The Aswaklanta Shrine was the place
related to Guru Harideva and his ancestors since 7th century CE. We
already told that Dwija Narottama, the ancestor of Guru Haideva came to Assam
from Kannouja under the patronage of Kamrup King Kumar Bhaskar Barman.The king
established one educational institution and Dwija Narottama worked there as
teacher for eighteen years in 7th century CE. Then Dwija Ajanabha, father
of Guru Harideva, came here from Dantapur, present Bahari in Barpeta District
of Assam. He established another educational institution in the early part of 15th century
CE and stayed there for nearly four years before moving to Narayanpur. Again,
after around 20 years from that time, Guru Harideva, son of Dwija Ajanabha,
came here. Guru Harideva got initiation from an Ascetic here. The Ascetic was
said to be the Lord Janardana, the presiding deity of the shrine in disguise. Then
people came to know that an Ascetic unknown to anybody suddenly appeared there,
he initiated
Guru Harideva and then vanished. Immediately after that, attention of the
priests, devotees and visitors of the shrine and local public were drawn
towards Guru Harideva and his party. People enquired and came to know
everything about the family details, educational qualification, scriptural knowledge,
reason for coming to Aswaklanata etc. etc. of
this young boy from Dwija Gobinda. All were astonished to hear that this
young boy of 16-17 years age along with his 6-7 years old sister and only one associate decided to go for
pilgrimage tour outside Assam. In those days making long distance tour was a very difficult and
fearful task. People also noticed that there was no other means of travel except
one raft in their possession. So, all people of Aswaklanta, became anxious
about their safety and security during the journey. Some of the old friends of
his father Ajanabha brought the difficulties to be faced in this journey to
their notice and tried to discourage them. They requested Guru Harideva to stop
the program and stay at Aswaklanta forever. But Guru Haideva’s aim of life was
already fixed after getting Lord Janardana as his Guru. His outlook of life was
completely changed and his life took a completely new turn.Details of these
things we discussed in the preceding posts. Under the changed situation he felt
himself duty bound towards the welfare of common
people. Guru Hardeva was determined to gain experience and knowledge through pilgrimage tour,
higher education, deep study of scriptures and other related spiritual practice
to discharge his duties as directed by
his Guru. So he politely refused all those
suggestions and decided to start his pilgrimage tour immediately. (to be
