The Satra Institution of Guru Harideva accommodated the Jnanins or followers of the path of knowledge, Yogis or follower of
the path of Yoga , the Karmis or Wokers, Devotees and all other classes of
people. Moreover, the door of the Satra was open for those people also who were considered to be of very low
cast and untouchable by the society. Ladies from all classes of families were
allowed to participate in all religious functions held in the Satra. Out of all people, the Jnains and Yogis were very less in numbers. Guru Harideva himself
and his life long associate Dwija Gobinda were from Jnani and Yogi categories and they used to stay in the Satra for all times. Dwija Gobinda had
extraordinary knowledge of Vedic scriptures and had long time experience of spiritual
practice and so he was called Jnani
Gobinda by the People. Puroshottam Vidyabagisha, the great Sanskrit scholar from
the court of the king of Coochbihar and elder brother of Guru Harideva used to visit
and stay in the Satra from time to time. Moreover, great scholars from different
parts of India used to frequently visit and stay in the Satra on
their way of pilgrimage to Kamrupa. Arrangements were made in the Satra to hear
and gain knowledge from these scholars as and when they visited the Satra. Thus
Guru Harideva, Dwija Gobinda, Purushottama and the visiting scholars form the core group of Sat-samga associated with the Satra. Majority of the people associated
with the Satra were devotees and Karmis or working class of people. All of them
were spiritually benefited from the discussions held in that Sat-Samga group. In the preceding post it is told that though the devotees are
not totally free from desires, they are interested in God. The karmis or working class of people are
initially not interested in God but with some efforts it is possible to make
them interested in God.The Satra mainly took care to educate these two classes
of people by gradually regulating their day to day life according to the directions
contained in the Bhagavata. To keep these people aware of the knowledge and
instructions contained in Bhagavata, this scripture was recited and explained
three times daily in the Satra. This routine work was performed by Guru Harideva
himself or by some other very competent person nominated by him. Kirtanas, which
includes discussion on particular topics of Bhagavata in the form questions and
answers, group singing of prayer songs, mass recitation of important Vedic hymns
called stotras , mantras etc for purification of body, mind ,social and natural
environments etc were performed for three times daily after the recitation sessions
of Bhagavata.(to be continued)
হৰিদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰৰ কাৰ্যসূচীত জ্ঞানী ,যোগী, ভক্ত , কৰ্মী আদি সকলো শ্ৰেণীৰ লোককে সামৰি লোৱা হৈছিল।
