In the Vedic sacrifices, offering of oblations are prepared with various
purifying materials mixed with Ghee and are poured in the sacrificial fire after recitation of specific Vedic Hymns. With the burning of the oblation in
the fire, smoke mixed with minute particles of burnt
oblations is spread all over the atmosphere along with the sound vibration of
Vedic hymns. It is told that the spreading smoke of sacrificial fire clean and purify the atmospheric air of the neighboring areas of the place of
performance of sacrifice. Now all human beings available in that particular
environment become bound to inhale the air mixed with smoke of the sacrificial fire.
Those people may be follower of the sacrificial rites or may be in opposition
of it. They may be of saintly or satanic nature, they may be educated or
uneducated, they may be of any age, gender , cast, creed and so on. But all are bound to inhale
this purified air and get the positive effect of the purifying agent present in the
air. Thus the body- mind complex of each and every person available within
certain area adjacent to the place of performance of the sacrificial rites
gets purified. This happens automatically irrespective of the willingness or
unwillingness of the persons concerned. The Satra Institution of Guru Harideva
also utilized this technique of the Vedic Sages for purification of the body
mind complex of people. The sound vibrations of the Vedic hymns uttered
during performance of worship of the deity of Satra, the sound vibrations
generated during recitation of Bhagavata and mass recitation Vedic stotras, mantras etc entered into the ear of each and every person in the vicinity of the Satra area.
The effect of this was similar to the entering of the smoke of sacrificial fire
through inhalation as mentioned above. The purifying effects of those sound
vibrations started purification of the body mind complex of the people concerned making them gradually
interested in the spiritual life. Moreover to attract more and more people to
the Satra, Guru Harideva arranged celebrations of certain festivals like Doljatra,
Janmastami etc in the Satra. On those occasions different groups of people
expert in Vedic Gandharva Vidya, that is, singing, dancing, dramatic performance
etc with strict observance of scriptural rules and regulations were invited from
different places for their cultural performances. Large numbers of people from distant places
also used to assemble in the Satra for enjoying those cultural programs. With
passage of times, majority of those people gradually became interested in the functioning of the Satra and the education imparted there. In this way
