From the
discussions made in the preceding posts we see that the word “Sat” means
eternal existence and goodness. The word “Sat” is also used to mean an
auspicious action. So anything
that we do for the welfare of our own self, for the welfare of others and for
the fulfillment of our spiritual aspirations in true sense, come under Sat or
immense goodness. Now eternal existence is eternal existence only and we have
nothing to do anything about this. Our duty is to make spiritual practice to gain
knowledge of this eternal existence or Akhanda sat and realize this ultimate truth for the welfare
of our own self and for the welfare of others. But, that is not an easy thing to
do. It is not possible to know the
Akhanda Sat or eternal existence with the help of the machinery we have for attainment
knowledge. Bhagavata tells that whatever
we see with our eyes, whatever we hear with our ears and whatever we feel with
our senses of knowledge, mind and intelligence are partial and temporary. So by perception
of our sense, mind and intelligence we can not know the Akhanda Sat or indivisible
eternal existence. Bhagavata also tells that not only human beings ,the demigods
or even lord Brahma who is the creator, are not able to perceive the Akhanda sat or
God Almighty by their own efforts. In Bhagavata it is
described that the
creator Brahma first purified his mind by performance of Tapas. Then “Sadhu
Bhava” or goodness pertaining to thought and intention arose in his mind and he
became interested to perform “Sat Karma”. Then only the God Almighty was
graceful enough to transmit the knowledge or Vedas directly to his mind and
intelligence. After that only lord Brahma was able to realize the Akhanda Sat
or God Almighty and start the process of
creation for the satisfaction of the God Almighty .In this way Bhagavata
makes it clear that if the mind ,
intelligence and senses of knowledge are purified through “Tapah”
, “Sat Bhava” and “Sat Karma” as defined in the preceding
post , then only people can realize the
Akhanda Sat or the God Almighty by his grace. Through his Satra institution Guru
Harideva tried to help common people like us to guide in this direction. (to be
continued)
ইয়াৰ আগৰ লিখনিটোৰ পৰা এই কথা স্পষ্ট হয় যে সৎ শব্দৰ দ্বাৰা
চিৰন্তন আৰু মঙ্গলময় ভাৱ প্ৰকাশ কৰা হয় । লগতে সৎ শব্দৰ দ্বাৰা মঙ্গলপূৰ্ণ
কাৰ্যকো বুজৱা হয়।গতিকে প্ৰকৃত অৰ্থত নিজৰ মঙ্গল সাধন , আনৰ মঙ্গল সাধন আৰু পাৰমাৰ্থিক প্ৰগতি লাভ কৰাৰ বাবে যি চিন্তা বা
কাম কৰা হয় সেই সকলোখিনিকে সৎ বা পৰম মঙ্গলময় বুলি ক’ব পাৰি ।এতিয়া অখণ্ড সদ্বস্তু হৈছে চিৰন্তন সত্য আৰু এই সম্পৰ্কত আমাৰ কৰিব
লগীয়া একো নাই । আমাৰ কৰ্ত্তব্য হৈছে নিজৰ
আৰু আনৰ মঙ্গলৰ কাৰণে এই অখণ্ড সদ্বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰা আৰু সেই সদ্বস্তুক
প্ৰত্যক্ষ ৰূপত অনুভৱ কৰাৰ চেষ্টা কৰা। কিন্তু এই কাম সহজ
নহয় । ইয়াৰ কাৰণ হৈছে জ্ঞান আহৰণ
কৰাৰ বাবে আমাৰ যি যন্ত্ৰ আছে তাৰ দ্বাৰা অখণ্ড সদ্বস্তুৰ জ্ঞান লাভ কৰিব নোৱাৰি ।ভাগৱতত কোৱা হৈছে যে আমি চকুৰে যি দেখো , কাণেৰে যি শুনো বা অন্যান্য জ্ঞানেদ্ৰিয় , মন আৰু বুদ্ধিৰ দ্বাৰা যি জ্ঞান আহৰণ কৰো সেই জ্ঞান আংশিক আৰু অস্থায়ী ।সেই হেতুকে আমাৰ ইন্দ্ৰিয় ,মন আৰু বুদ্ধিৰ দ্বাৰা চিৰন্তন অখণ্ড সদ্বস্তুক জনা সম্ভৱ নহয়।ভাগৱতে কৈছে যে কেৱল মানুহেই নহয় , স্বৰ্গলোকৰ দেৱতা আৰু আনকি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাইও নিজৰ প্ৰচেষ্টাৰ দ্বাৰা
অখণ্ড সদ্বস্তুৰ জ্ঞান লাভ কৰিব নোৱাৰে । ভাগৱতত বৰ্ণনা কৰা হৈছে
যে সৃষ্টিকৰ্ত্তা ব্ৰহ্মাই প্ৰথমে তপস্যাৰ দ্বাৰা নিজৰ মন শুদ্ধ কৰিছিল ।এই তপস্যাৰ ফলত তেওঁৰ মনত
সাধু ভাৱৰ উদয় হৈছিল আৰু সৎকৰ্ম কৰাৰ প্ৰবৃত্তি জাগ্ৰত হৈছিল । তাৰ পিছতহে পৰমেশ্বৰে অনুগ্ৰহ
কৰি তেওঁৰ হৃদয়ত বেদ বা জ্ঞানৰ সঞ্চাৰ কৰি দিছিল । ঈশ্বৰে হৃদয়ত সঞ্চাৰিত
কৰা জ্ঞানৰ প্ৰভাৱত ব্ৰহ্মাই প্ৰত্যক্ষ ভাৱে অখণ্ড সদ্বস্তু বা পৰমেশ্বৰৰ পূৰ্ণজ্ঞান
লাভ কৰিছিল আৰু সেই জ্ঞানৰ সহায়ত পৰমেশ্বৰৰ সন্তুষ্টিৰ অৰ্থে সৃষ্টি কাৰ্য আৰম্ভ কৰিছিল। এনেদৰে ভাগৱতে স্পষ্ট কৰি
দিছে যে আমি আগৰ লিখনিত কৈ অহা ধৰণৰ তপস্যা, সৎ ভাৱ আৰু সৎ কৰ্মৰ দ্বাৰা মন ,বুদ্ধি আৰু ইন্দ্ৰিয় শুদ্ধ কৰিব লাগে।তাৰ পিছতহে মানুহে ভগৱানৰ কৃপা লাভ কৰি অখণ্ড সদ্বস্তু বা পৰমেশ্বৰক
উপলব্ধি কৰিব পাৰে। হৰিদেৱ গুৰুজনাই সত্ৰৰ
মাধ্যমত সাধাৰণ লোকক এই পৰম জ্ঞান দি পাৰমাৰ্থিক পথত আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছিল
। (আগলৈ)
No comments:
Post a Comment