Choosing of
Ishta Devata, taking refuge in the Ishta Devata and respecting all other deities as various names
and forms of one’s own Ishta Devata are considered to be the very important parts
of spiritual practice suggested by Guru Harideva. In the scriptures we get examples of this. From Bhagavata
we know that Jambavanta was a
powerful and famous hero of the time of the Ramayana. His Ishta Devata was
Lord Rama, the incarnation of Lord Vshnu in Treta Yuga. Because of his long
life, he was in this earth till the time of incarnation of lord Krishna in Dwapara
Yuga. When Lord Krishna met Jambavanata, he did not recognize Krishna as an incarnation
of Vishnu and fought with him like an enemy. The fight
continued till Lord Krishna proved himself to be the Lord Rama of Treta Yuga.
After that only Jwambavanta worshiped Krishna but that too in the form
of Lord Rama. Other examples of this type are also cited in the scriptures
to make us understand the importance of Ishta Devata in practical spiritual practice.
Bhagavata tells that God Almighty is devoid of any name, form and attribute.
But he appears in the name, form and with attributes in accordance with the
desires of his worshipers. Again one’s desires are related to his comparative development of knowledge, austerities,
penance and so on. As these qualities are different in different individuals,
every person is not attracted towards one name and form of God Almighty. So, a
single form of God Almighty can not be
the Ishta Devata of everybody. Bhagavata further tells that people may worship
God in whatever name and form he may like but all those names and forms are of
one and the same God Almighty only. All worships and prayers ultimately reach one
and the same God Almighty. Ishta Devata is one’s own personal deity. But then also, one’s Guru, traditions in family, social traditions
etc have influences in selection of the deity. Generally if a person is from a
family or society of Vaishnava tradition, then he is supposed to choose one
name and form of Vishu as his Ista Devata. But at the same time he is supposed
to show
respect
to all other remaining deities of Vaishnava tradition and also all the deities
of other non-Vaishnava traditions of worship as different names and forms of
his own Ishta devata. As per Vedic tradition, the
same rule is applicable to the followers of other traditions of worship also. This
type of broader view of unity and mutual respect among followers of various religious
traditions is reflected in the life and teachings of Guru Harideva and we will
discuss these things in proper place. (to be continued)
