Thursday 27 August 2020

Understanding Guru Harideva’s Approach Towards Unity-135 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৩৫)

There is another ancient temple of Lord Vishnu at Hajo, around 30 kms away in the west from Janardan temple of Aswaklanta.This temple is dedicated to Lord Madhava. Here we should note that Lord Vishnu has thousands of names and forms and Madhava is one of those. Again, Madhava has hundreds of attributes and there are hundreds of separate names and forms of Madhava connected with those attributes. Bindu Madhava, Veni Madhava, Setu Madhava, Sri Madhava, Radha Madhava, Prayag Madhava etc are some examples of various names and forms of Madhava. In addition to the temple at Hajo, there are  large number of temples in India where Lord Vishnu is worshiped in the name of Madhava. In each of those temples Madhava connected with a particular attribute is worshiped in one name and form. For example, in Bidnu Madava temple deity of Bindu Madhava is worshiped and in Radha Madhava temple deity of Radha Madhava is worshiped and so on. The form of the deities and procedure of worship at different Madhava temples differ according to the attributes added with the name Madhava. In this way, the temple at Hajo is called Hayagriva Madhava temple and the deity of Madhaba worshiped there is called Hayagriva Madhava. Guru Harideva mentioned that Lord Vishnu dominated a very strong demonic power called Hayasura and in memory of that glorious deed he is worshiped in the name and form of Hayagriva Madhava at Hajo. Now summarizing the things, we see that, there are thousands of names and forms of Lord Vishnu. Each of these name and form has hundreds of attributes. There are separate deities connected with each of the attributes. In this way one single Lord Vishnu is worshiped in innumerable names and forms, in innumerable places, by innumerable people and with innumerable procedures of worship. Again, there is another famous temple dedicated to Lord Siva at Hajo itself. Here also, the same thing comes. One single Lord Siva has thousands of names and forms. Each name and form has hundreds of attributes. So Lord Siva is also worshipped in innumerable names and forms, as like as Lord Vishnu and as described above. Similar is the case with other Gods and Goddesses also. The Vedas and the Vedic scriptures tell that all these innumerable numbers of deities described above and worshiped at different places in different ways are various names and forms of one and the same God Almighty or Ultimate Truth. With the aim of realization of that Ultimate Truth Guru Harideva proceeded on pilgrimage and these things  will be made clear in the coming discussions. (to be continued) 

