During the time, when Guru Harideva established his first Satra at Bahari in 1453 CE, the River Brhamaputra was the only way of communication from Kamrupa or Assam with India.At that time,most of the areas of Assam was covered by thick forests infected with tigers, elephants, snakes and so many other verities of ferocious animals and poisonous insects.People had to walk through narrow roads passing through those deep forests to go from one place to another. During those days also people from different parts of India came to Kamrupa or Assam for various purposes. Since the ancient times, Kamrupa is famous for the temple of Goddess Kamakshya. Many other ancient temples of Goddess Shakti, Lord Shiva and Lord Vishnu of the epic ages are also still available here. Some people from outside used to come on pilgrimage to those religious shrines. Regarding this class of people we already discussed in the preceding posts. In addition to the pilgrims, people of various other professions also used to come to Assam to render their services to the public here. They were Vedic priests, physicians, astrologers, Pandas or travel guides who used to take people to the pilgrim places outside Assam and practitioners and teachers of various arts, crafts,architecture and other professions. Earlier,during their visits, those people used to stay in some temples or guest houses established by the local kings or philanthropic organizations .But those facilities were limited and were available at some selected places only.Thus, most of the general public of Assam were deprived of the services rendered by those outsiders because of non availability of sufficient staying arrangements for them. Now after establishment of the Satra at different places by Guru Harideva and his disciples, those professionals started making their camps in those Satras also. In this way more and more people of remote places of Assam became able to get the services rendered by those professional from outside Assam. Moreover, those people during their stay in the Satras interacted with the local people present there and discussed the experiences they gained at different places of their visit.During those interactions they also used to interchange their knowledge and culture with the local people connected with the Satras. In this way the common people of Assam got the scope to expand their knowledge and ideas about the language, culture, habit, history, geography, social and economical conditions of different people and different places of the country through the Satra Institutions of Guru Harideva. (to be continued)
হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃঃত বহৰিত প্ৰথমখন সত্ৰ স্থাপন কৰা কালত কামৰূপ বা অসমৰ পৰা ভাৰতৰ অন্য অংশৰ সৈতে যোগাযোগৰ একমাত্ৰ নিৰাপদ পথ আছিল ব্ৰহ্মপুত্ৰ নদী । তেতিয়া অসমৰ বেছিভাগ ঠাই বাঘ , ভালুক ,হাতী , সাঁপ আদি হিংস্ৰ জন্তু আৰু বিষাক্ত কীট পতঙ্গৰে পৰিপুৰ্ণ ঘন অৰণ্যৰে আবৃত আছিল ।
মানুহে
এনে
ডাঠ হাবিৰে মাজেৰে যোৱা লুংলুঙীয়া পথেৰে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ খোজ কাঢ়ি অহা যোৱা কৰাত বাদে গত্যন্তৰ নাছিল ।কিন্তু সেই কালতো ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন উদ্দেশ্যত অসমলৈ মানুহ আহিছিল ।অসমৰ কামাক্ষ্যা দেৱীৰ মন্দিৰ অতি প্ৰাচীন কালৰে পৰা সকলোতে সুবিখ্যাত।
অসমত
বৰ্ত্তমানো জাগ্ৰত অৱস্থাত থকা শক্তি দেৱী, ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ অনেক মঠ মন্দিৰৰ কথা ৰামায়ণ মহাভাৰততো উল্লেখ আছে।
পুৰণি কালত কিছুমান
মানুহে এই উপাসনা স্থলীসমুহ দৰ্শন কৰাৰ বাবে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল ।
এই তীৰ্থযাত্ৰী সকলৰ বিষয়ে আগতে কৈ অহা হৈছে ।
ইয়াৰোপৰি অন্যান্য ব্যৱহাৰিক বৃত্তিত পাৰ্গত অনেক ব্যক্তিয়ে অসমৰ জনসাধাৰণক তেওঁলোকৰ সেৱা আগ বঢ়োৱাৰ উদ্দেশ্যে বাহিৰৰ পৰা ইয়ালৈ আহিছিল ।
তেওঁলোকৰ ভিতৰত বৈদিক পুৰোহিত , চিকিৎসক , জ্যোতিষী , পাণ্ডা অৰ্থাৎ অসমৰ লোকক নিৰাপদে বাহিৰৰ তীৰ্থস্থান সমুহলৈ পথ দেখুৱাই অনা নিয়া কৰা লোক তথা বিভিন্ন প্ৰকাৰৰ কলা, ভাস্কৰ্য বিদ্যা, স্থাপত্য বিদ্যা আৰু অন্যান্য অনেক এনে বৃত্তিৰ কৰ্মী আৰু প্ৰশিক্ষক শ্ৰেণীৰ লোক আছিল ।আগতে এই সকল লোকে মঠ, মন্দিৰ , স্থানীয় ৰজা বা অন্য দাতব্য অনুষ্ঠানে নিৰ্মাণ কৰা অতিথি গৃহত কিছুদিনৰ বাবে থাকি নিজৰ কাম সমাপ্ত কৰিছিল ।
কিন্তু সংখ্যাৰ ফালৰ পৰা এনে সুবিধা অতি তাকৰ আছিল আৰু সীমিত সংখ্যক স্থানতহে এনে সুবিধা উপলব্ধ আছিল ।ভিতৰুৱা গাওঁ সমুহত থকা মেলাৰ সুবিধা নথকা বাবে অসমৰ বেছিভাগ লোকে এই সকল গুণী-জ্ঞানী ব্যক্তিৰ সেৱা আৰু সঙ্গ লাভ কৰাৰ পৰা বঞ্ছিত হৈছিল ।হৰিদেৱ গুৰুজনা আৰু তেওঁৰ শিষ্যসকলে বিভিন্ন স্থানত সত্ৰ স্থাপন কৰাৰ পিছত এই সকল লোকে সত্ৰসমুহত থকাৰ সুবিধা লাভ কৰিছিল ।
ইয়াৰ ফলত অসমৰ ভিতৰুৱা গাৱঁৰ লোকেও বাহিৰৰ পৰা অহা বিভিন্ন বৃত্তিৰ লোকৰ সেৱা লাভ কৰা সম্ভৱ হৈছিল।তদুপৰি বাহিৰৰ পৰা আহি বিভিন্ন স্থানত ঘুৰি ফুৰা এই সকল লোক বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট আছিল ।
এই সকল লোকে সত্ৰত থকা সময় ছোৱাত সত্ৰৰ সৈতে সংযুক্ত লোকৰ সৈতে কথা বতৰা হোৱাৰ সময়ত বিভিন্ন স্থানত নিজে প্ৰত্যক্ষ কৰি
অহা
অভিজ্ঞতাসমুহ বৰ্ণনা কৰিছিল ।এনে মিলামিছাৰ জৰিয়তে বাহিৰৰ পৰা অহা লোকৰ সৈতে সত্ৰৰ স্থানীয় লোকৰ জ্ঞান আৰু সংস্কৃতিৰ আদান প্ৰদান হৈছিল ।
এনেদৰে হৰিদেৱ গুৰুজনাৰ সত্ৰৰ জৰিয়তে সাধাৰণ মানুহে নিজৰ দেশৰ বিভিন্ন লোকৰ ভাষা , সংস্কৃতি ,স্বভাৱ আৰু বিভিন্ন স্থানৰ ইতিহাস,ভূগোল,সমাজিক আৰু অৰ্থনৈতিক অৱস্থা ইত্যাদি সম্পৰ্কে জানি নিজৰ জ্ঞানৰ পৰিধি বিস্তাৰ কৰাৰ সুবিধা পাইছিল (আগলৈ)
No comments:
Post a Comment