In the preceding few posts we discussed how Guru
Harideva came into contact with his Guru. It is also mentioned that, the Ascetic who
initiated Guru Harideva was Lord Janardana himself in disguise. Janardana is
one name of Lord Vishnu or the God Almighty.
In
our scriptures there is clear injunction that a spiritual teacher or Gruru is
none other than the God Almighty. Guru Harideva discussed these things
elaborately in his writings and we will come to those subjects in proper place. Here we should simply mention
that there are vast differences between
spiritualism and materialism. A spiritual teacher or Guru differs from the
teacher of other worldly subjects. Knowledge of worldly things are subjected to
limitations of time and space. Today, we may complete the study of a subject
and may think that we know everything about it. But in actual practice we see
that the next day something new is discovered and added in the subject. Thereby
the knowledge attained today on a particular subject is proved to be outdated
on the next day. For example, we may know about a city very well today. But the
city goes on changing daily. There is addition of new areas with
the original city increasing its boundaries. Everyday new roads, buildings,
institutions and other infrastructure are built up. Thus the city goes on
changing every moment with change of time and space. So, gaining of complete
knowledge of these changeable worldly things is not at all possible. This is true in case of everything and every subject
of science, arts, commerce, music, culture and so on pertaining to this world.
The students and teachers dealing with knowledge of all those worldly subjects
are required to go on updating their knowledge regularly with the changes of time
and space. But spiritual knowledge is knowledge of the Ultimate Truth, free from influence of space and time.
We can not imagine a change in the Ultimate Truth. A person who has direct
experience of the Ultimate Truth, attained through his
spiritual practice or Sadhana, can only become a spiritual teacher or Guru.
Such persons are declared as equivalent to God in the scriptures. Vedas and
Vedic scriptures tell that the Ultimate Truth or God Almighty and the Knower of the
Ultimate Truth are one and the same. If we see the things from this angle, then
we can clearly understand that the preceptor of Guru Harideva was none other
than Lord Janardana or the God Almighty. (to be continued)
