There are
directions from the Vedas for two kinds of activities. Some activities are
meant for people attached to material enjoyments. Some activities are meant for those who
are detached from material world. Accordingly two types of people with separate
mental dispositions are also there. Both kinds of activities in a single person
are contradictory. Bhagavata explains this with some example for our
understanding. The demigods can travel through space. Human beings can travel
on the surface of earth. Both the
activities in a human being are contradictory. But a human being can attain the
status of a demigod through his actions. Once he attains that position, he can naturally
move in the space. The activities of spiritual nature are suitable for people
who are materially detached and a man fully attached with the worldly life can
never be interested there. But once the mind is detached from worldly affairs,
the same person automatically becomes interested in the activities suitable for
materially detached people. So, before pertaining spiritual advice to a person,
the duty of a spiritual master or Guru is to divert his mind from the state of
attachment to the state of detachment. The scriptures tell so many ways for
this purpose in various ways. It is the duty of a Guru is to select the
appropriate way suitable for each of his disciples and guides him accordingly.
If the disciple is intelligent enough to accept the instruction of
his Guru with devotional faith and strictly follows them, then he can detach himself from material world
and proceed further in the path of spirituality. This is the normal method of
imparting spiritual education to people. But when a Mahapurusha or spiritual
superhuman being with his enormous spiritual power, arrives as a spiritual
teacher or Guru of human society this situation is completely changed. The
power of attraction of a great spiritual personality is of such higher intensity
that people in mass scale become spontaneously interested to hear and obey him. In
Bhagavadgita it is told that when flood waves inundate all places, people need
not lift water from a well for his use. Likewise when a Mahapurusha appears in
a human society, a high wave of spirituality touches the heart of everybody and
people in mass scale become automatically interested to follow spiritual path. The same things happened when Guru Harideva started his
mission after coming back to Assam endowed with the qualities of a Mahapurusha. In the coming post we will
discuss these things. (to be continued)