হৰিদেৱ গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মত ইষ্ট দেৱতা নিৰ্বাচন, সেই ইষ্ট দেৱতাৰ শৰণ গ্ৰহণ আৰু মত পথ নিৰ্বিশেষে অন্য সকলো লোকৰ ইষ্ট দেৱতাক নিজৰ ইষ্ট দেৱতাৰ বিভিন্ন নাম আৰু ৰূপ বুলি ভাবি শ্ৰদ্ধা কৰা পাৰমাৰ্থিক সাধনাৰ এক অতি গুৰুত্বপূৰ্ণ অংশ বুলি ধৰা হয়। শাস্ত্ৰত আমি ইয়াৰ উদাহৰণ পাওঁ। ভাগৱতৰ কাহিনীত কোৱা হৈছে যে জাম্বৱন্ত ত্ৰেতা যুগৰ এজন শক্তিশালী মহাবীৰ আছিল। সেই যুগৰ ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীৰাম তেওঁৰ ইষ্ট দেৱতা আছিল। অতিশয় দীৰ্ঘ আয়ুস কাল লাভ কৰা হেতুকে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ কালতো তেওঁ পৃথিৱীত বাস কৰি আছিল। শ্ৰীকৃষ্ণই যেতিয়া জাম্বৱন্তক লগ পাইছিল তেতিয়া তেওঁ কৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি মানি লোৱা নাছিল। জাম্বৱন্তই কৃষ্ণক শত্ৰু জ্ঞান কৰিছিল আৰু দুয়োৰে মাজত যুদ্ধ হৈছিল। যুদ্ধৰ জৰিয়তে কৃষ্ণই নিজকে ত্ৰেতা যুগৰ শ্ৰীৰাম চন্দ্ৰ বুলি প্ৰমাণ কৰাৰ পিছতহে জাম্বৱন্তই তেওঁক ভগৱান বুলি মানি লৈছিল। কিন্তু তাৰ পিছতো জাম্বৱন্তই কৃষ্ণক ভগৱান ৰাম ৰূপেহে পূজা কৰিছিল। পাৰমাৰ্থিক সাধনাৰ ব্যৱহাৰিক দিশত ইষ্ট দেৱতাৰ গুৰুত্ব কিমান তাক সহজভাৱে বুজাবৰ বাবে শাস্ত্ৰ সমুহত এনে ধৰণৰ অনেক উদাহৰণ দিয়া আছে। ভগৱতত কোৱা হৈছে যে পৰমেশ্বৰৰ কোনো নাম, ৰূপ বা গুণ বৈশিষ্ট্য নাই । কিন্তু উপাসকে যি ধৰণে চাব বিচাৰে সেই নাম, ৰূপ আৰু গুণ মাহাত্ম্য সম্পন্ন হৈ ঈশ্বৰে নিজকে প্ৰকাশ কৰে বা দৰ্শন দিয়ে।আকৌ মানুহে নিজৰ জ্ঞান, বুদ্ধি, তপস্যা, সাধনা আদি যি স্তৰত থাকে সেই স্তৰ অনুসৰি ভগৱানৰ ধাৰণা কৰে আৰু সেই ধাৰণাৰ সৈতে মিল খোৱা ভগৱানকহে পাব বিচাৰে । যিহেতু প্ৰত্যেক মানুহৰ জ্ঞান , বুদ্ধি আদিৰ স্তৰ একে নহয় সেয়েহে প্ৰত্যেক ব্যক্তিয়ে পৰমেশ্বৰৰ একেটা নাম, ৰূপৰ আৰু এক প্ৰকাৰ গুণ মাহাত্ম্যৰ প্ৰতি আকৰ্ষিত নহয় । গতিকে পৰমেশ্বৰৰ এটা মাত্ৰ ৰূপ সকলোৰে ইষ্ট দেৱতা হ’ব নোৱাৰে । ভাগৱতত কোৱা হৈছে যে মানুহে নিজে ভাল পোৱামতে ভগৱানৰ যিকোনো নাম ৰূপৰ উপাসনা কৰে যদিও সেই সকলোখিনি একেজন পৰমেশ্বৰৰে নাম আৰু ৰূপ। সমস্ত প্ৰকাৰৰ উপাসনা আৰু প্ৰাৰ্থনা একেজন পৰমেশ্বৰৰ ওচৰলৈ যায় । ইষ্ট দেৱতা কোনো এজন ব্যক্তিৰ সবাতোকৈ প্ৰিয় নিজস্ব দেৱতা। তথাপিও ইষ্ট দেৱতা নিৰ্বাচনৰ বেলিকা গুৰুৰ উপদেশ, পৰিয়ালৰ পৰম্পৰা , সামাজিক পৰম্পৰা ইত্যাদিৰ প্ৰভাৱ পৰে । সাধাৰণতে পাৰিবাৰিক বা সামাজিক পৰম্পৰা অনুসৰি বৈষ্ণৱ সম্প্ৰদায়ৰ অন্তৰ্গত ব্যক্তিয়ে ভগৱান বিষ্ণুৰ কোনো এক নাম-ৰূপ নিজৰ ইষ্ট দেৱতা ৰূপে নিৰ্বাচন কৰে । কিন্তু লগতে বিষ্ণুৰ অন্য নাম ৰূপ আৰু অন্য অবৈষ্ণৱ সম্প্ৰদায়ভুক্ত লোকসকলৰ উপাস্য সমস্ত দেৱী- দেৱতাকে নিজৰ ইষ্ট দেৱতাৰ বিভিন্ন নাম ৰূপ হিচাপে শ্ৰদ্ধা কৰা কৰ্ত্তব্য বুলি গণ্য কৰে। বৈদিক পৰম্পৰা অনুসৰি অন্য সম্প্ৰদায় সমুহৰ ক্ষেত্ৰতো এই একে নিয়ম প্ৰয়োজ্য বুলি ধৰা হয়।হৰিদেৱ গুৰুজনাৰ নিজৰ জীৱন আৰু তেওঁৰ দ্বাৰা প্ৰচাৰিত উপদেশ সমুহত এনে উদাৰ আৰু পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ নিয়ম নীতি সমন্বিত ধৰ্মীয় দৃষ্টিভঙ্গী সহজে লক্ষ কৰিব পাৰি । উপযুক্ত স্থানত এই কথা বহলভাৱে কোৱা হ’ব ।(আগলৈ)
No comments:
Post a Comment