In addition to
the three categories of people who try to realize the Ultimate Truth through
Jnana Marga or path of knowledge, Yoga Marga or path of Yoga and Bhakti Marga or
path of devotion,
as mentioned in the preceding post, there is another class of people and they form
majority part of the society. This class of people wants to enjoy various kinds
of material pleasure using
various types of things available in the creation. They consider God Almighty
as the main provider of all those material pleasure. They also think that God is
able to provide every material pleasure demanded by them either directly or
through various categories of demigods and goddesses. They perform various
types of works with the intention of fulfillment of their desires. In the name of
spiritual practice they perform sacrifice and worship for the satisfaction of
various demigods and goddesses with unlimited expectations of desired results. This category of people, when made aware of the ill effects of
their desires, start performing their activities not for the fulfillment
of their own desires but for the satisfaction of the God Almighty only. In such
case the same activities they perform earlier make a Yoga or path of realization
of the Ultimate Truth or God Almighty. This path of realization of the Ultimate Truth is called
Karma Yoga and the followers of this path are called Karma Yogi. Bhagavata tells
that Jnana Mraga and Yoga Marga are suitable for those people who are totally
free from material desires. For those people who are not totally free from
material desires but are interested in the God Almighty or Bhagavana, they
should follow the path of devotion. This is the most suitable path for the
perfection of their spiritual practice along with the fulfillment of their left
out desires in a controlled way. For the working class of people mentioned above,
the Bhagavata suggests the way of gradually converting their actions or Karmas
to Karma Yoga as defined above. For this purpose they are suggested to impose gradual control over their own desires and surrender the outputs of the activities they
perform for the benefit of others and also for the satisfaction of God
Almighty. In this way they can develop interest in the God Almighty and finally
arrive in the path of Bhatki Yoga.If we go through the teachings of Guru
Harideva and his Satra Institution we will find full reflection of these suggestions
of the Bhagavata practically implemented there.(to be continued)
ইয়াৰ আগৰ লিখনিত উল্লেখ কৰা জ্ঞান মাৰ্গ , যোগমাৰ্গ আৰু ভক্তি মাৰ্গৰ পথেৰে পৰম সত্যক উপলব্ধি কৰাৰ চেষ্টা কৰা তিনিশ্ৰেণীৰ ব্যক্তিৰ উপৰিও অন্য এক শ্ৰেণীৰ ব্যক্তি আছে আৰু সমাজৰ অধিক সংখ্যক ব্যক্তিয়ে এই শ্ৰেণীৰ অন্তৰ্গত ।
তেওঁলোকে জগতত থকা বিভিন্ন প্ৰকাৰৰ বস্তুৰ মাধ্যমত বিষয় আৰু ইন্দ্ৰিয় জনিত সুখ সম্ভোগত ব্যস্ত হৈ থাকে । তেওঁলোকে ঈশ্বৰক সকলো প্ৰকাৰৰ বৈষয়িক সুখ সম্পদৰ সামগ্ৰী যোগান ধৰিব পৰা সবাতোকৈ শক্তিশালী উৎস হিচাপে ধৰি লয় ।
তেওঁলোকে ভাৱে যে ঈশ্বৰে নিজে বা বিভিন্ন দেৱী দেৱতাৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ বৈষয়িক সুখ দিব পৰা বয়-বস্তুৰ যোগান ধৰে আৰু তাকে পাবলৈ কামনা কৰি তেওঁলোকে ঈশ্বৰৰ লগতে বিভিন্ন দেৱী-দেৱতাৰো উপাসনা কৰে ।নিজৰ বিভিন্ন প্ৰকাৰৰ কামনা বাসনা পূৰ্ত্তিৰ অৰ্থে কৰা যাগ-যজ্ঞ , পূজা-পাতল আদিকে তেওঁলোকে পাৰমাৰ্থিক উন্নতিৰ অৰ্থে কৰা সাধনা বুলি ভাৱে ।এই শ্ৰেণীৰ লোকক যেতিয়া মনৰ কামনা বাসনাৰ পৰা উৎপন্ন হ’ব পৰা কুফল সমুহৰ বিষয়ে সজাগ কৰা হয়, তেতিয়া তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ আৰু নিজৰ সন্তুষ্টিৰ মনোভাৱ ত্যাগ কৰি ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে কাম কৰা আৰম্ভ কৰে ।
তেনে অৱস্থাত তেওঁলোকে আগতে নিজৰ ইন্দ্ৰিয় পৰিতৃপ্তিৰ বাবে কৰি থকা কৰ্মসমুহেই পৰম সত্য বা পৰমেশ্বৰ উপলব্ধিৰ পথ বা যোগত পৰিণত হয় ।ঈশ্বৰ উপলব্ধিৰ এই পথক কৰ্ম যোগ আৰু এই পথৰ অনুগামীসকলক কৰ্মযোগী বুলি কোৱা হয় ।
ভাগৱতে কৈছে যে যিসকল ব্যক্তি কামনা বাসনাৰ পৰা সম্পূৰ্ণ মুক্ত তেওঁলোকৰ সাধনাৰ বাবে জ্ঞানমাৰ্গ আৰু যোগমাৰ্গ উপযোগী ।
যিসকল ব্যক্তি কামনা বাসনাৰ পৰা সম্পূৰ্ণ মুক্ত নহয় কিন্তু ঈশ্বৰ আৰু ঈশ্বৰৰ কথাৰ প্ৰতি শ্ৰদ্ধাশীল তেওঁলোকৰ বাবে ভক্তিযোগ অতিশয় উপযোগী পথ ।
এই পথ অৱলম্বন কৰি তেওঁলোকে নিয়ন্ত্ৰিত ৰূপত নিজৰ অৱশিষ্ট কামনা বাসনা সমুহ পূৰণ কৰাৰ লগতে পাৰমাৰ্থিক প্ৰগতিও লাভ কৰিব পাৰে ।
ওপৰত উল্লেখ কৰা কৰ্মী শ্ৰেণীৰ লোকৰ বাবে ভাগৱতে তেওঁলোকৰ কৰ্মসমুহক ক্ৰমান্বয়ে কৰ্মযোগলৈ পৰিবৰ্ত্তিত কৰাৰ উপায় দিছে।
তাৰ বাবে মনৰ কামনা বাসনাৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস কৰাৰ লগতে কৰি থকা সকাম কৰ্মৰ ফল সমুহ অন্যৰ উপকাৰ অৰ্থে ত্যাগ কৰিবলৈ বা ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে ঈশ্বৰৰক সমৰ্পণ কৰিবলৈ উপদেশ দিছে।
এই নিয়ম অনুসৰণ কৰিলে সকাম কৰ্মক নিষ্কাম কৰ্ম বা কৰ্মযোগলৈ ৰূপান্তৰিত কৰিব পাৰি।
তাৰ ফলত কৰ্মী লোকে ভগৱানৰ প্ৰতি ভক্তি লাভ কৰে আৰু ভক্তিযোগৰ সাধনাৰ পৰ্যায়লৈ যাব পাৰে বুলি কোৱা হৈছে।
হৰিদেৱ গুৰুজনাৰ সত্ৰৰ শিক্ষা ব্যৱস্থাত ভাগৱতৰ এই সমস্ত উপদেশৰ সাৰ্বজনীন ব্যৱহাৰিক প্ৰয়োগ সফল ভাৱে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছিল।
(আগলৈ)
No comments:
Post a Comment