In Bhagavata it is told that
the God Almighty or the Ultimate Truth is the original cause of all causes of
creation, sustenance and destruction of the created world. He first created
Brahma and then imparted Vedas to him. Religious principles or dharma is included
in the Vedas. Brhama imparted this Vedic knowledge to Narada and then Narada
imparted the same to his disciples. Some of the disciples explained the Vedic
knowledge imparted to them through Vedic scriptures. Like that the flow of
Vedic knowledge is being continued through scriptures and in Guru to disciple lineage.
So we can say that originating from God Almighty the religious principles or
dharma comes to us via Vedas, Vedic scriptures and spiritual teachers or Gurus.
Hence Bhagavata tells that the religious
principles are enacted by God Almighty and also brought to us by him through the
scriptures and Gurus. So, it is clear that there is no scope of mental
speculation or intelligential arguments so far as principles of religion are
concerned. By
mental speculation even the demigods or sages of higher knowledge cannot
ascertain what religion or self-realization is. There is no Guru who can show
right path to his disciples through his mental speculation and intelligential arguments.
The parents of Guru Harideva were well aware of these things. So, they gave
birth and brought up their son Harideva in accordance with all Vedic reformations
or samskaras suggested in the principles of religion which is originated from the
God Almighty. Guru Harideva learnt these things from his parents and also through his
educational and scriptural studies. He followed these religious principles in
letter and spirit. He used to do nothing without sanction of religious
principles or Dharma as depicted in the scriptures. So being obedient to scriptural
injunctions he searched out his Guru and got initiation
from him; he chose his Ista Devata and took sharana or refuge in his Ista
Devata; he performed shradha ceremony of deceased ancestors and offered
oblation or pinda for them before proceeding on pilgrimage. We have discussed
these things in some of our preceding posts. Now, if we see the things like
this along with the matters discussed in
the preceding few post, it will be clear that the pilgrimage tour of Guru
Harideva was not an ordinary journey with some speculative conceptions in his
mind. On one side, he was born and brought up with all Vedic reforms or smaskaras
performed by his parents. On the other side, by strict adherence to the religious
principles enacted by the God Almighty and conveyed through scriptures and
Gurus he equipped himself in all respects. Then only he proceeded on pilgrimage
to make it a fruitful approach of God realization or self realization. (to be
