After
three night’s stay at Aswaklanta, Guru Hardeva decided to leave that place. The
next morning he performed his routine duties of Sandhya Prayer etc and then
entered into the temple of Lord Janardana. He prayed for divine favor from Lord
Janardana for successful completion of his mission. We already told that Guru
Harideva was born and brought up in a highly educated, well cultured and
spiritually advanced family. He himself was also highly educated and master of
scriptural knowledge. All good qualities of a highly educated person, born and
brought up in the said type of family atmosphere, were reflected in his
movement, disposition and day to day dealings. From young age itself, he was
respectful to elderly people, affectionate and cordial to people of equal or
younger age. He was sympathetic and helpful towards people in distress. Generally
we are accustomed to notice only the great things done by great people or
Mahapurushas. We think that such people guide us in spiritual matters only. But
it is not true. By practical demonstration of activities of his own life, Guru
Harideva taught us everything useful for living an ideal worldly life which is
helpful for gradual spiritual gain also. If we go through the day to day life
of Guru Harideva and notice the small things done by him and his interactions
with various classes of people, we can learn many things useful for living an
ideal life. As an example here, we can notice that within three days of stay at
Aswaklanta, Guru Harideva became popular among all classes people there. All
used to consider him as one of their own family members. They became anxious
about the possible difficulties, threat to safety and security etc. that may
come to him during his proposed pilgrimage and so on. In conformation to
his nature as told above, Guru Harideva also expressed his gratitude for the affection
shown to him by those people. After Completion of prayer of Lord Janardana, he
met the priests of the temple and the friends and well wishers of his father
Ajanabha available there. He bowed down to all of them and prayed for their
blessings for a successful pilgrimage. Then he met general public assembled
there and offered thanks for the affection shown by them. By imparting
knowledge, he cleared their doubts pertaining to ideal worldly and spiritual
spiritual life. After that he took leave from them and boarded the raft on
which he arrived at Aswaklanta from Narayanpur. Then along with his sister and
Dwija Gobinda he started his journey towards the downstream of river
Brahmaputra. (to be continued )
তিনি ৰাতি থকাৰ পিছত হৰিদেৱ গুৰুজনাই