continued)
খৃষ্টীয় সপ্তম শতাব্দীৰ পৰাই অশ্বক্লান্ত দেৱালয়ৰ সৈতে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলৰ সম্পৰ্ক আছিল। আগতে কৈ অহা হৈছে যে খৃষ্টীয় সপ্তম শতিকাত হৰিদেৱ গুৰুজনাৰ পূৰ্বপূৰুষ দ্বিজ নৰোত্তম কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ পৃষ্ঠপোষকতাত অসমলৈ আহিছিল । ভাস্কৰ বৰ্মণে অশ্বক্লান্তত এখন বিদ্যালয় স্থাপন কৰি দ্বিজ নৰোত্তমক শিক্ষকৰ দায়িত্ব দিছিল আৰু তেওঁ ওঠৰ বছৰ কাল ইয়াত আছিল । পিছৰ কালত গুৰুজনাৰ পিতৃ অজনাভ দন্তপুৰ অৰ্থাৎ বৰ্ত্তমানৰ বৰপেটা জিলাৰ বহৰিৰ পৰা অশ্বক্লান্তলৈ আহিছিল । তেওঁ খৃষ্টীয় পঞ্চদশ শতিকাৰ প্ৰথম ভাগত অশ্বক্লান্তত এখন বিদ্যালয় স্থাপন কৰি প্ৰায় চাৰিবছৰ কাল থকাৰ পিছত নাৰায়ণপুৰলৈ গৈছিল । ইয়াৰ প্ৰায় কুৰি বছৰ পিছত অজনাভৰ পুত্ৰ হৰিদেৱ গুৰুজনা অশ্বক্লান্তত উপস্থিত হৈছিল আৰু এজন সন্ন্যাসীৰ পৰা দীক্ষা লাভ কৰিছিল । অশ্বক্লান্ত দেৱালয়ৰ উপাস্য দেৱতা ভগৱান জনাৰ্দনে সন্ন্যাসীৰ বেশত দেখা দি তেওঁক দীক্ষা দান কৰিছিল বুলি কোৱা হৈছে । আগতে কোনেও নেদেখা সন্ন্যাসী এজনে হঠাৎ দেৱালয়ত দেখা দি হৰিদেৱ গুৰুজনাক দীক্ষাদান কৰাৰ পিছত অন্তৰ্দ্ধান হোৱা কথা মানুহে অলপ পিছতে জানিব পাৰিছিল । লগে লগে মন্দিৰৰ পূজাৰী, ভক্ত, যাত্ৰী আৰু স্থানীয় লোক সকলৰ দৃষ্টি হৰিদেৱ গুৰুজনা আৰু তেওঁ সঙ্গী দুজনৰ প্ৰতি আকৰ্ষিত হৈছিল। সকলোৱে খা-খবৰ কৰি হৰিদেৱ গুৰুজনাৰ পৰিচয়, শিক্ষা-দীক্ষা, শাস্ত্ৰজ্ঞান, অশ্বক্লান্ত আহি পোৱাৰ কাৰণ আদিকে ধৰি সকলো তথ্য দ্বিজ গোবিন্দৰ পৰা সংগ্ৰহ কৰিছিল। ষোল্ল-সোতৰ বছৰ বয়সৰ এই ল’ৰা
জনে ছ্য়-সাত বছৰীয়া ভনীয়েকৰ সৈতে এজন মাত্ৰ সঙ্গী লৈ অসমৰ বাহিৰত তীৰ্থ ভ্ৰমণ কৰাৰ বাবে যাব ওলোৱা বুলি জানি সকলো আচৰিত হৈছিল। সেই সময়ত দূৰ দেশ ভ্ৰমণ কৰা অতিশয় কষ্টসাধ্য আৰু বিপদসংকুল কাম আছিল । তদুপৰি ভ্ৰমণ কৰাৰ বাবে এখন ভেলত বাদে তেওঁলোকৰ হাতত অন্য একো সাধন নাই বুলিও সকলোৱে জানিব পাৰিছিল । সেই কাৰণে অশ্বক্লান্তবাসী সকলো লোক তেওঁলোকৰ যাত্ৰা পথত হ’ব পৰা বিপদ আপদৰ কথা চিন্তা কৰি উদ্বিগ্ন হৈছিল । পিতৃ অজনাভৰ বন্ধু স্থানীয় লোক সকলে পথত হ্’ব পৰা সম্ভাৱ্য বিপদ আপদৰ কথা কৈ হৰিদেৱ গুৰুজনাক বুজনি দিয়াৰ চেষ্টা কৰিছিল । তীৰ্থযাত্ৰা বাদ দি অশ্বক্লান্তত চিৰকালৰ বাবে থাকি যোৱাৰ বাবে সকলোৱে তেওঁক অনুৰোধ কৰিছিল ।কিন্তু ভগৱান জনাৰ্দনক গুৰু হিচাপে পোৱাৰ পিছতে হৰিদেৱ গুৰুজনাৰ জীৱনৰ লক্ষ্য স্থিৰ হৈছিল।তেওঁৰ জীৱনৰ দৃষ্টিভঙ্গী সম্পূৰ্ণ পৰিবৰ্ত্তন হৈছিল। তেওঁ এক নতুন পথৰ সন্ধান লাভ কৰিছিল । পৰিবৰ্ত্তিত পৰিস্থিতিত তেওঁ নিজকে এক বিশেষ জনকল্যাণমূলক কৰ্ত্তব্যৰ বন্ধনত আৱদ্ধ বুলি অনুভৱ কৰিছিল। আগৰ লিখনিত এই বিলাক বিষয় বিতংভাৱে কোৱা হৈছে। গুৰু জনাৰ্দনৰ নিৰ্দেশ অনুসৰি কৰ্ত্তব্য পালন কৰাৰ বাবে নিজক উপযুক্ত কৰি তুলিবলৈ তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতা , উচ্চতৰ স্তৰৰ শিক্ষা গ্ৰহণ , গভীৰ অধ্যয়ন আৰু অন্যান্য আনুষঙ্গিক সাধনা কৰা অতি প্ৰয়োজন বুলি তেওঁ অনুভৱ কৰিছিল ।সেয়েহে সকলোৰে অনুৰোধ বিনম্ৰভাৱে প্ৰত্যাখ্যান কৰি অতি সোনকালে তীৰ্থ ভ্ৰমণলৈ যোৱাৰ কাৰণে গুৰুজনা সাজু হৈছিল । (আগলৈ)
No comments:
Post a Comment