Bhagavata tells
that God Almighty is present in all living or non living bodies
of the past, present and future; big and small. Nothing can exist anywhere, at
any time independent of God Almighty or the Ultimate truth. On the other hand, people
perform spiritual practice for God Realization or Self realization by various
methods. In Bhagavata it is told that
the spiritual practice in which one’s mind, words and actions are utilized to find out the presence of God in all bodies is the best method of spiritual practice. That
is, God is present everywhere, in
all bodies including the body of the person who tries to see God and at all
times. We are to utilize the capacity of our body, speech and mind to find out
God in all bodies and that is the best way of spiritual practice. But there
is a vast difference between knowing this from scriptures and actually seeing God
in all bodies. This is because, the vast differences between the bodies of a
human being and a dog comes to our mind after knowing the presence of God in
both the bodies also. We see vast difference in the bodies of living beings, trees,
rocks, oceans etc etc. Under this situation it is not possible for us to
realize the existence of God Almighty in all bodies. Bhagavata tells that we
should make practice for that. A school student of lower class can not
understand the knowledge of the University level. He should start from primary
stage and then gradually proceed for higher study step by step. Like that, we can not see God in all bodies immediately
after knowing his presence there. Initially we should try to see the presence
of God in bodies where his presence is expressed prominently. Bhagadgita tells
that God Almighty expresses himself prominently in innumerable bodies called
Bibhutis. Right from the bodies of demigods, ascetics, monks to the bodies of
trees, planets, stars, mountain, lake, ocean etc are included in the Bibhutis of
God Almighty. Bhagvadgita suggests that common people should make practice to realize the knowledge, power and vastness expressed by God Almighty through his Bibhutis first. Then one can gradually
understand the Omnipotent, Omnipresent and Omniscient nature of God Almighty
and can be able to see God in all bodies. In this way we see that, the
innumerable numbers of deities
worshiped at the pilgrim places as described in our preceding post are nothing
but prominent expressions or Bibhutis of God Almighty. So the spiritual seekers
of all religious paths and all stages of knowledge come to pilgrim places for
spiritual gain. Guru Harideva also proceeded on pilgrimage for this purpose. Everything
that discussed above is reflected in his life and teachings. We will discuss those
in proper place. (to be continued)
