We have mentioned the attributes of a Mahapurusha or spiritual superhuman being as described in Bhagavata in the preceding post. By rigorous spiritual practice or sadhana for ten years, Guru Harideva attained the state of a Mhapurusha endowed with all attributes mentioned in Bhagavata . The memory of the incident that took place at Narayanpur was the driving force behind his sadhana and it was always in his mind. So, immediately after completion of the Sadhana he came back to Assam at his age of 27 years. He restarted his mission of enabling common people to develop their spirituality in a gradual way. For this he taught them how to perform their worldly duties as a householder for the well-being of economy, reputations, sons and daughters, material pleasure etc. keeping in mind the aim of attainment of eternal life at the final stage. But this time he did those works in the capacity of a super human being or Mahapurusha. The style of working of a Mahapurusha differs from that of an ordinary human being. The ignorant people are like innocent children in the mind of a Mahapurusha. Children do not know any rules and regulations, religious and social culture, behavior, relationship, etc. They do whatever comes to their mind and enjoy it. Adult person may not find any meaning in their activities. But in spite of that, an adult father plays with his small child with the kick or even spit upon his father out of anger. But the father knows that the child do these things not because of real affection or envy. These are playful activities common to a child. The father enjoys that childish behavior and always tries to raise his child with utmost care and affection. The father knows that those childish behaviors will come to an end gradually with the increase in knowledge. In the same way a super human being of spiritual field or Mahapurusha considers the respect or disrespect shown by an ignorant person as a childish act of him and never pays any attention to those things. He goes on trying to do his best for the welfare of ignorant people like an affectionate father under all situations. Guru Harideva also made this type of approach in his missionary activities which we will notice in our coming posts. (to be continued)
মহাপুৰুষৰ বৈশিষ্ট্যসমুহ ভাগৱতত বৰ্ণনা কৰা আছে আৰু সেইসমুহ ইয়াৰ আগৰ লিখনিটোত উল্লেখ কৰা হৈছে। দহ বছৰৰ কঠোৰ সাধনাৰ অন্তত হৰিদেৱ গুৰুজনাই সেই সমস্ত গুণ বৈশিষ্ট সম্পন্ন মহাপুৰুষত পৰিণত হৈছিল । নাৰায়ণপুৰত ঘটি যোৱা ঘটনাৰ পৰাই তেওঁ কঠোৰ সাধনাৰ দ্বাৰা শক্তি আহৰণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সেই ঘটনাৰ স্মৃতি তেওঁৰ মনত সদায় আছিল । সেয়েহে সাতাইশ বছৰ বয়সত সাধনা সমাপ্ত হোৱাৰ লগে লগে তেওঁ অসমলৈ ঘুৰি আহি পুনৰ সাধাৰণ জনতাক যথাযথভাৱে পাৰমাৰ্থিক পথত আগুৱাই নিয়াৰ কাৰ্য্সূচী আৰম্ভ কৰিছিল। গৃহস্থ ব্যক্তিয়ে নিজৰ তথা পৰিয়ালৰ আৰ্থিক প্ৰগতি,সামাজিক স্থিতি আদি বিষয়ক কৰ্ত্তব্য কৰাৰ সমান্তৰালভাৱে কিদৰে পাৰমাৰ্থিক প্ৰগতিৰ অৰ্থে সাধনা কৰিব পাৰে তাৰ শিক্ষা দিয়া আৰম্ভ কৰিছিল । কিন্তু এইবাৰ তেওঁ যি কৰিছিল সেয়া আছিল এজন মহাপুৰুষৰ দৃষ্টিভঙ্গীৰে কৰা কৰ্ম । সাধাৰণ মানুহৰ দৃষ্টিভঙ্গীৰ লগত মহাপুৰুষৰ দৃষ্টিভঙ্গীৰ অনেক পাৰ্থক্য থাকে । এজন মহাপুৰুষৰ মনত অজ্ঞানী জনসাধাৰণ অবোধ শিশুৰ নিচিনা। শিশুৱে সামাজিক নীতি নিয়ম,আচাৰ ব্যৱহাৰ,সা-সম্বন্ধ আদি একো বুজি নাপায়। তেওঁলোকে নিজৰ মনলৈ যি আহে তাকে কৰি আনন্দ উপভোগ কৰে। শিশুৰ কথা কাণ্ডৰ কোনো অৰ্থ ডাঙৰে বুজি নাপায়। তথপিও প্ৰাপ্তবয়স্ক আৰু জ্ঞানসম্পন্ন পিতৃয়ে স্নেহবশতঃ শিশু সন্তানৰ প্ৰবৃত্তি অনুসাৰে চলাৰ অভিনয় কৰে। শিশুৰ নিচিনা কথা কয়, নাচে, গান গায় আৰু অন্যান্য শিশুসুলভ ৰং-ধেমালি আৰু আচাৰ-আচৰণ কৰে। নিজৰ শিশু সন্তানে কেতিয়াবা পিতৃক মৰমতে চুমা খায়,সাবাটি ধৰে। কেতিয়াবা আকৌ খং কৰি মাৰধৰ কৰে,লঠিয়ায়,গালৈ থুৱাই দিয়ে। পিতৃয়ে জানে যে শিশু সন্তানে আচলতে মৰম বা খঙৰ বশবৰ্ত্তী হৈ এইবিলাক নকৰে। এই বিলাক শিশুৰ খেল ধেমালিৰ অংশ আৰু জ্ঞান বৃদ্ধিৰ লগে লগে এইবিলাকৰ অন্ত হয়। সেই কাৰণে অবোধ শিশুৱে তিৰস্কাৰ বা মাৰধৰ কৰিলেও পিতৃয়ে বেয়া নাপায় বা খঙ-ৰাগ নকৰে। বৰঞ্চ তেনে দুৰ্ব্যৱহাৰ কৰাৰ পিচতো সেই শিশুক সস্নেহে লালন-পালন কৰে। একেদৰে অজ্ঞ ব্যক্তিৰ পৰা নিন্দা বা স্তুতি-প্ৰশংসা যিয়ে নাপাওক কিয় মহাপুৰুষে তাক শিশুসুলভ কাৰ্য হিচাপে গণ্য কৰে আৰু সিবিলাকৰ প্ৰতি একো গুৰুত্ব নিদিয়ে। কেৱল সকলো পৰিস্থিতিতে এজন স্নেহপৰায়ণ পিতৃৰ নিচিনা যি কৰিলে সেই সকল লোকৰ উপকাৰ হয়,জ্ঞান বুদ্ধিৰ বিকাশ হয় সেই অনুসাৰে কাম কৰে। হৰিদেৱ গুৰুজনাইও এনে দৃষ্টিভঙ্গীৰে নিজৰ কাম কৰিছিল। আগন্তুক লিখনিসমুহত এইবিলাক কথা স্পষ্ট কৰাৰ প্ৰয়াস কৰা হ’ব। (আগলৈ)
No comments:
Post a Comment