Saturday, 5 December 2020

The “Satra” Institution of Guru Harideva-19 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১৯)

 

In the Bhagavata and other scriptures it is told that our birth in the present body is the outcome of the works that we performed in the previous lives. Our present life is meant for enjoyment of a very small part of the outcomes accumulated from the deeds performed in the previous lives. The things can be compared with a retail grocery shop and the godwon attached with it. In the godown huge quantity of various grocery items are stored and small parts of those items are brought to the shop from time to time for retail sale. In a similar way we have a huge accumulated stock of the fruits we earned through our past deeds since time unknown .We come to this world with a body suitable for enjoyment of a selected small part of that huge accumulation. For enjoyment of the rest of the accumulation we are supposed to move to different parts of the creation with different types of bodies undergoing repeated births and deaths. Moreover, in the process of those enjoyments, we are bound to perform so many works in the middle periods between each birth and death. Various kinds of outcomes are  generated from those deeds also and large parts of those are again  added to the accumulated stock already available as above.  We are bound to enjoy the outcomes of those works also. In this way we perform unlimited deeds and are bound to undergo unending birth and death cycles to enjoy the outcomes of all those deeds. Now, liberation means coming out of this unending cycle of birth and death. In the scriptures it is told that since the bondage is generated by us, the way of coming out of it is also in our hand. Different scriptures suggest different ways and means for this purpose. In Bhagavadgita and Bhagavata it is suggested that whatever good or bad comes to us are our own earnings only. If we calmly accept them and do our duties with the intention of satisfying the God Almighty, donate whatever we possess for the benefit of all entities in the creation and if we perform austerities for purification of our body mind complex with due sincerity, then nothing from our present life will be added to the accumulated stock of Karma or fruits of past deeds. Again if we take refuge in the God Almighty and fully surrender to him, then the full stock of accumulated outcomes of past deeds in our credit will be completely destroyed and this is the easiest way of attainment of liberation. Guru Harideva established his Satra institution to practically guide common people in this direction. (to be continued )

ভাগৱত আৰু অন্যান্য শাস্ত্ৰত কোৱা হৈছে যে পূৰ্বৰ জন্মত কৰি অহা কৰ্মৰ ফল স্বৰূপে বৰ্ত্তমান শৰীৰত আমাৰ জন্ম হৈছে পূৰ্বৰ বিভিন্ন জন্মত  কৰা কৰ্মৰো এটা সৰু অংশৰ ফল ভোগ কৰাৰ বাবেহে আমাৰ বৰ্ত্তমান জন্ম হৈছে কথাখিনি বুজাৰ বাবে আমি এখন গেলামালৰ দোকান আৰু সেই দোকানৰ সামগ্ৰী জমা কৰি ৰখা গুদামঘৰৰ উদাহৰণ পাৰো গুদামত বহু পৰিমাণৰ বিভিন্ন সামগ্ৰী মজুত হৈ থাকে তাৰ পৰা সময়ে সময়ে কিছু পৰিমাণৰ সামগ্ৰী বিক্ৰীৰ বাবে দোকানলৈ অনা হয় একেদৰে অনাদি কালৰে পৰা অসংখ্যবাৰ জন্ম গ্ৰহণ কৰি আমি যি কৰ্ম কৰি আহিছো সেই কৰ্মৰ পৰা উৎপন্ন হোৱা কৰ্মফলৰ এক বৃহৎ ভাণ্ডাৰ আমাৰ ভোগৰ বাবে মজুত হৈ আছে সে বৃহৎ ভাণ্ডাৰৰ এটা ক্ষুদ্ৰ  অংশৰ ফল ভোগ কৰাৰ বাবে  আমাৰ জন্ম হৈছে আমাৰ বৰ্ত্তমানৰ শৰীৰো সেই  পূৰ্বনিৰ্দিষ্ট আৰু ক্ষুদ্ৰ অংশৰ ফল ভোগ কৰাৰ উপযোগী হিচাপেহে নিৰ্মাণ কৰা হৈছে।ইয়াৰ পিছতো ভাণ্ডাৰত মজুত হৈ থকা বৃহৎ অংশ  ভোগ কৰাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন শৰীৰ গ্ৰহণ কৰি সৃষ্টিৰ বিভিন্ন অংশলৈ যাব লাগে অৰ্থাৎ কৰ্মফল ভোগ কৰাৰ বাবে অসংখ্য বাৰ জন্ম গ্ৰহণ আৰু মৃত্যু বৰণ কৰিব লাগে আকৌ প্ৰত্যেক জন্মত পূৰ্ব কৰ্মৰ ফল ভোগ কৰি থকা সময়তো আমি নতুন নতুন কাম কৰাৰ বাবে বাধ্য হওঁ এই নতুন কৰ্ম সমুহেও ফল উৎপাদন কৰে আৰু সেই ফল ভোগ কৰাৰ বাবেও আমি বাধ্য লাগে এনেদৰে আমি অসংখ্য ধৰণৰ কৰ্ম কৰিব লাগে আৰু এই অসংখ্য কৰ্মৰ অসংখ্য ফল ভোগ কৰাৰ বাবে জন্ম মৃত্যুৰ সীমাহীন চক্ৰত ঘুৰি ফুৰিব লাগে  মুক্তি মানে হৈছে এই অন্তহীন জন্ম মৃত্যুৰ চক্ৰৰ বন্ধনৰ পৰা অব্যাহতি লাভ কৰা শাস্ত্ৰত কোৱা হৈছে যে যিহেতু বন্ধন আমি নিজে সৃষ্টি কৰিছো গতিকে ইয়াৰ পৰা অব্যাহতি লাভ কৰাৰ ক্ষমতাও আমাৰ হাততে আছে ইয়াৰ উপায় হিচাপে বিভিন্ন শাস্ত্ৰত বিভিন্ন প্ৰকাৰৰ উপদেশ দিয়া হৈছে গীতা আৰু ভাগৱতত উপদেশ দি কোৱা হৈছে যে আমাৰ জীৱনলৈ যি সুখ বা দুখ আহে সেয়া আমি নিজে উপাৰ্জন কৰি লোৱা বস্তু আমি যদি সুখ দুখ উভয়কে সমভাৱে গ্ৰহণ কৰো , ঈশ্বৰক সন্তুষ্ট কৰাৰ মনোভাৱ লৈ আমাৰ কৰ্ত্তব্য কৰ্মসমুহ কৰি যাওঁ, আমাৰ নিজৰ বুলিবলৈ যি আছে তাক জগতৰ সমস্তৰে কল্যাণৰ অৰ্থে ব্যৱহাৰ কৰো আৰু ব্ৰত, আত্মসংযম আদি তপস্যা কৰ্মৰ দ্বাৰা নিজৰ শৰীৰ আৰু মন বিশুদ্ধ কৰো তেন্তে বৰ্ত্ত্মান জন্মত কৰা কোনো কৰ্মৰ ফল আমাৰ সঞ্চিত কৰ্মভাণ্ডাৰত জমা নহয় আকৌ পৰমেশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰি সম্পূৰ্ণ আত্মসমৰ্পণ কৰিলে অনাদি কালৰ পৰা জমা হৈ থকা কৰ্মভাণ্ডাৰ ধ্বংস হয় অনন্ত কৰ্মচক্ৰৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ ইয়ে সহজতম উপায় সত্ৰ অনুষ্ঠানৰ জৰিয়তে হৰিদেৱ গুৰুজনাই জনসাধাৰণক এই উপায় সম্বন্ধে ব্যৱহাৰিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল (আগলৈ)   


No comments:

Post a Comment