In the preceding
post we mentioned about Ishta Devata, that is, the divine form that most
inspires one. Scriptures tell that one should choose only one name and form of
God Almighty as his Ista Devata. Then he should take refuse in him and make
practice to see all other forms of deities as different names and forms of his own
Ista Devata. In this regard, Bhagavata goes one step
further and tells that one should see his own Ishta Devata in all living beings.
People in general choose to worship the God with attributes that appears to be
attractive to their minds. People choose to worship God who is able to fulfill their
desires and protect their lives and properties. The nearness of Ista Devata
should be felt by the worshiper at his time of distress. Moreover it is the
general tendency of human mind to reject one thing after obtaining another
thing better than that. So, there should be no other deity superior to one
selected by the worshiper as his Ista Devata and also the chosen deity should
be in that state forever. Otherwise the mind of the worshiper may be diverted from
the original choice to another better choice at any time. In this way, it is seen that the form of God chosen by one as his Ista Devata should be
nearer to the worshiper so that his presence can be felt by the worshiper with him always. The
Ishta Devata should be the most powerful so that he can protect the worshiper
and fulfill his desires. One’s Ishta Devata should be knower of everything so
that he can know the requirements of the worshiper and can remove all types of ignorance
in him. Thus unless the characteristics
of the God Almighty, that is, Omnipresence, Omniscience and Omnipotence are
attributed to one’s most beloved deity, it can not become one’s ideal Ishta
Devata. Hence the selection of Ista Devata is not an easy thing to do. One should
approach his Guru for this.Then the Guru
selects proper Ishta Devata for his
disciple and establishes the name and form of that deity in the heart of his disciple
as per scriptural procedures. After that a particular name and form of God Almighty
becomes the Ishta Devata or most favorite personal deity of that person. This
process is included in the religious practice suggested by Guru Harideva and we
will discuss it further in a proper place. Now Guru Harideva was at Aswaklanta
on the path of his pilgrimage tour. He felt that choosing of Ishta Devata and initiation
were essential before pilgrimage tour to enable him to see all deities worshiped at different
pilgrim places as various names and forms of his own Ishta Devata. For this
purpose he was eagerly searching for a Guru. (to be continued)
