Sunday 23 August 2020

Understanding Guru Harideva’s Approach Towards Unity-133 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৩৩)


Guru Harideva stayed at Aswaklanta for three nights. Here he performed another most important duty. In Bhagavata it is told that every human being is indebted to his parents and forefathers and this indebtedness is called ‘Pitri Rin’. Our body is the base of performance of all religious and worldly duties. This body, its sustenance, our family name, legacy etc are gifts given to us by our parents and forefathers. We come to this world through our parents. They raise us, give us education, feed us and provide us with all possible comforts of life. Our grand parents did the same duties for our parents and the same things go on generation after generation.Thus we are indebted to our parents and higher ancestors. But these debts are not like the liabilities of a bank loan. Actually by declaring this as our debts from forefathers, the scriptures create awareness in our mind to the duties and responsibilities towards our parents and forefathers. Bhagavata tells that it is not at all possible to repay Pitri Rin. But then also, we should try to repay from our part by way of showing gratitude to them. We should look after our parents and other living ancestors at the time of their needs and in their old age. Bringing fame and glory to one’s clan through noble activities is also one way of repayment of Pitri Rin. Also, we can perform acts of charity in the name of our forefathers to keep their memories alive. The scriptures suggest different methods of offering oblations to be performed by son and offspring of deceased ancestors to repay their Pitri Rin. For this purpose, performance of shraddha ceremony of the forefathers prior to celebration of   marriage etc. in a family are made compulsory for a house holder. A house holder is advised to go on pilgrimage after repayment of all his debts and debt from forefathers or Pitri Rin is also included here. The ancestors of Guru Haideva were strict followers of all these scriptural rules and regulations in their day to day life. Guru Harideva had experience of these things from his childhood days.  Now, prior to the auspicious occasion of his pilgrimage all these things came to his mind. There is a Brahma Kunda and a Vishnu Pada or foot prints of Lord Vishnu at Aswaklanta shrine. People still believe that performance of shraddha and offering of oblation to forefathers here bring equal results of doing so at Gaya, the famous shrine of North India. Keeping all these in mid, Guru Harideva performed shraddha ceremony of his ancestors and offered pinda or oblation to them at Aswaklanta before starting his pilgrimage tour .  (to be continued)