অশ্বক্লান্ত এৰি যাবলৈ সাজু হৈছিল। পিছদিনা ৰাতিপুৱা সন্ধ্যা উপাসনা আদি নিত্য
কৰ্ম সমাপ্ত কৰাৰ পিছত তেওঁ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু নিজৰ উপস্থিত কৰ্ত্তব্য
পালন কৰাৰ বাবে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাই ভগৱান জনাৰ্দনৰ পৰা বিদায়
লৈছিল । আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনা উচ্চ শিক্ষিত, সু-সংস্কৃতি সম্পন্ন আৰু পাৰমাৰ্থিক দিশত অতি অগ্ৰসৰ
পৰিবাৰিক পৰিবেশৰ মাজত ডাঙৰ দীঘল হৈছিল। তেওঁ নিজেও উচ্চশিক্ষিত আৰু গভীৰ
শাস্ত্ৰজ্ঞান সম্পন্ন ব্যক্তি আছিল। ওপৰোক্ত পৰিবেশত ডাঙৰ দীঘল হৈ উচ্চ শিক্ষা আৰু
জ্ঞান লাভ কৰা এজন লোকৰ যিমান ভাল গুণ থাকিব পাৰে সেই সকলোখিনি হৰিদেৱ গুৰুজনাৰ
গাত আছিল। সেই সমস্ত সৎ গুণ তেওঁৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, অন্য লোকৰ লগত সা-সম্পৰ্ক
স্থাপন ইত্যাদি সকলো ক্ষেত্ৰতে ফুটি উঠিছিল।পৰিয়ালৰ পৰা পোৱা সংস্কাৰ অনুসৰি তেওঁ
সৰু কালৰে পৰা বয়োজ্যেষ্ঠ ব্যক্তিক যথোচিত সন্মান প্ৰদৰ্শন কৰিছিল; সমনীয়া আৰু কনিষ্ঠ সকলৰ প্ৰতি তেওঁৰ আচৰণ অতি স্নেহ
আৰু সৌহাৰ্দ্যপূৰ্ণ আছিল। দুখীয়া , নিঃকিন আৰু বিপদগ্ৰস্ত লোকৰ প্ৰতি দয়াভাৱ, তেওঁলোকক সহায়-সাহায্য আৰু সেৱা শুশ্ৰুষা কৰা ইত্যাদি তেওঁৰ স্বভাৱ আছিল।
সাধাৰণতে মহান গুণ আৰু ব্যক্তিত্বৰ অধিকাৰী মহাপুৰুষ সকলে যিবিলাক মহৎ কৰ্ম কৰে
তাক লক্ষ কৰাহে আমাৰ অভ্যাস। আমি ধৰি লওঁ যে এই সকল লোকে আমাক কেৱল পাৰমাৰ্থিক
বিষয়ৰ শিক্ষাহে প্ৰদান কৰে। কিন্তু এনে ধাৰণা সত্য নহয়। আদৰ্শ সাংসাৰিক জীৱন
পাৰমাৰ্থিক ক্ৰমোন্নতিৰ সহায়ক হ’ব পাৰে।হৰিদেৱ গুৰুজনাই
নিজৰ ব্যক্তিগত জীৱনৰ কাৰ্যসমুহৰ মাধ্যমেৰে ইয়াৰ ব্যৱহাৰিক শিক্ষা আমাক দি গৈছে।
গুৰুজনাই দৈনন্দিন জীৱ্ন যাত্ৰাত কৰি যোৱা সৰু সৰু কাম সমুহ আৰু সমাজৰ বিভিন্ন
শ্ৰেণীৰ লোকৰ লগত কৰা আচাৰ ব্যৱহাৰ বিলাক লক্ষ কৰিলে আমি তেনেকুৱা আদৰ্শ জীৱন
যাপনৰ বিষয়ে অনেক কথা শিকিব পাৰো। উদাহৰণ স্বৰূপে আমি লক্ষ কৰা উচিত যে মাত্ৰ
তিনিদিন অশ্বক্লান্তত থকাৰ পিছতে তেওঁ তাৰ সকলো মানুহৰে প্ৰিয়পাত্ৰ হৈ উঠিছিল।
সকলোৱে তেওঁক নিজৰ পৰিয়ালৰ এজন বুলি ভাৱিছিল। তীৰ্থ যাত্ৰাৰ পথত তেওঁৰ জীৱনলৈ আহিব
পৰা দুখ-কষ্ট, বিপদ-আপদৰ কথা চিন্তা কৰি
সকলো লোক উদ্বিগ্ন হৈছিল। নিজৰ স্বাভাৱিক সংস্কাৰ অনুসৰি হৰিদেৱ গুৰুজনাইও
তেওঁলোকৰ মৰম-স্নেহ, আতিথ্য আদিৰ বাবে যথাযথ
ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছিল। মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত গুৰুজনাই মন্দিৰৰ
পুৰোহিত আৰু তাত থকা পিতৃ অজনাভৰ বন্ধু বান্ধৱ সকলৰ ওচৰলৈ গৈ তেওঁলোকক সেৱা সৎকাৰ
কৰি আশীৰ্বাদ আৰু বিদায় প্ৰাৰ্থনা কৰিছিল। তাৰ পিছত মন্দিৰত সমবেত সমাজৰ সকলোকে
তেওঁৰ প্ৰতি দেখুওৱা মৰম স্নেহৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিল। জ্ঞান দান কৰি
সাংসাৰিক আৰু পাৰমাৰ্থিক বিষয়ত তেওঁলোকৰ মনত থকা সন্দেহ-সংশয় দূৰ কৰিছিল । তাৰ
পিছত সকলোকে বিদায় সম্ভাষণ জনাই নাৰায়ণ পুৰৰ পৰা লৈ অহা ভেলখনতে উঠি ভনীয়েক
সুভদ্ৰা আৰু দ্বিজ গোবিন্দৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভটিয়নী যাত্ৰা আৰম্ভ
কৰিছিল । (আগলৈ)
No comments:
Post a Comment