We told in our earlier
posts that
Lord
Janardana,
the
presiding deity of Aswaklanta Shrine appeared in disguise of an Ascetic and offered initiation
or Diksha to Guru Harideva. Regarding refuge in Ishta Devata, Dikhsha etc, Guru
Harideva told elaborately in his writings. We will discuss those things at
proper place. A brief overview of it related to our present subject is discussed here. Initiation or
Diksha is the foundation of spiritual practice of a disciple. By initiation a
guru gives fuel to the spiritual life of a disciple. We, the common people of
today, generally think that by Diksha a Guru gives some Mantras for prayer and
some advice to be followed for leading a spiritual life. But in actual practice,
things are not like that. It is already told that choosing of a spiritual
teacher in not like the choosing of a teacher of general subjects of knowledge
of our day to day use. It is a matter of the heart and soul. When one’s inner
urge for a spiritual master becomes very strong, Guru appears before him. When
a Guru gives initiation or Diksha, a flow of energy takes place from the Guru
to the disciple. This pure energy initiates a chain of changes in the disciple.
This energy gradually encourages the disciple to strive for the highest and the
best in both the spiritual and material world. After coming into contact of the
Guru and getting Diksha from him all doubts in mind of disciple vanish. The
disciple can understand the aim of his life and his life gets proper direction by
the grace of Guru. But knowing these things simply is not sufficient for moving
in the right direction and fulfillment of one’s aim. For that purpose sufficient
power, capacity, atmosphere and many other kinds of requirements are there. The
Guru fulfills all those requirements by transfer of his power to disciple in
the process of initiation. In the scriptures these things are explained with many
examples. The same thing happened in case of Guru Hardeva also. Through
initiation, his Guru, Lord Janardana, fixed the aim of life for Guru Harideva. He
was entrusted with the responsibility of becoming the medium of God Almighty for
spreading of the knowledge of
Bhagavata and establishment of Lord Krishna as Ishta devata in the hearts of
common people. Also, Lord Janaradana transferred his divine energy to Guru Harideva to
make him strong enough to make struggle for serving that purpose during his
pilgrimage, study and entire life afterwards. We will notice reflection of
