Saturday, 19 December 2020

The “Satra” Institution of Guru Harideva-26 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-২৬)

 

In Bhagavata, the main text book of reference of the Satra Institution of Guru Harideva, it is told that the non-dual knowledge itself is the Akhanda Sat or Ultimate Truth .But different people understand the things in different ways. Due to this difference in the process of understanding, the Ultimate Truth appears in different ways in the mind of different people. One section of people realizes the Ultimate Truth as non-dual knowledge only as told above. They, call this knowledge as Param Brahma.This path of realizing the Ultimate Truth is called Jnana Yoga and the followers of this path are called Jnanins. Another section of people identify the Ultimate Truth with the great soul or consciousness of the whole creation. They call this non-dual knowledge or Ultimate Truth as the Paramatma. This path of realization of the Ultimate Truth is called Yoga Marga and the followers of this path are called yogis. For another class of people this non dual knowledge is their most beloved an affectionate possession and they call this Ultimate Truth as God Almighty or Bhagavan. They personify this non-dual knowledge or Ultimate Truth and pour down all the love and affection of their hearts for the satisfaction of that knowledge personified called Bhagavana. This path of adoration of the personified non-dual knowledge is called the path of devotion and the followers of this path are called the devotees. In this way the non-dual knowledge is designated as Brahma, Paramatma or Bhagavana by different categories of people according to their own capacity of understanding. Bhagavata also tells that the three paths mentioned above are suitable for three different  categories of people and which path is suitable for whom is also explained there . Now, here the necessity of a Guru or spiritual teachers comes to show the right path to right person. It is not possible for a common man to understand  the Ultimate Truth or God Almighty as impersonal knowledge without any tribute. They are also not in a position to worship the Ultimate Truth as  formless Paramatma or Consciousness. So Guru Harideva selected the path of devotion for the spiritual practice of common people through his Satra Institution. (to be continued)  

হৰিদেৱ গুৰুজনাৰ সত্ৰৰ মূল পাঠ্যপুস্তক হিচাপে ব্যৱহাৰ কৰা ভাগৱত শাস্ত্ৰত  জ্ঞাতা আৰু জ্ঞেয়ৰ পাৰ্থক্যহীন অদ্বৈত তত্বজ্ঞানকে অখণ্ড সদ্বস্তু বা পৰম সত্য বুলি কোৱা হৈছে আৰু এই বিষয়ে ইয়াৰ আগৰ লিখনিত কৈ অহা হৈছে কিন্তু বেলেগ বেলেগ মানুহে একেটা কথাকে বেলেগ বেলেগ ধৰণে বুজি পায় মানুহৰ বুজাৰ ক্ষমতাৰ পাৰ্থক্য থকা হেতুকে এক পৰম সত্যকে মানুহে বেলেগ বেলেগ ৰূপত দেখে একাংশ ব্যক্তিয়ে অখণ্ড সদ্বস্তু বা পৰম সত্যক ওপৰত কোৱাৰ দৰে অদ্বৈত তত্বজ্ঞান হিচাপেই ধাৰণা কৰিব পাৰে তেওঁলোকে এই তত্বজ্ঞানক পৰম ব্ৰহ্ম বুলি কয় এই পথৰ সাধনা জ্ঞান যোগৰ সাধনা আৰু এই পথৰ অনুগামীসকলক জ্ঞানী বুলি কোৱা হয় আন একাংশ লোকে আকৌ  সমস্ত সৃষ্টিৰ আত্মা বা সৃষ্টিৰ অন্তৰালত থকা চৈতন্যকে অখণ্ড সদ্বস্তু বা পৰম সত্য বুলি বুজি পায় তেওঁলোকে এই অদ্বৈত তত্বজ্ঞানক পৰমাত্মা নামেৰে অভিহিত কৰে এই উপসনা পথক যোগ মাৰ্গ আৰু এই শ্ৰেণীৰ উপাসকক যোগী বুলি কোৱা হয় অন্য একাংশ লোকে এই অদ্বৈত তত্ব জ্ঞানকে তেওঁলোকৰ হৃদয়ত সঞ্চিত সবাতোকৈ মূল্যৱান সম্পদ হিচাপে জ্ঞান কৰে তেওঁলোকে সেই অখণ্ড তত্বজ্ঞানৰ মূৰ্ত্তিমান ৰূপক ভগৱান হিচাপে অভিহিত কৰে আৰু সেই ভগৱানৰ  ওচৰত নিজৰ হৃদয়ৰ সমস্ত আবেগ অনুভূতি ঢালি পূজা সেৱা কৰে ।তেওঁলোকে জ্ঞানৰ সেই মূৰ্ত্ত ৰূপ বা ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি সেই ভগৱানৰ সন্তুষ্টি সাধনৰ অৰ্থে  বিভিন্ন প্ৰকাৰৰ কৰ্ম কৰে এই প্ৰকাৰৰ উপাসনাক ভক্তিযোগ বুলি কোৱা হয় আৰু এই পথৰ অনুগামীসকলক হৈছে ভক্ত এনেদৰে ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে অদ্বৈত তত্বজ্ঞানেই অখণ্ড সদ্বস্তু বা পৰম সত্য এই জ্ঞানকে বিভিন্ন লোকে নিজৰ নিজৰ জ্ঞান বুদ্ধি আৰু ৰুচি-অভিৰুচি অনুসৰি ব্ৰহ্ম ,পৰমাত্মা বা ভগৱান বুলি কয়ভাগৱতত এই তিনি প্ৰকাৰ উপসনাৰ ভিতৰত কোন পদ্ধতি কাৰ বাবে উপযোগী তাকো কোৱা হৈছে ইখিনিতে উপযুক্ত লোকৰ বাবে উপযুক্ত পদ্ধতি নিৰ্বাচন কৰাৰ বাবে গুৰুৰ প্ৰয়োজনীয়তা আহি পৰে।এজন সাধাৰণ লোকৰ বাবে অখণ্ড সদ্বস্তু বা পৰম সত্যক নিৰাকাৰ তত্বজ্ঞানৰ ৰূপত বুজি পোৱা সম্ভৱ নহয় একেদৰে সাধাৰণ লোকে আকাৰবিহীন আত্মা বা চৈতন্যক উপাসনা কৰাও সম্ভৱ নহয়।সকলো কথা  বিবেচনা কৰি হৰিদেৱ গুৰুজনাই সাধাৰণ লোকৰ বাবে ভক্তিযোগৰ পথ নিৰ্বাচন কৰি সত্ৰৰ জৰিয়তে জনসাধাৰণ সেই দিশত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল (আগলৈ)

No comments:

Post a Comment