Monday 3 August 2020

Understanding Guru Harideva’s Approach Towards Unity-123 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২৩)

Due to their ignorance, people remain unaware about the natural laws of God called “Dharma” and go on violating those laws. In Bhagavadgita it is told that whenever there is gross violation of natural laws of God or dharma, God incarnates himself or he sends proper representatives according to nature of the situation.  The purposes behind this are re-establishment of the laws or dharma, protection of the followers of his laws and destruction of the root causes behind violation of the laws. It is told in Bhagavata that sages like Narada, Kapila, Sukadeva and so many great and perfect persons wander the surface of the earth as representatives of God for this purpose. Actually the sages acquire attributes of Godhood by their actions. They are endowed with the power of God. So they are able to do their duties as above. The history has many examples of such men and women. Some of them were considered equal to God on earth by the people of that time and are still being worshiped. The scriptures clearly tell that he who renders selfless service without expectation of anything in return is the divinity on  Earth. One, who dedicates his life for the welfare of all, is said to be the God incarnation on  Earth. Guru Harideva acquired all these qualities through rigorous spiritual practice or sadhana. He acted as representative of God on Earth and performed duties for establishment of dharma or laws of God like sage Narada, Kapila etc. as mentioned above. He selflessly dedicated his whole life for this purpose. Scriptures tell that a sage or Mahapurusha or spiritual superhuman being possesses super natural powers. Guru Harideva also possessed such powers of Yoga. Like all other sages he also utilized those powers on very rare occasions for the benefit of common people. As a result of yoga practice he lived up to 140 years of age. He started his mission at his age of 27 years. During this prolonged period from 27 to 140 years of his life, he came into contact with king and kingly persons, scholars of higher knowledge with different religious faiths and from various places, people of higher positions in the society and also general ignorant and downtrodden people of the society in huge numbers. All those people considered him as divinity on Earth and respected him like God incarnate. During this long period of time, nobody opposed him in any matter and he had no enmity with anybody at anywhere and on any point. Thus the incident that took place at Narayanpur was the turning point of the life of Guru Harideva and also it was the only incident of clash with others in his whole life.(to be continued)

