Saturday 15 August 2020

Understanding Guru Harideva’s Approach Towards Unity-129 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২৯)

 

In the preceding post we mentioned that Guru Harideva met an Ascetic at Aswaklanta temple and accepted him as his Guru. After this it came to light that the said Ascetic was neither seen by anybody there prior to initiation of Guru Harideva nor he was traceable in the temple afterwards. Under the circumstances people still believe that Lord Janardana appeared before Guru Harideva in the form the Ascetic and initiated him. In the scriptures we see  that people like Sage Valmiki, Arjuna, Sage Vyasdeva with austerities and penance of higher order had to search for a Guru to face some special situation that arose in their lives. Actually those  individuals were chosen by the God Almighty as medium for spreading of his knowledge and teachings for the benefit of the common people. God created some special situation for those persons to present them as models for practical training and guidance of common people. Under special situations created by God those people sincerely sought the help from a Guru and Guru appeared before them as per arrangement made by the God. For example , when sage Valmiki was in mental agony and felt the need of a Guru, sage Narada came to him as Guru. He advised Valmiki to compose Ramayana. Valmiki did so, and thus spread the ideals of Lord Rama to all people. By that, he established Lord Rama as Ishta Devata in the hearts of people and  served the purpose of God Almighty. In the battle-field of Kurukshetra,when unrest was there in the mind of Arjuna, Lord Krishna appeared as Guru. Then using Arjuna as medium, Lord Krishna imparted the knowledge of Bhagavadgita for the benefit of the whole mankind.  Similar situation arose in the life of Sage Vyasdeva and this time Narada appeared before him as Guru. He inspired Vyasdeva to compose Bhagavata to simplify the  knowledge of Vedas in an interesting way. Vyasdeva did so. Thus Vedas came  to the understanding capacity of common people and  Lord Krishna was established as Ishta Devata in their hearts. In a similar way situation arose in the life of Guru Harideva and he sincerely prayed for a Guru. Lord Janardana in the form of an Ascetic appeared before him as Guru.  Through initiation, Lord Janardana prepared him to be the medium of God Almighty for spreading of the knowledge of Bhagavata and establishment of Lord Krishna as Ishta devata in the hearts of common people of his time. From that time onward, Guru Harideva started dedicating his life for that purpose . We will discuss these things in proper places. (to be continued)

