It is told in the Bhagavata that even the most intelligent people of the world can not realize the Akhanda Sat or God Almighty by application of the powers of his sense,mind and intelligence. For realization of the Akhanda Sat one should purify his mind or inner senses or antahkarana. It is said that God Almighty reveals himself in the purified minds and this is the only way of realization of the Akhanda Sat or God Almighty. Now, performance of Sat Karma or good deeds is essential for the purification of mind or antahkarana. In Bhagavatgita and Bhagavata it is told that not a single entity in the creation can remain even for a moment without doing anything. All living and non living entities, big or small, starting from Lord Brahma to a particle of sand, have their definite place in the creation and all of them are bound to keep themselves engaged in some works according to their nature. The evolution of all the entities in the creation, except human being, progress gradually with the works performed by them according to their position and nature. This happens automatically as per rules of creation. Human beings are also bound to do works according to their own position and nature. But in the case of human being the things related to the progress of evolution are not the same as above. The works performed by human beings become cause of their rebirth. This rebirth may take place in some positions higher or lower than their present position according to the nature of works performed by them as human beings. So, a human being must be too much careful in performing their works. For this purpose, they are endowed with machinery like sense, mind and intelligence to judge the things useful for them for future life. Also the Vedas and Vedic scriptures contain the most reliable guidance to guide human beings correctly in this regard. In Bhagavadgita these things are described clearly for the benefit of people. Here it is told that the Vedic scriptures contain the list of rules and regulations for performance of works by the human beings. If people strictly observe those rule and regulations, then the works, that they are bound to perform, can not be the cause of rebirth and related sufferings. In Bhagavata these things are simplified further for the benefit of the common people. Guru Harideva brought those teachings of Gita and Bhagavata to practical application through his Satra Institution and these things we are going to discuss in the coming posts. ( to be continued)
ভাগৱতত কোৱা হৈছে যে জগতৰ সবাতোকৈ বুদ্ধিমান ব্যক্তিজনেও নিজৰ ইন্দ্ৰিয়, মন আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি অখণ্ড সদ্বস্তু বা পৰমেশ্বৰক জানিব নোৱাৰে।ঈশ্বৰক জানিবৰ বাবে বা উপলব্ধি কৰাৰ বাবে অন্তঃকৰণ শুদ্ধ কৰাৰ প্ৰয়োজন।কোৱা হৈছে যে মানুহৰ বিশুদ্ধ অন্তঃকৰণত অখণ্ড সদ্বস্তু বা পৰমেশ্বৰে নিজে নিজকে প্ৰকাশ কৰে আৰু তেতিয়া মানুহে নিজৰ হৃদয়তে ঈশ্বৰদৰ্শন কৰিব পাৰে। ঈশ্বৰক উপলব্ধি কৰাৰ এয়ে একমাত্ৰ পথ। আকৌ , মন বা অন্তঃকৰণ বিশুদ্ধ কৰাৰ বাবে সৎ কৰ্ম কৰাৰ প্ৰয়োজন্। ভগৱদ্গীতা আৰু ভাগৱতত কোৱা হৈছে যে জগতত থকা স্থাৱৰ জঙ্গম কোনো বস্তুৱে একো কাম নকৰাকৈ এক মুহুৰ্ত্তও থাকিব নোৱাৰে । সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি বালিচাহী পৰ্যন্ত, ক্ষুদ্ৰ বা বৃহৎ সকলোৰে বাবে জগতত স্থান নিৰ্দিষ্ট কৰা আছে । সেই স্থান আৰু নিজৰ প্ৰকৃতি অনুসৰি অবিৰামভাৱে কাম কৰি যোৱাৰ বাবে সকলোৰে বাধ্য বাধকতা আছে। মানুহত বাদে জগতৰ অন্য সকলোৱে নিজৰ স্থান আৰু স্বভাৱ অনুসৰি কৰিবলৈ বাধ্য হোৱা পূৰ্বনিৰ্দিষ্ট কৰ্ম কৰি যায় আৰু ক্ৰমবিকাশৰ পথত ক্ৰমান্বয়ে অগ্ৰসৰ হয়। এই ক্ৰমবিকাশ ভগৱানৰ বিধান আৰু সৃষ্টিৰ নিয়ম মতে নিজে নিজে সংঘটিত হয় ।মানুহেও নিজৰ স্থান আৰু স্বভাৱ অনুসৰি পূৰ্বনিৰ্দিষ্ট কৰ্ম কৰি যাবলৈ বাধ্য ।কিন্তু মানুহৰ বেলিকা ক্ৰমবিকাশৰ নিয়ম সৃষ্টিৰ অন্য স্থাৱৰ-জঙ্গম বস্তুৰ সৈতে একে নহয় । মনুহে পূৰ্ব জন্মত কৰা কৰ্মৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমানৰ শৰীৰ লাভ কৰে আৰু বৰ্ত্তমান জন্মত কৰা কৰ্ম পৰবৰ্ত্তী কালৰ পুনৰ্জন্মৰ কাৰণ হয় ।এই পুনৰ্জন্ম মানুহ হিচাপে কৰা কৰ্মৰ প্ৰকৃতি অনুযায়ী বৰ্ত্তমানৰ মানৱ যোনিতকৈ উচ্চ বা নিম্ন যোনিতো হ’ব পাৰে । অৰ্থাৎ মানুহে বৰ্ত্তমান জন্মত কৰা কৰ্মৰ ফলত পৰবৰ্ত্তী জন্মত দেৱতা , মানুহ , পশু-পক্ষী অথবা জড় পদাৰ্থও হ’ব পাৰে। সেই কাৰণে কৰ্ম কৰোতে মানুহে অতিশয় সাৱধনতা অৱলম্বন কৰাৰ প্ৰয়োজন হয়। ইযাৰ বাবে পৰমেশ্বৰে মানুহক ইন্দ্ৰিয় মন বুদ্ধি আদি যন্ত্ৰ দিছে যাতে মানুহে বৰ্ত্তমান জন্মত কি কৰিলে ভবিষ্যত জন্মত কষ্টভোগ কৰিব লগীয়া নহয় তাক নিজে নিৰ্দ্ধাৰণ কৰিব পাৰে । তদুপৰি বেদ আৰু বৈদিক শাস্ত্ৰত সমুহত কৰ্ম কৰাৰ সঠিক পদ্ধতি সম্পৰ্কেও বিশ্বস্ত আৰু শুদ্ধ উপদেশ মানুহক দিয়া হৈছে । ভাগৱদ্গীতাত কোৱা হৈছে যে বৈদিক শাস্ত্ৰসমুহত কৰ্ম কৰাৰ সঠিক নীতি নিয়ম বৰ্ণনা কৰা হৈছে আৰু সেইমতে কাম কৰিলে কৰ্ম কৰাৰ ফলত হ’ব পৰা পুনৰ্জন্ম আদি সংসাৰ যন্ত্ৰণাৰ পৰা মুক্ত হ’ব পাৰি ।ভাগৱতত বিভিন্ন কাহিনীৰ মাধ্যমত এই কথাবিলাক ইয়াতকৈও সৰলভাৱে বুজাই দিয়া হৈছে। হৰিদেৱ গুৰুজনাই গীতা আৰু ভাগৱতে দিয়া এইবিলাক জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰি সমাজৰ অতি সাধাৰণ বৰ্গৰ লোককো পাৰমাৰ্থিক পথ দেখুওৱাৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিছিল । পৰবৰ্ত্তী লিখনিত এইবিলাক কথা কোৱা হ’ব ।(আগলৈ)
No comments:
Post a Comment