 হৰিদেৱ গুৰুজনাই অশ্বক্লান্তত তিনি ৰাতি কটাইছিল ইয়াৰ ভিতৰতে তেওঁ অন্য এটা অতি প্ৰয়োজনীয় কাম কৰিছিল ভাগৱতত কোৱা হৈছে যে প্ৰত্যেক ব্যক্তি নিজৰ পিতৃ মাতৃ তথা পূৰ্বপুৰুষ সকলৰ ওচৰত ঋণগ্ৰস্ত হয় আৰু এই ঋণক পিতৃ ঋণ বুলি কোৱা হয়শৰীৰ সকলো কৰ্ম আৰু ধৰ্ম সাধনাৰ মূল ভিত্তি এই শৰীৰৰ জন্ম ,প্ৰতিপালন, পৰিয়ালগত পৰিচয় , বংশগত পৰিচয় ইত্যাদি আমাৰ পিতৃ-মাতৃ আৰু উপৰি পুৰুষ সকলৰ অবদান পিতৃ মাতৃৰ মাধ্যমত আমি সংসাৰলৈ আহো, তেওঁলোকে আমাক ডাঙৰ দীঘল কৰে, শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰে, আহাৰ দিয়ে, আশ্ৰয় দিয়ে আৰু সংসাৰত সুখে সন্তোষে থকাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰে একেখিনি কৰ্ত্তব্য আমাৰ ককা-আইতা সকলে আমাৰ পিতৃ-মাতৃৰ বাবে পালন কৰে আৰু পুৰুষানুক্ৰমে এই প্ৰক্ৰিযা চলি থাকে এনেদৰে পিতৃপুৰুষ সকলৰ ওচৰত আমি ধৰুৱা হওঁ কিন্তু এই ঋণ আমি বেংকৰ পৰা লোৱা ধাৰৰ দৰে নহয় প্ৰকৃততে ইয়াক ঋণ বুলি কৈ শাস্ত্ৰই পিতৃ মাতৃ তথা পুৰ্বপুৰুষ প্ৰতি থকা আমাৰ দায়িত্বৰ কথা সোঁৱৰাই থাকে ভাগৱতে কৈছে যে পিতৃ ঋণ পৰিশোধ কৰা অসম্ভৱ তথাপি পিতৃপুৰুষৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি তেওঁলোকৰ ঋণ পৰিশোধ কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা কৰা আমাৰ সকলোৰে কৰ্ত্তব্য বুলি শাস্ত্ৰত কোৱা হৈছে বৃদ্ধ কালত উপনীত হোৱা পিতৃ মাতৃ তথা বংশৰ অন্য জীৱিত উপৰিপুৰুষক সেৱা সুশ্ৰুষা কৰা আৰু তেওঁলোকৰ প্ৰয়োজন সমুহ পূৰণ কৰা কৰ্ত্তব্য বুলি শাস্ত্ৰত উপদেশ দিয়া হৈছে শুভ কৰ্মৰ অনুষ্ঠানৰ জৰিয়তে নিজৰ জীৱনৰ উন্নতি সাধন কৰাৰ লগতে বংশলৈ সুনাম আৰু গৌৰৱ কঢ়িযাই অনাটোও পিতৃ ঋণ পৰিশোধৰ উপায় বুলি কোৱা হৈছে পূৰ্ব পুৰুষৰ নামত জনকল্যাণ মূলক কাম কৰি তেওঁলোকৰ কীৰ্ত্তি স্মৰণীয় কৰাৰ উপদেশ দিয়া হৈছে মৃত পূৰ্বপুৰুষ সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে পুত্ৰ আৰু অধস্তন পুৰুষক শ্ৰাদ্ধ, তৰ্পণ, পিণ্ডদান আদি কৰাৰ  বাবে শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে পৰিয়ালত বিয়া-বাৰু ইত্যাদি মাঙ্গলিক কৰ্ম অনুষ্ঠিত কৰাৰ সময়ত পূৰ্বপুৰুষৰ শ্ৰাদ্ধ শান্তি আদি অনুষ্ঠিত কৰি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু আশীৰ্বাদ লোৱাৰ পদেশ দিয়া হৈছে গৃহস্থ ব্যক্তিক সকলো প্ৰকাৰৰ ঋণ পৰিশোধ কৰাৰ পিছতহে তীৰ্থ ভ্ৰমণ কৰাৰ উপদেশ দিয়া হৈছে আৰু ইয়াৰ ভিতৰত পিতৃ ঋণো অন্তৰ্ভুক্ত হৈ আছে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলে এই সমস্ত শাস্ত্ৰীয় নীতি নিয়ম মানি জীৱন নিৰ্বাহ কৰিছিল আৰু হৰিদেৱ গুৰুজনাই শিশু কালৰে পৰা এইবিলাক অভিজ্ঞতা লাভ কৰিছিল তীৰ্থ ভ্ৰমণলৈ যোৱাৰ আগে আগে এই বিলাক কথা গুৰুজনাৰ মনলৈ আহিছিল অশ্বক্লান্তত ব্ৰহ্মকুণ্ড আৰু বিষ্ণু পদচিহ্ন আছে ভৰতৰ বিখ্যাত তীৰ্থস্থান গয়াত মৃতকৰ শ্ৰাদ্ধকৰ্ম আৰু পিণ্ডদান কৰিলে যিমান ফল পোৱা যায় অশ্বক্লান্তত কৰিলেও সমানে ফল হয় বুলি মানুহে আজিও বিশ্বাস কৰে এই সকলো কথা চিন্তা কৰি হৰিদেৱ গুৰুজনাই অশ্বক্লান্তত  পিতৃ মাতৃৰ লগতে পূৰ্বপুৰুষ সকলৰ শ্ৰাদ্ধ কৰিছিল আৰু তেওঁলোকৰ উদ্দেশ্যে পিণ্ডদান কৰি  তীৰ্থ ভ্ৰমণ সফল হোৱাৰ বাবে আশীৰ্বাদ প্ৰাৰ্থনা কৰিছিল (আগলৈ)

No comments:

Post a Comment