 জ্ঞানৰ অভাৱ থকা কাৰণে মানুহে ধৰ্ম অৰ্থা ঈশ্বৰৰ জগত পৰিচালনাৰ স্বাভাৱিক নিয়ম পৰম্পৰা সমুহ নাজানে আৰু সেই সমুহ উলঙ্ঘন কৰে ভগৱদ্গীতাত কোৱা হৈছে যে যেতিয়াই এই নিয়ম পৰম্পৰা ভঙ্গৰ ঘটনাই নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াই ভগৱানে নিজে অৱতাৰ গ্ৰহণ কৰে বা পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি উপযুক্ত কোনো ব্যক্তিক নিজৰ প্ৰতিনিধি হিচাপে  প্ৰেৰণ কৰে অৱতাৰ আৰু তেওঁৰ প্ৰতিনিধি সকলৰ কাম হৈছে ধৰ্মৰ পুনঃপ্ৰতিষ্ঠা কৰা , যিসকলে ভগৱানৰ আইন বা ধৰ্ম মানি চলে তেওঁলোকক সুৰক্ষা দিয়া আৰু আইন ভঙ্গৰ অন্তৰালত থকা কাৰণ সমুহ নিৰ্মূল কৰা ভাগৱতত কোৱা হৈছে যে নাৰদ, কপিল, শুকদেৱ আদিকে ধৰি অসংখ্য ঋষি মুনি তথা মহান পূণ্যাত্মা সকলে ভগৱানৰ প্ৰতিনিধি হিচাপে এই কাম কৰাৰ বাবে সমস্ত পৃথিৱীত ঘুৰি ফুৰে প্ৰকৃতাৰ্থত এই ঋষি মুনি সকলে নিজৰ কৰ্মৰ দ্বাৰা ঐশ্বৰিক গুণ মাহাত্ম্যৰ অধিকাৰী হয় তেওঁলোক ঐশ্বৰিক শক্তিৰ দ্বাৰা শক্তিমন্ত হোৱা হেতুকে মানুহৰ মনৰ অজ্ঞানৰূপী অশুভ শক্তিৰ বিনাশ সাধন কৰি মানুহক ধৰ্মৰ পথত পৰিচালনা কৰাত সফল হয় শাস্ত্ৰ আৰু ইতিহাসত এনে বহু সংখ্যক পুৰুষ মহিলাৰ উদাহৰণ আছে বিভিন্ন কালৰ এনে কিছুমান ব্যক্তিক মানুহে ঈশ্বৰ জ্ঞান কৰিছিল আৰু এতিয়াও ঈশ্বৰৰ ৰূপত পুজা কৰে সেয়েহে শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে যে যি ব্যক্তিয়ে নিজৰ বাবে কোনো লাভালাভ আশা নকৰাকৈ সম্পূৰ্ণ নিস্বাৰ্থ ভাৱে কৰ্ত্তব্য কৰে তেওঁ প্ৰকৃতাৰ্থত সমাজত বিচৰণ কৰি থকা ঐশ্বৰিক পুৰুষ যিজনে সকলোৰে মঙ্গলৰ অৰ্থে নিজৰ জীৱন উছৰ্গা কৰে তেওঁ জগতত বিচৰণ কৰি থকা ঈশ্বৰৰ প্ৰতিভূ কঠোৰ পাৰমাৰ্থিক সাধনাৰ ফলত হৰিদেৱ গুৰুজনা এই সমস্ত গুণ-মাহাত্ম্যৰ অধিকাৰী হৈছিল তেওঁ ওপৰত উল্লেখ কৰি অহা নাৰদ, কপিলাদি ঋষি মুনি সকলৰ দৰে ভগৱানৰ প্ৰতিনিধিৰ ৰূপত ভগৱানৰ আইন বা ধৰ্মৰ পুনঃপ্ৰতিষ্ঠাৰ বাবে কাম কৰিছিল, তাৰ বাবে নিস্বাৰ্থ আত্মত্যাগ কৰিছিল শাস্ত্ৰত কোৱা হৈছে যে এই সকল ঐশ্বৰিক পুৰুষ বা মহাপুৰুষৰ পাৰমাৰ্থিক অতি মানবীয় শক্তি থাকে হৰিদেৱ গুৰুজনাও অতি মানৱীয় যোগশক্তিৰ অধিকাৰী পুৰুষ আছিল বৈদিক ঋষি মুনিসকলৰ দৰে তেওঁ লোক কল্যাণৰ অৰ্থে  কাচি কদাচি এনে যোগশক্তি প্ৰদৰ্শন কৰাৰ উদাহৰণো  আছে যোগ অভ্যাসৰ বলত  তেওঁ ১৪০ বছৰ বয়সলৈকে জীৱন ধাৰণ কৰিছিল ২৭ বছৰ বয়সত তেওঁ লোক কল্যাণ মুলক কামত ব্ৰতী হৈছিল  ২৭ বছৰৰ পৰা ১৪০ বছৰ বয়সলৈকে এই সুদীৰ্ঘ কালত গুৰুজনাই ৰজা, ৰাজপুৰুষ, বিভিন্ন স্থানৰ বিভিন্ন ধৰ্ম মতৰ সমৰ্থক পণ্ডিত , সমাজৰ নেতৃস্থানীয় লোক তথা অগণন সংখ্যক অজ্ঞ নিপীড়িত জনতাৰ সংস্পৰ্শলৈ আহিছিল সকলো শ্ৰেণীৰ লোকেই  তেওঁক ঐশ্বৰিক গুণ-মাহাত্ম্য সম্পন্ন অৱতাৰী পুৰুষ বুলি মানি শ্ৰদ্ধা ভক্তি কৰিছিল সুদীৰ্ঘ কালৰ ভিতৰত কোনো এজন লোকেও তেওঁৰ বিৰোধিতা কৰা নাছিল বা তেওঁৰ প্ৰতি শত্ৰু ভাৱাপন্ন হোৱা নাছিল সেয়েহে পাৰি যে কিশোৰ বয়সত নাৰয়ণপুৰত ঘটি যোৱা ঘটনাই হৰিদেৱ গুৰুজনাৰ জীৱনৰ গতিধাৰা সম্পূৰ্ণ সলনি কৰি দিছিল আৰু উক্ত ঘটনা  তেওঁৰ  সুদীৰ্ঘ জীৱন কালত আন লোকৰ সৈতে হোৱা বিৰোধৰ একমাত্ৰ উদাহৰণ (আগলৈ)


No comments:

Post a Comment