continued)
ভাগৱতত কোৱা হৈছে যে পৰমেশ্বৰ বা পৰম সত্য হৈছে জগতৰ সৃষ্টি, স্থিতি আৰু সৃষ্ট জগতখন নাশ হোৱাৰ যিমান কাৰণ থাকিব পাৰে সেই সমস্ত কাৰণৰ মূল কাৰণ। তেওঁ প্ৰথমে ব্ৰহ্মাক সৃষ্টি কৰাৰ পিছত তেওঁক বেদ বা জ্ঞানৰ মূল আধাৰ প্ৰদান কৰিছিল। ধৰ্মৰ সমস্ত নীতি, নিয়ম, আচাৰ, অনুষ্ঠান, আদৰ্শ ইত্যাদি বেদতে অন্তৰ্ভুক্ত হৈ আছে। ব্ৰহ্মাৰ পৰা নাৰদে বেদজ্ঞান পাইছিল আৰু নাৰদে তেওঁৰ শিষ্যক এই জ্ঞান দিছিল। ইয়াৰে কিছুমান শিষ্যই নিজে লাভ কৰা বেদজ্ঞানৰ আধাৰত বৈদিক শাস্ত্ৰ প্ৰণয়ন কৰি বেদৰ সহজ সৰল ব্যাখ্যা কৰিছিল। এনেদৰে বৈদিক শাস্ত্ৰৰ মাধ্যমত আৰু গুৰুশিষ্য পৰম্পৰা অনুসৰি বেদজ্ঞানৰ প্ৰবাহ প্ৰচলিত হৈ আছে। সেয়েহে ক’ব পাৰি যে ধৰ্মৰ নীতি আদৰ্শ আৰু পৰম্পৰাৰ মূল উৎস হৈছে সাক্ষাৎ পৰমেশ্বৰ আৰু সেই মূল উৎসৰ পৰা বেদজ্ঞান বৈদিক শাস্ত্ৰ আৰু পাৰমাৰ্থিক বিষয়ৰ শিক্ষক বা গুৰুৰ মাধ্যমত আমাৰ ওচৰলৈ আহিছে । ভাগৱতে কৈছে যে ধৰ্মৰ নীতি-আদৰ্শৰ স্ৰষ্টা স্বয়ং ভগৱান আৰু সেয়েহে বেদ, বৈদিক শাস্ত্ৰ আৰু সেইবিলাকৰ অনুগামী গুৰুৰ মাধ্যমত যি ধৰ্মীয় নীতি, নিয়ম, আদৰ্শ ইত্যাদি আমি লাভ কৰো সেয়াহে প্ৰামাণিক আৰু শুদ্ধ বুলি ধৰা হয়। ইয়াৰ পৰা স্পষ্ট হয় যে মানুহে নিজৰ মনৰ আনুমানিক কল্পনা আৰু বৌদ্ধিক প্ৰক্ৰিয়াৰ দ্বাৰা কোনো বিশুদ্ধ ধৰ্মীয় নীতি নিয়ম বা আদৰ্শ সৃষ্টি কৰা সম্ভৱ নহয়। আনকি কোনো ঋষি মুনি বা দেৱী-দেৱতাইও নিজৰ মনৰ জল্পনা কল্পনাৰ দ্বাৰা ধৰ্মতত্ব বা আত্মজ্ঞান আদিৰ ধাৰণা কৰিব নোৱাৰে। জগতত এনে কোনো গুৰু নাই যিয়ে নিজৰ আনুমানিক কল্পনা আৰু বৌদ্ধিক বিচাৰৰ দ্বাৰা শিষ্যক বিশুদ্ধ পাৰমাৰ্থিক পথৰ সন্ধান দিব পাৰে। হৰিদেৱ গুৰুজনাৰ পিতৃ-মাতৃয়ে এই বিলাক কথা ভালদৰে জানিছিল। সেই কাৰণে তেওঁলোকে বৈদিক শাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি সংস্কাৰ প্ৰক্ৰিয়া পালন কৰি পুত্ৰ হৰিদেৱক জন্ম দিছিল আৰু ডাঙৰ দীঘল কৰিছিল। হৰিদেৱ গুৰুজনাই পিতৃ মাতৃৰ পৰা এইবিলাক কথা শিকাৰ উপৰিও নিজৰ শিক্ষা আৰু শাস্ত্ৰ অধ্যয়নৰ পৰা সকলো কথা জানিছিল। সেয়েহে শাস্ত্ৰত উল্লেখ কৰা সকলো নীতি নিৰ্দেশনা তেওঁ শ্ৰদ্ধা সহকাৰে আৰু যথাযথ ভাৱে পালন কৰিছিল। পাৰমাৰ্থিক কৰ্ত্তব্য পালন কৰাৰ বেলিকা তেওঁ শাস্ত্ৰত বৰ্ণনা কৰা বেদোক্ত ধৰ্মীয় নীতি আদৰ্শ কেতিয়াও অমান্য কৰা নাছিল। সেয়েহে তীৰ্থ ভ্ৰমণলৈ যোৱাৰ আগতে তেওঁ গুৰু গ্ৰহণ কৰিছিল, গুৰুৰ পৰা দীক্ষা লৈছিল, নিজৰ ইষ্ট দেৱতা নিৰ্বাচন কৰি সেই ইষ্ট দেৱতাৰ শৰণ গ্ৰহণ কৰিছিল, পৰলোকগত পিতৃ মাতৃ তথা পূৰ্বপুৰুষৰ শ্ৰাদ্ধকৰ্ম সম্পাদনকৰি পিণ্ডদান কৰিছিল ইত্যাদি। আগৰ কিছুমান লিখনিত এইবিলাক কথা কোৱা হৈছে। এনে ধৰণে বিচাৰ কৰি চালে দেখা যায় যে হৰিদেৱ গুৰুজনাই নিজৰ মনে সজা যুক্তি বুদ্ধিৰ দ্বাৰা তীৰ্থভ্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা নাছিল। এহাতে তেওঁৰ ওপৰত পিতৃপুৰুষে তেওঁৰ বাবে পালন কৰা বৈদিক সংস্কাৰ সমুহৰ প্ৰভাৱ আছিল। আনহাতে তেওঁ শাস্ত্ৰ আৰু গুৰুৰ মাধ্যমত পোৱা ভগৱানৰ দ্বাৰা প্ৰণীত ধৰ্মীয় নীতি, নিয়ম, আদৰ্শ আদিৰ নিৰ্দেশনা যথাযথ ভাৱে পালন কৰি নিজকে সম্পূৰ্ণ ভাৱে প্ৰস্তুত কৰিছিল। তাৰ পিছতহে তেওঁ সাৰ্থক ৰূপত ঈশ্বৰ দৰ্শন বা আত্মানুভৱ লাভ কৰাৰ উদ্দেশ্যে তীৰ্থযাত্ৰাৰ পথত আগ বাঢ়িছিল । (আগলৈ)
No comments:
Post a Comment