 অশ্বক্লান্তৰ জনাৰ্দন মন্দিৰৰ পৰা পশ্চিমে প্ৰায় 30 কিঃ মিঃ দূৰৈত আন এটা প্ৰাচীন বিষ্ণু মন্দিৰ আছে এই মন্দিৰত মাধৱ নাম-ৰূপ ধাৰী বিষ্ণু বিগ্ৰহৰ উপাসনা কৰা হয় ইয়াতে আমি লক্ষ কৰা উচিত যে ভগৱান বিষ্ণুৰ সহস্ৰাধিক নাম আৰু ৰূপ আছে আৰু মাধৱ তাৰ ভিতৰৰ এটা মাধৱৰ আকৌ শতাধিক গুণবৈশিষ্ট আছে আৰু প্ৰত্যেক গুণবৈশিষ্টৰ সৈতে  একোটা নামৰূপ সংযুক্ত হৈ আছে এনেদৰে এক মাধৱৰ শতাধিক নাম-ৰূপ আছে বিন্দু মাধৱ, ৱেণী মাধৱ, সেতু মাধৱ, শ্ৰী মাধৱ , ৰাধা মাধৱ ইত্যাদি মাধৱৰ পৃথক পৃথক নাম-ৰূপৰ কেইটামান উদাহৰণ ভাৰতত বহু মন্দিৰ আছে ভগৱান বিষ্ণুক মাধৱ নামেৰে উপাসনা কৰা হয় সে মন্দিৰ সমুহত একো একোটা বিশেষ গুণবৈশিষ্ট সম্পন্ন মাধৱক একো একোটা পৃথক নাম আৰু ৰূপত পৃথক পৃথক উপাসনা পদ্ধতিৰে উপাসনা কৰা হয় উদাহৰণ স্বৰূপে বিন্দু মাধৱ মন্দিৰত বিন্দু মাধৱ বিগ্ৰহৰ উপাসনা কৰা হয় আৰু ৰাধা মাধৱ মন্দিৰত ৰাধা মাধৱ বিগ্ৰহৰ উপাসনা কৰা হয় কিন্তু উভয় বিগ্ৰহৰ ৰূপ আৰু উপাসনা পদ্ধতি পৃথক পৃথক একেদৰে প্ৰত্যেক মন্দিৰত থকা মাধৱ নামযুক্ত প্ৰত্যেক বিগ্ৰহৰ ৰূপ আৰু উপসনা পদ্ধতি পৃথক পৃথক সে হিচাপে হাজোৰ মন্দিৰৰ নাম হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু ইয়াত হয়গ্ৰীৱ ৰূপযুক্ত আৰু মাধৱ নামধাৰী ভগৱান বিষ্ণুক বা হয়গ্ৰীৱ মাধৱক সেই মন্দিৰৰ বাবে নিৰ্দিষ্ট উপাসনা বিধিমতে উপাসনা কৰা হয় হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান বিষ্ণুৱে হয়াসুৰ নামৰ এক প্ৰচণ্ড আসুৰিক শক্তিক দমন কৰিছিল আৰু ভগৱানৰ সেই মহিমা স্মৰণ কৰি তেওঁক হাজোত হয়গ্ৰীৱ মাধৱ নামেৰে উপাসনা কৰা হয় ওপৰত কোৱা কথাখিনিৰ সাৰাংশ উলিয়ালে আমি পাওঁ যে ভগৱান বিষ্ণুৰ সহস্ৰ সহস্ৰ নাম আৰু ৰূপ আছে প্ৰত্যেক নাম-ৰূপৰে শতাধিক গুণবৈশিষ্ট্য আছে আকৌ প্ৰত্যেক গুণ বৈশিষ্ট্যৰ সৈতে সামঞ্জস্যপূৰ্ণ ৰূপ বা আকৃতিৰ একো একোটা উপাস্য বিগ্ৰহ আছে আৰু লগতে  প্ৰ্ত্যেক বিগ্ৰহক উপাসনা কৰাৰ বাবে বেলেগ বেলেগ নিয়ম আছে এনেদৰে বিচাৰ কৰিলে দেখা যায় যে এক ভগৱান বিষ্ণুক অসংখ্য উপাসনাস্থলত, অসংখ্য নাম, অসংখ্য ৰূপ আৰু অসংখ্য উপাসনা পদ্ধতিৰ দ্বাৰা অসংখ্য লোকে উপাসনা কৰে আনহাতে একেখন হাজোতে ভগৱান শিৱক উপাসনা কৰাৰ বাবে এটা অতি প্ৰাচীন শিৱ মন্দিৰো আছেইয়াতো কথা একে  ভগৱান শিৱৰো সহস্ৰাধিক নাম আছে , প্ৰত্যেক নামৰে শতাধিক গুণবৈশিষ্টও আছে গতিকে ভগৱান শিৱকো ভগৱান বিষ্ণুৰ দৰেই অসংখ্য উপাসনাস্থলীত , অসংখ্য নাম ,অসংখ্য ৰূপ আৰু অসংখ্য নিয়মেৰে অসংখ্য লোকে উপাসনা কৰে অন্যান্য দেৱী-দেৱতাৰ বেলিকাও কথা একেখিনিয়ে এতিয়া বেদ আৰু বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ওপৰত বৰ্ণনা কৰা অগণন সংখ্যক উপাস্য বিগ্ৰহ বিভিন্ন স্থানত , বিভিন্ন নামত. বিভিন্ন ৰূপত বিভিন্ন লোকৰ দ্বাৰা , বিভিন্ন প্ৰকাৰে উপাসনা কৰা হয় যদিও এই সকলো উপাস্য বিগ্ৰহ এক পৰমেশ্বৰ বা পৰম সত্যৰ ভিন্ন ভিন্ন অভিব্যক্তি মাত্ৰ এই সত্য সাক্ষাৎভাৱে উপলব্ধি কৰাৰ লক্ষ্য লৈ হৰিদেৱ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছিল পিছৰ লিখনিসমুহত এই কথা অধিক স্পষ্ট কৰাৰ চেষ্টা কৰা (আগলৈ)


No comments:

Post a Comment