ইয়াৰ আগৰ লিখনিটোত ইষ্ট দেৱতাৰ কথা উল্লেখ কৰা হৈছে। ঈশ্বৰৰ অসংখ্য নাম আৰু ৰূপৰ ভিতৰত যি নাম আৰু ৰূপে কোনো এজন ব্যক্তিক সবাতোকৈ বেছি আকৰ্ষণ কৰে সেয়ে তেওঁৰ ইষ্ট দেৱতা । শাস্ত্ৰত কোৱা হৈছে যে এজন ব্যক্তিয়ে পৰমেশ্বৰৰ মাত্ৰ এটা নাম আৰু ৰূপ ইষ্ট দেৱতা ৰূপে গ্ৰহণ কৰিব লাগে। তাৰ পিছত সেই নাম আৰু ৰূপযুক্ত ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগে আৰু লগতে অন্য অসংখ্য নাম ৰূপধাৰী দেৱী দেৱতাক নিজ ইষ্ট দেৱতাৰ বিভিন্ন নাম ৰূপ হিচাপে চোৱাৰ অভ্যাস কৰিব লাগে। ভাগৱতে ইয়াতোকৈ ওপৰৰ স্তৰলৈ গৈ কৈছে যে সকলো জীৱৰ ভিতৰতে নিজৰ ইষ্ট দেৱতাক দৰ্শন কৰিব লাগে । সাধাৰণতে যি দেৱতাৰ গুণ বৈশিষ্ট্যই মানুহক সকলোতকৈ বেছি আকৰ্ষণ কৰে সেই দেৱতাকে উপাসনা কৰা হয় । যি দেৱতাই মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, সা-সম্পত্তি, ধন-জন আদি ৰক্ষা কৰে, বিপদৰ সময়ত ওচৰতে পোৱা যায় তেনে দেৱতাৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হয় আৰু পূজা অৰ্চনা কৰে । ভাল বস্তু পালে আগৰটো এৰি নতুন বস্তু গ্ৰহণ কৰা মানুহৰ মনৰ স্বাভাৱিক প্ৰবৃত্তি । গতিকে উপাসকে গ্ৰহণ কৰা ইষ্ট দেৱতা আন সকলো দেৱতাতকৈ সকলো ফালৰ পৰা শ্ৰেষ্ঠতম দেৱতা হোৱা প্ৰয়োজন আৰু চিৰকাল সেই স্থিতিতে থকা বাঞ্ছনীয় । অন্যথা উপাসকৰ মন এক ইষ্ট দেৱতা এৰি তাতোকৈ শ্ৰেষ্ঠ বুলি ভৱা অন্য ইষ্টদেৱতাৰ পিনে ঢাল খোৱাৰ সম্ভাৱনা থাকে । এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে ইষ্ট দেৱতা উপাসকৰ একেবাৰে ওচৰত থাকিব লাগে যাতে উপাসকে নিজৰ ইষ্ট দেৱতা সদা সৰ্বদা তেওঁৰ লগতে থাকে বুলি অনুভৱ কৰিব পাৰে । ইষ্ট দেৱতা সবাতোকৈ শক্তিশালী হ’ব লাগে যাতে তেওঁ উপাসকক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে আৰু উপাসকৰ সমস্ত আশা আকাংক্ষা পূৰণ কৰিব পাৰে । ইষ্ট দেৱতা সমস্ত জ্ঞানৰ অধিকাৰী হ’ব লাগে যাতে তেওঁ উপাসকৰ বাবে কি প্ৰয়োজন তাক বুজি পায় আৰু উপাসকক অজ্ঞান অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰে । ইয়াৰ পৰা স্পষ্ট হয় যে যেতিয়ালৈকে পৰমেশ্বৰৰ সৰ্বব্যাপ্ততা , সৰ্বজ্ঞতা আৰু সৰ্বশক্তিমত্তা গুণ ইষ্ট দেৱতাৰ ওপৰত আৰোপ কৰা নহয় তেতিয়ালৈকে কোনো দেৱতা কাৰো আদৰ্শ ইষ্ট দেৱতা হ’ব নোৱাৰে । গতিকে নিজৰ বাবে ইষ্ট দেৱতা নিৰ্বাচন কৰা সহজ কাম নহয়। ইয়াৰ বাবে গুৰুৰ ওচৰ চাপিব লাগে । গুৰুৱে সকলো কথা বিবেচনা কৰি শাস্ত্ৰীয় নিয়মৰ মাধ্যমত শিষ্যৰ বাবে উপযুক্ত ইষ্ট দেৱতা নিৰ্বাচন কৰে আৰু সেই ইষ্ট দেৱতাৰ নাম আৰু ৰূপ শিষ্যৰ হৃদয়ত প্ৰতিষ্ঠা কৰি দিয়ে । ইয়াৰ পিছত পৰমেশ্বৰৰ সেই বিশেষ নাম আৰু ৰূপ শিষ্যৰ ইষ্ট দেৱতাত পৰিণত হয় । হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্মত এই ব্যৱস্থাৰ ব্যৱহাৰিক প্ৰয়োগ কৰা হয়। উপযুক্ত স্থানত এই বিষয়ে বহলাই কোৱা হ’ব । আগতে কোৱা হৈছে যে হৰিদেৱ গুৰুজনা তীৰ্থ যাত্ৰাৰ পথত অশ্বক্লান্তত আছিল। তীৰ্থ যাত্ৰাৰ আগতে সমস্ত তীৰ্থস্থানৰ উপাস্য দেৱতাকে নিজ ইষ্ট দেৱতাৰ বিভিন্ন ৰূপ হিচাপে দৰ্শন কৰাৰ বাবে শিক্ষা লোৱাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ বুজি পাইছিল। সেয়েহে শাস্ত্ৰীয় নিয়ম অনুসৰি ইষ্ট দেৱতা নিৰ্বাচন আৰু সেই ইষ্ট দেৱতাৰ ওচৰত শৰণ বা আশ্ৰয় গ্ৰহণ কৰাৰ শিক্ষা লোৱাৰ বাবে গুৰু বিচাৰি তেওঁৰ মন ব্যাকুল হৈছিল । (আগলৈ)
No comments:
Post a Comment