Almighty in a step by step manner.Thus we
can say that Bhagavata is the text book of the Satra or special educational
institution established by Guru
Harideva. Now, we should try to find out what Bhavata tells about the Akhanda
Sat. Defining Akhanda Sat Bhagavata tells that it is the non-dual knowledge of the
God Almighty, that is , it is the knowledge of God Almighty which is not
separate from the God Almighty. To make the things clear we can think like
this.We acquire knowledge about so many things in our day to day life with the
help of our senses of knowledge, mind and intelligence. Here we find that the
knowledge and the items about which we gain
knowledge are separate from each other. For example, we may acquire knowledge
about a cow. Here the cow is one thing and the knowledge we acquire about it is
another thing.A doctor acquire nowledge about a patient, his diseases, the medicine
required for his cure and so on. But here, the knowledge, the subjects of knowledge
and the person who acquires the knowledge are separate from each other, that is,
all are divisible items in parts separated from each other or “khanda bastu”. But
in case of the Akhanda Sat or God Almighty this idea of separation or
divisibility can not be there. The knowledge of the God Almighty and the God
Almighty, both are indivisible and hence can not have separate existence from
each other. As a knower of this truth, our duty is to try to realize that we ourselves
also can not exist as a separate entity from that unity and that is the
realization of the Akhanda Sat or God Almighty or self realization.The
Bhagavata shows the ways of attainment
of that and through his Satra Guru Harideva made arrangement to teach common
people to practically utilize those knowledge for their
own welfare. (to be continued)
হৰিদেৱ গুৰুজনাই
তেওঁৰ সত্ৰত ভাগৱত শাস্ত্ৰক উপাস্য দেৱতাৰ দৰে অতি উচ্চ আসনত
পৰম শ্ৰদ্ধা সহকাৰে প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰানুষ্ঠানৰ মূল
লক্ষ্য আছিল অখণ্ড সদ্বস্তু বা পৰম সত্যক উপলব্ধি কৰা। সাধাৰণ লোকে কিছুমান
মধ্যৱৰ্ত্তী
পৰ্যায়ৰ জ্ঞান লাভ নকৰাকৈ একেকোবে অখণ্ড সদ্বস্তুৰ জ্ঞান
লাভ কৰা সম্ভৱ নহয় । ভাগৱত শাস্ত্ৰ হৈছে সাধাৰণ লোকক ইন্দ্ৰিয়গ্ৰাহ্য সাংসাৰিক
জগতৰ পৰা ক্ৰমান্বয়ে উচ্চতৰ জ্ঞানৰ পৰ্যায়লৈ নি ইন্দ্ৰিয়াতীত পৰম সত্যৰ উপলব্ধিৰ
স্তৰলৈ লৈ যোৱাৰ বাবে অতি উপযোগী শাস্ত্ৰ । এইফালৰ পৰা বিচাৰ কৰিলে ভাগৱত হৰিদেৱ
গুৰুজনাৰ বিশেষ শিক্ষানুষ্ঠান বা সত্ৰৰ মূল পাঠ্যপুস্তক বুলি ক’ব
পাৰি ।
এতিয়া ভাগৱত শাস্ত্ৰত সত্ৰৰ মূল লক্ষ্যবস্তু অখণ্ড সৎ সম্পৰ্কে কি কোৱা হৈছে তাক
চোৱা প্ৰয়োজন ।
ভাগৱতে কৈছে যে পৰম সত্য সম্পৰ্কে অদ্বৈত
জ্ঞানেই অখণ্ড সদ্বস্তু অৰ্থাৎ অখণ্ড সদ্বস্তু হৈছে পৰমেশ্বৰ সম্পৰ্কীয় জ্ঞান আৰু
এই জ্ঞান পৰমেশ্বৰৰ পৰা পৃথক নহয় ।কথাখিনি বুজাৰ বাবে
আমি এনেদৰে চিন্তা কৰিব পাৰো । জগতত আমি জ্ঞানেন্দ্ৰিয় , মন
আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন বিষয় বস্তু সম্পৰ্কে
জ্ঞান আহৰণ কৰো । ইয়াতে আমি বুজিব পাৰো যে আমি আহৰণ কৰা জ্ঞান আৰু যিবিলাক
বিষয়বস্তুৰ জ্ঞান আহৰণ কৰা হয়, এই দুটা বস্তু পৃথক পৃথক ।উদাহৰণ
স্বৰূপে আমি এজনী গৰুৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰো । ইয়াত গৰু
এটা পৃথক বস্তু আৰু গৰুৰ বিষয়ে আমি যি জানিব পাৰো সেই জ্ঞান অন্য এটা পৃথক বস্তু ।এজন
চিকিৎসকে এজন ৰোগীৰ বিষয়ে জানে , ৰোগীৰ ৰোগৰ বিষয়ে জানে আৰু কি ঔষধ দিলে
ৰোগী আৰোগ্য হয় তাকো জানে । কিন্তু এই ক্ষেত্ৰত জ্ঞান ,জ্ঞানৰ
বিষয় সমুহ আৰু যিজনে জ্ঞান আহৰণ কৰে এই সকলো পৃথক পৃথক বা সকলো খণ্ড খণ্ডত বিভক্ত
বস্তু ।অখণ্ড সদ্বস্তুৰ ক্ষেত্ৰত এনে প্ৰকাৰৰ খণ্ড খণ্ড
বিষয় বস্তু আৰু খণ্ড খণ্ড জ্ঞানৰ ধাৰণা থাকিব নোৱাৰে ।পৰমেশ্বৰৰ
জ্ঞান আৰু পৰমেশ্বৰ উভয়ে অখণ্ড সদ্বস্তু গতিকে উভয়ে পৃথক পৃথক হৈ থাকিব নোৱাৰে।এই
জ্ঞানৰ জ্ঞাতা হিচাপে আমাৰ কৰ্ত্তব্য হৈছে আমি নিজেও এই জ্ঞান আৰু জ্ঞানৰ বিষয়ৰ
পৰা পৃথক নহয় বুলি উপলব্ধি কৰাৰ চেষ্টা কৰা। এই একত্বৰ
উপলব্ধিয়ে অখণ্ড সদ্বস্তুৰ উপলব্ধি বা ঈশ্বৰ উপলব্ধি বা আত্মোপলব্ধি। ভাগৱতত এই
আত্মোপলব্ধি লাভ কৰাৰ উপায় সম্পৰ্কে কোৱা হৈছে আৰু হৰিদেৱ গুৰুজনাই সত্ৰৰ জৰিয়তে
আমাক সেই শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰি থৈছে ।(আগলৈ)
No comments:
Post a Comment