 ইয়াৰ আগৰ লিখনিত কোৱা হৈছে যে হৰিদেৱ গুৰুজনাই অশ্বক্লান্ত মন্দিৰত এজন সন্ন্যাসীক লগ পাইছিল আৰু তেওঁক গুৰু বৰণ কৰিছিল পিছত এই কথা পোহৰলৈ আহিছিল যে হৰিদেৱ গুৰুজনাই কোৱা ধৰণৰ কোনো সন্ন্যাসীক  মন্দিৰৰ ভিতৰত বা ওচৰে পাজৰে কোনেও কেতিয়াও দেখা নাই ঘটনাৰ আলম লৈ হৰিদেৱ গুৰুজনাক স্বয়ং ভগৱান জনাৰ্দনে সন্ন্যাসীৰ বেশত দেখা দি দীক্ষাদান কৰিছিল বুলি আজিও মানুহে বিশ্বাস কৰে শাস্ত্ৰত আমি পাওঁ যে  বাল্মীকি, অৰ্জুন, ব্যাসদেৱ আদি অতিশয় জ্ঞানী তথা তপস্যা শক্তি সম্পন্ন ব্যক্তি সকলেও  জীৱনৰ কিছুমান পৰিস্থিতিত গুৰুৰ শৰণাপন্ন বলৈ বাধ্য হয় প্ৰকৃতাৰ্থত ভগৱানে নিজৰ জ্ঞান আৰু শক্তি সাধাৰণ মানুহৰ মাজত বিলাই দিয়াৰ বাবে সেই সকল ব্যক্তিক  মাধ্যম হিচাপে নিৰ্বাচন কৰে ভগৱানে সেই সকল গুণী জ্ঞানী ব্যক্তিৰ জীৱনত কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰি সাধাৰণ মানুহক ব্যৱহাৰিক শিক্ষা দিয়াৰ বাবে তেওঁলোকক আদৰ্শ হিচাপে প্ৰস্তুত কৰে বিশেষ পৰিস্থিতিত পৰি সে সকল ব্যক্তিয়ে  গুৰু বিচাৰিব লগীয়া হয় আৰু তাৰ পিছত ভগৱানৰ ব্যৱস্থামতে তেওঁলোকে উপযুক্ত গুৰু লাভ কৰেউদাহৰণ স্বৰূপে ব পাৰি যে পৰিস্থিতিত পৰি মহৰ্ষি বাল্মীকিয়ে গুৰু বিচাৰিছিল আৰু দেৱৰ্ষি নাৰদ গুৰুৰ ৰূপত তেওঁৰ ওচৰলৈ আহিছিল নাৰদে বাল্মীকিক ৰামায়ণ ৰচনা কৰাৰ উপদেশ দিছিল আৰু বাল্মীকিয়ে সেই উপদেশ পালন কৰিছিল ফল স্বৰূপে ৰামৰ আদৰ্শ জগতত প্ৰচাৰ হৈছিল ৰাম ইষ্ট দেৱতাৰূপে জনসাধাৰণৰ হৃদয়ত প্ৰতিষ্ঠিত হৈছিল আৰু এনেদৰে পৰমেশ্বৰৰ উদ্দেশ্য সফল হৈছিল কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে মানসিক অস্থিৰতাত ভুগি গুৰু বিচাৰিছিল ভগৱান কৃষ্ণই নিজে গুৰু হৈছিল আৰু শিষ্য অৰ্জুনক মাধ্যম হিচাপে লৈ সমগ্ৰ মানৱজাতিৰ মঙ্গলৰ অৰ্থে গীতাৰ জ্ঞান বিলাই দিছিল ব্যাসদেৱৰ জীৱনত বিশেষ পৰিস্থিতিৰ উৎপন্ন হৈছিল আৰু নাৰদ গুৰু হিচাপে তেওঁৰ ওচৰলৈ আহিছিল ভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ বাবে গুৰু নাৰদে শিষ্য ব্যাসদেৱক উদগণি দিছিল ব্যাসদেৱে গুৰুৰ আদেশ মানি ভাগৱত ৰচনা কৰাৰ ফলত বেদজ্ঞান সহজ সৰল ৰূপত সাধাৰণ মানুহে বুজিব পৰা হৈছিল আৰু ভগৱান শ্ৰীকৃষ্ণ ইষ্ট দেৱতা ৰূপে জনসাধাৰণৰ হৃদয়ত প্ৰতিষ্ঠিত হৈছিল একেদৰে হৰিদেৱ গুৰুজনাৰ জীৱনত বিশেষ পৰিস্থিতিৰ উদ্ভৱ হোৱা হেতুকে তেওঁ গুৰু বিচাৰি আকুল হৈছিল ভগৱান জনাৰ্দন সন্ন্যাসীৰ ৰূপত তেওঁৰ ওচৰত উপস্থিত হৈছিল সন্ন্যাসীৰ  ৰূপত অহা ভগৱানে দীক্ষাদানৰ জৰিয়তে তেওঁক পৰমেশ্বৰৰ জ্ঞান আৰু শক্তি প্ৰকাশৰ মাধ্যম হিচাপে প্ৰস্তুত কৰিছিল আৰু ভাগৱতৰ জ্ঞান জনসাধৰণৰ মাজত বিলাই দিয়া আৰু ভগৱান কৃষ্ণক ইষ্ট দেৱতাৰূপে সকলোৰে হৃদয়ত প্ৰতিষ্ঠা কৰাৰ কামত  নিযুক্ত কৰিছিল হৰিদেৱ গুৰুজনাই সে সময়ৰ পৰাই লোককল্যাণৰ লক্ষ্য আগত ৰাখি  জীৱনৰ প্ৰতিটো মুহুৰ্ত্ত  গুৰুৰ উপদেশ অনুসৰি কাম কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল পিছৰ লিখনি সমুহত এই কথা স্পষ্ট কৰাৰ চেষ্টা কৰা (আগলৈ)

No comments:

Post a Comment