তদুপৰি সমাজে যিসকল লোকক একেবাৰে নিম্ন জাতিৰ অস্পৃশ্য লোক বুলি ধৰ্মীয় ৰীতি নীতিৰ পৰা আঁতৰাই ৰাখিছিল সেই সকলৰ বাবেও সত্ৰৰ দুৱাৰ খোলা আছিল।
জাতি বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো পৰিয়ালৰ মহিলাক সত্ৰৰ সকলো প্ৰকাৰৰ ধৰ্ম কাৰ্য্ত অংশ গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছিল।এই সকলৰ ভিতৰত জ্ঞানী আৰু যোগীৰ দৰে উচ্চ স্তৰৰ সাধকৰ সংখ্যা বৰ তাকৰ আছিল ।
হৰিদেৱ গুৰুজনা নিজে আৰু তেওঁৰ আজীৱন সঙ্গী দ্বিজ গোবিন্দ এই পৰ্যায়ৰ সাধক আছিল আৰু তেওঁলোকে সদায় সত্ৰ চৌহদতে বাস কৰিছিল ।দ্বিজ গোবিন্দ গভীৰ শাস্ত্ৰজ্ঞান সম্পন্ন ব্যক্তি আছিল আৰু পাৰমাৰ্থিক সাধনা সম্পৰ্কত তেওঁৰ দীৰ্ঘকালীন অভিজ্ঞতা আছিল । সেই কাৰণে তেওঁক সকলোৱে জ্ঞানী গোবিন্দ বুলি সম্বোধন কৰিছিল ।তদুপৰি হৰিদেৱ গুৰুজনাৰ জ্যেষ্ঠ ভাতৃ তথা কোচবিহাৰ ৰাজসভাৰ বিখ্যাত সংস্কৃত পণ্ডিত পুৰুষোত্তম বিদ্যাবাগীশে সঘনাই আহি সত্ৰত থাকি হৰিদেৱ গুৰুজনাক বিভিন্ন দিহা পৰামৰ্শ দিছিল ।ইয়াৰোপৰি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা কামৰূপ ভ্ৰমণৰ বাবে অহা বহুতো গুণী জ্ঞানী পণ্ডিত ব্যক্তিয়ে যাত্ৰাপথত জিৰণী লোৱাৰ বাবে আৰু সৎসঙ্গ লাভৰ অৰ্থে গুৰুজনাৰ আলহী হৈ কিছুদিনৰ বাবে সত্ৰত থাকি যোৱাটো নিত্য
নৈমিত্তিক ঘটনা আছিল ।এনেকুৱা
ব্যক্তি সত্ৰত থাকিলে সকলৱে একেলগে তেওঁলোকৰ কথা-বতৰা শুনি জ্ঞান লাভ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰা হৈছিল ।
এনেদৰে হৰিদেৱ গুৰুজনা , জ্ঞানী গোবিন্দ , পণ্ডিত পুৰুষোত্তম বিদ্যাবাগীশ আৰু আলহীৰ ৰূপত প্ৰায় সকলো সময়তে
আহি থকা
ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ গুণী জ্ঞানী পণ্ডিত ব্যক্তিসকলৰ দ্বাৰা সত্ৰত সৎসঙ্গ মণ্ডলী গঠন হৈছিল ।সত্ৰৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ সৰহ সংখ্যকেই আছিল ভক্ত আৰু কৰ্মী পৰ্যায়ৰ লোক আৰু তেওঁলোকে এই সৎসঙ্গৰ প্ৰভাৱত পাৰমাৰ্থিকভাৱে অনেক উপকৃত হৈছিল ।
আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে ভক্তসকল জাগতিক কামনা বাসনাৰ পৰা সম্পূৰ্ণ মুক্ত নহয় যদিও তেওঁলোক ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল।আনহাতে কৰ্মীসকল সম্পূৰ্ণ বৈষয়িক ভাৱাপন্ন লোক হ’লেও অলপ চেষ্টা কৰিলে তেওঁলোকক ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিব পাৰি ।
সত্ৰৰ শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা প্ৰধানত এই দুই শ্ৰেণীৰ লোকৰ পাৰমাৰ্থিক অগ্ৰগতিৰ লক্ষ্য আগত ৰাখি স্থিৰ কৰা হৈছিল।ইয়াৰ বাবে ভাগৱত শাস্ত্ৰৰ শিক্ষা আৰু নিৰ্দেশ অনুসৰি এইসকল ব্যক্তিৰ দৈনন্দিন জীৱন যাত্ৰা প্ৰণালী নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছিল ।ভাগৱতৰ জ্ঞান আৰু নিৰ্দেশৰ প্ৰতি এই সকল ব্যক্তিক সদা সচেতন কৰি ৰখাৰ অৰ্থে সত্ৰত দিনে তিনিবাৰকৈ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা কৰা হৈছিল ।এই নিত্য কৰ্ম হৰিদেৱ গুৰুজনাই নিজে সম্পাদন কৰিছিল বা তেওঁৰ দ্বাৰা মনোনীত কোনো বিশেষ জ্ঞান আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল ।প্ৰতিবাৰ ভাগৱত পাঠ আৰু ব্যখ্যা কৰাৰ অন্তত কীৰ্ত্তন অৰ্থাৎ ভাগৱতত বৰ্ণনা কৰা নিৰ্দিষ্ট কোনো বিষয়ৰ ওপৰত প্ৰশ্নোত্তৰৰ মাধ্যমত আলোচনা বিলোচনা , সমবেত প্ৰাৰ্থনা সঙ্গীত পৰিবেশন আৰু ইয়াৰ লগতে শৰীৰ, মন, সামাজিক আৰু প্ৰাকৃতিক পৰিবেশ আদি বিশুদ্ধিকৰণৰ বাবে বৈদিক স্তোত্ৰ ,মন্ত্ৰ ইত্যাদি সমস্বৰে আবৃত্তি কৰা হৈছিল ।
(আগলৈ)
No comments:
Post a Comment