We told in our post of
25.8.20 that Guru Harideva started his journey on pilgrimage from Aswaklanta
towards the downstream of river Brahmaputra along with his sister and associate
Gobinda. Next day they reach Hajo, a place some 30 kms away from Aswaklanta.
They stopped there near the Madhava temple situated on the top of Manikut hill.
Lord Vishnu is worshiped in this temple in the name and form of Hayagriva
Madhava. We discussed about this temple in our post of 27.8.20. The priests of
the temple welcomed them and made arrangement for their stay. Here one thing
should be noted. People like us identify ourselves as certain person belonging
to certain family of certain community and society. Thus we always remain under
cover of some designations. But in actuality, we do not belong to any family or
any community or society. We are not within the limitation of man made
geographical boundaries of any country. We do not have any everlasting relationship with these things. We are eternally related to God
Almighty only. After realization of this truth, one becomes an unlimited
personality. He no longer serves the limited interest of his so called
family, community, society or country. Such a person works for the welfare of entire
creation of the God Almighty. In our judgement the activities of such a person
may be big or small, good or bad. But the purpose of each of his works, the
purpose of each of his movements are full of integrity and purity. Generally,
if we do something beneficial for other people, we go on telling people about it.
But such a man with purity of heart need not go on telling people about the noble purpose behind his activities. The sign of his purity and integrity comes out from
his appearance itself like the light of a lamp placed in the darkness. The same
thing happened in case of Guru Harideva. The purpose of pilgrimage of Guru Harideva
was the realization of the Omnipotent, Omniscient and Omnipresent nature of God
Almighty. He wanted to realize his own unlimited existence as a soul, free from the boundaries of family, society, community or country etc. He made himself
fully prepared for achievement of that goal before starting his pilgrimage. These things we already discussed.
Now, during this tour , he visited almost all pilgrim places of North India. Everywhere,
the noble purpose of his visit came to the notice of people from his
appearance, his movements, his way of offering prayer and his dealings with
people of various classes. All people used to feel attracted towards him. We
already discussed about the love and affection shown to him by the people of Aswaklanata.
The same type of reception he received at Madhava temple of Hajo and in all
other places of India he visited during his pilgrimage. (to be continued)