ভাগৱতে কৈছে যে অতীত, বৰ্ত্তমান আৰু ভৱিষ্যত সকলো কালৰ , ক্ষুদ্ৰ বা বৃহৎ সকলো আকাৰৰ, জড় বা চেতন সকলো শৰীৰতে পৰমেশ্বৰ অৱস্থিত। ঈশ্বৰৰ পৰা স্বতন্ত্ৰভাৱে জগতত কতো, কেতিয়াও একো থাকিব নোৱাৰে। আনহাতে, মানুহে ঈশ্বৰক পাবৰ বা আত্মোপ্লব্ধিৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰি বিভিন্ন প্ৰকাৰৰ সাধনা-উপাসনা ইত্যাদি কৰে। ভাগৱতে কৈছে যে মানুহে নিজৰ শৰীৰ, মন আৰু বাক্যৰ দ্বাৰা জগতৰ জড় আৰু চেতন সমস্ত শৰীৰতে অৱস্থিত পৰমেশ্বৰ বা পৰমাত্মাক উপলব্ধি কৰাৰ চেষ্টা কৰাটোৱে শ্ৰেষ্ঠতম উপাসনা পদ্ধতি । অৰ্থাৎ ঈশ্বৰ স্থাৱৰ জঙ্গম সকলোতে আছে, সকলো শৰীৰতে আছে আৰু সকলো সময়তে আছে। আনকি যিজনে ঈশ্বৰৰ অনুসন্ধান কৰে তেওঁৰ নিজৰ দেহতো ঈশ্বৰ আছে। আমি আমাৰ মন, বুদ্ধি আৰু বাক্যৰ ক্ষমতা প্ৰয়োগ কৰি জগতৰ সকলো শৰীৰত থকা ঈশ্বৰক উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে আৰু ইয়ে ঈশ্বৰ লাভ কৰাৰ সৰ্বোত্তম উপায়। কিন্তু এই কথা বুদ্ধিৰ দ্বাৰা বুজি পোৱা আৰু প্ৰকৃতাৰ্থত সকলো শৰীৰতে ঈশ্বৰ দেখা একে কথা নহয়। ইয়াৰ কাৰণ মানুহৰ শৰীৰত যি ঈশ্বৰ আছে সেই একে ঈশ্বৰ এটা কুকুৰৰ দেহতো আছে বুলি জনাৰ পিছতো দুয়োটা শৰীৰ মাজৰ বিশাল পাৰ্থক্য আমাৰ চকুত পৰে। জীৱ, জন্তু, গছ, শিল, সাগৰ আদিৰ বিশাল শাৰীৰিক পাৰ্থক্য আমাৰ চকুত পৰে। এনে অৱস্থাত আমাৰ দৰে সাধাৰণ মানুহে স্থাৱৰ জঙ্গম সমস্ত শৰীৰকে এক ঈশ্বৰ ৰূপে দেখা সম্ভৱ নহয়। ভাগৱতে কৈছে যে ইয়াৰ বাবে অভ্যাস বা সাধনা কৰা প্ৰয়োজন। প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ এজনে বিশ্ববিদ্যালয় পৰ্যায়ৰ জ্ঞান বুজি নাপায়। তেনে ছাত্ৰই প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে উচ্চতৰ পৰ্যায়ৰ জ্ঞান লাভ কৰাৰ প্ৰয়োজন হয় । একেদৰে আছে বুলি জনাৰ লগে লগে সকলো শৰীৰতে আমি ঈশ্বৰক দেখা নাপাওঁ । ব্যৱহাৰিকভাৱে, প্ৰাথমিক পৰ্যায়ত যি শৰীৰত ঈশ্বৰ স্পষ্টভাৱে প্ৰকাশিত হয় সেই শৰীৰত ঈশ্বৰ দৰ্শন কৰিব লাগে। ভগৱদ্গীতাত কোৱা হৈছে অসংখ্য বিভূতি শৰীৰৰ মাধ্যমত ভগৱানে নিজকে স্পষ্টতৰ ৰূপত প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত দেৱ-দেৱীৰ শৰীৰৰ পৰা আৰম্ভ কৰি ঋষি, মুনি, জীৱ, জন্তুকে ধৰি গ্ৰহ, নক্ষত্ৰ, বৃক্ষ, হ্ৰদ, সমুদ্ৰ আদি স্থাৱৰ শৰীৰলৈকে সকলো আছে। একো একোটা বিভূতি শৰীৰৰ মাধ্যমত ভগৱানৰ শক্তি, জ্ঞান আৰু বিস্তৃতিৰ অলপ অলপ অংশ প্ৰকাশ হৈছে যদিও আমাৰ বোধ বুদ্ধিৰ হিচাপত ই অতি বৃহৎ পৰিমাণৰ প্ৰকাশ। প্ৰাথমিক পৰ্যায়ত বিভূতি শৰীৰৰ মাধ্যমত প্ৰকাশ হোৱা ভগৱানৰ মাহাত্ম্য উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে বুলি গীতা আৰু ভাগৱতত কোৱা হৈছে। তাকে কৰিবলৈ যাওঁতে ভগৱানৰ সৰ্বজ্ঞতা, সৰ্বশক্তিমানতা আৰু সৰ্বব্যাপ্ততা ক্ৰমান্বয়ে অনুভৱ হয় আৰু স্থাৱৰ জঙ্গম সমস্ত শৰীৰতে ভগৱানক দেখা যায়। এনেদৰে বিচাৰ কৰিলে দেখা যায় যে অসংখ্য তীৰ্থভূমিত, অসংখ্য নাম-ৰূপৰ যি অগণন সংখ্যক বিগ্ৰহৰ উপাসনা কৰা হয় বুলি আগৰ লিখনিটোত কোৱা হৈছে, সেই সমুহ পৰমেশ্বৰৰ গুণ-মাহাত্ম্যৰ স্পষ্টতৰ প্ৰকাশ মাধ্যম বা বিভূতিত বাদে আন একো নহয়। সেয়েহে সকলো ধৰ্মৰ সকলো স্তৰৰ সাধকে পাৰমাৰ্থিক উন্নতিৰ বাবে তীৰ্থ ভ্ৰমণ কৰে। হৰিদেৱ গুৰুজনাইও একে উদ্দেশ্য লৈ তীৰ্থ ভ্ৰমণ কৰিছিল। আমি ওপৰত উল্লেখ কৰা সকলো কথা হৰিদেৱ গুৰুজনাৰ জীৱনত আৰু তেওঁ দি যোৱা শিকনিসমুহত প্ৰতিফলিত হৈছে। পিছৰ লিখনি এইবিলাক কথা আৰু স্পষ্ট হ’ব । (আগলৈ)
No comments:
Post a Comment