Friday 7 August 2020

Understanding Guru Harideva’s Approach Towards Unity-125 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২৫)

 

After three days of travel, the raft of Guru Harideva arrived at Aswaklanta temple on the north bank of river Brahmaputra near the present Guwahati city. Lord Vishnu in the name and form of Janardana is worshiped here.We told about this place in our earlier posts. After arrival , Guru Hardeva introduced himself giving reference of his father. The priests of the temple  became very sorry to hear the news of demise of Dwija Ajanabha and his wife Parijati. They made arrangement of accommodation for Guru Harideva and his party. Now  while taking rest there, a new thought came to the mind of Guru Harideva. Being well conversant with the scriptural knowledge, he was aware of the fact that there is only one Ultimate Truth or God Almighty. This Ultimate Truth is described in different ways by different sages in the Vedas and Vedic scriutures. Based on these knowledge from scriptures, one God Almighty  is worshiped in different pilgrim places in different names and forms. For example, Lord Vishnu is described in thousands of names and thousands of forms. So, one Vishnu is worshiped in the names and forms of Janaradana, Hayagreeva, Jagannatha, Krisha, Narayana, Vasudeva and so on in different temples at different pilgrim place. Similar is the case with Lord Siva, Lord Ganesha, Goddess Shakti and all other Gods and Goddesses. Thus there are thousands of temples and thousands of deities in thousands of pilgrim places. Innumerable names and forms of one God Almighty are worshiped in different places of worship.  The Vedas and Vedic scriptures tell this truth in various ways. Thus in pilgrimage tour one comes into contact with various names and forms of one God Almighty. Hence if the truth described above is not clearly understood, one may have some misconception about the existence of only one God Almighty everywhere. One may not be able to see all those different names and forms as expressions of one and the same God Almighty. Scriptures tell that to overcome this problem one should surrender to only one name and form of God Almighty. One should accept   that form of deity as his most beloved God or Ista Devata with total faith and devotion and take refuse in him . Initiation from a competent Guru or spiritual teacher is essential to learn this.  Guru Harideva was anxious about the possibility of getting one   Guru for that purpose before starting  his pilgrimage tour. (to be continued )

তিনিদিন ভটীয়াই অহাৰ পিছত হৰিদেৱ গুৰুজনাৰ ভেল অশ্বক্লান্ত মন্দিৰৰ ঘাটত উপস্থিত হৈছিল বৰ্ত্তমান কালৰ গুৱাহাটী মহানগৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এই মন্দিৰত জনাৰ্দন ৰূপত ভগৱান বিষ্ণুৰ আৰাধনা কৰা হয় আমাৰ আগৰ লিখনি সমুহত এই স্থান আৰু মন্দিৰৰ বিষয়ে বহু কথা কৈ অহা হৈছে ইয়াত উপস্থিত হোৱাৰ পিছত হৰিদেৱ গুৰুজনাই পিতৃ অজনাভৰ প্ৰসঙ্গ আনি নিজৰ পৰিচয় দিছিল দ্বিজ অজনাভ আৰু তেওঁৰ পত্নী পাৰিজাতিৰ মৃত্যুৰ বাতৰি শুনি ইয়াৰ লোক সকলে বৰ দুখ পাইছিল পূজাৰী সকলে মন্দিৰ প্ৰাঙ্গণতে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিছিল তাতে জিৰণী লৈ থকা সময়ত এটা কথা গুৰুজনাৰ মনলৈ আহিছিল শাস্ত্ৰৰ বিশদ জ্ঞান থকা হেতুকে তেওঁ জানিছিল যে জগতত এটা মাত্ৰ পৰম সত্য বা এজন মাত্ৰ পৰমেশ্বৰ আছে সে একমাত্ৰ পৰম সত্যৰ বিষয়ে বেদ আৰু বৈদিক শাস্ত্ৰসমুহত বিভিন্ন ঋষি মুনিয়ে বিভিন্ন ধৰণে বৰ্ণনা কৰিছে সে শাস্ত্ৰজ্ঞানৰ আধাৰত এক পৰমেশ্বৰকে বিভিন্ন তীৰ্থস্থানত বিভিন্ন নাম আৰু বিভিন্ন ৰূপত উপাসনা কৰা হয় উদাহৰণ স্বৰূপে এক ভগৱান বিষ্ণুৰ সহস্ৰ নাম আৰু সহস্ৰ ৰূপ আছে একেজন বিষ্ণুকে জনাৰ্দন, হয়গ্ৰীৱ মাধৱ, জগন্নাথ, কৃষ্ণ, নাৰায়ণ, বাসুদেৱ ইত্যাদি সহস্ৰ নাম আৰু সহস্ৰ ৰূপত বিভিন্ন মন্দিৰ আৰু তীৰ্থস্থানত উপাসনা কৰা হয় একে কথা ভগৱান শিৱ, গণেশ, দেৱী শক্তি আৰু অন্যান্য দেৱ দেৱী সকলৰ ক্ষেত্ৰতো খাটে দৰে চালে দেখা যায় যে সহস্ৰ সহস্ৰ তীৰ্থস্থানৰ সহস্ৰ সহস্ৰ মন্দিৰত সহস্ৰ সহস্ৰ নাম আৰু ৰূপৰ মাধ্যমত এক পৰমেশ্বৰৰ উপাসনা কৰা হয় বেদ আৰু বৈদিক শাস্ত্ৰমুহতো এই কথাকে বিভিন্ন ধৰণে কোৱা হৈছে  তীৰ্থস্থান সমুহ ভ্ৰমণ কৰাৰ সময়ত মানুহে ভগৱানৰ এই বিভিন্ন প্ৰকাৰৰ নাম ৰূপযুক্ত অসংখ্য উপাস্য বিগ্ৰহৰ সাক্ষাৎ দৰ্শন লাভ কৰে তেনে অৱস্থাত ওপৰোক্ত কথাখিনি ভালদৰে হৃদয়ঙ্গম নকৰিলে মানুহৰ মনত সকলোতে এক পৰমেশ্বৰৰ অৱস্থিতি সম্পৰ্কে সন্দেহ ৎপন্ন পাৰেপ্ৰত্যেক তীৰ্থস্থানতে পৃথক পৃথক ভগৱানৰ উপাসনা কৰা হয় বুলি ভ্ৰান্ত ধাৰণা পাৰে শাস্ত্ৰত কোৱা হৈছে যে এই সমস্যাৰ পৰা মুক্ত থাকিবৰ বাবে ভগৱানৰ অসংখ্য নাম আৰু ৰূপৰ ভিতৰত এটা মাত্ৰ নাম আৰু ৰূপৰ ওচৰত সম্পূৰ্ণ শ্ৰদ্ধভক্তি সহকাৰে আত্মসমৰ্পণ কৰিব লাগে। লগতে সেই নাম আৰু ৰূপযুক্ত ভগৱানক ইষ্টদেৱতা ৰূপে বৰণ কৰি সেই ইষ্টদেৱতাৰ চৰণত একান্তভাৱে আশ্ৰয় গ্ৰহণ কৰিব লাগে উপযুক্ত গুৰুৰ পৰা দীক্ষা গ্ৰহণৰ মাধ্যমত এই কাম শিকাৰ প্ৰয়োজন হয় সেই বাবে তীৰ্থযাত্ৰাৰ আৰম্ভ কৰাৰ পূৰ্বতে উপযুক্ত গুৰু বিচাৰি দীক্ষা গ্ৰহণ কৰা  কিদৰে সম্ভৱ পাৰে তাকে লৈ গুৰুজনা চিন্তিত হৈছিল(আগলৈ)

No comments:

Post a Comment