Wednesday, 5 August 2020

Understanding Guru Harideva’s Approach Towards Unity-124 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২৪)

In the last few posts we discussed about the changes that occurred  in the life of Guru Harideva because of the incident that happened at Narayanpur. After that incident he was determined to gain sufficient strength to work for the cause of common people. At  that time he was already well educated and was fully conversant with knowledge of all important scriptures. Now we should go to the details of his pilgrimage tour, institutional education and  spiritual practice or sadhana . Through these activities Guru Harideva transformed his personality to the state of a   Mahapurusha  with spiritual knowledge and power  comparable to that of the Vedic sages. He was aware of the fact that this is the highest power and position one can attain in this world. Also, through this sadhana he became competent to become a Guru or spiritual teacher of common people. We told in our post of 26.7.20 that, Guru Harideva fled away from Narayanpur towards the downstream of  river Bahmaputra on a raft. At that time, he was16 years old. His 6 years old sister Subhadra and associate Dwija Gobinda was with him. In that situation, sitting over the moving raft on river Brahmaputra he started thinking about his future  plan of action . Then the thought of pilgrimage tour came to his mind.  He was aware of the fact that pious men of high purity and sanctity live in and around the pilgrim places. Those places are centers of spiritual activities and education. Spiritual masters, sadhus and holy men from various places regularly visit those places and use those places as the centers for spreading of their knowledge and activities among the people. Thus by going on a pilgrimage tour to  pilgrim places, one can come across many people of higher spirituality, yogis and sadhus assembled at one place. One can interact with those people and get the benefit of their association. Also one  can seek their advice, get share  of their knowledge and can  obtain their blessings. Again due to continuous performance of spiritual activities for long time, the atmosphere of a pilgrim place remains  spiritually vibrant  and holy at all time. So , if one makes spiritual practice, study scriptures inhaling air and using  water of those places ,  he is supposed  to get more spiritual benefit with lesser efforts. Guru Harideva wanted all those benefits of pilgrimage for himself and  for the benefit of his  future mission . He discussed all those things with Dwija Gobinda and  finally  decided  to  visit all the places of spiritual importance in India .(to be continued)

নাৰায়ণপুৰত সংঘটিত হোৱা ঘটনাৰ পৰা হৰিদেৱ গুৰুজনাৰ জীৱনললৈ কি ধৰণৰ পৰিবৰ্ত্তন আহিছিল তাৰ আভাস ইয়াৰ আগৰ কেইটামান লিখনিত দি অহা হৈছে এই ঘটনাৰ পিছত তেওঁ সাধাৰণ লোকৰ সেৱাৰ অৰ্থে প্ৰয়োজনীয় শক্তি আহৰণ কৰাৰ বাবে দৃঢ় সংকল্প লৈছিল সেই সময়ত তেওঁৰ শিক্ষা সম্পূৰ্ণ হৈছিল আৰু সকলো প্ৰকাৰৰ শাস্ত্ৰ্ৰ্ৰৰ পূৰ্ণজ্ঞান তেওঁ লাভ কৰিছিল বুলি আগত কোৱা হৈছে এতিয়া গুৰুজনাৰ তীৰ্থভ্ৰমণ , আনুষ্ঠানিক শিক্ষা আৰু পাৰমাৰ্থিক সাধনাৰ বিষয়ে জনা প্ৰয়োজন এই সমুহ কাৰ্য বা সাধনাৰ দ্বাৰাই তেওঁ বৈদিক ঋষি মুনিৰ দৰে পাৰমাৰ্থিক জ্ঞান আৰু শক্তি সম্পন্ন মহাপুৰুষৰ ব্যক্তিত্ব আৰু গুণ গৰিমাৰে বিভূষিত হৈছিল্। শাস্ত্ৰ অধ্যয়নৰ পৰা তেওঁ জানিছিল  যে এই শক্তি আন সকলো শক্তিতকৈ প্ৰৱলএই সাধনাৰ দ্বাৰাই তেওঁ জনসাধাৰণৰ গুৰু বা পাৰমাৰ্থিক শিক্ষক হোৱাৰ যোগ্যতাও অৰ্জন কৰিছিল ১৬ বছৰ বয়সত হৰিদেৱ গুৰুজনা এখন ভেলত উঠি নাৰায়ণপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীৰে ভাটিৰ দিশে পলাই গৈছিল বুলি আমাৰ ২৬.৭.২০ তাৰিখৰ লিখনিত কোৱা হৈছে তেওঁৰ লগত ৬ বছৰীয়া ভনীয়েক সুভদ্ৰা আৰু চিৰসঙ্গী গোবিন্দ দ্বিজ আছিল সেই অৱস্থাত ব্ৰহ্মপুত্ৰৰ বুকুত চলি থকা ভেলখনত বহি নিজৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে চিন্তা কৰি থাকোতে তীৰ্থ ভ্ৰমণৰ কথা তেওঁৰ মনলৈ আহিছিল তেওঁ জানিছিল যে তীৰ্থক্ষেত্ৰ সমুহত উচ্চ স্তৰৰ গুণ-জ্ঞান সম্পন্ন সাধু সন্ত আৰু পবিত্ৰ অন্তৰৰ লোক সকলে বাস কৰে তীৰ্থস্থান সমুহ পাৰমাৰ্থিক কাৰ্যকলাপ আৰু শিক্ষা-দীক্ষাৰ কেন্দ্ৰস্থান তদুপৰি দেশৰ সকলো ঠাইৰ পৰা পাৰমাৰ্থিক জ্ঞান সম্পন্ন লোকযোগী. সাধু-সন্ন্যাসী সকলে তীৰ্থস্থান সমুহলৈ সঘনাই আহি থাকে সেই সকলৰ কিছুমানে জনসাধাৰণৰ মাজত জ্ঞান বিস্তাৰৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ কাম কৰিবৰ বাবে তীৰ্থসমুহক কেন্দ্ৰস্থান হিচাপে ব্যৱহাৰ কৰে সেয়েহে তীৰ্থ ভ্ৰমণ কৰিলে বহু সংখ্যক গুণ-জ্ঞান সম্পন্ন ঋষি , যোগী , সাধু ,সন্ন্যাসীক একে স্থানতে লগ পাব পাৰি , তেওঁলোকৰ পৰা বিভিন্ন বিষয়ৰ দিহা পৰামৰ্শ ল পাৰি,তেওঁলোকৰ জ্ঞানৰ ভাগ লব পাৰি, আশীৰ্বাদ লব পাৰি ইত্যাদি আকৌ তীৰ্থস্থান সমুহত সদা সৰ্বদা পাৰমাৰ্থিক কাৰ্যকলাপ চলি থকা হেতুকে ইয়াৰ প্ৰাকৃতিক পৰিবেশতো আধ্যাত্মিকতা বিৰাজ কৰে  ইয়াৰ বায়ু জল সেৱন কৰি সাধনা বা অধ্যয়ন আদি কৰিলে কম সময় আৰু কষ্টৰ ভিতৰতে অধিক সুফল পোৱা যায় এই সকলো কথা বিচাৰ কৰি হৰিদেৱ গুৰুজনাই তেতিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত  ভাৰতৰ তীৰ্থস্থানত পাব পৰা সুবিধাসমুহ  গ্ৰহণ কৰা উচিত বুলি বিবেচনা কৰিছিল আৰু দ্বিজ গোবিন্দৰ সৈতে আলোচনা ৰি তীৰ্থ ভ্ৰমণলৈ যোৱাৰ সিদ্ধান্ত লৈছিল (আগলৈ)


No comments:

Post a Comment