the Satra Institution of Guru Harideva started involving more and more common
people day by day. (to be continued)
বৈদিক যজ্ঞ উপলক্ষে ঘিৰ সৈতে অন্যান্য অনেক পবিত্ৰ সামগ্ৰী মিহলি কৰি আহুতি প্ৰস্তুত কৰা হয় আৰু নিৰ্দিষ্ট বেদমন্ত্ৰ উচ্চাৰণ কৰাৰ পিছত সেই আহুতি জ্বলন্ত অগ্নিত ঢালি দিয়া হয় ।আহুতি অগ্নিত পুৰি যোৱাৰ পিছত সেই অগ্নিৰ পৰা উৎপন্ন ধোৱাঁ আহুতি দিয়া দ্ৰব্যৰ নিৰ্যাসৰ সৈতে মিহলি হৈ বায়ুমণ্ডলত বিয়পি পৰে ।শাস্ত্ৰত কোৱা হৈছে যে যজ্ঞাগ্নিৰ পবিত্ৰ ধোৱাঁ আৰু বেদমন্ত্ৰৰ শব্দ বিয়পি পৰাৰ ফলত যজ্ঞ অনুষ্ঠিত হোৱা স্থানৰ ওচৰ পাজৰৰ বায়ুমণ্ডল বিশুদ্ধ আৰু পবিত্ৰ হৈ উঠে ।
এতিয়া সেই অঞ্চলত বসবাস কৰা বা বাহিৰৰ পৰা আহি তাত উপস্থিত থকা সকলো লোকে উশাহ লওঁতে যজ্ঞাগ্নিৰ ধোৱাঁ মিশ্ৰিত সেই পবিত্ৰ বায়ু সেৱন কৰিবলৈ বাধ্য হয়।এই লোক সকল বেদ বা বৈদিক যাগ-যজ্ঞাদিৰ প্ৰতি বিশ্বাসীও হ’ব পাৰে বা ইয়াৰ বিৰোধীও হ’ব পাৰে।তেওঁলোক সাধু-সন্তও হ’ব পাৰে বা চোৰ ডকাইতো হ’ব পাৰে , শিক্ষিতও হ’ব পাৰে বা অশিক্ষিতও হ’ব পাৰে, তেওঁলোক যিকোনো জাতি , ধৰ্ম , বয়স , লিঙ্গৰ ব্যক্তি হ’ব পাৰে ।কিন্তু উশাহ নোলোৱাকৈ কোনেও থাকিব নোৱাৰে। সেয়েহে সকলো ব্যক্তিয়ে সেই পবিত্ৰ বায়ু সেৱন কৰিবলৈ সমানে বাধ্য হয় আৰু বায়ুৰ সৈতে মিহলি হৈ থকা যজ্ঞাগ্নিৰ পবিত্ৰ ধোৱাঁ সেৱন কৰাৰ ফলত সকলোৰে দেহ মন পবিত্ৰ হয় ।
এই ব্যৱস্থা স্বয়ংক্ৰিয় ব্যৱস্থা আৰু ইয়াত কাৰো ইচ্ছা বা অনিচ্ছাৰ কথা নাহে ।
হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানতো সত্ৰৰ ওচৰে পাঁজৰে থকা আৰু সত্ৰলৈ অহা যোৱা কৰা সকলো লোকৰ দেহমন বিশুদ্ধ কৰাৰ বাবে বৈদিক ঋষিসকলে ব্যৱহাৰ কৰা এনে ব্যৱস্থাৰ সহায় লোৱা হৈছিল ।সত্ৰৰ উপাস্য বিগ্ৰহৰ পূজা অৰ্চনা কৰাৰ সময়ত কৰা বেদমন্ত্ৰৰ ধ্বনি , ভাগৱত পাঠৰ শব্দ , সমবেত প্ৰাৰ্থনা সংগীতৰ ধ্বনি ,বৈদিক স্তোত্ৰ ,মন্ত্ৰ আদিৰ সমস্বৰে কৰা আবৃত্তি ইত্যাদিৰ পবিত্ৰ ধ্বনি সত্ৰৰ ওচৰে পাজৰে থকা সকলো লোকৰ কাণেৰে প্ৰৱেশ কৰিছিল আৰু এই শব্দৰ ধ্বনিয়ে ওপৰত উল্লেখ কৰা যজ্ঞাগ্নিৰ ধোৱাঁৰ নিচিনা সকলোৰে দেহমন শুদ্ধিকৰণ কৰিছিল ।প্ৰতিদিনে শুনি থকা সেই পবিত্ৰ শব্দধ্বনিৰ প্ৰভাৱত দেহ মন শুদ্ধ হোৱাৰ ফলত এই সকল লোক ক্ৰমান্বয়ে পাৰমাৰ্থিক জীৱনৰ প্ৰতি আকৰ্ষিত হৈছিল ।তদুপৰি সত্ৰৰ প্ৰতি আৰু অধিক লোকৰ মন আকৰ্ষণ কৰাৰ অৰ্থে হৰিদেৱ গুৰুজনাই সত্ৰত দোলযাত্ৰা , জন্মাষ্টমী আদি উৎসৱৰ আয়োজন কৰিছিল ।এই উৎসৱ সমুহত বৈদিক গন্ধৰ্ব বিদ্যাত পাৰদৰ্শী লোকেৰে গঠিত নৃত্য প্ৰদৰ্শক , সংগীত পৰিবেশক, নাট্যাভিনয় পৰিবেশক আদি বিভিন্ন দলক আমন্ত্ৰণ কৰা হৈছিল আৰু শাস্ত্ৰীয় ৰীতি , নীতি তথা অনুশাসন মানি বিভিন্ন প্ৰকাৰৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ দিয়া হৈছিল।
দূৰ দূৰণীৰ পৰা আহিও অসংখ্য লোকে এই সাংস্কৃতিক অনুষ্ঠান সমুহ উপভোগ কৰাৰ বাবে সত্ৰত সমবেত হৈছিল ।
এই সকল ব্যক্তিৰ সৰহ সংখ্যকে পিছলৈ লাহে লাহে সত্ৰৰ কাৰ্যব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হৈ সত্ৰৰ কাৰ্যসূচীত যোগদন কৰিছিল।এনেদৰে হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ কাৰ্যসূচীত যোগদান
কৰা
লোকৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছিল ।(আগলৈ)
No comments:
Post a Comment