these things in the practical life of Guru Harideva in our coming discussions.
(to be continued)
আগৰ লিখনিত কোৱা হৈছে যে অশ্বক্লান্ত দেৱালয়ৰ অধিষ্ঠাতা দেৱতা ভগৱান জনাৰ্দনে এজন সন্ন্যাসীৰ ৰূপত দেখা দি হৰিদেৱ গুৰুজনাক দীক্ষাদান কৰিছিল। শৰণ, দীক্ষা আদি বিষয়ত হৰিদেৱ গুৰুজনাই তেওঁৰ লিখনিত অনেক কথা কৈছে আৰু যথাস্থানত এইবিলাক আলোচনা কৰা হ’ব।
বৰ্ত্তমান প্ৰসঙ্গ স্পষ্ট কৰাৰ বাবে এই বিষয়ৰ থুলমূল কথাখিনি ক’ব বিচৰা হৈছে। দীক্ষা
হৈছে ছাত্ৰ বা শিষ্যৰ সাধনাৰ মূল ভেঁটি । দীক্ষাৰ
জৰিয়তে গুৰুৱে শিষ্যক পাৰমাৰ্থিক জীৱন চলাই নিয়াৰ বাবে শক্তি প্ৰদান কৰে ।
আজিকালিৰ দিনৰ সাধাৰণ ধাৰণামতে আমি ভাবি লওঁ যে দীক্ষাৰ দ্বাৰা গুৰুৱে শিষ্যক কিবা প্ৰাৰ্থনা মন্ত্ৰ আৰু আধ্যাত্মিক জীৱন যাপন কৰাৰ বাবে কিছু উপদেশ দিয়ে ।
কিন্তু প্ৰকৃত কথা তেনে নহয় ।
আগতে কৈ অহা হৈছে যে পাৰমাৰ্থিক বিষয়ৰ শিক্ষক বা গুৰু বিচৰা আৰু সাধাৰণ ব্যৱহাৰিক বিষয়ৰ জ্ঞান দিয়া শিক্ষক বিচৰা একে কথা নহয়।
শিষ্যৰ মন যেতিয়া গুৰু বিচাৰি আকুল হৈ উঠে তেতিয়া পাৰমাৰ্থিক শিক্ষাদাতা গুৰু নিজে নিজে আহি ওলায় ।সেই
কাৰণে ইয়াক
গুৰু শিষ্যৰ অন্তৰ আৰু আত্মাৰ আকৰ্ষণ বুলি কোৱা হয় ।
শিষ্যক দীক্ষা দিয়াৰ সময়ত গুৰুৰ পৰা শিষ্যৰ অভ্যন্তৰলৈ এক বিশেষ শক্তি প্ৰবাহিত হয় । সেই পবিত্ৰ শক্তিয়ে শিষ্যৰ অভ্যন্তৰত এক পৰিবৰ্ত্তনৰ ধাৰা সৃষ্টি কৰে । সেই শক্তিয়ে শিষ্যক পাৰমাৰ্থিক আৰু ব্যৱহাৰিক উভয় দিশতে উচ্চতম আৰু শ্ৰেষ্ঠতম স্থান লাভৰ কৰাৰ বাবে সংগ্ৰাম কৰাৰ সাহস আৰু ধৈৰ্য যোগায়। গুৰুৰ
সাক্ষাৎ লাভ আৰু দীক্ষা গ্ৰহণ কৰাৰ লগে লগে শিষ্যৰ মনৰ সমস্ত সংশয় দূৰ হয় ।
গুৰুৰ আশীৰ্বাদত শিষ্যই নিজৰ জীৱনৰ উদ্দেশ্য কি আৰু সেই উদ্দেশ্য পূৰণৰ বাবে কিদৰে আগবাঢ়িব লাগে তাক জানিব পাৰে।
কিন্তু এইবিলাক কথা জানিলেই কোনো লোকে সঠিক দিশেৰে গৈ নিজৰ লক্ষ পূৰণ কৰা সম্ভৱ নহয়।
তাৰ বাবে শক্তি, সামৰ্থ্য ,পৰিবেশ আৰু অন্য বহু প্ৰকাৰ সা-সুবিধাৰ প্ৰয়োজন হয়। দীক্ষাৰ
জৰিয়তে গুৰুৱে শিষ্যৰ অভ্যন্তৰত যি শক্তি সঞ্চাৰ কৰে সেই শক্তিৰ দ্বাৰা শিষ্যৰ এই সমস্ত প্ৰয়োজনীয়তা পূৰণ হয় ।
শাস্ত্ৰসমুহত বিভিন্ন উদাহৰণৰ মাধ্যমত এইবিলাক কথা ব্যাখ্যা কৰা হৈছে ।
হৰিদেৱ গুৰুজনাৰ ক্ষেত্ৰতো এনে হৈছিল । দীক্ষাৰ
জৰিয়তে গুৰু জনাৰ্দনে হৰিদেৱ গুৰুজনাৰ জীৱনৰ উদ্দেশ্য কি তাক বুজাই দিছিল।
সাধাৰণ জনতাৰ মাজত ভাগৱত শাস্ত্ৰৰ জৰিয়তে বৈদিক জ্ঞানৰ প্ৰচাৰ কৰা আৰু ভগৱান কৃষ্ণক ইষ্টদেৱতাৰ ৰূপত সকলোৰে হৃদয়ত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ভগৱানৰ প্ৰতিনিধি হিচাপে কাম কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল ।
লগতে তীৰ্থ যাত্ৰা , শিক্ষা গ্ৰহণ তথা ভৱিষ্যতৰ সমগ্ৰ জীৱন কালত হৰিদেৱ গুৰুজনাই যাতে এই দায়িত্ব
পালনৰ উদ্দেশ্যে
অবিৰত
ভাৱে সংগ্ৰাম কৰি যাব পাৰে তাৰ বাবে ভগৱান জনাৰ্দনে নিজৰ ঐশ্বৰিক শক্তি তেওঁৰ অন্তৰত সঞ্চাৰ কৰি দিছিল। হৰিদেৱ
গুৰুজনাৰ জীৱনত এইবিলাক কথাৰ প্ৰভাৱ কিদৰে প্ৰতিফলিত হৈছিল তাক পিছৰ লিখনি সমুহৰ পৰা জনা যাব । (আগলৈ)
No comments:
Post a Comment