হৰিদেৱ গুৰুজনাই কিদৰে তেওঁৰ গুৰুক লগ পাইছিল তাক ইয়াৰ আগৰ লিখনিত কৈ অহা হৈছে । লগতে ইয়াকো কোৱা হৈছে যে যিজনা সন্ন্যাসীৰ পৰা গুৰুজনাই দীক্ষা লাভ কৰিছিল সেইজনা সন্ন্যাসীৰ
ছদ্মবেশধাৰী স্বয়ং ভগৱান জনাৰ্দন আছিল। জনাৰ্দন ভগৱান বিষ্ণু বা পৰমেশ্বৰৰ এটা নাম। আমাৰ শাস্ত্ৰ সমুহত স্পষ্টভাৱে কোৱা হৈছে যে পাৰমাৰ্থিক জ্ঞানদাতা গুৰু আৰু পৰমেশ্বৰৰ মাজত একো পাৰ্থক্য নাই। হৰিদেৱ গুৰুজনাই তেওঁৰ লিখনিত এই বিষয়টো বিতংভাৱে আলোচনা কৰিছে। যথাস্থানত এইবিলাক কথা কোৱা হ’ব। বৰ্ত্তমান আমি জানি ৰখা প্ৰয়োজন যে জাগতিক ব্যৱহাৰিক বিষয়বস্তু আৰু পাৰমাৰ্থিক বিষয়বস্তুৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। সেয়েহে পাৰমাৰ্থিক বিষয়ৰ শিক্ষা দান কৰা গুৰু আৰু জাগতিক বিষয়ৰ শিক্ষা দান কৰা শিক্ষকো একে পৰ্যায়ৰ হ’ব নোৱাৰে । জাগতিক বিষয় সমুহৰ জ্ঞান দেশ আৰু কালৰ দ্বাৰা প্ৰভাৱিত হয়। আজিৰ তাৰিখত এটা বিষয়ৰ অধ্যয়ন সমাপ্ত কৰি উঠি আমি ভাবিব পাৰো যে আমি সেই বিষয় সম্পৰ্কত সকলোখিনি জানো । কিন্তু বাস্তৱিক ক্ষেত্ৰত দেখা যায় যে তাৰ পিছদিনাই সেই বিষয়ৰ ওপৰত নতুন তথ্য আৱিষ্কাৰ হয়। লগে লগে আমি আগদিনা সম্পূৰ্ণ আৰু সত্য
বুলি ভৱা জ্ঞান পিছদিনাখন অচল বুলি প্ৰমাণিত হয়। উদাহৰণ স্বৰূপে এখন চহৰত আজি কি কি আছে তাৰ সকলোখিনি আমি জানিব পাৰো । কিন্তু চহৰখন প্ৰতিদিনে সলনি হৈ থাকে । মূল চহৰৰ সৈতে নতুন নতুন অঞ্চল যোগ হৈ ইয়াৰ সীমাৰেখা সলনি হয় । প্ৰতিদিনে নতুন নতুন ৰাস্তা ঘাট , ঘৰ-দুৱাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ হৈ থাকে । এনেদৰে দেশ আৰু কালৰ পৰিবৰ্ত্তনৰ সৈতে তাল মিলাই চহৰখন প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তিত হৈ থাকে । সেই কাৰণে নিত্য পৰিবৰ্ত্তনশীল বিষয় বস্তুৰ শুদ্ধ আৰু পূৰ্ণ জ্ঞান লাভ কৰা সম্ভৱ নহয়। এই জগতৰ প্ৰত্যেক বস্তু আৰু বিজ্ঞান, কলা, বাণিজ্য, সঙ্গীত, কৃষ্টি-সংস্কৃতি আদিকে ধৰি প্ৰত্যেক বিষয়ৰ ক্ষেত্ৰতে এই কথা খাটে। সেইকাৰণে সকলো প্ৰকাৰৰ জাগতিক বিষয় বস্তুৰ জ্ঞান চৰ্চা কৰা শিক্ষক আৰু ছাত্ৰই দেশ-কালৰ পৰিবৰ্ত্তনৰ সৈতে সঙ্গতি ৰাখি নিজৰ নিজৰ জ্ঞানৰ স্তৰ সদায় নবীকৰণ কৰাৰ প্ৰয়োজন হয়। কিন্তু পাৰমাৰ্থিক জ্ঞান হৈছে পৰম সত্যৰ জ্ঞান - যি জ্ঞান দেশ আৰু কালৰ প্ৰভাৱৰ পৰা সদামুক্ত। পৰম সত্যৰ কোনো পৰিৱৰ্ত্তন আমি কল্পনা কৰিব নোৱাৰো । পাৰমাৰ্থিক সাধনাৰ দ্বাৰা যি ব্যক্তিয়ে পৰম সত্যৰ সাক্ষাৎ উপলব্ধি কৰে তেনে ব্যক্তিহে পাৰমাৰ্থিক জ্ঞানৰ শিক্ষক বা গুৰু হ’ব পাৰে । শাস্ত্ৰত তেনে ব্যক্তিক ভগৱানৰ সমতুল্য বুলি কোৱা হৈছে । বেদ আৰু বৈদিক শাস্ত্ৰত কোৱা হৈছে যে পৰমাৰ্থিক জ্ঞান বা পৰম সত্য বা পৰমেশ্বৰ আৰু পাৰমাৰ্থিক জ্ঞানৰ জ্ঞাতা বা সাক্ষাৎ অনুভূতি লাভ কৰা ব্যক্তিৰ মাজত কোনো প্ৰভেদ নাই, ই একে বিষয়বস্তুৰ দুটা নাম মাত্ৰ। এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলেও স্পষ্টভাৱে বুজা যায় যে হৰিদেৱ গুৰুজনাক দীক্ষাদান কৰা সন্ন্যাসীজন স্বয়ং জনাৰ্দন বা পৰমেশ্বৰ আছিল বুলি ক’লে একো
ভুল নহয় । (আগলৈ)
No comments:
Post a Comment