বেদত দুই প্ৰকাৰৰ কৰ্মৰ নিৰ্দেশ দিয়া হৈছে । ইয়াৰে এক প্ৰকাৰৰ কৰ্ম প্ৰবৃত্তি মূলক কৰ্ম আৰু এই কৰ্ম সাংসাৰিক বিষয় ভোগৰ প্ৰতি আগ্ৰহী লোকৰ বাবে উপযোগী । আন প্ৰকাৰৰ কৰ্ম হৈছে নিবৃত্তি মূলক কৰ্ম অৰ্থাৎ এই সমুহ কৰ্ম সাংসাৰিক বিষয়ৰ প্ৰতি অনাগ্ৰহী লোকৰ বাবে উপযোগী। এই দুই প্ৰকাৰৰ কৰ্মৰ প্ৰতি আগ্ৰহ থকা লোকৰ মানসিক স্থিতিও পৃথক পৃথক। একেজন মানুহে দুয়ো প্ৰকাৰৰ কৰ্ম কৰিব পাৰে বুলি আশা কৰাটো পৰস্পৰ বিৰোধী কথা। কথাখিনি আমাক বুজাই দিয়াৰ বাবে ভাগৱতে এটা উপমা দিছে । দেৱতাসকলে আকাশত বিচৰণ কৰিব পাৰে । মানুহে পৃথিৱীত বিচৰণ কৰে । এজন মানুহে পৃথিৱী আৰু আকাশ উভয়তে বিচৰণ কৰিব পাৰে বুলি আশা কৰাটো পৰস্পৰ বিৰোধী কথা । কিন্তু এজন মানুহৰ বাবে দেৱতাৰ স্তৰলৈ যোৱাৰ সুবিধা আছে । তাৰ বাবে মানুহে উপযুক্ত কৰ্ম কৰাৰ প্ৰয়োজন। কৰ্মৰ দ্বাৰা দেৱতাৰ স্তৰলৈ উন্নীত হ’লে মানুহে দেৱতাৰ গুণ বৈশিষ্ট্য অৰ্জন কৰে আৰু দেৱতাৰ নিচিনাকৈ আকাশত বিচৰণ কৰিব পাৰে। আকৌ নিবৃত্তিমূলক কৰ্ম কৰিলেহে পাৰমাৰ্থিক বিষয়ত আগ্ৰহ জন্মে। যি লোক সাংসাৰিক বিষয় ভোগৰ প্ৰতি সম্পূৰ্ণভাৱে আসক্ত তেওঁৰ নিবৃত্তিমূলক কৰ্ম কৰাৰ মানসিকতা নাথাকে। মন প্ৰবৃত্তিমূলক স্থিতিৰ পৰা নিবৃত্তিমূলক স্থিতিলৈ আনিব পাৰিলে সেই একেজন মানুহেই স্বাভাৱিক ভাৱে নিবৃত্তিমূলক কৰ্মৰ প্ৰতি আকৰ্ষিত হয়।সেই কাৰণে পাৰমাৰ্থিক জ্ঞান দিয়াৰ পূৰ্বাৱস্থাত শিক্ষক বা গুৰুৰ কৰ্ত্তব্য হৈছে মানুহৰ মন প্ৰবৃত্তিমূলক স্থিতিৰ পৰা নিবৃত্তিমূলক স্থিতিৰ পিনে নিয়াৰ চেষ্টা কৰা । বৈদিক শাস্ত্ৰসমুহত ইয়াৰ বাবে বিভিন্ন উপায় বিভিন্ন ধৰণে প্ৰদৰ্শন কৰা হৈছে । গুৰুৰ কাম হৈছে শাস্ত্ৰৰ পৰা নিজৰ প্ৰতিজন শিষ্যৰ বাবে উপযোগী উপদেশ নিৰ্বাচন কৰি শিষ্যক সেই পথেৰে পৰিচালনা কৰা। ইয়াৰ পিছত শিষ্যই যদি গুৰুৰ উপদেশ শ্ৰদ্ধা সহকাৰে মানি সেই উপদেশ অনুসৰি কাম কৰে তেন্তে তেওঁ প্ৰবৃত্তি পথৰ পৰা নিবৃত্তিৰ পথলৈ আহিব পাৰে আৰু পাৰমাৰ্থিক পথত অগ্ৰগতি লাভ কৰাত সফল হয় । পাৰমাৰ্থিক সাধনাৰ এয়ে স্বাভাৱিক নিয়ম । কিন্তু সমাজত যেতিয়া গুৰুৰ ৰূপত কোনো পাৰমাৰ্থিক অতিমানৱীয় শক্তি বা মহাপুৰুষ আবিৰ্ভূত হয় তেতিয়া এই স্বাভাৱিক নিয়মৰ ব্যতিক্ৰম ঘটে । মহাপুৰুষৰ প্ৰচণ্ড আকৰ্ষণ শক্তিৰ প্ৰভাৱত সমাজৰ সৰহ সংখ্যক লোক তেওঁৰ কথা শুনাৰ বাবে আৰু সেইমতে চলাৰ বাবে আগ্ৰহী হৈ উঠে । ভগবদ্গীতাত কোৱা হৈছে যে পানীৰ ঢল আহিলে সকলো স্থান পানীৰে ভৰি পৰে আৰু তেতিয়া মানুহে কূঁৱাৰ পৰা পানী তুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে । একেদৰে মানৱ সমাজত মহাপুৰুষৰ আবিৰ্ভাৱ হ’লে আধ্যাত্মিক ভাৱৰ ঢৌৱে সকলোৰে অন্তৰ স্পৰ্শ কৰে আৰু একেলগে বৃহৎ সংখ্যক লোক প্ৰবৃত্তি পথৰ পৰা নিবৃত্তিৰ পথলৈ আহে আৰু পাৰমাৰ্থিক উন্নতি লাভ কৰাৰ বাবে আগ্ৰহী হয় । মহাপুৰুষৰ সমস্ত গুণ বৈশিষ্টৰ দ্বাৰা বিভূষিত হৈ হৰিদেৱ গুৰুজনাই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰাৰ পিছত অসমতো বৃহৎ সংখ্যক মানুহৰ মন স্পৰ্শ কৰিব পৰা এনে ধৰণৰ এক আধ্যাত্মিক ভাৱৰ জোৱাৰ আহিছিল আৰু সাৰ্বজনীন ৰূপত পাৰমাৰ্থিক চিন্তা চৰ্চা কৰাৰ পৰিবেশ সৃষ্টি হৈছিল । পৰবৰ্ত্তী লিখনি সমুহত এই বিলাক কথা বিতংভাৱে কোৱা হ’ব ।(আগলৈ)
No comments:
Post a Comment