হৰিদেৱ গুৰুজনাই ভনীয়েক সুভদ্ৰা আৰু সঙ্গী গোবিন্দক লগত লৈ অশ্বক্লান্তৰ পৰা তীৰ্থ যাত্ৰাৰ পাতনি মেলিছিল বুলি আমাৰ ২৫.৮.২০ তাৰিখৰ লিখনিত কোৱা হৈছে । তাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে প্ৰায় ৩০ কিঃমিঃ ভটিয়াই আহি পিছ্দিনা হাজোৰ মণিকুট পাহাৰৰ শীৰ্ষত অৱস্থিত মাধৱ মন্দিৰৰ ওচৰত তেওঁলোকে ভেলৰ পৰা নামিছিল । এই মন্দিৰত হয়্গ্ৰীৱ মাধৱ নাম- ৰূপধাৰী ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়। আমাৰ ২৭.৮.২০ তাৰিখৰ লিখনিত এই মন্দিৰৰ বিষযে কোৱা হৈছে। ইয়াতো মন্দিৰৰ পুৰোহিত সকলে তেওঁলোকক আদৰি আনি থকা মেলাৰ ব্যৱস্থা কৰি দিছিল। এইখিনিতে এটা কথা লক্ষ্য কৰা প্ৰয়োজন। আমাৰ দৰে সাধাৰণ মানুহে নিজকে কোনো এখন দেশৰ, কোনো এটা জাতিৰ, কোনো এখন সমাজৰ অন্তৰ্গত কোনো এটা পৰিয়ালৰ সদস্য হিচাপে চিনাক্ত কৰো। ইযাৰ দ্বাৰা আমি এক উপাধিৰ আৱেষ্টনীৰ মাজত সদায় আৱদ্ধ হৈ থাকো। কিন্তু প্ৰকৃতাৰ্থত আমি কোনো এটা নিৰ্দিষ্ট পৰিয়াল ,জাতি বা এখন সমাজৰ লগত সম্পৰ্কিত ব্যক্তি নহয়। মানুহে সৃষ্টি কৰা এখন দেশৰ চাৰিসীমাৰ আৱেষ্টনীৰ মাজতো আমি আৱদ্ধ হৈ থকা নাই। এইবিলাকৰ সৈতে আমাৰ কোনো চিৰস্থায়ী সম্পৰ্ক নাই। কেৱল মাত্ৰ পৰমেশ্বৰৰ সৈতেহে আমাৰ চিৰন্তন সম্পৰ্ক আছে। এই সত্য উপলব্ধি কৰাৰ লগে লগে এজন ব্যক্তি সীমাহীন ব্যক্তিত্বৰ অধিকাৰী হয় । তেনে সীমাহীন ব্যক্তিত্ব লাভ কৰা ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট পৰিয়াল, জাতি, সমাজ বা দেশৰ স্বাৰ্থত কাম কৰিব নোৱাৰে। তেনে ব্যক্তিয়ে ভগৱানৰ সমগ্ৰ সৃষ্টিৰ সকলোৰে মঙ্গলৰ অৰ্থে কাম কৰে। আমাৰ দৃষ্টিত তেনে ব্যক্তিয়ে কৰা কৰ্ম সৰু-ডাঙৰ, ভাল-বেয়া ইত্যাদি হ’ব পাৰে। কিন্তু তেনে ব্যক্তিৰ প্ৰত্যেক কৰ্ম আৰু প্ৰত্যেক পদক্ষেপৰ উদ্দেশ্য অতি সৎ আৰু পবিত্ৰ হয়। আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে অন্যৰ উপকাৰৰ অৰ্থে সামান্য কিবা কৰিলেও তাক আনৰ আগত যহাই ফুৰো। কিন্তু পবিত্ৰ অন্তৰৰ সেই সকল ব্যক্তিয়ে নিজৰ কৰ্মৰাজিৰ অন্তৰালত থকা মহান উদ্দেশ্যৰ কথা গাই বাই ফুৰাৰ প্ৰয়োজন নাথাকে। আন্ধাৰৰ মাজত জ্বলি থকা চাকিৰ পোহৰ যিদৰে দেখা যায়, সেইদৰে মানুহে তেনে ব্যক্তিক দেখাৰ লগে লগে তেওঁৰ অভ্যন্তৰৰ সততা আৰু পবিত্ৰতা উপলব্ধি কৰিব পাৰে। হৰিদেৱ গুৰুজনাৰ ক্ষেত্ৰতো এনে হৈছিল। ভগৱানৰ সৰ্ববব্যাপ্ত, সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান স্বৰূপ উপলব্ধি কৰাৰ বাবে হৰিদেৱ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছিল। এক নিৰ্দিষ্ট পৰিয়াল, জাতি, সমাজ, দেশ আদিৰ সীমাৰ উৰ্দ্ধত অৱস্থিত নিজৰ অসীম সত্তাক সাক্ষাৎ উপলব্ধি কৰাৰ উদ্দেশ্য লৈ তেওঁ তীৰ্থযাত্ৰা কৰিছিল।এই লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ কিদৰে নিজকে প্ৰস্তুত কৰিছিল তাক আগৰ লিখনিত কৈ অহা হৈছে। এই যাত্ৰাত তেওঁ উত্তৰ ভাৰতৰ প্ৰায় সমস্ত তীৰ্থস্থানলৈ গৈছিল । প্ৰত্যেক স্থানতে তেওঁৰ উপস্থিতি, চালচলন, প্ৰাৰ্থনাৰ ধৰণ কৰণ, সকলো শ্ৰেণীৰ লোকৰ প্ৰতি প্ৰদৰ্শন কৰা আচাৰ ব্যৱহাৰ ইত্যাদিৰ মাজেৰে তেওঁৰ ভ্ৰমণৰ আঁৰত থকা মহান উদ্দেশ্যৰ কথা সকলোৱে বুজি পাইছিল। সেয়েহে সকলো ঠাইতে সকলো শ্ৰেণীৰ মানুহে তেওঁৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছিল। অশ্বক্লান্তৰ মানুহে হৰিদেৱ গুৰুজনাক কেনে ধৰণৰ স্নেহপূৰ্ণ আদৰ সম্ভাষন কৰিছিল তাক অগতে কোৱা হৈছে। হাজো তথা ভাৰতৰ অন্যান্য সকলো ঠাইতে সকলো শ্ৰেণীৰ লোকৰ পৰাও তেওঁ একে ধৰণৰ আদৰ সাদৰ আৰু সহায় সহযোগিতা লাভ কৰিছিল । (আগলৈ)
No comments:
Post a Comment